প্ৰধানমন্ত্ৰী মোদীলৈ ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান, ক’লে-মোৰ বাবে সৌভাগ্যৰ কথা…

ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান দ্য গ্ৰেট অনাৰ নিশান অব্ ইথিওপিয়াৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীক । জৰ্ডান ভ্ৰমণ সম্পূৰ্ণ কৰি মঙলবাৰে ইথিওপিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

ইথিওপিয়াই প্ৰধানমন্ত্ৰী মোদীক সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰিছে । ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান দ্য গ্ৰেট অনাৰ নিশান অব্ ইথিওপিয়া প্ৰদান কৰা হৈছে প্ৰধানমন্ত্ৰী মোদীক । ইথিওপিয়াই প্ৰধানমন্ত্ৰী মোদীক সন্মান জনাই পুৰণি পৰম্পৰা ভংগ কৰে । ইথিওপিয়াই দেশৰ সৰ্বোচ্চ সন্মান দ্য গ্ৰেট অনাৰ নিশান অৱ ইথিওপিয়াৰে সন্মানিত কৰা বিশ্বৰ প্ৰথমজন বিদেশী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁক সৰ্বোচ্চ সন্মানেৰে এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ ২৫ খন দেশে এনে সন্মান জনাইছে । মোদীৰ পূৰ্বে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ইমান শীৰ্ষ সন্মান লাভ কৰা নাই ।

আদিছ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰা হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নতুন দিল্লীত প্ৰকাশ কৰা এক বিবৃতিত কয় যে ভাৰত-ইথিওপিয়াৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদান আৰু বিশ্ব ৰাষ্ট্ৰনেতা হিচাপে তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰীক সন্মানিত কৰা হৈছে ।

উল্লেখ্য যে, জৰ্ডান ভ্ৰমণ সম্পূৰ্ণ কৰি মঙলবাৰে ইথিওপিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আহমেদ আলীক নিজৰ ভাতৃ আৰু বন্ধু বুলি অভিহিত কৰে ।

ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান লাভ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘ইথিওপিয়াৰ এই মহান ভূমিত আপোনালোক সকলোৰে মাজত থকাটো মোৰ বাবে এক সৌভাগ্যৰ কথা । আজি দুপৰীয়া ইথিওপিয়াত উপস্থিত হওঁ ৷ প্ৰধানমন্ত্ৰী আলী মোক বিমানবন্দৰত আদৰিবলৈ আহিছিল । তেওঁ মোক ফ্ৰেণ্ডশ্বিপ পাৰ্ক আৰু বিজ্ঞান সংগ্ৰহালয়লৈ লৈ যায় । ইয়াত মই নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ ।’

ইয়াৰ পূৰ্বে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে হোৱা বৈঠকৰ সময়ত মোদীয়ে কয় যে, “ইথিওপিয়া ভ্ৰমণ কৰি মই আনন্দিত হৈছো । এয়া মোৰ প্ৰথম ইথিওপিয়া ভ্ৰমণ । ইয়াত ভৰি দিয়াৰ লগে লগে মই গভীৰ ঘনিষ্ঠতা আৰু আত্মীয়তা অনুভৱ কৰিলোঁ ।” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি আপোনালোকৰ সহানুভূতি আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত আপোনালোকৰ সমৰ্থনৰ বাবে আমি কৃতজ্ঞ । সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত বন্ধুত্বপূৰ্ণ দেশৰ সমৰ্থন আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “ভৱিষ্যতৰ অপৰিসীম সম্ভাৱনাক উপলব্ধি কৰিবলৈ এক স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰা হ’ব । আজি আমি আমাৰ সহযোগিতাৰ মূল দিশসমূহ, যেনে অৰ্থনীতি, উদ্ভাৱন, প্ৰযুক্তি, প্ৰতিৰক্ষা, স্বাস্থ্য, সামৰ্থ্য বিকাশ আৰু বহুপক্ষীয় সহযোগিতাৰ বিষয়ে আলোচনা কৰাৰ সুযোগ পালোঁ । মই সুখী যে আজি আমি ভাৰতত ইথিওপিয়ান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃত্তি দুগুণ কৰাৰ সিদ্ধান্ত লৈছো ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু ইথিওপিয়াৰ মাজত হাজাৰ হাজাৰ বছৰ ধৰি যোগাযোগ আৰু আদান-প্ৰদান চলি আহিছে । ভাষা আৰু পৰম্পৰাৰে সমৃদ্ধ দুয়োখন দেশ ঐক্যৰ প্ৰতীক ।” তেওঁ লগতে কয়, “আজি আমি ভাৰত-ইথিওপিয়াৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছো । এই পদক্ষেপে আমাৰ সম্পৰ্কত নতুন শক্তি, নতুন গতি আৰু নতুন গভীৰতা প্ৰদান কৰিব ।”

লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৰত আৰু জৰ্ডান, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে– এই বিষয়ত আমাৰ চিন্তাধাৰা স্পষ্ট আৰু পৰিস্কাৰ

সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰণাম… বিজয় দিৱসত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীৰ লগতে কৃতজ্ঞ ৰাষ্ট্ৰই জনালে শ্ৰদ্ধাঞ্জলি

আজি বিজয় দিৱস । ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব, সাহস, ত্যাগৰ স্মৃতিত পালন কৰা হয় এই দিৱস । এই দিনটোতে ১৯৭১ চনত ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল পাকিস্তানী সেনাই ।

বিজয় দিৱস ভাৰতৰ ইতিহাসৰ অন্যতম এক গৌৰৱময় দিন । ভাৰতীয় সেনাৰ বীৰত্ব, সাহস, ত্যাগৰ স্মৃতিত পালন কৰা হয় এই দিৱস । ৫৪ বছৰ পূৰ্বে আজিৰ দিনটোতে ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অতুলনীয় বীৰত্ব প্ৰদৰ্শন কৰি পাকিস্তানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছিল আৰু পূব পাকিস্তানক মুক্ত কৰিছিল । এই ঐতিহাসিক বিজয়ে কেৱল বাংলাদেশৰ জন্মই নহয়, ভাৰতৰ সামৰিক শক্তি আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি দায়বদ্ধতাৰ বিষয়েও বিশ্ববাসীলৈ বাৰ্তা প্ৰেৰণ কৰিছিল । আজিৰ বিজয় দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্ৰৌপদী মুৰ্মুকে ধৰি কেইবাজনো নেতাই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ অৱদানক স্মৰণ কৰে ।

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ত্যাগক স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ-

মঙলবাৰে বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু ত্যাগক স্মৰণ কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় সেনাই ১৯৭১ চনৰ যুদ্ধত অসাধাৰণ সাহস প্ৰদৰ্শন কৰি দেশখনক এক ঐতিহাসিক বিজয়ৰ দিশত আগুৱাই লৈ গৈছিল ।

তেওঁ কয় যে বিজয় দিৱসৰ দিনা আমি সেই সাহস আৰু ত্যাগৰ দ্বাৰা ১৯৭১ চনত ভাৰতৰ ঐতিহাসিক বিজয় নিশ্চিত কৰা সাহসী জোৱানসকলক স্মৰণ কৰোঁ । তেওঁলোকৰ নিষ্ঠা আৰু নিস্বাৰ্থ সেৱাই ৰাষ্ট্ৰক ৰক্ষা কৰিছিল আৰু ইতিহাসৰ এক গৌৰৱময় মুহূৰ্ত হিচাপে চিহ্নিত কৰিছিল । তেওঁ আৰু কয় যে এই দিনটো সশস্ত্ৰ বাহিনীৰ বীৰত্বক প্ৰণাম জনোৱাৰ লগতে তেওঁলোকৰ অদম্য সাহসৰ কথা সোঁৱৰাৰ দিন । জোৱানসকলৰ বীৰত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি-

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত ভাৰতক বিজয়ৰ দিশে আগুৱাই নিয়া সাহসী জোৱানসকলক মঙলবাৰে শ্ৰদ্ধাঞ্জলি জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ভাৰতীয় সেনাৰ “স্থানীয়কৰণৰ জৰিয়তে সবলীকৰণ” পৰিকল্পনাই ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে সাজু হোৱাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে বুলিও কয় তেওঁ ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত মুৰ্মুৱে লিখিছে যে “অপাৰেচন সিন্দুৰ”ত সেনাৰ আত্মনিৰ্ভৰশীলতা, কৌশলগত সংকল্প আৰু আধুনিক যুদ্ধ কৌশলৰ ফলপ্ৰসূ ব্যৱহাৰ সমগ্ৰ ৰাষ্ট্ৰৰ বাবে প্ৰেৰণাৰ উৎস । তেওঁ লগতে কয়, “বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ বীৰ সন্তানসকলক মোৰ শ্ৰদ্ধাঞ্জলি জনাইছো । তেওঁলোকৰ সাহস, বীৰত্ব আৰু নিস্বাৰ্থ সেৱাই ৰাষ্ট্ৰক গৌৰৱেৰে ভৰাই তুলিছে । তেওঁলোকৰ বীৰত্ব আৰু দেশপ্ৰেমে আমাৰ দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব ।”

কেনেকৈ আত্মসমৰ্পণ কৰিছিল ৯৩ হাজাৰ পাকিস্তানী সৈন্যই ?

এই দিনটো ভাৰতৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয় । আজিৰ দিনটোতে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । এই যুদ্ধত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্যই আত্মসমৰ্পণ কৰে । পাকিস্তানী সেনাৰ নেতৃত্বত আছিল জেনেৰেল এ এ খান নিয়াজী । এই আত্মসমৰ্পণক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ অন্যতম বৃহৎ সামৰিক আত্মসমৰ্পণ বুলি গণ্য কৰা হয় । তদুপৰি বিজয় দিৱস ভাৰতৰ সামৰিক শক্তি, সাহস, ত্যাগৰ প্ৰতীক ।

লগতে পঢ়ক : ‘জম্মু-কাশ্মীৰ আমাৰ আছিল, আছে আৰু থাকিব…’, ৰাষ্ট্ৰসংঘত পাকিস্তানক ভাৰতৰ কঠোৰ প্ৰত্যুত্তৰ

জৰ্ডানৰ সৈতে ৫খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰতৰ, আজি ইথিওপিয়ালৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

বৰ্তমান জৰ্ডান ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালত বাৰতে জৰ্ডানৰ সৈতে পাঁচখন বুজাবুদিৰ চুক্তিত স্বাক্ষৰ কৰে ।

সোমবাৰে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ বিৰোধী ব্যৱস্থা, গাজাকে ধৰি আঞ্চলিক উন্নয়ন আৰু দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত আলোচনা হয় । আম্মানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দ্বিতীয় ৰজা আব্দুল্লাৰ মাজত হোৱা আলোচনাৰ অন্তত দুয়োপক্ষই পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । এই আলোচনাত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সন্ত্ৰাসবাদ বিৰোধী আৰু উগ্ৰবাদমুক্তকৰণ, সাৰ আৰু কৃষি, নবীকৰণযোগ্য শক্তি আৰু পৰ্যটন আদি খণ্ডত সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দ্বিতীয় ৰজা আব্দুল্লাৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দৃঢ় কৰে ।

তিনিখন দেশৰ ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাবে জৰ্ডানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী, য’ত ইথিওপিয়া আৰু ওমানো অন্তৰ্ভুক্ত আছে । উল্লেখ্য যে, ৩৭ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া জৰ্ডানলৈ প্ৰথম পূৰ্ণাংগ দ্বিপাক্ষিক ভ্ৰমণ । এই ভ্ৰমণ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কৰা হৈছে । সোমবাৰে আম্মান বিমানবন্দৰত মোদীক উষ্ম আদৰণি জনায় জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে ।

পাঁচখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ-

-নতুন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত কাৰিকৰী সহযোগিতাৰ বুজাবুজি চুক্তি

-জলসম্পদ ব্যৱস্থাপনা আৰু উন্নয়ন খণ্ডত সহযোগিতাৰ বুজাবুজি চুক্তি

-পেট্ৰা আৰু ইলোৰাৰ মাজত চুক্তি

-২০২৫-২০২৯ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ নবীকৰণ

-ডিজিটেল ৰূপান্তৰৰ বাবে পৰিসৰত ৰূপায়িত সফল ডিজিটেল সমাধানসমূহ ভাগ-বতৰা কৰাৰ খণ্ডত সহযোগিতাৰ উদ্দেশ্য পত্ৰ

ভাৰত জৰ্ডানৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য বৰ্তমানৰ ২.৮ বিলিয়ন ডলাৰৰ পৰা ৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়ায় । তেওঁ জৰ্ডানৰ ডিজিটেল পেমেণ্ট চিষ্টেম আৰু ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছৰ মাজত সহযোগিতাৰো আহ্বান জনায় ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতাত অনুমোদন, RELOS চুক্তিত স্বাক্ষৰ পুটিনৰ

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৰত আৰু জৰ্ডান, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে–  এই বিষয়ত আমাৰ চিন্তাধাৰা স্পষ্ট আৰু পৰিস্কাৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ,  উগ্ৰবাদৰ বিৰুদ্ধে এক উমৈহতীয়া আৰু স্পষ্ট স্থিতি আছে । তেওঁ গাজা বিষয়ত জৰ্ডানৰ সক্ৰিয় আৰু ইতিবাচক ভূমিকাক শলাগ লয় ।

সোমবাৰে জৰ্ডানৰ ৰাজধানী আম্মানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাৰত-জৰ্ডান সম্পৰ্কৰ বাবে এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ৩৭ বছৰৰ ভিতৰত এয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো পূৰ্ণাংগ দ্বিপাক্ষিক ভ্ৰমণ । ভাৰত আৰু জৰ্ডানৰ কূটনৈতিক সম্পৰ্ক ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ চাৰিদিনীয়া তিনিখন দেশ ভ্ৰমণৰ প্ৰথম ষ্টপেজ জৰ্ডান । ইয়াৰ পিছত তেওঁ ইথিওপিয়া আৰু ওমানলৈ যাত্ৰা কৰিব ।

প্ৰধানমন্ত্ৰীয়ে জৰ্ডানৰ নেতৃত্ব আৰু জনসাধাৰণক উষ্ম আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ ১৪০ কোটি ভাৰতীয়ৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

আম্মান বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বিশেষ আৰু উষ্ম আদৰণি জনোৱা হয় । জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে ব্যক্তিগতভাৱে বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্ভাষণ জনায় । ইয়াৰ পিছত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । হোটেলত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক জৰ্ডানত বাস কৰা ভাৰতীয় সম্প্ৰদায়ে আদৰণি জনায় ।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্ডানৰ ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনক হুছেইনিয়া প্ৰাসাদত সাক্ষাৎ কৰে । বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰ ভাৰত আৰু জৰ্ডানে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে । ইয়াক দুয়োখন দেশৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আখ্যা দি এই উপলক্ষে আগন্তুক বছৰবোৰত সহযোগিতাৰ বাবে নতুন শক্তি আৰু দিশ প্ৰদান কৰিব বুলি কয় তেওঁ ।

প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে বৰ্তমানৰ বৈঠকে দ্বিপাক্ষিক সম্পৰ্কত গতি আৰু গভীৰতা দুয়োটা যোগ কৰিব । ভাৰত আৰু জৰ্ডানে বাণিজ্য, সাৰ, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু মানুহৰ মাজত যোগাযোগ আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিব ।

এই ভ্ৰমণৰ সময়ত স্বাক্ষৰিত চুক্তি আৰু বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব বুলিও তেওঁ কয় । তেওঁ ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ অংশীদাৰিত্ব আৰু যৌথ বিনিয়োগৰ সম্ভাৱনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

ইফালে প্ৰধানমন্ত্ৰী মোদীয়ে গাজা বিষয়ত জৰ্ডানৰ সক্ৰিয় আৰু ইতিবাচক ভূমিকাক শলাগ লয় । তেওঁ কয় যে ভাৰতে অঞ্চলটোত অবিৰত শান্তি আৰু স্থিতিশীলতাৰ আশা কৰিছে ।

আহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জৰ্ডানৰ মাজত সন্ত্ৰাসবাদ,  উগ্ৰবাদৰ বিৰুদ্ধে এক উমৈহতীয়া আৰু স্পষ্ট স্থিতি আছে । তেওঁ লগতে কয় যে জৰ্ডানে এই ভাবুকিৰ বিৰুদ্ধে মানৱতালৈ এক শক্তিশালী আৰু কৌশলগত বাৰ্তা প্ৰেৰণ কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিবন্ধিত অধিৱেশনৰ সময়ত এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত বিতং আলোচনা কৰা হয় ।

লগতে পঢ়ক : অম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰজা আব্দুল্লাৰ নিমন্ত্ৰণত দুদিনীয়া কাৰ্যসূচীৰে জৰ্ডান ভ্ৰমণ

কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

তিৰুৱনন্তপুৰমত বাওঁ শিবিৰক ওফৰাই ঐতিহাসিক জয় সাব্যস্ত কৰিছে বিজেপিয়ে । এই জয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে ।

কেৰালাৰ স্থানীয় নিকায় নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিয়ে তিৰুৱনন্তপুৰম পৌৰ নিগমত ঐতিহাসিক জয় সাব্যস্ত কৰিছে । চাৰি দশক ধৰি বাওঁ গণতান্ত্ৰিক মৰ্চাৰ দুৰ্গ তিৰুৱনন্তপুৰমত বিজেপিয়ে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ এই প্ৰদৰ্শনে কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে । এই ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিক অভিনন্দন জ্ঞাপন কৰিছে ।

কেৰালাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি তিৰুৱনন্তপুৰমৰ জনসাধাৰণক নিৰ্বাচনী বিজয়ৰ বাবে ধন্যবাদ জনায় । তেওঁ কয়, “কেৰালাৰ স্থানীয় নিকায় নিৰ্বাচনত বিজেপি আৰু এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়া ৰাজ্যখনৰ সকলো জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো । কেৰালা এতিয়া ইউ ডি এফ আৰু এল ডি এফৰ পৰা বিৰক্ত হৈছে । ৰাজ্যৰ জনসাধাৰণে এতিয়া এন ডি এক একমাত্ৰ বিকল্প হিচাপে দেখিছে যিয়ে সুশাসন প্ৰদান কৰিব পাৰে আৰু সকলোৰে বাবে সুযোগেৰে ভৰা এখন উন্নত কেৰালা গঢ়ি তুলিব পাৰে ।”

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ধন্যবাদ, তিৰুৱনন্তপুৰম! তিৰুৱনন্তপুৰম পৌৰ নিগমত বিজেপি-এনডিএক দিয়া আদেশ কেৰালাৰ ৰাজনীতিত এক ঐতিহাসিক টাৰ্নিং পইণ্ট । জনসাধাৰণৰ সম্পূৰ্ণ আস্থা আছে যে কেৱল আমাৰ দলেহে ৰাজ্যখনৰ উন্নয়নৰ আকাংক্ষা পূৰণ কৰিব পাৰিব । আমাৰ দলে এই সজীৱ চহৰখনৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন-যাপনৰ সুচল উন্নত কৰাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰিব ।”

দলীয় কৰ্মীক অভিনন্দন-

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তিৰুৱনন্তপুৰম পৌৰ নিগমৰ এক দৰ্শনীয় নিৰ্বাচনী ফলাফল নিশ্চিত কৰাৰ বাবে জনসাধাৰণৰ মাজত কাম কৰা সকলো কঠোৰ পৰিশ্ৰমী বিজেপি কৰ্মীলৈ মই কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো । আজি কেৰালাত প্ৰজন্ম ধৰি তৃণমূল পৰ্যায়ত কাম কৰি অহা কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামক স্মৰণ কৰাৰ দিন আৰু তেওঁলোকৰ বাবেই এই ফলাফল সম্ভৱ হৈছে ।” তেওঁ কয় যে আমাৰ কৰ্মীসকল আমাৰ শক্তি আৰু তেওঁলোকৰ বাবে আমি গৌৰৱান্বিত ।

কেৰালাত বাওঁ শিবিৰৰ বৃহৎ বিপৰ্যয়-

কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমত স্থানীয় সংস্থাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু এন ডি এৰ প্ৰাৰ্থীৰ বিজয়ক চাৰি দশকৰো অধিক সময় ইয়াত ক্ষমতা দখল কৰা বাওঁপন্থী দলসমূহৰ বাবে এক বৃহৎ ৰাজনৈতিক আঘাত হিচাপে বিবেচিত হৈছে । কংগ্ৰেছ দলৰ বাবেও ই এক বিপৰ্যয়ৰ প্ৰতিনিধিত্ব কৰে, কিয়নো কংগ্ৰেছ নেতা শশী থাৰুৰে তিৰুৱনন্তপুৰম লোকসভা আসনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকালৰ বাবে সাংসদ নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক : ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

বিৰোধীৰ অভিযোগক লৈ সংসদত গৰজি উঠিল সাসংদ আৰু অভিনেত্ৰী কংগনা ৰানাৱট । তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম নহয়, হৃদয় হেক কৰে বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়ে ।

সংসদত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ মানুহৰ হৃদয় হেক কৰে । বিৰোধী দলৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে এই মন্তব্য কৰে ।

৯ ডিচেম্বৰত লোকসভাত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্ক আৰম্ভ হয় । ইভিএমৰ ওপৰত জনসাধাৰণৰ সন্দেহ বেলট পেপাৰেৰে সমাধান কৰিব লাগে বুলি যুক্তি দি কংগ্ৰেছ দলে ইভিএমৰ খেলিমেলিৰ বিষয়টো উত্থাপন কৰে । তদুপৰি নিৰ্বাচন আয়োগৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰি মোদী চৰকাৰ আৰু বিজেপিক সমালোচনা কৰি নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও ভাষণ দিয়ে ।

বুধবাৰে লোকসভাত হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপি সাংসদ আৰু অভিনেত্ৰী কংগনা ৰানাৱটেও এই বিষয়ত ভাষণ দিয়ে । ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ মানুহৰ হৃদয় হেক কৰে ।

কংগ্ৰেছ দলৰ বিৰুদ্ধে কংগনাই কয়, “এই লোকসকলে দাবী কৰে যে আগৰ দিনত ভোট দিয়াটোৱেই আছিল সৰ্বোত্তম । তেতিয়া ৰিগিং হৈছিল; এই লোকসকলে বেলট বাকচ চুৰি কৰিছিল ।”

বিৰোধী পক্ষক আক্ৰমণ কৰি বিজেপিৰ সাংসদ কংগনা ৰানাৱটে কয় যে, ‘SIR, SIR,SIR’ বুলি চিঞৰি প্ৰতিদিনে হুলস্থুলৰ সৃষ্টি কৰিছে । তেওঁলোকক চাই দুখ লাগি যায় । কালি ৰাহুল গান্ধীয়ে ভাষণত একেটা কথাকে আওৰাই থাকিল । অৱশেষত তেওঁলোক এগৰাকী বিদেশী মহিলাৰ ফটোক লৈ বিতৰ্ক কৰে । তেওঁ নিজেই বহুবাৰ উল্লেখ কৰিছে যে তেওঁ কেতিয়াও ভাৰতলৈ অহা নাই । তেওঁৰ ফটোখন প্লে কাৰ্ডত ব্যৱহাৰ কৰিছিল । তেওঁৰ ব্যক্তিত্বৰ অধিকাৰক আওকাণ কৰিলে । ইয়াৰ বাবে সংসদৰ হৈ মই ক্ষমা বিচাৰিছো ।“

লগতে পঢ়ক : “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”; SIR ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ

শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

আজি ৰাজ্যজুৰি পালন কৰা হৈছে শ্বহীদ দিৱস ।

আজি পবিত্ৰ শ্বহীদ দিৱস । অসম আন্দোলনত মাতৃভূমিৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদলৈ আজিৰ দিনটোত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । জাতি ৰক্ষা তথা মাতৃভূমিৰ প্ৰতি তেওঁলোকে কৰি যোৱা সৰ্বোচ্চ ত্যাগক ৰজাঘৰ-প্ৰজাঘৰে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে ।

আজি ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে শ্বহীদ দিৱস । সদৌ অসম ছাত্ৰ সন্থা, চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰিছে । ইফালে মহানগৰাৰী বৰাগাঁৱত ৰাজ্য চৰকাৰে পালন কৰিছে এই দিৱস । এই অনুষ্ঠানতে অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে এই পবিত্ৰ দিৱসতেই অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে । সামাজিক মাধ্যমযোগে অসমীয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকে দেখা সপোনসমূহ পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে-“আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত অংশগ্ৰহণ কৰা সকলোৰে শৌৰ্য্যক স্মৰণ কৰিছো । এই আন্দোলনে সদায় আমাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি থাকিব । আমি পুনৰ উল্লেখ কৰিব বিচাৰো যে, অসমৰ সংস্কৃতিক সবল কৰাৰ লগতে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ সপোন যিসকল আন্দোলনকাৰীয়ে দেখিছিল, সেই সপোনসমূহ পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ।“

লগতে পঢ়ক : নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, এতিয়াও নিৰ্বাপন হোৱা নাই জুই

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা

মাইক্ৰ’ছফটে ভাৰতৰ এআই-ফাৰ্ষ্ট ভৱিষ্যত শক্তিশালী কৰাৰ বাবে দেশত ১৭.৫ বিলিয়ন ডলাৰৰ বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে । আজি প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাই ।

ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) বিপ্লৱক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাই এক বৃহৎ সফলতা লাভ কৰিছে । প্ৰযুক্তিৰ ক্ষেত্ৰৰ দিগ্গজ মাইক্ৰ’ছফটে ভাৰতৰ এআই-ফাৰ্ষ্ট ভৱিষ্যত শক্তিশালী কৰাৰ বাবে দেশত ১৭.৫ বিলিয়ন ডলাৰ (প্ৰায় ১,৪৫,০০০ কোটি)ৰ বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে । মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ মতে এই ধনৰাশি এতিয়ালৈকে এছিয়াত কোম্পানীটোৰ সৰ্ববৃহৎ বিনিয়োগ ।

ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে তথ্য-

মাইক্ৰ’ছফ্টৰ চি ই অ’ সত্য নাডেলাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কথা ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় । তেওঁ লিখিছে, “ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী, ভাৰতৰ এ আইৰ সুযোগৰ বিষয়ে আমাৰ সৈতে কথা পতাৰ বাবে । দেশৰ উচ্চাকাংক্ষাক সমৰ্থন কৰিবলৈ মাইক্ৰ’ছফটে ১৭.৫ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি দিছে, যিটো এছিয়াত আমাৰ এতিয়ালৈকে সৰ্ববৃহৎ বিনিয়োগ, যিয়ে ভাৰতৰ এ আই-ফাৰ্ষ্ট ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু দক্ষতা গঢ়ি তোলাত সহায় কৰিব ।”

এ আই আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব-

এই বিনিয়োগে মূলতঃ দেশৰ এ আই আৰু ক্লাউড কম্পিউটিঙৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অত্যাধুনিক ডাটা চেণ্টাৰ আৰু প্ৰযুক্তিৰ আন্তঃগাঁথনি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । ইয়াৰ উপৰিও ভাৰতীয় প্ৰতিভাক এ আই যুগৰ বাবে প্ৰস্তুত কৰাৰ বাবে প্ৰশিক্ষণ আৰু দক্ষতা কাৰ্যসূচীৰ বাবে ধন আগবঢ়াব । মাইক্ৰ’ছফ্টৰ এই উল্লেখযোগ্য বিনিয়োগক বিশ্বৰ এ আই মেপত ভাৰতক প্ৰধান শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হৈছে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীৰ “ডিজিটেল ইণ্ডিয়া” আৰু “আত্মনিৰ্ভৰ ভাৰত”ৰ পদক্ষেপক শক্তিশালী কৰিব ।

লগতে পঢ়ক : এন ডি এ সংসদীয় দলৰ বৈঠকত বংগ নিৰ্বাচনৰ চৰ্চা, সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই কাম

এন ডি এ সংসদীয় দলৰ বৈঠকত বংগ নিৰ্বাচনৰ চৰ্চা, সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই কাম

মঙলবাৰে অনুষ্ঠিত হোৱা এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ নিৰ্বাচনৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত বক্তব্য ৰাখে ।

অহা বছৰ পশ্চিম বংগত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । ইতিমধ্যে সকলো ৰাজনৈতিক দলে এই নিৰ্বাচনৰ বাবে তেওঁলোকৰ প্ৰস্তুতি চলাইছে । মঙলবাৰে এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ নিৰ্বাচনৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত বক্তব্য ৰাখে । পশ্চিম বংগৰ নিৰ্বাচন সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিহাৰত জয়লাভৰ পিছত বংগৰ পাল । বিহাৰৰ পৰা বংগলৈ গংগা বৈ যায় । পশ্চিম বংগতো আমি জয়ী হ’ব লাগিব ৷

দেশ এতিয়া ৰিফৰ্ম এক্সপ্ৰেছৰ দৌৰত-বৈঠকত প্ৰধানমন্ত্ৰী মোদী

জানিব পৰা মতে এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশ এতিয়া সম্পূৰ্ণৰূপে “ৰিফৰ্ম এক্সপ্ৰেছ”ৰ যুগত, য’ত সংস্কাৰ দ্ৰুতগতিত আৰু স্পষ্ট উদ্দেশ্যেৰে চলি আছে । প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে চৰকাৰৰ সকলো সংস্কাৰ নাগৰিককেন্দ্ৰিক—কেৱল অৰ্থনৈতিক বা ৰাজহ বৃদ্ধিৰ বাবে নহয় । ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণৰ দৈনন্দিন সমস্যাসমূহ সমাধান কৰা, যাতে ই নিজৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰিব পাৰে ।

সাংসদসকলে সাধাৰণ জনতাৰ সমস্যাসমূহ সক্ৰিয়ভাৱে ভাগ-বতৰা কৰিব লাগেঃ প্ৰধানমন্ত্ৰী

-এন ডি এৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক সাধাৰণ জনতাৰ প্ৰকৃত সমস্যাসমূহ সক্ৰিয়ভাৱে ভাগ-বতৰা কৰিবলৈ আহ্বান জনায়, যাতে সংস্কাৰ এক্সপ্ৰেছ প্ৰতিখন ঘৰলৈ যায় আৰু দৈনন্দিন সমস্যাসমূহ দূৰ কৰিব পৰা যায় ।

-৩০-৪০ পৃষ্ঠাৰ প্ৰ-পত্ৰ আৰু অপ্ৰয়োজনীয় কাগজ-পত্ৰৰ সংস্কৃতিৰ অন্ত পেলাব বিচাৰে বুলিও তেওঁ কয় । সেৱাসমূহ নাগৰিকৰ দুৱাৰমুখলৈ অনাৰ প্ৰয়োজন আৰু একে তথ্য বাৰে বাৰে জমা দিয়াৰ বাধ্যবাধকতা নাইকিয়া কৰিব লাগে ।

-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে নাগৰিকৰ ওপৰত আস্থা প্ৰদৰ্শন কৰি আত্মপ্ৰমাণীকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু বিগত ১০ বছৰে এই ব্যৱস্থা কোনো অপব্যৱহাৰ নকৰাকৈ সফল হৈছে । তেওঁ কয় যে ইজ অৱ লাইফ আৰু ইজ অৱ ডুইং বিজনেছ দুয়োটা মোদী চৰকাৰৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ ।

লগতে পঢ়ক : ‘বন্দে মাতৰমৰ প্ৰতি বিশ্বাসঘাতকতা,কংগ্ৰেছে কৰিছিল খণ্ড’; সংসদত মোদীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন