ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X টো এইবাৰ স্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X এ(পূৰ্বতে টুইটাৰ) শেহতীয়াকৈ এটা নতুন বৈশিষ্ট্য মুকলি কৰিছে,য’ত প্ৰতিমাহে এখন দেশত সৰ্বাধিক লাইক কৰা টুইটৰ তালিকা দেখুওৱা হয়।ইয়াতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জলৱা দেখিবলৈ পোৱা গৈছে।
দেশৰ লগতে বিশ্বৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক ব্যক্তিত্বত অন্তৰ্ভূক্ত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট, যিটোত ভাৰতৰ ভিতৰতে সৰ্বাধিক লাইক কৰিছে।
যোৱা ৩০ দিনৰ ভিতৰত সৰ্বাধিক লাইক হোৱা টুইটৰ তালিকা প্ৰকাশ কৰিছে টুইটাৰে।য’ত শীৰ্ষ দহটা টুইটৰ ভিতৰত ৮টা টুইট কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আন কোনো ৰাষ্ট্ৰীয় নেতাই এই তালিকাত স্থান লাভ কৰা নাই।
X ৰ শেহতীয়া ৩০ দিনত ভাৰতত লাইক কৰা টুইটৰ ভিতৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়ান ভাষাত লিখা গীতাৰ কপি দিয়া টুইটটো সৰ্বাধিক লাইক হৈছে।
এই টুইটটো ২৩ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে লাইক কৰিছে।এই টুইটৰ প্ৰসাৰ ৬৭ লাখ হৈছে আৰু ইয়াক প্ৰায় ২৯ হাজাৰ লোকে ৰিটুইট কৰিছে।
এক্সে আৰম্ভ কৰা এই নতুন ফিচাৰটোৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে সেই দেশৰ আটাইতকৈ ভাল পোৱা টুইটসমূহ দেখিবলৈ পোৱা যাব। মন কৰিবলগীয়া যে যোৱা ৩০ দিনত সৰ্বাধিক লাইক হোৱা ১০টা টুইটৰ ভিতৰত ৮টা টুইটেই প্ৰধানমন্ত্ৰী মোদীৰ।
লগতে পঢ়ক: ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি









