আপৰ সকলো অভিযোগৰ প্ৰত্যুত্তৰ ৰাঘৱ চাড্ডাৰ; ক’লে— উদঙাই দিম প্ৰতিটো মিছা কথা

আপৰ সকলো অভিযোগৰ প্ৰত্যুত্তৰ ৰাঘৱ চাড্ডাৰ; ক’লে— উদঙাই দিম প্ৰতিটো মিছা কথা

সাংসদ ৰাঘৱ চাড্ডাই কয়- আম আদমী পাৰ্টিয়ে মোৰ বিৰুদ্ধে তিনিটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ স্পষ্ট কৰি দিছে । ফেচবুকত লাইভত চাড্ডাই কয়, “মোৰ বিৰুদ্ধে এক অভিযান চলোৱা হৈছে । ভাষা একেই, অভিযোগ একেই । প্ৰথমতে মই

সাংসদ ৰাঘৱ চাড্ডাই কয়- আম আদমী পাৰ্টিয়ে মোৰ বিৰুদ্ধে তিনিটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে

পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ স্পষ্ট কৰি দিছে । ফেচবুকত লাইভত চাড্ডাই কয়, “মোৰ বিৰুদ্ধে এক অভিযান চলোৱা হৈছে । ভাষা একেই, অভিযোগ একেই । প্ৰথমতে মই ভাবিছিলো যে মই কোনো প্ৰত্যুত্তৰ দিয়া উচিত নহ’ব, কিন্তু পিছত মই বুজিলোঁ যে মিছা কথা এশবাৰ আওৰাই থাকিলে সঁচা কথাৰ দৰে লাগিব পাৰে ।”

সাংসদ ৰাঘৱ চাড্ডাই কয়- আম আদমী পাৰ্টিয়ে মোৰ বিৰুদ্ধে তিনিটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । প্ৰথমটো হ’ল বিৰোধীয়ে সদনৰ পৰা ওলাই আহিলে ৰাঘৱ চাড্ডা বহি থাকে । এইটো এটা ডাঙৰ মিছা । এনেকুৱা এটা দিন নাই যে, যেতিয়া বিৰোধীয়ে ৱাক আউট কৰিছিল আৰু মই তেওঁলোকক সমৰ্থন কৰা নাছিলো । সংসদত সকলোতে চিচিটিভি কেমেৰা আছে; অনুগ্ৰহ কৰি ফুটেজ উলিয়াই চাই লওক । সত্য প্ৰকাশ পাব ।

তেওঁ কয়, “মোৰ বিৰুদ্ধে উত্থাপিত দ্বিতীয়টো অভিযোগ হ’ল যে মই মুখ্য নিৰ্বাচনী আয়ুক্তক অপসাৰণৰ আবেদনত স্বাক্ষৰ কৰা নাছিলো । এইটোও এটা ডাঙৰ মিছা । কোনো আপ নেতাই মোক এই আবেদনত স্বাক্ষৰ কৰিবলৈ কোৱা নাছিল । তদুপৰি দলটোৰ ৰাজ্যসভাত দহজন সাংসদ আছে, যাৰ ভিতৰত ছয়-সাতজনে নিজাববীয়াকৈ আবেদনখনত স্বাক্ষৰ কৰা নাছিল । ইয়াত মোৰ কি দোষ ? সকলো দোষ মোৰ ওপৰত কিয় জাপিব লাগে ? আবেদনখনৰ বাবে ৰাজ্যসভাত মাত্ৰ ৫০ জনগৰাকীৰ স্বাক্ষৰৰ প্ৰয়োজন আছিল, অৰ্থাৎ ১০৫ জন বিৰোধী সাংসদৰ ভিতৰত ৫০ জন সাংসদে আবেদনখন স্বাক্ষৰ কৰিলেই সম্পূৰ্ণ হ’লহেঁতেন ।”

চাড্ডাই কয় যে তেওঁৰ বিৰুদ্ধে তৃতীয়টো অভিযোগ উত্থাপন কৰা হৈছে যে- ৰাঘৱ চাড্ডাই ভয় খাইছে আৰু সেয়েহে গুৰুত্বহীন বিষয় উত্থাপন কৰিছে । মই আপোনালোকক কওঁ যে মই সংসদলৈ চিঞৰিবলৈ, গালি-গালাজ কৰিবলৈ, মাইক ভাঙিবলৈ যোৱা নাছিলো । ৰাজহুৱা বিষয় উত্থাপন কৰিবলৈ মই তালৈ গৈছিলো । মই কি কি বিষয় উত্থাপন কৰা নাছিলো ? জি এছ টিৰ পৰা পানীলৈ, পঞ্জাৱৰ পানীৰ পৰা দিল্লীৰ বতাহলৈ । নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি মুদ্ৰাস্ফীতিলৈকে বিষয় উত্থাপন কৰিলোঁ । মোৰ ট্ৰেক ৰেকৰ্ড চাওক । মই সংসদলৈ গৈছিলো প্ৰভাৱ সৃষ্টি কৰিবলৈ । যিসকলে মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে তেওঁলোকক কব বিচাৰিছো যে প্ৰতিটো মিছা কথা উদঙাই দিয়া হ’ব । প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া হ’ব । মই আহত হৈছো, সেয়েহে মই ঘাতক ।

লগতে পঢ়ক : ‘অসমৰ সামাজিক বাতাবৰণ বিনষ্ট কৰিবলৈ কংগ্ৰেছে ওৱেছিক অসমলৈ আনিছে’; মুখ্যমন্ত্ৰী