ভাৰতত উপস্থিত গণৰাজ্য দিৱসৰ মুখ্য অতিথি… গাৰ্ড অব্ অনাৰেৰে আদৰণি

ভাৰতত উপস্থিত গণৰাজ্য দিৱসৰ মুখ্য অতিথি… গাৰ্ড অব্ অনাৰেৰে আদৰণি

দেওবাৰে বিয়লি ৰাজধানী দিল্লীত উপস্থিত হয় ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন । গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিব দুয়োগৰাকীয়ে । গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টা আৰু ইউৰোপীয়

দেওবাৰে বিয়লি ৰাজধানী দিল্লীত উপস্থিত হয় ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন । গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিব দুয়োগৰাকীয়ে ।

গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ লুইছ ছান্টোছ দা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েন দেওবাৰে বিয়লি ৰাজধানী দিল্লীত উপস্থিত হয় । দুয়োগৰাকী অতিথি উপস্থিত হোৱাৰ লগে লগে দুয়োজনকে গাৰ্ড অব্ অনাৰ দিয়া হয় । ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দুয়োগৰাকী বিষয়া । ইউৰোপীয় ইউনিয়নৰ দুয়োগৰাকী শীৰ্ষ বিষয়াই ভাৰতৰ গণৰাজ্য দিৱস উদযাপনত প্ৰথমবাৰৰ বাবে একেলগে অংশগ্ৰহণ কৰিব ।

ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ বিষয়া দুগৰাকী দিল্লীত উপস্থিত হোৱাৰ লগে লগে বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী জিতীন প্ৰসাদাই তেওঁলোকক আদৰণি জনায় । ১৯৫০ চনৰ পৰা ভাৰতে কোনো বিদেশী দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাই আহিছে । এই পৰম্পৰাই ভাৰতৰ বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক প্ৰতিফলিত কৰে । শীতল যুদ্ধৰ সময়ত ভাৰতে নিৰপেক্ষ আন্দোলনৰ সৈতে জড়িত নেতাক আমন্ত্ৰণ জনাইছিল, আনহাতে শেহতীয়া বছৰবোৰত এই সন্মান দেশৰ ঘনিষ্ঠ আৰু কৌশলগত অংশীদাৰৰ নেতাসকলৈ প্ৰসাৰিত হৈছে ।

২৭ জানুৱাৰীত ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলন-

গণৰাজ্য দিৱস উদযাপনৰ পিছদিনা, ২৭ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলন । এই বৈঠকত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, নিৰাপত্তা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰিব । এই ভ্ৰমণ ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : ভোটদান এক ডাঙৰ দায়িত্বঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

শেহতীয়া প্ৰৱন্ধসমূহ