অশোক চক্ৰৰে সন্মানিত শুভাংশু শুক্লা

মহাকাশৰ নায়ক শুভাংশু শুক্লাক অশোক চক্ৰৰে সন্মানিত ৰাষ্ট্ৰপতিৰ

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক অশোক চক্ৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । গণৰাজ্য দিৱসত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক অশোক চক্ৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাজধানী দিল্লীৰ কৰ্তব্য পথত আয়োজিত এক বৃহৎ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে শুভাংশু শুক্লাক এই সন্মান প্ৰদান কৰে

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক অশোক চক্ৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

গণৰাজ্য দিৱসত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাক অশোক চক্ৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাজধানী দিল্লীৰ কৰ্তব্য পথত আয়োজিত এক বৃহৎ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে শুভাংশু শুক্লাক এই সন্মান প্ৰদান কৰে ।

গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত খোজ পেলোৱা প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰে । ২০২৫ চনৰ জুন মাহত তেওঁ ঐতিহাসিক এক্সিয়াম-৪ অভিযানত ১৮ দিনীয়া মহাকাশ ভ্ৰমণ সম্পূৰ্ণ কৰে । তেওঁ মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হয় । উল্লেখ্য যে্, ১৯৮৪ চনত ছোভিয়েট ইউনিয়নৰ ছয়ুজ-১১ অভিযানত যাত্ৰা কৰা ৰাকেশ শৰ্মা আছিল ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী ।

এজন অভিজ্ঞ যুঁজাৰু পাইলট হিচাপে শুভাংশু শুক্লাৰ ২০০০ ঘণ্টাৰো অধিক উৰণ অভিজ্ঞতা আছে । তেওঁ চুখয়-৩০ এম কে আই, মিগ-২১, মিগ-২৯, জাগুৱাৰ, হক, ডৰ্নিয়াৰ, এ এন-৩২কে ধৰি বিভিন্ন ধৰণৰ বিমান উৰুৱাইছে ।

এক্সিয়াম-৪ অভিযানৰ সময়ত তেওঁ মহাকাশত কেইবাটাও উন্নত বৈজ্ঞানিক পৰীক্ষাৰ পাইলট হিচাপে কাম কৰিছিল আৰু বিশ্বজুৰি প্ৰশংসা লাভ কৰিছিল । নাছা, ইউৰোপীয় মহাকাশ সংস্থা (ই এছ এ) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অংশগ্ৰহণেৰে আমেৰিকাৰ ব্যক্তিগত কোম্পানী এক্সিয়াম স্পেছে এই অভিযান চলাইছিল ।

তেওঁৰ এই কৃতিত্বক ভাৰতৰ মানৱ মহাকাশ উৰণৰ ক্ষমতা আৰু বিশ্ব মহাকাশ মঞ্চত ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতীক হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি