TIME8-ৰ বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’: ২৪ ঘণ্টাৰ ভিতৰতেই পৰিষ্কাৰ হ’ল মহানগৰীৰ কেইবাটাও অঞ্চল

TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । GMCৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত ।

মহানগৰীৰ আৱৰ্জনা মুক্ত কৰাৰ লক্ষ্যৰে TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । এই অভিযানৰ জৰিয়তে গুৱাহাটী পৌৰ নিগম (GMC)ৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত ।

মুহূৰ্তৰ ভিতৰতে সলনি হ’ল দৃশ্যপট-

শেহতীয়াকৈ মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত জমা হৈ থকা জাৱৰ-জোঁথৰ মুহূৰ্তৰ ভিতৰতে আঁতৰাই পেলোৱা হয়। বিশেষকৈ, ফটাশিল আমবাৰীৰ নৃপেন বৰা পথ, বৰমটৰীয়া অঞ্চল, গড়চুকৰ কেইবাটাও প্ৰান্ত । এই অঞ্চলসমূহৰ দুৰ্গন্ধময় পৰিৱেশৰ পৰা এতিয়া সকাহ পাইছে স্থানীয় ৰাইজে ।

পৰিস্কাৰ কৰাৰ পূৰ্বৰ ফটো-

পৰিস্কাৰ কৰি থকাৰ ফটো-

সজাগ নাগৰিকৰ সক্ৰিয় ভূমিকা-

এই অভিযানত বিশেষ ভূমিকা পালন কৰিছে মহানগৰীৰ একাংশ দায়িত্বশীল নাগৰিকে। কুশল কলিতা, কল্পনা বৰুৱা, জগন্নাথ পাটগিৰি আৰু ধ্ৰুৱজ্যোতি দাসৰ দৰে সচেতন ব্যক্তিসকলে নিজ নিজ অঞ্চলৰ আৱৰ্জনাৰ ফটো time8.in-ত আপলোড কৰিছিল। ইয়াৰ ঠিক পিছতেই TIME8 আৰু GMC-ৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হয় ।

পৰিস্কাৰ কৰাৰ পূৰ্বৰ ফটো-

পৰিস্কাৰ কৰাৰ পিছৰ ফটো-

কেনেদৰে অংশগ্ৰহণ কৰিব এই অভিযানত ?

আপোনাৰ অঞ্চলটো যদি আৱৰ্জনাৰ বাবে পুতিগন্ধময় হৈ পৰিছে, তেন্তে আপুনিও হ’ব পাৰে এই অভিযানৰ অংশীদাৰ। মাত্ৰ তলত দিয়া পদক্ষেপকেইটা অনুসৰণ কৰক :

– জমা হৈ থকা জাৱৰৰ এখন ফটো তোলক ।

– www.time8.in ৱেবছাইটলৈ গৈ ফটোখন আপলোড কৰক ।

– ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ অঞ্চলটো পৰিষ্কাৰ কৰাৰ দায়িত্ব ল’ব TIME8 আৰু GMCএ ।

পৰিস্কাৰ কৰাৰ আগৰ ফটো-

পৰিস্কাৰ কৰি থকাৰ ফটো-

আপুনিও বিচাৰে নেকি আপোনাৰ অঞ্চলটো সুন্দৰ আৰু পৰিষ্কাৰ হওক ?  তেন্তে পলম নকৰি আজিই আমালৈ ফটো প্ৰেৰণ কৰক ।

লগতে পঢ়ক : ‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ তৎপৰতা: মুহূৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ল ৰাজগড়ৰ আৱৰ্জনা

‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ তৎপৰতা: মুহূৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ল ৰাজগড়ৰ আৱৰ্জনা

TIME8-এ আৰম্ভ কৰিছে এক বিশেষ অভিযান । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ শীৰ্ষক এই অভিযানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে ।

কেৱল বাতৰি পৰিৱেশন কৰাই নহয়, সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি TIME8-এ হাতত লৈছে বিশেষ অভিযান ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে অতি কম সময়ৰ ভিতৰতে ৰাজগড় ৰোডৰ ৫নং উপপথৰ জাবৰ-জোঁথৰ আঁতৰাই এক পৰিষ্কাৰ পৰিৱেশ ঘূৰাই অনা হয় ।

ৰাজগড়ৰ এগৰাকী দায়িত্বশীল নাগৰিক বিপ্লৱ চহৰীয়াই নিজৰ অঞ্চলৰ পুতিগন্ধময় পৰিৱেশৰ এখন ফটো TIME8-ৰ ৱেবছাইটত আপলোড কৰিছিল । আৱৰ্জনাৰ স্তূপৰ বাবে যাতায়তৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাবুকি আহি পৰা এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে TIME8 কৰ্তৃপক্ষই গুৱাহাটী পৌৰ নিগমৰ (GMC) সৈতে যোগাযোগ কৰে ।

পৰিস্কাৰ কৰাৰ পিছৰ দৃশ্য-

অভিযোগ লাভ কৰাৰ মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে GMC-ৰ চাফাই কৰ্মীৰ দল উপস্থিত হয় । ‘স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ অংশ হিচাপে, প্ৰতিশ্ৰুতি অনুসৰি সকলো আৱৰ্জনা আঁতৰাই সম্পূৰ্ণ উপপথটো পৰিষ্কাৰ কৰি তোলা হয় ।

চাফা কৰাৰ পূৰ্বৰ দৃশ্য-

TIME8ৰ এই অভিযানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে-

আপোনাৰ চুবুৰীটোও আৱৰ্জনামুক্ত কৰিব বিচাৰে নেকি ? তেন্তে পলম নকৰিব :

আপোনাৰ অঞ্চলৰ আৱৰ্জনাৰ ফটো তোলক

www.time8.in লৈ গৈ ফটোখন আপলোড কৰক

২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ অঞ্চলটো পৰিস্কাৰ কৰি তোলাৰ ব্যৱস্থা কৰা হ’ব

আপোনাৰ এই পদক্ষেপ আৰু সামান্য দায়বদ্ধতাই চহৰখনক শ্ৰেষ্ঠ নগৰ হিচাপে গঢ়ি তুলিব ।

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ দিনাই শুভাৰম্ভণি হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ, আপুনিও কৰক অংশগ্ৰহণ

গণৰাজ্য দিৱসৰ দিনাই শুভাৰম্ভণি হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ, আপুনিও কৰক অংশগ্ৰহণ

‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ শুভাৰম্ভণি । এগৰাকী সচেতন নাগৰিক হিচাবে আপুনিও এই অভিযানত অংশগ্ৰহণ কৰক ।

গুৱাহাটীবাসীৰ বাবে এক বিশেষ খবৰ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে এখন স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ অভিযান ।

এই জনকল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । গুৱাহাটী পৌৰনিগমৰ (GMC) সহযোগত আৰম্ভ হোৱা এই পদক্ষেপে মহানগৰীৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

এই অভিযানত কেনেকৈ অংশগ্ৰহণ কৰিব ?

এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও এই অভিযানৰ অংশীদাৰ হ’ব পাৰে । ইয়াৰ বাবে আপুনি কৰিব লাগিব :

আপোনাৰ এলেকাত বা গুৱাহাটীৰ যিকোনো প্ৰান্তত যদি জাৱৰ-জোঁথৰ জমা হৈ থকা দেখে, তেন্তে তাৰ এখন ফটো তোলক ।

সংগ্ৰহ কৰা ফটোখন আমাৰ ৱেবচাইট time8.in লৈ প্ৰেৰণ কৰক ।

-ইয়াৰ পিছতে আপুনি তথ্য প্ৰেৰণ কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংশ্লিষ্ট কৰ্তৃপক্ষই সেই স্থান পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব ।

এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এগৰাকী সচেতন নাগৰিক হিচাপে নিজৰ পৰিচয় দিয়াৰ লগতে আপুনি সন্মানিত হোৱাৰ সুযোগো লাভ কৰিব পাৰে । ‘TIME8’ আৰু গুৱাহাটী পৌৰনিগমৰ এই যুটীয়া প্ৰচেষ্টাই গুৱাহাটীক এক নতুন ৰূপ দিব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি