‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ শুভাৰম্ভণি । এগৰাকী সচেতন নাগৰিক হিচাবে আপুনিও এই অভিযানত অংশগ্ৰহণ কৰক ।
গুৱাহাটীবাসীৰ বাবে এক বিশেষ খবৰ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে এখন স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ অভিযান ।
এই জনকল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । গুৱাহাটী পৌৰনিগমৰ (GMC) সহযোগত আৰম্ভ হোৱা এই পদক্ষেপে মহানগৰীৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।
এই অভিযানত কেনেকৈ অংশগ্ৰহণ কৰিব ?
এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও এই অভিযানৰ অংশীদাৰ হ’ব পাৰে । ইয়াৰ বাবে আপুনি কৰিব লাগিব :
–আপোনাৰ এলেকাত বা গুৱাহাটীৰ যিকোনো প্ৰান্তত যদি জাৱৰ-জোঁথৰ জমা হৈ থকা দেখে, তেন্তে তাৰ এখন ফটো তোলক ।
–সংগ্ৰহ কৰা ফটোখন আমাৰ ৱেবচাইট time8.in লৈ প্ৰেৰণ কৰক ।
-ইয়াৰ পিছতে আপুনি তথ্য প্ৰেৰণ কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংশ্লিষ্ট কৰ্তৃপক্ষই সেই স্থান পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব ।
এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এগৰাকী সচেতন নাগৰিক হিচাপে নিজৰ পৰিচয় দিয়াৰ লগতে আপুনি সন্মানিত হোৱাৰ সুযোগো লাভ কৰিব পাৰে । ‘TIME8’ আৰু গুৱাহাটী পৌৰনিগমৰ এই যুটীয়া প্ৰচেষ্টাই গুৱাহাটীক এক নতুন ৰূপ দিব বুলি আশা প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি









