ইয়াৰ ফলত দেশৰ তিনিটা পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচীৰ দ্বিতীয়টো পৰ্যায় আগবাঢ়িছে
তামিলনাডুৰ কালপক্কমত থলুৱাভাৱে নিৰ্মিত প্ৰ’ট’টাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰে ঐতিহাসিক অৰ্জন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট যোগে এই সাফল্যৰ কথা ঘোষণা কৰি প্ৰকল্পটোৰ সৈতে জড়িত বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনায় । তেওঁ কয় যে ভাৰতে অসামৰিক পাৰমাণৱিক কাৰ্যসূচীত এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ ফলত দেশৰ তিনিটা পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচীৰ দ্বিতীয়টো পৰ্যায় আগবাঢ়িছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই উন্নত ৰিয়েক্টৰটোৱে ব্যৱহাৰ কৰাতকৈ অধিক ইন্ধন উৎপাদন কৰিবলৈ সক্ষম । তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশৰ বৈজ্ঞানিক ক্ষমতা আৰু অভিযান্ত্ৰিক দক্ষতাৰ শক্তি প্ৰদৰ্শন হৈছে । তেওঁ ইয়াক ভাৰতৰ বিশাল থ’ৰিয়াম মজুতক তৃতীয় পৰ্যায়ৰ পাৰমাণৱিক কাৰ্যসূচীত ব্যৱহাৰ কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ বুলিও অভিহিত কৰে ।
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াক ভাৰতৰ অসামৰিক পাৰমাণৱিক কাৰ্যসূচীৰ নতুন যুগৰ আৰম্ভণি বুলি অভিহিত কৰে । অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে, “কালপক্কমত প্ৰ’ট’টাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ নিৰ্মাণৰ এই বৃহৎ সফলতাৰ বাবে আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন ।”
তেওঁ ইয়াক শক্তি উৎপাদনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্বৰ দিশত এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰে । অমিত শ্বাহে উল্লেখ কৰে যে এই সুবিধাই দেশৰ বিশাল থ’ৰিয়াম মজুতত লুকাই থকা শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । তেওঁ লগতে উল্লেখ কৰে যে এই সাফল্যই ভাৰতক শক্তি হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰিব ।
উল্লেখযোগ্য যে ২০২৫ চনৰ অক্টোবৰ মাহৰ পৰা কালপক্কম ফাষ্ট ব্ৰীডাৰ ৰিয়েক্টৰত ইন্ধন লোডিং আৰম্ভ হৈছিল । ই দেশৰ দীৰ্ঘম্যাদী পাৰমাণৱিক কৌশলৰ অংশ । ই সম্পূৰ্ণ কাৰ্যক্ষম হ’লে ভাৰত ৰাছিয়াৰ পিছতে বাণিজ্যিক ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ থকা দ্বিতীয়খন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত ।
লগতে পঢ়ক : আৰ্টেমিছ-২য়ে ৰচিলে ইতিহাস… মানুহক লৈ উপনীত হ’ল পৃথিৱীৰ পৰা আটাইতকৈ দূৰত









