গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ… দোহাৰিলে ‘বিকশিত ভাৰত’ৰ সংকল্প
গণৰাজ্য দিৱসত দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে । সামাজিক মাধ্যমৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে “উন্নত ভাৰত”ৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
সোমবাৰে গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে । হিন্দী আৰু ইংৰাজী ভাষাত শুভেচ্ছা জনাই দিয়া সামাজিক মাধ্যমৰ পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে “উন্নত ভাৰত”ৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
হিন্দী ভাষাত লিখা এটা বাৰ্তাত তেওঁ কয়, “গণৰাজ্য দিৱসত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা । ভাৰতৰ গৌৰৱ, সন্মানৰ প্ৰতীক এই মহান জাতীয় উৎসৱে আপোনালোকৰ জীৱনত নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰক । উন্নত ভাৰতৰ সংকল্প আৰু অধিক শক্তিশালী হওক- এয়া মোৰ আন্তৰিক কামনা ।”
প্ৰধানমন্ত্ৰীয়ে ইংৰাজী ভাষাত সুকীয়া পোষ্টত ভাৰতীয়সকলক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । তেওঁ লিখিছে, “গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা । আশাকৰোঁ এই দিৱসে উন্নত ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক সংকল্পক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰিব ।”
অমিত শ্বাহে জনালে গণৰাজ্য দিৱসৰ শুভেচ্ছা-
গণৰাজ্য দিৱস উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ নাগৰিক সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ উন্নত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে একমত প্ৰকাশ কৰে ।
তেওঁ এটা পোষ্টত লিখিছে, “গণৰাজ্য দিৱসত দেশবাসীলৈ আন্তৰিক শুভেচ্ছা । এই উপলক্ষে মই শক্তিশালী গণতন্ত্ৰৰ ভেটি স্থাপন কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু সংবিধান নিৰ্মাতাক প্ৰণাম জনাইছো । আহক আমি মোদী জীৰ নেতৃত্বত সাংবিধানিক মূল্যবোধক অধিক শক্তিশালী কৰি ‘উন্নত ভাৰত’ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰোঁ ।”
লগতে পঢ়ক : গণৰাজ্য দিৱস উদযাপনত নিমগ্ন ক্ৰীড়া জগত… গম্ভীৰৰ পৰা আৰম্ভ কৰি ৰোহিত আৰু জয় শ্বাহলৈকে জনালে শুভেচ্ছা
