গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব'… পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’… পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক

শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ বাহিৰ কৰা হয় । দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে সন্ধিয়া গুৱাহাটীবাসী প্ৰধানমন্ত্ৰী

শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ বাহিৰ কৰা হয় ।

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসম ভ্ৰমণৰ প্ৰথম দিনা, শনিবাৰে সন্ধিয়া গুৱাহাটীবাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশাল ৰোড শ্ব’ৰ সাক্ষী হয় । এই ৰোড শ্ব’ত ৰাজ্যখনৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ বাহিৰৰ পৰা আৰম্ভ হোৱা এই ৰোডশ্ব’ৰ বশিষ্ঠ চাৰিআলিৰ সমীপৱৰ্তী ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত পৰে ।

এখন ক’লা ৰঙৰ এছ ইউ ভিৰ সন্মুখত বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথৰ দুয়োকাষে থকা উৎসাহী ৰাইজক হাত জোকাৰি সম্ভাষণ জনায় । “মোডী জি জিন্দাবাদ” আৰু “ভাৰত মাতা কি জয়” ধ্বনি সমগ্ৰ ৰোড শ্ব’ত প্ৰতিধ্বনিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিজৰ বাহনত এই ৰোড শ্ব’ত যোগদান কৰে । এই ৰোড শ্ব’ত বিজেপি কৰ্মী আৰু স্বেচ্ছাসেৱকৰ লগতে হাজাৰ হাজাৰ লোকক দেখা যায় । সকলোকে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ উত্ৰাৱল হৈ পৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, গুৱাহাটীত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ ফুট  উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে । ইয়াৰ পিছতে তেওঁ এখন ৰাজহুৱা সভা সম্বোধন কৰে । ইয়াৰ পিছতে তেওঁ সৰুসজাইলৈ ৰোড শ্ব’ৰ বাবে আগবাঢ়ে ।

লগতে পঢ়ক : অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল কংগ্ৰেছে… গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

শেহতীয়া প্ৰৱন্ধসমূহ