লোকপিয়লত জড়িত বিষয়া-কর্মচাৰীলৈ GMCৰ কঠোৰ নিৰ্দেশনা

পূৰ্বানুমতি অবিহনে লোকপিয়লৰ কৰ্তব্যত নিয়োজিত কোনো কৰ্মচাৰীক কোনো ধৰণৰ ছুটি মঞ্জুৰ কৰা নহ’ব

দেশজুৰি হ’বলগীয়া লোকপিয়ল ২০২৭ প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ গুৱাহাটী পৌৰ নিগমে (GMC) এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । নিগমৰ তৰফৰ পৰা এক চৰকাৰী নিৰ্দেশনা জাৰি কৰি স্পষ্ট কৰি দিয়া হৈছে যে সক্ষম কৰ্তৃপক্ষৰ পূৰ্বানুমতি অবিহনে লোকপিয়লৰ কৰ্তব্যত নিয়োজিত কোনো কৰ্মচাৰীক কোনো ধৰণৰ ছুটি মঞ্জুৰ কৰা নহ’ব ।

লোকপিয়লৰ দৰে এক বৃহৎ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ গুৰুত্বক লক্ষ্য ৰাখি আজি GMC-ৰ আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া চিন্ময় প্ৰকাশ ফুকনে সকলো বিভাগীয় মুৰব্বীক এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

পূৰ্বানুমতি অবিহনে কোনেও ল’ব নোৱাৰিব ছুটি:

চৰকাৰী নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি, লোকপিয়ল ২০২৭-ৰ বাবে প্ৰশিক্ষক, পৰ্যবেক্ষক (ছুপাৰভাইজাৰ), গণনাকাৰী (এনুমেৰেটৰ) আৰু অন্যান্য বিষয়া হিচাপে নিয়োজিত কোনো এজন কৰ্মচাৰীক পূৰ্বানুমতি নোলোৱাকৈ লোকপিয়ল সংক্ৰান্তীয় কৰ্তব্যৰ পৰা ৰেহাই দিব নোৱাৰিব । ক্ষেত্ৰভিত্তিক কৰ্মচাৰীসকলৰ পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে ।

Untitled design – 1

নথিপত্ৰৰ হেৰফেৰ কৰিলে হ’ব তিনি বছৰৰ জেল:

ছুটি বাতিল কৰাৰ উপৰিও, GMC-য়ে বিষয়াসকলক লোকপিয়লৰ নথিপত্ৰৰ সুৰক্ষা সন্দৰ্ভতো কঠোৰ সকীয়নি প্ৰদান কৰিছে । নিৰ্দেশনাত সোঁৱৰাই দিয়া হৈছে যে ‘লোকপিয়ল আইন, ১৯৪৮’ উলংঘা কৰিলে যিকোনো কৰ্মচাৰী কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব । এই আইনৰ ১১ নম্বৰ ধাৰাৰ অধীনত, যদিহে কোনো ব্যক্তিয়ে লোকপিয়লৰ চৰকাৰী নথিপত্ৰ বা ৰেকৰ্ডৰ সৈতে কোনো ধৰণৰ হেৰফেৰ কৰে, তেন্তে তেওঁ তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড, ১,০০০ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ’ব পাৰে ।

ইতিমধ্যে লোকপিয়ল ২০২৭-ৰ কাৰ্যসূচী যাতে কোনো ধৰণৰ বাধা নোহোৱাকৈ ৰূপায়ণ হয়, তাৰ বাবে এই কঠোৰ নিৰ্দেশনাটো GMC-ৰ সকলো শাখা বিষয়া, লোকপিয়ল পৰ্যবেক্ষক, প্ৰশিক্ষক আৰু সংশ্লিষ্ট বিষয়াবৰ্গলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : পুনৰ প্ৰচণ্ড বানত বুৰিল যোৰাবাট

TIME8-ৰ বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’: ২৪ ঘণ্টাৰ ভিতৰতেই পৰিষ্কাৰ হ’ল মহানগৰীৰ কেইবাটাও অঞ্চল

TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । GMCৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত ।

মহানগৰীৰ আৱৰ্জনা মুক্ত কৰাৰ লক্ষ্যৰে TIME8-এ আৰম্ভ কৰা বিশেষ অভিযান ‘স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’-এ এতিয়া লাভ কৰিছে অভূতপূৰ্ব সফলতা । এই অভিযানৰ জৰিয়তে গুৱাহাটী পৌৰ নিগম (GMC)ৰ সহযোগত অতি কম সময়ৰ ভিতৰতে পৰিষ্কাৰ কৰি তোলা হৈছে মহানগৰীৰ বিভিন্ন প্ৰান্ত ।

মুহূৰ্তৰ ভিতৰতে সলনি হ’ল দৃশ্যপট-

শেহতীয়াকৈ মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত জমা হৈ থকা জাৱৰ-জোঁথৰ মুহূৰ্তৰ ভিতৰতে আঁতৰাই পেলোৱা হয়। বিশেষকৈ, ফটাশিল আমবাৰীৰ নৃপেন বৰা পথ, বৰমটৰীয়া অঞ্চল, গড়চুকৰ কেইবাটাও প্ৰান্ত । এই অঞ্চলসমূহৰ দুৰ্গন্ধময় পৰিৱেশৰ পৰা এতিয়া সকাহ পাইছে স্থানীয় ৰাইজে ।

পৰিস্কাৰ কৰাৰ পূৰ্বৰ ফটো-

পৰিস্কাৰ কৰি থকাৰ ফটো-

সজাগ নাগৰিকৰ সক্ৰিয় ভূমিকা-

এই অভিযানত বিশেষ ভূমিকা পালন কৰিছে মহানগৰীৰ একাংশ দায়িত্বশীল নাগৰিকে। কুশল কলিতা, কল্পনা বৰুৱা, জগন্নাথ পাটগিৰি আৰু ধ্ৰুৱজ্যোতি দাসৰ দৰে সচেতন ব্যক্তিসকলে নিজ নিজ অঞ্চলৰ আৱৰ্জনাৰ ফটো time8.in-ত আপলোড কৰিছিল। ইয়াৰ ঠিক পিছতেই TIME8 আৰু GMC-ৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰা হয় ।

পৰিস্কাৰ কৰাৰ পূৰ্বৰ ফটো-

পৰিস্কাৰ কৰাৰ পিছৰ ফটো-

কেনেদৰে অংশগ্ৰহণ কৰিব এই অভিযানত ?

আপোনাৰ অঞ্চলটো যদি আৱৰ্জনাৰ বাবে পুতিগন্ধময় হৈ পৰিছে, তেন্তে আপুনিও হ’ব পাৰে এই অভিযানৰ অংশীদাৰ। মাত্ৰ তলত দিয়া পদক্ষেপকেইটা অনুসৰণ কৰক :

– জমা হৈ থকা জাৱৰৰ এখন ফটো তোলক ।

– www.time8.in ৱেবছাইটলৈ গৈ ফটোখন আপলোড কৰক ।

– ২৪ ঘণ্টাৰ ভিতৰত আপোনাৰ অঞ্চলটো পৰিষ্কাৰ কৰাৰ দায়িত্ব ল’ব TIME8 আৰু GMCএ ।

পৰিস্কাৰ কৰাৰ আগৰ ফটো-

পৰিস্কাৰ কৰি থকাৰ ফটো-

আপুনিও বিচাৰে নেকি আপোনাৰ অঞ্চলটো সুন্দৰ আৰু পৰিষ্কাৰ হওক ?  তেন্তে পলম নকৰি আজিই আমালৈ ফটো প্ৰেৰণ কৰক ।

লগতে পঢ়ক : ‘TIME8 স্বচ্ছ নগৰ শ্ৰেষ্ঠ নগৰ’ অভিযানৰ তৎপৰতা: মুহূৰ্তৰ ভিতৰতে পৰিষ্কাৰ হ’ল ৰাজগড়ৰ আৱৰ্জনা

গণৰাজ্য দিৱসৰ দিনাই শুভাৰম্ভণি হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ, আপুনিও কৰক অংশগ্ৰহণ

‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ পদক্ষেপৰ শুভাৰম্ভণি । এগৰাকী সচেতন নাগৰিক হিচাবে আপুনিও এই অভিযানত অংশগ্ৰহণ কৰক ।

গুৱাহাটীবাসীৰ বাবে এক বিশেষ খবৰ । দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে এখন স্বচ্ছ আৰু নিকা চহৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ হ’ল ‘TIME8 স্বচ্ছ নগৰ, শ্ৰেষ্ঠ নগৰ’ অভিযান ।

এই জনকল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । গুৱাহাটী পৌৰনিগমৰ (GMC) সহযোগত আৰম্ভ হোৱা এই পদক্ষেপে মহানগৰীৰ আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।

এই অভিযানত কেনেকৈ অংশগ্ৰহণ কৰিব ?

এগৰাকী সচেতন নাগৰিক হিচাপে আপুনিও এই অভিযানৰ অংশীদাৰ হ’ব পাৰে । ইয়াৰ বাবে আপুনি কৰিব লাগিব :

আপোনাৰ এলেকাত বা গুৱাহাটীৰ যিকোনো প্ৰান্তত যদি জাৱৰ-জোঁথৰ জমা হৈ থকা দেখে, তেন্তে তাৰ এখন ফটো তোলক ।

সংগ্ৰহ কৰা ফটোখন আমাৰ ৱেবচাইট time8.in লৈ প্ৰেৰণ কৰক ।

-ইয়াৰ পিছতে আপুনি তথ্য প্ৰেৰণ কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে সংশ্লিষ্ট কৰ্তৃপক্ষই সেই স্থান পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব ।

এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি এগৰাকী সচেতন নাগৰিক হিচাপে নিজৰ পৰিচয় দিয়াৰ লগতে আপুনি সন্মানিত হোৱাৰ সুযোগো লাভ কৰিব পাৰে । ‘TIME8’ আৰু গুৱাহাটী পৌৰনিগমৰ এই যুটীয়া প্ৰচেষ্টাই গুৱাহাটীক এক নতুন ৰূপ দিব বুলি আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি