মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ অভিযোগ

মধ্য গুৱাহাটীৰ অজাপ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ চাঞ্চল্যকৰ অভিযোগ

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে অসম জাতীয় পৰিষদ দলক তীব্ৰ সমালোচনা কৰি দলটোৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰীৰ

মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে অসম জাতীয় পৰিষদ দলক তীব্ৰ সমালোচনা কৰি দলটোৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকী চৌধুৰীৰ পটভূমি আৰু তেওঁৰ মাতৃৰ ছ’চিয়েল মিডিয়াৰ মন্তব্যক লৈ কেতবোৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে কুংকী চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰী ছিকিমৰ বাসিন্দা হোৱাত তেওঁৰ কোনো আপত্তি নাই, কিন্তু তেওঁৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপে “আৱেগত আঘাত দিছে” বুলি তেওঁ অভিযোগ কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, তেওঁ ইনষ্টাগ্ৰামত নিষিদ্ধ মাংস ভক্ষণ কৰা ফটো দিছিল আৰু সনাতন ধৰ্মক প্ৰত্যাহ্বান জনোৱা মন্তব্য কৰিছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে তেওঁ ছ’চিয়েল মিডিয়াত শাৰ্জিল ইমাম আৰু উমৰ খালিদৰ দৰে বিতৰ্কিত ব্যক্তিক সমৰ্থন আগবঢ়াইছিল । তেওঁ দাবী কৰে যে সুজাতা চৌধুৰীৰ পোষ্টসমূহত ‘চিকেন নেক’ কৰিডৰ সম্পৰ্কীয় মন্তব্য আৰু ভগৱান কৃষ্ণক লৈ কৰা মন্তব্যই ধৰ্মীয় বিশ্বাসত আঘাত হানিছে ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই অভিযোগ কৰে যে তেওঁ পাকিস্তান সঁচাকৈয়ে ভাৰতৰ শত্ৰু নেকি তাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল, যিটো এক উদ্বেগৰ বিষয় । তেওঁ কয় যে এনে স্থিতিৰ বাবে প্ৰাৰ্থীসকলৰ পটভূমিক লৈ গুৰুতৰ প্ৰশ্নৰ সৃষ্টি হৈছে ।

এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈক মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক এই বিষয়টো লক্ষ্য কৰিবলৈ আৰু কুংকী চৌধুৰীৰ মাতৃৰ নামত থকা ছ’চিয়েল মিডিয়া প্ৰফাইল তথা মন্তব্যসমূহ পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মমতাৰ দুৰ্গত বিজেপিৰ শক্তি প্ৰদৰ্শন, অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন দাখিল শুভেন্দু অধিকাৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ