“আমি ইচ্ছা কৰিলে ২ ছেকেণ্ডতে শেষ কৰি দিব পাৰো”; পুনৰ ইৰাণক মুকলি ভাবুকি ট্ৰাম্পৰ

 “আমি ইচ্ছা কৰিলে ২ ছেকেণ্ডতে শেষ কৰি দিব পাৰো”; পুনৰ ইৰাণক মুকলি ভাবুকি ট্ৰাম্পৰ

ইৰাণৰ সৈতে যুদ্ধৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিস্ফোৰক মন্তব্য দিছে। তেওঁ ইৰাণলৈ সৈন্য প্ৰেৰণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ইৰাণক মুকলিকৈ ভাবুকি দিছে।হোয়াইট হাউছত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ সময়ত যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে—ইৰাণলৈ আমেৰিকাই নিজৰ সৈন্য

ইৰাণৰ সৈতে যুদ্ধৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বিস্ফোৰক মন্তব্য দিছে। তেওঁ ইৰাণলৈ সৈন্য প্ৰেৰণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ইৰাণক মুকলিকৈ ভাবুকি দিছে।হোয়াইট হাউছত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনাৰ সময়ত যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে—ইৰাণলৈ আমেৰিকাই নিজৰ সৈন্য প্ৰেৰণ কৰিব নেকি?

ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে, আমি ইচ্ছা কৰিলে ইয়াক ২ছেকেণ্ডত শেষ কৰিব পাৰো।ইয়াৰ লগতে তেওঁ কয় যে, মই সেনাবাহিনীক পঠোৱা নাই।যদি মই পঠোৱা হয়, তেতিয়া মই আপোনালোকক একেবাৰেই নক’লোঁহেঁতেন। তেওঁ লগতে কয়, বিশ্বৰ বাবে ইৰাণ এক ভয়াৱহ বিপদ হৈ পৰিছে আৰু এই বিষয়ত প্ৰতিখন দেশেই মোৰ কথাত একমত।আমি যেতিয়াই মন যায় খাৰ্গ দ্বীপ জব্দ কৰিব পাৰো।

ট্ৰাম্পে লগতে কয় যে, এই বিষয়ত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও মোৰ সৈতে একমত। মই ভাৱো সকলো দেশেই একেই চিন্তা কৰে। ইৰানে বিশ্বৰ বাবে বিশেষকৈ মধ্যপ্ৰাচ্যৰ বাবে এক গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।  

লগতে পঢ়ক: ‘প্ৰতিশোধ এতিয়াও সম্পূৰ্ণ হোৱা নাই’; উপসাগৰীয় তৈলক্ষেত্ৰত আক্ৰমণৰ পিছতে ইৰাণৰ সতৰ্কবাণী

শেহতীয়া প্ৰৱন্ধসমূহ