বৰদিনৰ পুৱা দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত প্ৰধানমন্ত্ৰী মোদী, প্ৰাৰ্থনা সভাত অংশগ্ৰহণ

পবিত্ৰ বৰদিনৰ পুৱাই দিল্লীৰ দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

আজি পবিত্ৰ বৰদিন । এই পবিত্ৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী আৰু উত্তৰ ভাৰতৰ খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে । এই প্ৰাৰ্থনা সভাত প্ৰাৰ্থনা, কেৰল, গীত আৰু দিল্লীৰ বিচপ ৰেভাৰেণ্ড ড° পল স্বৰূপৰ দ্বাৰা প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ প্ৰাৰ্থনা কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত শ্বেয়াৰ কৰিলে ফটো-

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “দিল্লীৰ কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ সেৱাত অংশগ্ৰহণ কৰো । এই প্ৰাৰ্থনাত প্ৰেম, শান্তি আৰু কৰুণাৰ চিৰন্তন বাৰ্তা প্ৰতিফলিত হৈছিল । মই আশা কৰিছো বৰদিনে আমাৰ সমাজত সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰেৰণা যোগাব ।”

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে গীৰ্জা ভ্ৰমণ কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “খ্ৰীষ্টমাছে নতুন আশা, প্ৰেম আৰু দয়াৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিব । ইয়াত দ্য কেথেড্ৰেল চাৰ্চ অৱ দ্য ৰিডেম্পচনত বৰদিনৰ পুৱাৰ সেৱাৰ কিছু আভাস দিয়া হ’ল ।”

সকলোকে বৰদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে-

ইয়াৰ পূৰ্বে এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “সকলোকে শান্তি, কৰুণা আৰু আশাৰে ভৰা বৰদিনৰ আনন্দ কামনা কৰিলোঁ । যীশু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সমন্বয় শক্তিশালী কৰক ।”

লগতে পঢ়ক : আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী, প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিয়ে কৰিলে স্মৰণ

অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ; ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময়

অসম ভ্ৰমণৰ দ্বিতীয় দিন দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজ জাহাজত উঠি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে বৰাগাঁওস্থিত শ্বহীদ স্মাৰক পৰিদৰ্শন কৰি অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ দ্বিতীয় দিন দেওবাৰে পুৱা ব্ৰহ্মপুত্ৰ নদীত ক্ৰুজ জাহাজত উঠি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । এই বিশেষ আদান-প্ৰদান ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ অধীনত আয়োজন কৰা হৈছিল, য’ত অসমৰ বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । তিনি মহলীয়া ক্ৰুজ জাহাজ ‘এম ভি চৰাইদেউ-২’ত প্ৰায় ৪৫ মিনিট ধৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ উদ্বোধন কৰা গুৱাহাটী গেটৱে টাৰ্মিনেল (অভ্যন্তৰীণ জল পৰিবহণ)ৰ পৰা আৰম্ভ হয় এই কাৰ্যসূচী, য’ৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাসমান দলঙেৰে ক্ৰুজত উপস্থিত হয় ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ, মৰিগাঁও, ডিব্ৰুগড়, কাছাৰ, শ্ৰীভূমি, বাক্সা, ডিমা হাচাও, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বি আংলং আৰু নলবাৰী জিলাৰ পৰা নিৰ্বাচিত কৰা হয় । এই ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত জৱাহৰ নৱোদয় বিদ্যালয়, পি এম শ্ৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ডন বস্কো ইনষ্টিটিউট আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আছিল । ২০১৮ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰা আৰু অধ্যয়নৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিবলৈ উৎসাহিত কৰা । এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক শান্ত মনেৰে ব’ৰ্ড আৰু প্ৰৱেশ পৰীক্ষা দিয়া, সময় ব্যৱস্থাপনা আৰু ইতিবাচক চিন্তাধাৰাৰ দৰে পৰামৰ্শ প্ৰদান কৰে ।

প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ বাবে ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাত কটকটীয়া কৰি তোলা হয় নিৰাপত্তা । পুৱাৰে পৰা নদী আৰক্ষী, এন ডি আৰ এফ, এছ ডি আৰ এফৰ দলে টহল দিয়ে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে শনিবাৰৰ পৰা দুদিনৰ বাবে বন্ধ কৰি দিয়া হয় ফেৰী সেৱা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল যে যোৱা বছৰৰ কাজিৰঙা ভ্ৰমণত পৰ্যটনৰ উত্থান ঘটিছিল আৰু এইবাৰ ব্ৰহ্মপুত্ৰত ক্ৰুজে নদী পৰ্যটনক এক উত্থান দিয়াৰ সম্ভাৱনা আছে ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে গুৱাহাটীৰ শ্বহীদ স্মৃতিসৌধত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় । ছবছৰীয়া এই ঐতিহাসিক অসম আন্দোলন ১৯৮৫ চনত সমাপ্ত হৈছিল । এই শ্বহীদ স্মাৰকৰ উদ্বোধন চলিত মাহতে কৰা হৈছিল ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অন্যান্য নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে শ্বহীদ গেলেৰী পৰিদৰ্শন কৰে, য’ত আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক : অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন দিব বিচাৰিছে কংগ্ৰেছে… নামৰূপৰ জনসভাত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন দিব বিচাৰিছে কংগ্ৰেছে… নামৰূপৰ জনসভাত কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

দেওবাৰে নামৰূপত উপস্থিত হৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কংগ্ৰেছে অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীক সংস্থাপন দিয়াৰ অভিযোগ উত্থাপন কৰে ।

অসম ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ বাবে এক বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ কথা ঘোষণা কৰে । তেওঁ ডিব্ৰুগড় জিলাৰ নামৰূপত ১০,৬০১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগা সাৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰে । এই উদ্যোগটোৰ বছৰি প্ৰায় ১২ লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ ক্ষমতা থাকিব ।

এই প্ৰকল্পৰ ভূমি পূজন তথা আধাৰশিলা স্থাপনৰ পিছতেই এক বৃহৎ জনসভাত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন । নামৰূপ আৰু ডিব্ৰুগড়ে যিটো প্ৰকল্পৰ বাবে অপেক্ষা কৰি আছিল সেয়া আজি সাকাৰ হৈ উঠিছে ।” অঞ্চলটোত ঔদ্যোগিক প্ৰগতিৰ এক নতুন অধ্যায় আৰম্ভ হৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি অসমে উন্নয়নৰ এক নতুন গতি লাভ কৰিছে আৰু এয়া মাত্ৰ আৰম্ভণিহে ।

অবৈধ অনুপ্ৰৱেশকাৰীক সংস্থাপন কৰিলে কংগ্ৰেছে- প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰীক সংস্থাপন কৰিছিল আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰি আছে । সেইবাবেই কংগ্ৰেছ দলে ভোটাৰ তালিকা শুদ্ধিকৰণৰ বিৰোধিতা কৰিছে । মই আপোনালোকক নিশ্চয়তা দিছো যে বিজেপিয়ে নিজৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে অসমৰ সৈতে থিয় দিব । আমি অসমক এই কংগ্ৰেছৰ তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতিৰ বিষৰ পৰা ৰক্ষা কৰিব লাগিব ।

তেওঁ কয় যে কংগ্ৰেছ দলে এতিয়াও ৰাষ্ট্ৰ বিৰোধী চিন্তাধাৰাৰ প্ৰচাৰ চলাই আছে । বাংলাদেশী অনুপ্ৰৱেশকাৰীক অসমৰ বনাঞ্চল আৰু মাটিত সংস্থাপন কৰিব বিচাৰে কংগ্ৰেছে । তেওঁলোকে কেৱল নিজৰ ভোট বেংক শক্তিশালী কৰিব বিচাৰে, তেওঁলোকে আপোনালোকৰ কথা চিন্তা নকৰে । আপোনালোকৰৰ পৰিচয়ৰ লগত কংগ্ৰেছ দলৰ কোনো সম্পৰ্ক নাই ।

কৃষকৰ বিষয় লৈ কংগ্ৰেছক আক্ৰমণ-

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কংগ্ৰেছ দলক তীব্ৰ আক্ৰমণ চলায় । তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ নীতিয়ে দশক দশক ধৰি কৃষকৰ দুৰ্দশা আৰু শোচনীয় কৰি তুলিছিল, আনহাতে তেওঁৰ চৰকাৰে তেওঁলোকক সবলীকৰণৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সাৰ কাৰখানাৰ দৰে প্ৰকল্পই কৃষকসকলক সুলভ মূল্যৰ সাৰ প্ৰদান কৰাই নহয়, অঞ্চলটোৰ কৰ্মসংস্থাপন আৰু উদ্যোগিক বিকাশৰ ক্ষেত্ৰতো উত্থান ঘটাব । কংগ্ৰেছৰ শাসনকালত কেৱল অসমতে নহয়, সমগ্ৰ দেশতে বহু ইউৰিয়া কাৰখানা বন্ধ হৈ আছিল । ইয়াৰ ফলত কৃষকসকলে সাৰ বিচাৰি দীঘলীয়া শাৰী পাতি থিয় হ’বলগীয়া হৈছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰায়ে আৰক্ষী নিয়োগ কৰা হৈছিল । প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে সেই সময়ছোৱাত কৃষকসকলে ইমান কষ্টৰ সন্মুখীন হৈছিল যে কিছুমান ক্ষেত্ৰত লাঠিচাৰ্জৰো সন্মুখীন হৈছিল । কংগ্ৰেছ চৰকাৰে কৃষকৰ প্ৰয়োজনীয়তাক আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ডাবল ইঞ্জিন চৰকাৰে কংগ্ৰেছৰ দিনত উদ্ভৱ হোৱা এই সমস্যাসমূহ সমাধানৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে । যোৱা ১১ বছৰত বহু কাম হৈছে যদিও বহু কাম বাকী আছে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে কংগ্ৰেছৰ দিনত সাৰ কাৰখানা বন্ধ হৈ থকাৰ সময়তে তেওঁৰ চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত নতুন সাৰ উদ্যোগ স্থাপন কৰিছে, যাতে কৃষকসকলে সময়মতে সাৰ লাভ কৰিব পাৰে আৰু পুনৰ এনে সমস্যাৰ সন্মুখীন হ’ব নালাগে ।

“কৃষকৰ সৈতে থিয় দিছে বিজেপি চৰকাৰ”

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে আজি বিজেপি চৰকাৰে বীজৰ পৰা বজাৰলৈকে কৃষকৰ সৈতে থিয় দিছে । খেতিৰ কামৰ বাবে ধন পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে, যাৰ ফলত কৃষকসকলে ঋণৰ বাবে হাবাথুৰি খাব নালাগে । এতিয়ালৈকে প্ৰায় ৪ লাখ কোটি টকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে । এইবাৰ কৃষকসকলক সহায়ৰ বাবে ৩৫,০০০ কোটি টকাৰ দুখন নতুন আঁচনি আৰম্ভ কৰা হৈছে : পি এম ধান্য ধন কৃষি যোজনা আৰু পালছেছ আত্মনিৰ্ভৰশীল অভিযান । ইয়াৰ ফলত কৃষি বৃদ্ধি পাব । তেওঁ আৰু কয়, “আমাৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগীয়ে দেশৰ দৰিদ্ৰ লোকৰ জীৱনলৈ গভীৰ পৰিৱৰ্তন আনিছে । যোৱা ১১ বছৰত আমাৰ প্ৰচেষ্টাই ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিছে । দেশত এক নতুন মধ্যবিত্ত শ্ৰেণীৰ উত্থান ঘটিছে ।”

উন্নয়নৰ নতুন যুগত প্ৰৱেশ কৰিছে অসম- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ কৃষকসকলক এই আধুনিক সাৰ উদ্যোগৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনত উদ্যোগ আৰু সংযোগ হাতে হাতে আগবাঢ়িছে, অসমৰ সপোনক ডেউকা দি যুৱক-যুৱতীসকলৰ মাজত নতুন সুযোগৰ আশা জগাই তুলিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উন্নত ভাৰত গঢ়ি তোলাত কৃষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । এই দৃষ্টিভংগীৰে চৰকাৰে কৃষকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ বাবে অহৰহ কাম কৰি আছে । তেওঁ কয় যে প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মিত এই উদ্যোগটোৱে বছৰি ১২ লাখ মেট্ৰিক টন সাৰ উৎপাদন কৰিব । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই উদ্যোগটো মুকলি হ’লে সাৰ যোগানত সুবিধা হ’ব আৰু লজিষ্টিক ব্যয় যথেষ্ট হ্ৰাস পাব, যাৰ ফলত কৃষকসকল প্ৰত্যক্ষভাৱে উপকৃত হ’ব ।

লগতে পঢ়ক : ‘কংগ্ৰেছে কৰা ভূলৰ আমি শুধৰণি কৰি আছো’; কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’… পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক

শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ বাহিৰ কৰা হয় ।

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে সন্ধিয়া গুৱাহাটীবাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ৰ সাক্ষী হয় । এই ৰোড শ্ব’ত ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ বাহিৰৰ পৰা আৰম্ভ হোৱা এই ৰোডশ্ব’ৰ বশিষ্ঠ চাৰিআলিৰ সমীপৱৰ্তী ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত পৰে ।

এখন ক’লা ৰঙৰ এছ ইউ ভিৰ সন্মুখত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথৰ দুয়োকাষে থকা উৎসাহী ৰাইজক হাত জোকাৰি সম্ভাষণ জনায় । “মোডী জি জিন্দাবাদ” আৰু “ভাৰত মাতা কি জয়” ধ্বনি সমগ্ৰ ৰোড শ্ব’ত প্ৰতিধ্বনিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিজৰ বাহনত এই ৰোড শ্ব’ত যোগদান কৰে । এই ৰোড শ্ব’ত বিজেপি কৰ্মী আৰু স্বেচ্ছাসেৱকৰ লগতে হাজাৰ হাজাৰ লোকক দেখা যায় । সকলোকে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ উত্ৰাৱল হৈ পৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, গুৱাহাটীত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ ফুট  উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । ইয়াৰ পিছতে তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰে । ইয়াৰ পিছতে তেওঁ সৰুসজাইলৈ ৰোড শ্ব’ৰ বাবে আগবাঢ়ে ।

লগতে পঢ়ক : অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল কংগ্ৰেছে… গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল কংগ্ৰেছে… গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা কৰে তেওঁ । কংগ্ৰেছ চৰকাৰৰ বাবে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন কেতিয়াও এজেণ্ডাত নাছিল বুলিও তেওঁ কয় ।

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । এই উদ্বোধনী অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰে । ভাষণত তেওঁ কয় যে, আজিৰ দিনটো বিকাশৰ উৎসৱ । ই কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূব ভাৰতৰো বিকাশৰ উদযাপন । প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে মোবাইলৰ ফ্লাছ লাইট জ্বলাই এই উৎসৱৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় ।

তেওঁ কয় যে আজি সমগ্ৰ দেশে অসমত উদযাপন কৰা বিকাশৰ উৎসৱৰ সাক্ষী হৈছে । তেওঁ আঙুলিয়াই দিয়ে যে বিগত কেইবছৰমানৰ পৰা উত্তৰ-পূবৰ ৰাজ্যসমূহত আন্তঃগাঁথনি, সংযোগ আৰু সুবিধাসমূহৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূব অঞ্চলটোক ৰাষ্ট্ৰীয় উন্নয়নৰ মূলসুঁতিলৈ একত্ৰিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অনাগত সময়ত অসম তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলে উন্নয়নৰ নতুন উচ্চতাত উপনীত হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে ।

আধুনিক বিমানবন্দৰ আৰু পথসমূহে ৰাজ্যখনৰ আত্মবিশ্বাস বৃদ্ধি কৰেঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে যেতিয়া এখন ৰাজ্যত আধুনিক, বিশ্বমানৰ বিমানবন্দৰ নিৰ্মাণ কৰা হয়, তেতিয়া সেই ৰাজ্যৰ বাবে নতুন সম্ভাৱনা আৰু সুযোগ মুকলি হয় । এনে বিমানবন্দৰসমূহে ৰাজ্যখনৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু জনবিশ্বাসৰ বাবে এক শক্তিশালী ভেটি গঠন কৰে । তেওঁ কয় যে আজি অসমত নিৰ্মাণ হৈ থকা উন্নত আৰু আধুনিক পথ আৰু ঘাইপথ দেখি সকলোৱে কয় যে অসমে এতিয়া সঠিক ন্যায় লাভ কৰিছে ।

কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ-

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী কংগ্ৰেছ দলকো তীক্ষ্ণ সমালোচনা কৰে । কংগ্ৰেছ চৰকাৰৰ বাবে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন কেতিয়াও এজেণ্ডাত নাছিল বুলিও তেওঁ কয় । তেওঁ কয় যে কংগ্ৰেছ নেতাসকলৰ চিন্তা-চৰ্চা আছিল, “অসম আৰু উত্তৰ-পূবলৈ কোন যায় ?”

কংগ্ৰেছৰ এই মানসিকতাৰ বাবেই সমগ্ৰ অঞ্চলটো দশক দশক ধৰি অৱহেলিত হৈ থাকিল বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । আধুনিক বিমানবন্দৰ, উন্নত ৰেলপথ, ঘাইপথৰ প্ৰয়োজনীয়তা এই অঞ্চলত অনুভৱ কৰা নাছিল । প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ দলৰ এই ভুলবোৰ দশক দশক ধৰি চলি থাকিল, কিন্তু বিজেপি চৰকাৰে সেইবোৰ এটা এটাকৈ শুধৰাই উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ নতুন দিশ দিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কংগ্ৰেছ চৰকাৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ পৰা দূৰত ৰখাৰ যি পাপ কৰিছিল তাৰ পৰিণতি দেশৰ সুৰক্ষা, একতা আৰু আখণ্ডতাই ভুগিবলগা হৈছিল । কংগ্ৰেছ চৰকাৰৰ দিনত হিংসাত্মক কাৰ্যকলাপ বদ্ধি পাইছিল । কিন্তু বিজেপি চৰকাৰে কেৱল ১০-১২ বছৰৰ ভিতৰতে এই হিংসা দূৰ কৰাৰ দিশত সফল হৈছে । পূৰ্বতে উত্তৰ-পূৰ্বাঞ্চলত য’ত হিংসা জৰ্জৰিত আছিল সেই ঠাই এতিয়া 4জি- 5জি সংযোগ ঘটিছে । যিখন জিলা পূৰ্বে হিংসাগ্ৰস্ত আছিল সেই জিলা আজি আকাংক্ষী জিলা হিচাবে বিকশিত হৈছে । অনাগত দিনত এই অঞ্চল ওদ্যোগিক কৰিডৰ হিচাবে পৰিচিত হ’ব । সেইবাবে আজি উত্তৰ-পূৰ্বাঞ্চলক লৈ এক নতুন আশাৰ সঞ্চাৰ হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ কাৰণ ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এই অঞ্চলৰ সংস্কৃতি আৰু বসুৰক্ষাৰ বাবে বিজেপিয়ে অহৰ্নিশে কাম কৰি আছে সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত সফলতা আহিছে ।  

কংগ্ৰেছক চোকা সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছে আৰু এটা পাপ কৰিছিল । কংগ্ৰেছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল । কংগ্ৰেছৰ এই ষঢ়যন্ত্ৰ কেৱল কিছু বছৰৰ নহয়, কংগ্ৰেছৰ এই ষঢ়যন্ত্ৰ স্বাধীনতাৰ পূৰ্বৰে । সেই সময়ত মুছলীম লীগ আৰু ব্ৰিটিছে শাসনে ভাৰত বিভাজনৰ ব্লুপ্ৰিন্ট প্ৰস্তুত কৰি আছিল । সেই সময়ত অসমকো পূৱ পাকিস্তানৰ অংশ কৰি তোলাৰ ষঢ়যন্ত্ৰ ৰচনা কৰি হৈছিল । কংগ্ৰেছ এই ষঢ়যন্ত্ৰৰ অংশীদাৰ আছিল । তেতিয়া গোপীনাথ বৰদলৈ নিজৰ দলৰেই বিৰোধ কৰি অসমক দেশৰ পৰা বিভাজিত হোৱাৰ পৰা ৰক্ষা কৰিছিল ।

লোকপ্ৰিয় গোপীনাথ বৰদলৈক প্ৰয়াত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰে ভাৰত ৰত্নৰে সন্মানিত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে সদায়ে দলীয় স্বাৰ্থৰ ওপৰত প্ৰতিগৰাকী দেশভক্তক সন্মান তৰি আহিছে । তেওঁ কয় যে, বৰদলৈ দেৱে স্বাধীনতাৰ পূৰ্বে অসমক ৰক্ষা কৰিছিল কিন্তু ইয়াৰ পিছত কংগ্ৰেছ দলে পুনৰ অসম বিৰোধী আৰু দেশবিৰোধী কাম আৰম্ভ কৰে । কংগ্ৰেছে নিজৰ ভোট বেংক বৃদ্ধিৰ বাবে ষঢ়যন্ত্ৰ আৰম্ভ কৰে । ভোটবেংকৰ বাবে কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশকাৰীক আশ্ৰয় দি আহিছল কংগ্ৰেছে । অসমৰ জনগাঁথনি সলনি কৰা হ‘ল । এই অনুপ্ৰৱেশকাৰীসকলে আমাৰ বনাঞ্চল অধিকাৰ কৰিলে, আমাৰ ভূমি হস্তগত কৰিলে । ইয়াৰ পৰিণাম স্বৰূপে সমগ্ৰ অসমৰ সুৰক্ষা আৰু পৰিচয় বিপদত পৰিল । আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বহু কষ্টৰে অসমক এই অবৈধ অনুপ্ৰৱেশৰ পৰা ৰক্ষা কৰাৰ বাবে কাম কৰি আছে । অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে চৰকাৰে কাম কৰি আছে ।

 অসমৰ বিকাশৰ প্ৰবাহ অবিৰতভাৱে অব্যাহত আছেঃ প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে আজি অসমৰ উন্নয়নত এক নতুন অধ্যায় সংযোজন হৈছে । তেওঁ কয় যে ব্ৰহ্মপুত্ৰ নদী যেনেকৈ অসমৰ মাজেৰে বৈ আছে, তেনেকৈয়ে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ প্ৰবাহো অবিৰতভাৱে অব্যাহত আছে ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ ভূমিৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছে আৰু ইয়াৰ জনসাধাৰণৰ মৰম আৰু আদৰে তেওঁক অহৰহ অনুপ্ৰাণিত কৰে । তেওঁ বিশেষভাৱে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃ-ভগ্নীসকলৰ মৰমৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত হয় । প্ৰধানমন্ত্ৰী মোদীয়ে ভৱিষ্যতে অসম আৰু উত্তৰ-পূব ভাৰতে উন্নয়নৰ নতুন উচ্চতাত উপনীত হ’ব বুলি আস্থা প্ৰকাশ কৰে আৰু ৰাজ্যখনত নতুন উন্নয়নমূলক প্ৰকল্পৰ চলি থাকিব বুলি আস্থা প্ৰকাশ কৰে ।

অসমৰ মাটিৰ সৈতে মোৰ এক বিশেষ সম্পৰ্ক আছেঃ প্ৰধানমন্ত্ৰী মোদী

এই বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মাটিৰ প্ৰতি থকা মোহৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসমৰ মাটিৰ সৈতে তেওঁৰ সংযোগ, ইয়াৰ জনসাধাৰণৰ মৰম আৰু আদৰ আৰু বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃ-ভগ্নীসকলৰ মৰমে তেওঁক অহৰহ অনুপ্ৰাণিত কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক শক্তিশালী কৰে । তেওঁ কয় যে আজি আকৌ এবাৰ অসমৰ উন্নয়নত এক নতুন অধ্যায় সংযোজন কৰা হৈছে ।

ভাৰতৰ উন্নয়ন যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চল আৰু অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰেঃ প্ৰধানমন্ত্ৰী মোদী

ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে । বিগত ১১ বছৰত আধুনিক আন্তঃগাঁথনিৰ উন্নয়নে এই পৰিৱৰ্তনত ডাঙৰ অৰিহণা যোগাইছে । তেওঁ লগতে কয় যে চৰকাৰে ২০৪৭ চনৰ বাবে প্ৰস্তুতি চলাইছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উন্নত ভাৰতৰ এই অভিযানত প্ৰতিখন ৰাজ্য আৰু অঞ্চলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবক “এক্ট ইষ্ট পলিচি”ৰ জৰিয়তে অগ্ৰাধিকাৰ দিয়া হৈছে আৰু আজি অসম ভাৰতৰ “পূব গেটৱে” হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ কয় যে অসমে ভাৰতক আছিয়ান দেশৰ সৈতে সংযোগ কৰা এখন দলং হিচাপে কাম কৰি আছে আৰু এই আৰম্ভণিয়ে ভৱিষ্যতে আৰু অধিক উন্নয়নৰ সূচনা কৰিব ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

বংগক জংগলৰাজৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ, ডাবল ইঞ্জিন চৰকাৰ গঠনৰ আহ্বান

শনিবাৰে পশ্চিম বংগত উপস্থিত হৈ ৰাজ্যখনক জংঘলৰাজৰ পৰা মুক্ত কৰিব লাগিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে তেওঁ জনসাধাৰণক ৰাজ্যখনত ডাবল ইঞ্জিন চৰকাৰ গঠনৰ বাবেও আহ্বান জনায় ।

শনিবাৰে পশ্চিম বংগৰ তাহেৰপুৰ হেলিপেডত অৱতৰণ কৰাৰ চেষ্টা ব্যৰ্থ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্টাৰ । অঞ্চলটোত ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা অতি কম হোৱাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰখন কিছু সময়ৰ বাবে হেলিপেডৰ ওপৰত উৰি থকাৰ পিছত কলকাতা বিমানবন্দৰলৈ উভতি আহে । তেওঁ ভাৰ্চুৱেলি বিমানবন্দৰৰ পৰাই ৰাইজক সম্বোধন কৰে । লগতে বতৰ বেয়া হোৱাত ৰেলী স্থলীত উপস্থিত হ’ব নোৱাৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে ।

বংকিম চন্দ্ৰ চেটাৰ্জীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি-

সভাত ভাৰ্চুৱেল ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে মহান সাহিত্যিক বংকিম চন্দ্ৰ চেটাৰ্জীক শ্ৰদ্ধাঞ্জলি জনাই কয় যে বন্দে মাতৰম ব্ৰিটিছ শাসনৰ বিৰুদ্ধে সংগ্ৰামৰ মন্ত্ৰ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বন্দে মাতৰম ৰাষ্ট্ৰ-নিৰ্মাণৰ মন্ত্ৰ হ’ব লাগিব ।

বংগক জংঘল ৰাজৰ পৰা মুক্ত কৰিব লাগিব- প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিকৰ সৈতে কান্ধ মিলাই কাম কৰি আছে । তেওঁ কয় যে জি এছ টিয়ে সমগ্ৰ দেশকে ধৰি বংগবাসীক যথেষ্ট সকাহ দিছে আৰু দুৰ্গা পূজা আৰু অন্যান্য উৎসৱৰ সময়ত সমগ্ৰ দেশৰ জনসাধাৰণ যথেষ্ট উপকৃত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে বংগত অনুপ্ৰৱেশকাৰী টি এম চিৰ দ্বাৰা সুৰক্ষিত । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গংগা বিহাৰৰ মাজেৰে বংগলৈ বৈ যায় আৰু বিহাৰে বংগক বাট দেখুৱাইছে । তেওঁ কয় যে বংগক জংঘলৰাজৰ পৰা মুক্ত কৰিব লাগিব । প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে তেওঁ সম্পূৰ্ণ হৃদয়েৰে বংগবাসীৰ প্ৰতি উৎসৰ্গিত আৰু ৰাজ্যখনৰ বাবে পুঁজি আৰু নীতিৰ অভাৱ নাই ।

“বংগত ডাবল ইঞ্জিন চৰকাৰ গঠন হওক”

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ বাবে পশ্চিম বংগৰ বহু উন্নয়নমূলক প্ৰকল্প বাকী আছে । তেওঁ কয় যে টি এম চিয়ে যদি বিজেপিৰ বিৰোধিতা কৰিব বিচাৰে তেন্তে তেওঁলোকে কৰিব পাৰে, কিন্তু ৰাজনৈতিক লাভালাভৰ বাবে উন্নয়ন স্থবিৰ কৰি ৰখাটো বুজি পোৱাৰ বাহিৰত । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক বিজেপিক সুযোগ দি ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনাই তেওঁৰ চৰকাৰে বংগৰ উন্নয়নৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধ হৈ থাকিব বুলি আশ্বাস দিয়ে ।

ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৩,২০০ কোটিৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে । পুৱা প্ৰায় ১০:৪০ বজাত দিল্লীৰ পৰা কলকাতাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । তাৰ পৰা হেলিকপ্টাৰেৰে তাহিৰপুৰলৈ উৰা মাৰে তেওঁ । কিন্তু প্ৰচণ্ড কুঁৱলীৰ বাবে হেলিকপ্টাৰ অৱতৰণত ব্যৰ্থ হোৱাৰ পিছত পুনৰ কলকাতালৈ উভতি যায় তেওঁ ।

বংগক ৩২০০ কোটি টকা উপহাৰ- প্ৰধানমন্ত্ৰী মোদী

উল্লেখযোগ্য যে বংগ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩২০০ কোটি টকাৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । তেওঁ নাদিয়া জিলাৰ ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৬৬.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰজাগুলি-কৃষ্ণনগৰ অংশৰ চাৰিলেনিং উদ্বোধন কৰাৰ লগতে উত্তৰ ২৪ পৰগনা জিলাৰ ১৭.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাছাট-বৰজাগুলি অংশৰ চাৰিলেনিংৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পসমূহে কলকাতা আৰু শিলিগুৰিৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ সংযোগ প্ৰদান কৰি ৰাজ্যখনৰ দক্ষিণ আৰু উত্তৰ অংশৰ বাণিজ্য, পৰ্যটন, আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুকলি কৰিলে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল

শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ বৰঝাৰ বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উন্মোচন কৰাৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোেচন কৰে ।

দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন টাৰ্মিনেলটো পৰিদৰ্শনো কৰে । এই নতুন সংহত টাৰ্মিনেল-২ ভৱনটোৰ বছৰি প্ৰায় ১ কোটি ৩১ লাখ যাত্ৰীক চম্ভালিব পৰা ক্ষমতা আছে । এই টাৰ্মিনেল নিৰ্মাণৰ বাবে প্ৰায় ৪০০০ কোটি টকা ব্যয় হৈছে । এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু, উদ্যোগপতি গৌতম আদানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিষয়া উপস্থিত থাকে ।

বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, সমগ্ৰ বিমানবন্দৰ প্ৰকল্পটোৰ মুঠ খৰচ ৫ হাজাৰ কোটি । ইয়াৰে ১০০০ কোটি টকা বিশেষভাৱে বিমান মেৰামতি, ৰক্ষণাবেক্ষণ, আৰু অভাৰহ’ল (এম আৰ অ’) সুবিধাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ দ্বাৰা ভৱিষ্যতে নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব ।

উল্লেখ্য যে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে বিমানবন্দৰটোৰ নামকৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰৰ বাহিৰত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে । নতুন টাৰ্মিনেলটোৰ বিস্তৃতি প্ৰায় ১ লাখ ৪০ হাজাৰ বৰ্গমিটাৰ । ইয়াৰ ডিজাইন অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য, জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰাণিত, যি ৰাজ্যখনৰ পৰিচয় প্ৰতিফলিত কৰে । এই বিমানবন্দৰটো উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বিমান কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিব । ইয়াৰ ফলত অঞ্চলটোৰ পৰ্যটন, বাণিজ্য আৰু উন্নয়ন যথেষ্ট বৃদ্ধি পাব ।

লগতে পঢ়ক : X ত প্ৰধানমন্ত্ৰীৰ জলৱা; শীৰ্ষ ১০ টা সৰ্বাধিক লাইকৰ তালিকাত মোদীৰ নাম

ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি

ইথিওপিয়া ভ্ৰমণ সামৰি বুধবাৰে ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালতে দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব ।

তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্য্যায়ত বুধবাৰে ওমানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া এই ভ্ৰমণৰ সময়ত ওমানৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব মোদী । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব । মাস্কাটত উপস্থিত হোৱাৰ লগে লগে হোটেলত ভাৰতীয় মূলৰ লোকে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ।

প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ওমানৰ প্ৰতিৰক্ষা পৰিক্ৰমা বিভাগৰ উপ-প্ৰধানমন্ত্ৰী ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদে । তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত ওমানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । উপসাগৰীয় দেশখনলৈ তেওঁৰ এয়া দ্বিতীয়টো ভ্ৰমণ আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ সম্পূৰ্ণ হৈছে ।

ওমানত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, “মাস্কাট বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ বাবে ওমানৰ উপ-প্ৰধানমন্ত্ৰী (ৰক্ষা পৰিক্ৰমা) ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদক বহুত বহুত ধন্যবাদ । আমাৰ মাজত অতি ভাল কথা-বতৰা হৈছিল, য’ত আমি ভাৰত-ওমান বন্ধুত্বৰ বিষয়ে আমাৰ চিন্তাধাৰা ভাগ কৰো ।”

ভাৰত আৰু ওমানৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিত যোৱা শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল । আনুষ্ঠানিকভাৱে বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি নামেৰে নামাকৰণ কৰা এই চুক্তিৰ আলোচনা ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল আৰু এই বছৰতে সমাপ্ত হৈছিল । কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে শক্তিশালী বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে ওমানৰ চুলতান তাৰিকৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰবাসী ভাৰতীয়ৰ এক সমাৱেশতো ভাষণ দিব তেওঁ ।

লগতে পঢ়ক : আমি বন্ধুত্বৰ নতুন অধ্যায় লিখিছো… ইথিওপিয়াৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

আমি বন্ধুত্বৰ নতুন অধ্যায় লিখিছো… ইথিওপিয়াৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

বুধবাৰে ইথিওপিয়াৰ সংসদৰ যৌথ অধিৱেশনত সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ভাষণত তেওঁ বন্দে মাতৰম আৰু ইথিওপিয়াৰ ৰাষ্ট্ৰীয় সংগীতৰ কথাও উল্লেখ কৰে ।

ইথিওপিয়াৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “ভাৰতৰ ৰাষ্ট্ৰীয় গীত ‘বন্দে মতৰম’ আৰু ইথিওপিয়াৰ ৰাষ্ট্ৰীয় সংগীত দুয়োটাই আমাৰ ভূমিক ‘মাতৃ’ বুলি কয় । এই গীতে আমাক আমাৰ ঐতিহ্য, সংস্কৃতি আৰু সৌন্দৰ্য্যৰ বাবে গৌৰৱ কৰিবলৈ আৰু আমাৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে ।” ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰদান কৰা বিশ্বৰ ১৮ সংখ্যক সংসদ ইথিওপিয়াৰ সংসদত উপস্থিত হোৱাৰ লগে লগে তেওঁক উষ্ম আদৰণি জনায় ।

বুধবাৰে ইথিওপিয়াৰ সংসদৰ যৌথ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “আজি আপোনালোকৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক বৃহৎ সন্মান । সিংহৰ দেশ ইথিওপিয়াত থকাটো এক বৃহৎ আনন্দৰ কথা । মই ইয়াত আপোন অনুভৱ কৰিছো, কিয়নো মোৰ গৃহ ৰাজ্য গুজৰাটো সিংহৰ বাসস্থান ।” তেওঁ লগতে কয় যে গণতন্ত্ৰৰ মন্দিৰত, প্ৰাচীন প্ৰজ্ঞা আৰু আধুনিক আকাংক্ষাৰ দেশত থাকিবলৈ পাই তেওঁ গভীৰভাৱে সন্মানিত হৈছে । প্ৰাচীন প্ৰজ্ঞা আৰু আধুনিক উচ্চাকাংক্ষাৰ মাজৰ ভাৰসাম্যই ইথিওপিয়াৰ প্ৰকৃত শক্তি ।

ইথিওপিয়াৰ সংসদত ভাষণ দি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত আৰু ইথিওপিয়াৰ মাজৰ জলবায়ু আৰু ভাৱনা, দুয়োতাৰে উষ্ণতা আছে । প্ৰায় ২০০০ বছৰ পূৰ্বে আমাৰ পূৰ্বপুৰুষসকলে বিশাল সাগৰৰ মাজেৰে সম্পৰ্ক গঢ়ি তুলিছিল । ভাৰত মহাসাগৰৰ সিপাৰে ব্যৱসায়ীসকলে মছলা আৰু সোণ লৈ যাত্ৰা কৰিছিল, কিন্তু তেওঁলোকে কেৱল সামগ্ৰীৰ ব্যৱসায় কৰা নাছিল । তেওঁলোকে ধাৰণা আৰু জীৱনশৈলীৰ আদান-প্ৰদানো কৰিছিল ।”

তেওঁ লগতে কয়, “আদিছ আৰু ঢোলেৰাৰ দৰে বন্দৰসমূহ কেৱল বাণিজ্যিক কেন্দ্ৰ নাছিল, সভ্যতাৰ মাজৰ সেতু আছিল । আধুনিক যুগত আমাৰ সম্পৰ্কই নতুন যুগত প্ৰৱেশ কৰিছিল যেতিয়া ১৯৪১ চনত ইথিওপিয়াৰ স্বাধীনতাৰ বাবে ভাৰতীয় সৈন্যই ইথিওপিয়াৰ জনসাধাৰণৰ সৈতে যুঁজিছিল ।”

ভাৰতীয় বিনিয়োগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতীয় কোম্পানীসমূহ ইথিওপিয়াৰ সৰ্ববৃহৎ বিনিয়োগকাৰীৰ ভিতৰত অন্যতম । তেওঁলোকে বিভিন্ন খণ্ডত ৫ বিলিয়ন ডলাৰৰ ওপৰত বিনিয়োগ কৰি ৭৫ হাজাৰতকৈ অধিক চাকৰিৰ সৃষ্টি কৰিছে । আমি ভাৰত আৰু ইথিওপিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছো ।”

‘বন্দে মাতৰম’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতৰ ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ আৰু ইথিওপিয়াৰ ৰাষ্ট্ৰীয় গীত দুয়োটাই আমাৰ ভূমিক মাতৃ বুলি কয় । ই আমাক আমাৰ ঐতিহ্য, সংস্কৃতি, সৌন্দৰ্য্যৰ বাবে গৌৰৱ কৰিবলৈ আৰু আমাৰ মাতৃভূমিক ৰক্ষা কৰিবলৈ অনুপ্ৰাণিত কৰে ।”

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীলৈ ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান, ক’লে-মোৰ বাবে সৌভাগ্যৰ কথা…