আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস…কৰ্তব্য পথত প্ৰদৰ্শিত হ’ল দেশৰ শৌৰ্য-বীৰ্য আৰু পৰাক্ৰম

ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দিল্লীৰ ইণ্ডিয়া গেটত অৱস্থিত কাৰ্তব্য পথত এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হয় । এই সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰ্তব্য পথত উপস্থিত হৈ ত্ৰিৰংগ উন্মোচন কৰে । শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । এই অনুষ্ঠানত বিশেষ অতিথি ৰূপে উপস্থিত থাকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি । পেৰেডৰ সময়ত ১৬খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতীকপটৰ জৰিয়তে ভাৰতীয় সংস্কৃতি প্ৰদৰ্শন কৰা হয় । এই সময়ছোৱাত ভাৰতীয় বায়ুসেনাৰ বিমানৰ এক দৰ্শনীয় প্ৰদৰ্শনো দেখা যায় । ৰাষ্ট্ৰৰ শক্তি আৰু অখণ্ডতাক প্ৰতিনিধিত্ব কৰা দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু উন্নত সামৰিক সামৰ্থ্যৰ এক অনন্য প্ৰদৰ্শনো কৰা হয় ।

বায়ুসেনাৰ শক্তি প্ৰদৰ্শন-

ভাৰতীয় বায়ুসেনাই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত ফ্লাই-পাষ্ট প্ৰদৰ্শন কৰে, য’ত মুঠ ৪০খন বিমান, ২২খন যুঁজাৰু বিমান, ১১খন পৰিবহণ বিমান আৰু ৭খন হেলিকপ্টাৰ আছিল । ভাৰতীয় বায়ুসেনাৰ ফ্লাই পাষ্ট গ্ৰাউণ্ড ষ্টাণ্টৰ পিছত আকাশী ষ্টাণ্ট প্ৰদৰ্শন কৰা হয় য’ত বিমানবোৰে গৰ্জন কৰি আকাশত অনুৰণন কৰে আৰু ধাৰাবাহিকভাৱে ৰোমাঞ্চকৰ আৰু সাহসী আকাশী ষ্টাণ্টে জনসাধাৰণক মন্ত্ৰমুগ্ধ কৰি তোলে । অজয় গঠন: এই গঠনত তিনিখন আপাচি বিমান ভিক গঠত দেখা গৈছিল । ছাটলেজ গঠন: এই গঠনত ০২খন ডৰ্নিয়াৰ – ২২৮ এচি আৰু ০১ এ এন ৩২ বিমানে ভি উৰিছিল ।

কৰ্তব্যৰ পথত সাংস্কৃতিক আভাস-

কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডত ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপটৰ ৰূপত সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হয় । গণৰাজ্য দিৱসৰ পেৰেডত ১৬খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰৰ ১০টা মন্ত্ৰালয় আৰু বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হয় । প্ৰতীকপটসমূহৰ মূল বিষয়বস্তু হৈছে ‘সোণালী ভাৰত: ঐতিহ্য আৰু উন্নয়ন’ ।

সেনাৰ পেৰেড-

পেৰেডৰ সময়ত ভাৰতীয় জোৱানসকলে কৰ্তব্য পথত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰে । ভাৰতীয় সেনাৰ পেৰেডৰ দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিবাদন জনায় । এই সময়ছোৱাত বিভিন্ন ৰেজিমেণ্টৰ সেনাই তেওঁলোকৰ বীৰত্ব প্ৰদৰ্শন কৰে ।

পেৰেডৰ সময়ত অভিবাদন গ্ৰহণ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে-

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেডৰ সময়ত পেৰেড কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ভৱনীশ কুমাৰ আৰু পেৰেড ছেকেণ্ড ইন কমাণ্ড মেজৰ জেনেৰেল সুমিত মেহতাৰ পৰা অভিভাদন গ্ৰহণ কৰে । অনুষ্ঠানৰ শেষত তাত উপস্থিত থকা জনসাধাৰণৰ কাষ চাপি আহে প্ৰধানমন্ত্ৰী মোদী । তাতে তেওঁ হাত জোকাৰি ৰাইজক সম্ভাষণ জনায় ।

অঘটন; উন্মোচনৰ সময়তে সৰি পৰিল ৰাষ্ট্ৰীয় পতাকা

চিৰাঙৰ বিজনীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনত সংঘটিত হ’ল অঘটন।উন্মোচনৰ সময়তে চিৰাং বিজনীত সৰি পৰিল ৰাষ্ট্ৰীয় পতাকা ।

বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপিত গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিছিল মহকুমাধিপতি কৃতী চেচৰাই।

ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি থকাৰ সময়তেই হঠাৎ ওপৰৰ পৰা মাটি সৰি পৰে পতাকাখন। পিছত একেটা স্থানতে আন এডাল পতাকা দণ্ড সংযুক্ত কৰি পুনৰ লগাই দিয়া হয় ৰাষ্ট্ৰীয় পতাকা।

আজি দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস, কৰ্তব্য পথত জিলিকিব দেশৰ শৌৰ্য-বীৰ্য

আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গণৰাজ্য দিৱস । দিল্লীত কৰ্তব্য পথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব দেশৰ প্ৰতীৰক্ষা, সুৰক্ষা আদি ক্ষেত্ৰৰে জড়িত সেনাকে ধৰি আন আন সুৰক্ষা বিভাগ সমূহৰ লগতে বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপট ।

১৯৫০ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল । এই উপলক্ষে দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় গণৰাজ্য দিৱসৰ উপলক্ষে কৰ্তব্য পথত ৰাষ্ট্ৰীয় পতাকা উৰুৱাব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

আজি পুৱা ১০:৩০ বজাৰ পৰা দিল্লীত আৰম্ভ হ’ব গণৰাজ্য দিৱসৰ পেৰেড আৰু অনুষ্ঠিত হ’ব প্ৰায় ৯০ মিনিটৰ এক বৰ্ণাঢ্য অনুষ্ঠান।গণতন্ত্ৰ দিৱসৰ এইবাৰৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়েন্টো ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তাৰ পিছত তেওঁ কৰ্তব্য পথত পেৰেড চাবলৈ উপস্থিত হ’ব।

ইয়াৰ পিছত পৰম্পৰা অনুসৰি জাতীয় পতাকা উত্তোলন কৰা হ’ব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় সংগীত আৰু তাৰ পিছত ২১ জাঁট টোপধ্বনি প্ৰদৰ্শন কৰা হ’ব।

উল্লেখ্য যে এই দিনটোতে ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰত এখন সার্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছিল।

মহাত্মা গান্ধীৰ দৰে অসংখ্য স্বাধীনতা সংগ্ৰামীৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলত এইয়া সম্ভৱ হৈ উঠিছিল।

তেতিয়াৰে পৰা জানুৱাৰীৰ ২৬ দিনটোক ভাৰতৰ গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দি উদযাপন কৰি আহিছে।

সমগ্ৰ দেশৰ লগতে আজি অসমৰো প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱস পালন কৰা হৈছে। মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত পালন কৰা হৈছে গণৰাজ্য দিৱস।

গণৰাজ্য দিৱসত নহয় ‘বীৰ বাল দিৱস’ত প্ৰদান কৰা হ’ব ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’; ৰাষ্ট্ৰপতিয়ে জনাব  সন্মান

এইবাৰ ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পৰিৱৰ্তে ২৬ ডিচেম্বৰত ‘বীৰ বাল দিৱস’ উপলক্ষে ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ’ প্ৰদান কৰা হ’ব । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাল পুৰস্কাৰ প্ৰদান কৰিব । ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মণ্ডপমত শিশুসকলক সাক্ষাৎ কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত ২০২২ চনৰ পৰা ২৬ ডিচেম্বৰ দিনটো বীৰ বাল দিৱস হিচাপে পালন কৰি অহা হৈছে । দশম শিখ গুৰু গোবিন্দ সিঙৰ পুত্ৰ ৯ বছৰীয়া বাবা জোৰাৱাৰ সিং আৰু তেওঁৰ কনিষ্ঠ ভাতৃ ৫ বছৰীয়া বাবা ফতেহ সিঙৰ বীৰত্বত এই দিৱস উৎসৰ্গা কৰা হৈছে । ১৭০৫ চনৰ ২৬ ডিচেম্বৰত এই মহান পুত্ৰসকলক ইছলাম ধৰ্ম গ্ৰহণ নকৰাৰ প্ৰতিশোধ হিচাপে ৱাজিৰ খানে প্ৰাচীৰত জীৱিত অৱস্থাত সমাধিস্থ কৰিছিল । এই শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ এইবাৰ বীৰ বাল দিৱস উপলক্ষে বীৰ সন্তানক সম্বৰ্ধনা জনোৱা হ’ব ।

কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটাৰে সন্মানিত শিশুসকলৰ সৈতে বীৰ বাল দিৱস উদযাপন কৰা হ’ব । এইসকল শিশুৱে প্ৰমাণ কৰিছে যে দৃঢ়তাৰে প্ৰতিটো লক্ষ্যত উপনীত হ’ব পাৰি । এই শিশু প্ৰতিভাবোৰৰ পৰা প্ৰেৰণা লৈ আমি এখন উন্নত ভাৰতৰ সৃষ্টি কৰিম ।

সংজ্ঞা সলনি হৈছে…এতিয়া, নায়ক হ’ল আন্ধাৰ আলোকিত কৰাজন-

এইবাৰ চৰকাৰে সাহসৰ সংজ্ঞাও পৰিশোধন কৰিছে । ইয়াত কোৱা হৈছে, সাহসী মানুহ হ’ল আন্ধাৰ আলোকিত কৰা । ইয়াত কেৱল সাহসেৰেই নহয়, মমতা, সক্ৰিয়তা, উদ্ভাৱনেৰে কিবা এটা অৰ্জন কৰা আৰু সমাজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা শিশুসকলক অন্তৰ্ভুক্ত কৰা হৈছে, যাতে দেশৰ নৱপ্ৰজন্ম আৰু শিশুসকলেও একে কাম কৰিবলৈ অনুপ্ৰাণিত হয় । ইয়াৰ জৰিয়তে শিশুসকলৰ সাহস আৰু কৃতিত্বক ব্যাপক ৰূপত উপস্থাপন কৰাটোৱেই চৰকাৰৰ লক্ষ্য ।