বিপদত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; শুল্কক অবৈধ ঘোষণা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিশ্বব্যাপী শুল্কক অবৈধ ঘোষণা কৰি তেওঁৰ অৰ্থনৈতিক এজেণ্ডাত বৃহৎ আঘাত কৰিছে।

শুকুৰবাৰে (২০২৬ চনৰ ২০ ফেব্ৰুৱাৰী) আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত দিয়ে।ট্ৰাম্পে আন দেশৰ ওপৰত আৰোপ কৰা শুল্কক অবৈধ বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে।

আদালতে নিজৰ সিদ্ধান্তত কয় যে ট্ৰাম্পে ইমানবোৰ দেশৰ ওপৰত শুল্ক আৰোপ কৰি নিজৰ অধিকাৰক্ষেত্ৰ উলংঘা কৰিছে।

এই সিদ্ধান্তত কোৱা হৈছে যে ট্ৰাম্পে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ বাবে ডিজাইন কৰা আইন অনুসৰি এই শুল্ক আৰোপ কৰিছে।

আদালতৰ ৬-৩ ৰ সিদ্ধান্তই আমেৰিকাৰ অৰ্থনীতি, গ্ৰাহক, আৰু ৰাষ্ট্ৰপতিৰ বাণিজ্য নীতিৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

ট্ৰাম্প প্ৰশাসনে কয় যে,উচ্চতম ন্যায়ালয়ত পৰাজয়ৰ ক্ষেত্ৰত চৰকাৰে অন্য দেশৰ সৈতে কৰা বাণিজ্যিক চুক্তি প্ৰত্যাহাৰ কৰিবলগীয়া হ’ব পাৰে আৰু আমদানিকাৰকসকলেও হয়তো বৃহৎ পৰিমাণৰ ধন ঘূৰাই দিব লাগিব।

ট্ৰাম্প হৈছে প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে ১৯৭০ চনৰ জৰুৰীকালীন আইন এখনৰ উদ্ধৃতি দি, য’ত ‘শুল্ক’ শব্দটো ক’তো উল্লেখ কৰা হোৱা নাই,কংগ্ৰেছৰ অনুমোদন অবিহনে একপক্ষীয়ভাৱে শুল্ক আৰোপ কৰাৰ দাবী কৰিছে।

সংখ্যাগৰিষ্ঠতাৰ বাবে এই সিদ্ধান্ত লিখি মুখ্য ন্যায়াধীশ জন জি ৰবাৰ্টছ জুনিয়ৰে কয় এই আইনখনে ৰাষ্ট্ৰপতিক শুল্ক আৰোপ কৰাৰ কৰ্তৃত্ব প্ৰদান নকৰে।

লগতে পঢ়ক: থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন

‘আমেৰিকাৰ দলটো অতি শক্তিশালী’; টি-২০ বিশ্বকাপক লৈ ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

টি-২০ বিশ্বাকাপ ২০২৬ ক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা বাৰ্তা ভাইৰেল হৈ পৰিছে। য’ত Team USA ক অতি শক্তিশালী বুলি অভিহিত কৰিছে।

টি-২০ বিশ্বকাপ ২০২৬ ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিছে। এই বৃহৎ ক্ৰিকেট প্ৰতিযোগিতাখনে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও এই প্ৰতিযোগিতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।ট্ৰাম্পে আমেৰিকাৰ ক্ৰিকেট দলটোক টি-২০ বিশ্বকাপৰ বাবে শুভকামনা জনাই এটা বাৰ্তা শ্বেয়াৰ কৰে,যিটো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে যে,তেওঁ মাত্ৰ গম পালে যে ভাৰতত ক্ৰিকেট বিশ্বকাপ আৰম্ভ হৈছে!তেওঁ Team USA ৰ শুভেচ্ছা জনাইছে।

আমাৰ দলটো অতি শক্তিশালী।আমেৰিকাৰ জনসাধাৰণৰ সমৰ্থন আপোনাৰ লগত আছে!ট্ৰাম্পৰ এই বক্তব্যৰ পিছত আমেৰিকাত ক্ৰিকেটৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বৃদ্ধিক লৈও আলোচনা তীব্ৰতৰ হৈ পৰিছে।

ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনত অনুষ্ঠিত হৈ থকা এই টি-২০ বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিছে।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ অন্তিমখন খেল অহা ৮ মাৰ্চত অনুষ্ঠিত হ’ব।আমেৰিকাক গ্ৰুপ এত স্থান দিয়া হৈছে, য’ত ভাৰত, পাকিস্তান, নামিবিয়া আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।

লগতে পঢ়ক: আইচিচিৰ এটা এক্সন আৰু পাকিস্তানত উপস্থিত বিচিবিৰ সভাপতি; অন্ত পৰিব নকভিৰ বিশ্বকাপ নাটক

ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ শুল্ক হ্ৰাসৰ ঘোষণা কৰি ড’নাল্ড ট্ৰাম্পৰ দাবী

ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি এক ডাঙৰ দাবী কৰিছে । ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি দাবী কৰিছে তেওঁ ।

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি এই দাবী কৰিছে । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ভাৰতৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্ক ১৮ শতাংশলৈ হ্ৰাস কৰা হ’ব বুলি উল্লেখ কৰে ।

ভাৰতৰ শক্তি নীতি আৰু ভাৰত-ৰাছিয়াৰ শক্তিশালী সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ এই দাবী তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে ভাৰত আৰু ৰাছিয়াই কিছুদিনৰ পৰা তেল আৰু শক্তি খণ্ডত সহযোগিতা আগবঢ়াই আহিছে । অৱশ্যে ট্ৰাম্পে তেওঁৰ এই দাবীৰ কোনো সুনিৰ্দিষ্ট কাৰণ বা সময়সীমা প্ৰদান কৰা নাই ।

এই বক্তব্যই স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন কৰে যে ভাৰতে শক্তি কৌশলত কোনো বৃহৎ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে নেকি ?  ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰা সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী সন্দৰ্ভত ভাৰত চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই, যাৰ ফলত পৰিস্থিতি অস্পষ্ট হৈ পৰিছে ।

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত ফোনযোগে বাৰ্তালাপ হয় । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ফোনযোগে কথা পাতিছে আৰু অতি সোনকালে এক বৃহৎ ঘোষণা কৰা হ’ব । মাত্ৰ ডেৰ ঘণ্টাৰ পিছত আমেৰিকাই ভাৰতৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখ্য যে, দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে অহৰহ আলোচনা চলি থকাৰ মাজতে এই শুল্ক হ্ৰাস কৰা হৈছে । ভাৰতে দীৰ্ঘদিন ধৰি আমেৰিকাৰ শুল্কৰ পৰা সকাহ বিচাৰি আহিছে । এই হ্ৰাসৰ ফলত ভাৰতৰ ৰপ্তানি খণ্ডত উত্থান ঘটিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : এই অংশীদাৰিত্বক এক নতুন উচ্চতালৈ লৈ যামঃ ট্ৰাম্পৰ ঘোষণাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

এই অংশীদাৰিত্বক এক নতুন উচ্চতালৈ লৈ যামঃ ট্ৰাম্পৰ ঘোষণাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

শুল্ক হ্ৰাস কৰা আমেৰিকাৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰিছে । বিশ্বৰ শান্তি আৰু স্থিতিশীলতাৰ বাবে ট্ৰাম্পৰ নেতৃত্বক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰা আমেৰিকাৰ সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰিছে । তেওঁ কয় যে ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাৰ পিছত দুয়োখন দেশৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি ঘোষণা কৰা হয় । এই পদক্ষেপে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লগতে বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰিব । ইয়াৰ পূৰ্বে ট্ৰাম্পে ট্ৰুথছ’চিয়েলত পোষ্ট কৰি কয় যে মোদীৰ অনুৰোধত আমেৰিকাই ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক ২৫%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিছে, যিটো শীঘ্ৰেই কাৰ্যকৰী হ’ব ।

ট্ৰাম্পৰ শুল্ক হ্ৰাসৰ ঘোষণাত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰি আনন্দিত হৈছো । ভাৰতত নিৰ্মিত সামগ্ৰীৰ শুল্ক এতিয়া ১৮% লৈ হ্ৰাস পাব বুলি জানি মই আনন্দিত হৈছো । ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ এই ঘোষণাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অশেষ ধন্যবাদ জনাইছো ।”

মোদীয়ে আৰু কয় যে, “যেতিয়া দুখন ডাঙৰ অৰ্থনীতি আৰু বিশ্বৰ বৃহত্তম গণতন্ত্ৰই একেলগে কাম কৰে, তেতিয়া ই আমাৰ জনসাধাৰণক উপকৃত কৰে আৰু পাৰস্পৰিকভাৱে উপকাৰী সহযোগিতাৰ বাবে অপৰিসীম সুযোগ মুকলি কৰে ।”

বিশ্বৰ শান্তি আৰু স্থিতিশীলতাৰ বাবে ট্ৰাম্পৰ নেতৃত্বক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্ব বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ । ভাৰতে শান্তিৰ বাবে তেওঁৰ প্ৰচেষ্টাক সম্পূৰ্ণৰূপে সমৰ্থন কৰে । তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আমাৰ অংশীদাৰিত্বক অভূতপূৰ্ব উচ্চতালৈ লৈ যোৱাৰ বাবে মই আগ্ৰহী ।”

ইয়াৰ পূৰ্বে ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয়, “আজি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ কৰাটো মোৰ বাবে এক সন্মানৰ কথা । তেওঁ মোৰ অন্যতম ঘনিষ্ঠ বন্ধু আৰু তেওঁৰ দেশৰ এজন শক্তিশালী আৰু সন্মানীয় নেতা । আমি বাণিজ্য আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ । ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি আমেৰিকা আৰু সম্ভৱতঃ ভেনিজুৱেলাৰ পৰা অধিক তেল ক্ৰয় কৰিবলৈ সন্মত হ’ল । ইয়াৰ দ্বাৰা ইউক্ৰেইনত চলি থকা যুদ্ধ শেষত সহায় হ’ব, যিয়ে প্ৰতি সপ্তাহত হাজাৰ হাজাৰ লোকৰ মৃত্যু ঘটাইছে !”

লগতে পঢ়ক : ভাৰতৰ ওপৰত শুল্ক হ্ৰাসৰ বৃহৎ ঘোষণা আমেৰিকাৰ…

এটা সৰু ভুল আৰু জ্বলি উঠিব আমেৰিকাঃ ট্ৰাম্পক চৰম সকীয়নি ইৰাণৰ

আমেৰিকাক সকীয়াই ইৰাণে কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব ।

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা শীৰ্ষবিন্দুত উপনীত হৈছে । ইৰাণৰ শীৰ্ষ সামৰিক বিষয়াই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ নহয় আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব । উত্তেজনা নিৰাময়ৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত আছে । খবৰ অনুসৰি অনাগত দিনত দুয়োখন দেশৰ মাজত বৃহৎ আলোচনাৰ সম্ভাৱনা আছে ।

ইৰাণ সেনাৰ মুৰব্বী আব্দ আল ৰহিম মৌছাভিয়ে সোমবাৰে কয় যে, “শত্ৰুৰ সৰু ভুলে আমাক ব্যৱস্থা গ্ৰহণৰ স্বাধীনতা প্ৰদান কৰিব । যেতিয়া বিশ্বই শক্তিশালী ইৰাণৰ বেলেগ দিশ দেখিব, তেতিয়া কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব । তদুপৰি অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব ।”

যুদ্ধৰ সূচনা হ’লে আঞ্চলিক প্ৰতিৰোধৰ পুৰুষ-মহিলাই অঞ্চলটোত বাহিৰৰ যিকোনো উপস্থিতি সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাব বুলিও তেওঁ কয় । তেওঁ জোৰ দি কয় যে ইৰাণৰ সশস্ত্ৰ বাহিনী যিকোনো আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ সম্পূৰ্ণৰূপে সাজু ।

ইৰাণৰ সমীপত আমেৰিকাৰ নৌসেনাই সামৰিক নিয়োগ বৃদ্ধি কৰাৰ সময়তে ইৰাণ সেনাবাহিনীৰ চীফ অফ ষ্টাফৰ এই বক্তব্য প্ৰকাশ পাইছে । যোৱা সপ্তাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে ইৰাণে ৱাশ্বিংটনৰ সৈতে আলোচনাত মিলিত হৈছে । অৱশ্যে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাৰ সম্ভাৱনা ট্ৰাম্পে নুই কৰা নাই ।

লগতে পঢ়ক : ‘আল্লাহে ইচ্ছা কৰিলে…’, ট্ৰাম্পক খামেইনীৰ মুকলি প্ৰত্যাহ্বান, মধ্যপ্ৰাচ্যত আলোড়ন

‘আল্লাহে ইচ্ছা কৰিলে…’, ট্ৰাম্পক খামেইনীৰ মুকলি প্ৰত্যাহ্বান, মধ্যপ্ৰাচ্যত আলোড়ন

আয়াতুল্লাহ আলী খামেইনীয়ে দেওবাৰে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । তেওঁ কয় যে ইৰাণ দৃঢ়তাৰে থিয় দিছে আৰু থিয় দি থাকিব ।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীয়ে দেওবাৰে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে, যিয়ে মধ্যপ্ৰাচ্যত আলোড়নৰ সৃষ্টি কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ জনাই খামেইনীয়ে কয় যে ইৰাণ দৃঢ়তাৰে থিয় দিছে আৰু থিয় দি থাকিব । তেওঁ লগতে কয়, “আল্লাহে ইচ্ছা কৰিলে আমেৰিকাৰ ভাবুকি অত্যাচাৰৰ অন্ত পেলাব ।”

উল্লেখ্য যে, ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে । এফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ ইৰাণৰ সৈতে সকলো ধৰণে মোকাবিলা কৰিবলৈ সাজু, কিন্তু আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰাটো পছন্দ কৰে । আনহাতে ইৰাণেও বাৰে বাৰে কৈছে যে যদি আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেন্তে দেশখনে ইয়াৰ প্ৰত্যুত্তৰ তীব্ৰ প্ৰত্যুত্তৰ দিব ।

বিগত ১২ ঘণ্টাৰ ভিতৰত এইবাৰ দ্বিতীয়বাৰৰ বাবে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীয়ে আমেৰিকাক ভাবুকি দিছে । ইয়াৰ পূৰ্বে খামেইনীয়ে সকীয়াই দিছিল, “এইবাৰ যুদ্ধ সহজে শেষ নহয় । যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে ক্ষেত্ৰীয় যুদ্ধৰ সূচনা হ’ব । আমেৰিকাই জনা উচিত যে যদি আপোনালেকে যুদ্ধ আৰম্ভ কৰে তেন্তে ইয়াক ক্ষেত্ৰীয় যুদ্ধলৈ পৰিণত হোৱাৰ বাবে সাজু থাকক । আমি প্ৰৰোচিত কৰা ধৰণৰ নহয় আৰু আমি কোনো দেশক আক্ৰমণ কৰিব নিবিচাৰো, কিন্তু ইৰাণে ইয়াক আক্ৰমণ বা অশান্তি দিয়া যিকোনো দেশ বা ব্যক্তিক তীব্ৰ আঘাত দিব ।”

ইয়াৰ এদিন পূৰ্বে তেহৰাণত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় অনুষ্ঠানত আমেৰিকাৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সেনা প্ৰধান আমিৰ হাতামীয়ে ইৰাণৰ সেনাবাহিনীৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয়, “আজি ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ সেনাই সম্পূৰ্ণ সাজু হৈ আছে আৰু অঞ্চলটোত শত্ৰুৰ গতিবিধি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে । আমাৰ আঙুলি ট্ৰিগাৰত আছে ।” তেওঁ আৰু কয় যে যদি শত্ৰুৱে ভুল কৰে তেন্তে ই নিঃসন্দেহে নিজৰ নিৰাপত্তা, ইজৰাইলৰ আৰু অঞ্চলটোৰ নিৰাপত্তা বিপন্ন কৰিব ।

লগতে পঢ়ক : ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!

ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!

ভাৰতে এতিয়া ইৰাণৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব বুলি দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে । ট্ৰাম্পে কয় যে চীনেও আমেৰিকাৰ সৈতে তেলৰ বাবে চুক্তি কৰিব পাৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খাৰুৱা তেলক লৈ বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াই আহিছে । শেহতীয়াকৈ ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে এতিয়া ইৰাণৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব । ট্ৰাম্পে কয় যে আমেৰিকাই ইতিমধ্যে এই সন্দৰ্ভত চুক্তিৰ ধাৰণা তৈয়াৰ কৰিছে ।

ইতিমধ্যে আমেৰিকাই ইৰাণৰ ওপৰত অসংখ্য নিষেধাজ্ঞা আৰোপ কৰিছে । এই নিষেধাজ্ঞা সমূহৰ বাবেই ভাৰতে দীৰ্ঘদিন ধৰি ইৰাণৰ পৰা বৃহৎ পৰিমাণত তেল ক্ৰয় কৰিব পৰা নাই । তদুপৰি এই নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্বে ইৰাণ ভাৰতৰ অন্যতম বৃহৎ খাৰুৱা তেলৰ যোগানকাৰী দেশ আছিল ।

এতিয়ালৈকে ভাৰতে তেলৰ প্ৰয়োজনীয়তাৰ মূল অংশ ইৰাণৰ পৰা ক্ৰয় কৰি আহিছিল । ইয়াৰ কেইবাটাও কাৰণ আছে : ইৰাণৰ তেল সস্তা আছিল আৰু ভাৰতৰ শোধনাগাৰ ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল ।

তেল ক্ৰয়ক লৈ কি ক’লে ট্ৰাম্পে ?

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ড’নাল্ড ট্ৰাম্পে শনিবাৰে তেল ক্ৰয় সন্দৰ্ভত এই মন্তব্য কৰে । ৱাশ্বিংটন ডি চিৰ পৰা ফ্ল’ৰিডালৈ যোৱাৰ সময়ত তেওঁ এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে । ট্ৰাম্পে কয় যে চীনে আমেৰিকাৰ সৈতেও তেলৰ বাবে চুক্তি কৰিব পাৰে । ভাৰতেও এতিয়া ইৰাণৰ সলনি ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ট্ৰাম্পে দাবী কৰিছিল যে আমেৰিকাই এতিয়া ভেনিজুৱেলাত ক্ষমতা দখল কৰিছে । গ্ৰেপ্তাৰ হোৱা ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ঠাইত ডেলচি ৰড্ৰিগোজক অন্তৱৰ্তীকালীন নেতা হিচাপে থাকিবলৈ দিয়া হৈছে বুলিও তেওঁ কয় । ৰড্ৰিগোজে আমেৰিকাৰ সকলো চৰ্ত মানি চলিব বাবে তেওঁক এই পদ দিয়া হৈছে বুলিও কয় ট্ৰাম্পে ।

লগতে পঢ়ক : ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি ইৰাণৰ; পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটী

ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি ইৰাণৰ; পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটী

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সকীয়নিৰ পিছতো পিছুৱাই যোৱা নাই ইৰাণ । ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি দেখুৱাই ইৰানে পুনৰ নিৰ্মাণ কৰিছে পাৰমাণৱিক ঘাটী ।

ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী বিমান আক্ৰমণৰ পিছত ইৰাণৰ পাৰমাণৱিক স্থানসমূহত গতিবিধি পুনৰ স্পষ্ট হৈ পৰিছে । শেহতীয়া উপগ্ৰহযোগে লোৱা ছবিসমূহে দেখুৱাইছে যে ইৰাণে নিজৰ দুটা প্ৰধান পাৰমাণৱিক কেন্দ্ৰ ইছফাহান আৰু নাটাঞ্জত নতুন নিৰ্মাণ কৰিছে আৰু ক্ষতিগ্ৰস্ত গঠনসমূহৰ ওপৰত আৱৰণ ৰাখিছে ।

শেহতীয়াকৈ প্ৰকাশ কৰা উপগ্ৰহ ছবিয়ে তেহৰানে আক্ৰমণৰ পিছত ৰক্ষা পৰা স্পৰ্শকাতৰ পাৰমাণৱিক সম্পদ লুকুৱাবলৈ বা উদ্ধাৰৰ চেষ্টা কৰিব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ উদ্বেগ বৃদ্ধি কৰিছে । যোৱা বছৰৰ জুন মাহত ইজৰাইল আৰু ইৰাণৰ মাজত ১২ দিনীয়া যুদ্ধৰ পিছত যিকোনো বোমা আক্ৰমণ কৰা পাৰমাণৱিক স্থানত দেখা পোৱা এইটোৱেই হৈছে প্ৰথমটো বৃহৎ নিৰ্মাণ কাৰ্য ।

উপগ্ৰহৰ নিৰীক্ষণক ঢাকি ৰখাৰ প্ৰয়াস!

নতুন নিৰ্মাণৰ বাবে উপগ্ৰহসমূৰ স্থলভাগৰ কাৰ্যকলাপ নিৰীক্ষণ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে । বিশেষকৈ ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ পৰিদৰ্শকক দেশখনত প্ৰৱেশৰ অনুমতি দিয়া নাই । দূৰৱৰ্তী নিৰীক্ষণেই হৈছে এই ক্ষেত্ৰত নিৰীক্ষণৰ একমাত্ৰ উপায় ।

বিশেষজ্ঞসকলৰ মতে শেহতীয়া এই গঠনৰ উদ্দেশ্য নতুন পাৰমাণৱিক নিৰ্মানৰ সুবিধাতকৈ ধ্বংসাৱশেষৰ তলত পোত খাই থকা স্পৰ্শকাতৰ সঁজুলি আৰু ইউৰেনিয়ামৰ মজুত উদ্ধাৰ কৰাৰ বাবে হ’ব পাৰে । ফাউণ্ডেশ্যন ফৰ ডিফেন্স অৱ ডেম’ক্ৰেচিছৰ আন্দ্ৰেয়া ষ্ট্ৰিকাৰৰ মতে ইৰানে নিশ্চিত কৰিব বিচাৰে যে ইজৰাইল আৰু আমেৰিকাই তেওঁলোকৰ আক্ৰমণৰ পৰা কি কি ৰক্ষা পৰিল সেয়া যাতে চাব নোৱাৰে তাৰ বাবে এই নিৰ্মাণ কৰা হৈছে ।

দ্ৰুতগতিত চলিছে মিছাইল কাৰ্যসূচীৰ কাম-

উপগ্ৰহৰ ছবিয়ে দেখুৱাইছে যে ইৰানে নিজৰ বেলিষ্টিক মিছাইল কাৰ্যসূচীৰ সৈতে জড়িত স্থানসমূহত পুনৰ কাম আৰম্ভ কৰিছে । তেহৰাণৰ ওচৰৰ পাৰ্চিন সামৰিক কমপ্লেক্সত থকা “তালেঘান-২” নামৰ এই স্থানটো পুনৰ নিৰ্মাণ কৰা হৈছে, যিটো পূৰ্বতে পাৰমাণৱিক অস্ত্ৰৰ বিস্ফোৰক পৰীক্ষাৰ সৈতে জড়িত আছিল । বিশ্লেষকসকলে কয় যে ছাইটটোক অধিক শক্তিশালী আৰু আক্ৰমণৰ প্ৰতিৰোধী কৰি তোলা হৈছে ।

ইফালে দেশজুৰি প্ৰতিবাদৰ বিৰুদ্ধে তেহৰানে কৰা হিংসাত্মক দমনৰ উদ্ধৃতি দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ সামৰিক আক্ৰমণৰ পৰা হাত সাৰিবলৈ ইৰাণক নিজৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চুক্তিবদ্ধ হ’বলৈ বাৰে বাৰে আহ্বান জনাইছে । আমেৰিকাই মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে বিমানবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকন আৰু কেইবাখনো গাইডেড-মিছাইল যুদ্ধ জাহাজ ।

ইৰাণে ধাৰাবাহিকভাৱে কৈ আহিছে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ । কিন্তু পশ্চিমীয়া দেশ আৰু আই এ ই এয়ে কয় যে ইৰাণৰ ২০০৩ চনলৈকে পদ্ধতিগত পাৰমাণৱিক অস্ত্ৰৰ কাৰ্যসূচী আছিল আৰু এতিয়াও ইৰাণৰ হাতত বোমা নিৰ্মাণৰ কাৰিকৰী ক্ষমতা আছে ।

লগতে পঢ়ক : শান্তি আৰু নিৰাপত্তা দিয়াত ব্যৰ্থ ৰাষ্ট্ৰসংঘ; বিশ্ব সংস্থাক লৈ ভাৰতৰ বিস্ফোৰক মন্তব্য

‘ভেনিজুৱেলাৰ দৰে অভিযানৰ বাবে আমেৰিকা সাজু’; খামেইনীক নতুন সতৰ্কবাণী ট্ৰাম্পৰ

পুনৰ বাৰ ইৰাণৰ ওপৰত আক্ৰমণ কৰাৰ কথা কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক পুনৰ দিছে সকীয়নী

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক এক নতুন সতৰ্কবাণী জাৰি কৰিছে।ইৰাণৰ বিৰুদ্ধে ভেনিজুৱেলাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিছে ট্ৰাম্পে।

ট্ৰুথ ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ট্ৰাম্পে কয় যে এক বিশাল আৰ্মাডা ইৰাণৰ দিশে আগবাঢ়িছে।এই বৃহৎ শক্তি উৎসাহ আৰু উদ্দেশ্যৰে দ্ৰুতগতিত আগবাঢ়িছে।ইয়াৰ নেতৃত্বত বিমানবাহী জাহাজ আব্ৰাহাম লিংকন আছে,যিটো ভেনিজুৱেলালৈ পঠোৱা বাহিনীতকৈও ডাঙৰ।

ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে যে, বিশাল আৰ্মাডা ভেনিজুৱেলাৰ দৰে মিছনৰ বাবে সাজু,ই ইচ্ছুক আৰু সক্ষম হয়।তেওঁলোকে প্ৰয়োজনৰ সময়ত নিজৰ মিছন দ্ৰুতভাৱে আৰু আক্ৰমণাত্মকতাৰে সম্পন্ন কৰিব।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ আশা কৰিছে যে ইৰাণ অতি সোনকালে “টেবুললৈ আহিব” আৰু এটা ন্যায্য আৰু সুষম চুক্তিক লৈ আলোচনা হ’ব,য’ত কোনো পাৰমাণৱিক অস্ত্ৰ নথকাৰ কথা হ’ব, যিটো সকলো পক্ষৰ বাবে ভাল।

সময় দ্ৰুতগতিত পাৰ হৈ গৈ আছে, এইটো সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ!যেনেকৈ মই আগতে ইৰাণক কৈছিলো, ডিল কৰক!তেওঁলোকে নকৰিলে, আৰু তাৰ পিছত “অপাৰেচন মিডনাইট হামাৰ” হৈছিল, য’ত ইৰাণে বহু ক্ষতিৰ সন্মুখীন হৈছিল।

ট্ৰাম্পে কয় যে ইৰাণৰ ওপৰত পৰৱৰ্তী আক্ৰমণ ইয়াতকৈ (শেষটো) বহুত বেছি বেয়া হ’ব!আকৌ এনেকুৱা হ’বলৈ নিদিব।

এই বিষয়ত মনোযোগ দিয়াৰ বাবে ধন্যবাদ! ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল পোষ্টত এনে সতৰ্কবাণী জাৰি কৰি পুনৰবাৰ ইৰাণত আতংকৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: “অজিত দাদাই প্ৰতিখন গাঁৱৰ বাবে কাম কৰিছিল”; অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ