ইৰাণৰ সেনাই ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাক যুদ্ধবিৰতিৰ দাবীক লৈ তীব্ৰ উপহাস কৰিছে।ইৰাণৰ সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে আমেৰিকানসকলে কেৱল নিজৰ সৈতেহে কথা পাতিছে।
ইৰাণৰ এগৰাকী সেনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এটা দাবীক তীব্ৰ উপহাস কৰিছে, য’ত তেওঁ দাবী কৰিছিল যে ইৰাণৰ সৈতে অৰ্থপূৰ্ণ আৰু উৎপাদনশীল আলোচনা কৰিছে। ট্ৰাম্পে কৈছিল যে, ইৰাণৰ সৈতে দুদিনলৈকে ভাল আলোচনা হৈছিল আৰু সেয়ে আগন্তুক পাঁচ দিনলৈ আমি ইৰাণৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ নকৰো।
বুধবাৰে ইৰাণৰ সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই যুদ্ধবিৰতি চুক্তিৰ দিশত আমেৰিকাৰ প্ৰচেষ্টাক উপহাস কৰে আৰু তেওঁ জোৰ দি কয় যে আমেৰিকানসকলে কেৱল নিজৰ লগতহে কথা পাতিছে।
ইৰাণী সেনাৰ খাটাম আল আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল ইব্ৰাহিম জোলফাঘৰীয়ে ৰাজ্যিক টেলিভিছনত সম্প্ৰচাৰিত পূৰ্ব ৰেকৰ্ডিং কৰা এটা ভিডিঅ’ত ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু আমেৰিকাক ইতিকিং কৰে।
তেওঁ কয় যে, আপুনি আগতে যি কৌশলগত শক্তিৰ কথা কৈছিল সেই কৌশল এতিয়া বিফলতালৈ পৰিণত হৈছে।ইৰাণী সেনা গৰাকীয়ে আৰু কয় যে যিজনে নিজকে বিশ্বব্যাপী মহাশক্তি বুলি দাবী কৰে,তেওঁ যদি এই সমস্যাৰ পৰা ওলাই আহিব পাৰিলেহেঁতেন তেন্তে এতিয়ালৈকে ওলাই আহিলহেঁতেন।
ইৰাণৰ সেনাই কয় যে নিজৰ পৰাজয়ক বুজা-বুজিৰ ৰূপ নিদিব। আপোনাৰ ফোপোলা প্ৰতিশ্ৰুতিৰ যুগ এতিয়া শেষ হ’ল।কিন্তু আমাৰ প্ৰথম আৰু শেষ শব্দটো আৰম্ভণিৰে পৰাই একেই আছে, আৰু থাকিব:আপোনাৰ দৰে মানুহৰ লগত আমাৰ দৰে মানুহে কেতিয়াও আপোচ নকৰে।না এতিয়া না ভৱিষ্যতলৈ।
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে কেছপিয়ান সাগৰত মিছাইল নিক্ষেপ ইজৰাইলৰ; ৰাছিয়া-ইৰাণৰ অস্ত্ৰ যোগান লাইনত আক্ৰমণৰ দাবী









