TIME8-ৰ বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’: ২৪ ঘণ্টাৰ ভিতৰতেই পৰিষ্কাৰ হ’ল মহানগৰীৰ কেইবাটাও অঞ্চল

TIME8-ৰ বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’: ২৪ ঘণ্টাৰ ভিতৰতেই পৰিষ্কাৰ হ’ল মহানগৰীৰ কেইবাটাও অঞ্চল

TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । GMCৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত । মহানগৰীৰ আৱৰ্জনা মুক্ত কৰাৰ লক্ষ্যৰে TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ

TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । GMCৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত ।

মহানগৰীৰ আৱৰ্জনা মুক্ত কৰাৰ লক্ষ্যৰে TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । এই অভিযানৰ জৰিয়তে গুৱাহাটী পৌৰ নিগম (GMC)ৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত ।

মুহূৰ্তৰ ভিতৰতে সলনি হ’ল দৃশ্যপট-

শেহতীয়াকৈ মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত জমা হৈ থকা জাৱৰ-জোঁথৰ মুহূৰ্তৰ ভিতৰতে আঁতৰাই পেলোৱা হয়। বিশেষকৈ, ফটাশিল আমবাৰীৰ নৃপেন বৰা পথ, বৰমটৰীয়া অঞ্চল, গড়চুকৰ কেইবাটাও প্ৰান্ত । এই অঞ্চলসমূহৰ দুৰ্গন্ধময় পৰিৱেশৰ পৰা এতিয়া সকাহ পাইছে স্থানীয় ৰাইজে ।

পৰিস্কাৰ কৰাৰ পূৰ্বৰ ফটো-

পৰিস্কাৰ কৰি থকাৰ ফটো-

সজাগ নাগৰিকৰ সক্ৰিয় ভূমিকা-

এই অভিযানত বিশেষ ভূমিকা পালন কৰিছে মহানগৰীৰ একাংশ দায়িত্বশীল নাগৰিকে। কুশল কলিতা, কল্পনা বৰুৱা, জগন্নাথ পাটগিৰি আৰু ধ্ৰুৱজ্যোতি দাসৰ দৰে সচেতন ব্যক্তিসকলে নিজ নিজ অঞ্চলৰ আৱৰ্জনাৰ ফটো time8.in-ত আপলোড কৰিছিল। ইয়াৰ ঠিক পিছতেই TIME8 আৰু GMC-ৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হয় ।

পৰিস্কাৰ কৰাৰ পূৰ্বৰ ফটো-

পৰিস্কাৰ কৰাৰ পিছৰ ফটো-

কেনেদৰে অংশগ্ৰহণ কৰিব এই অভিযানত ?

আপোনাৰ অঞ্চলটো যদি আৱৰ্জনাৰ বাবে পুতিগন্ধময় হৈ পৰিছে, তেন্তে আপুনিও হ’ব পাৰে এই অভিযানৰ অংশীদাৰ। মাত্ৰ তলত দিয়া পদক্ষেপকেইটা অনুসৰণ কৰক :

– জমা হৈ থকা জাৱৰৰ এখন ফটো তোলক ।

– www.time8.in ৱেবছাইটলৈ গৈ ফটোখন আপলোড কৰক ।

– ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ অঞ্চলটো পৰিষ্কাৰ কৰাৰ দায়িত্ব ল’ব TIME8 আৰু GMCএ ।

পৰিস্কাৰ কৰাৰ আগৰ ফটো-

পৰিস্কাৰ কৰি থকাৰ ফটো-

আপুনিও বিচাৰে নেকি আপোনাৰ অঞ্চলটো সুন্দৰ আৰু পৰিষ্কাৰ হওক ?  তেন্তে পলম নকৰি আজিই আমালৈ ফটো প্ৰেৰণ কৰক ।

লগতে পঢ়ক : ‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ তৎপৰতা: মুহূৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ল ৰাজগড়ৰ আৱৰ্জনা

শেহতীয়া প্ৰৱন্ধসমূহ