ৰায়পুৰত আজি দ্বিতীয় এদিনীয়া; শৃংখলা দখলৰ লক্ষ্যৰে নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

তিনিখন মেচৰ শৃংখলা দখলৰ লক্ষ্যৰে আজি ৰায়পুৰত নামিব আত্মবিশ্বাসী টীম ইণ্ডিয়া

আজি ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়া । ইতিমধ্যে ৰাঁচীত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত জয়লাভ কৰি শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰা আত্মবিশ্বাসী টীম ইণ্ডিয়াই শৃংখলা দখলৰ লক্ষ্যৰে আজি খেলপথাৰত নামিব । অৱশ্যে ৰায়পুৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন মেচৰ পূৰ্বে কেইবাটাও প্ৰশ্ন ৰৈ গৈছে । কোহলীৰ শতক আৰু ৰোহিত শৰ্মাৰ আগ্ৰাসী ৫৭ ৰানেৰে প্ৰথম এদিনীয়াত ভাৰতৰ জয় নিশ্চিত হ’ল যদিও দলৰ সংমিশ্ৰণক লৈ কিছু উদ্বেগ অব্যাহত আছে ।

ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব এই দ্বিতীয় এদিনীয়া । এই ষ্টেডিয়ামত মাত্ৰ এখন এদিনীয়া খেল অনুষ্ঠিত হৈছে । ২০২৩ চনৰ জানুৱাৰী মাহত নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল এই মেচ । খেলখনত মহম্মদ ছামি আৰু ছিৰাজে প্ৰচণ্ড ছুইং আৰু ছিম মুভমেণ্টৰ সুযোগ লৈ কিৱি দলক ১০৮ ৰানত অল আউট কৰিছিল । ইয়াৰ পিছতে ৩০ অভাৰ বাকী থকা অৱস্থাত ভাৰতে ৮ উইকেটত জয়লাভ কৰে । ইয়াত শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ ২০২৩ চনৰ ডিচেম্বৰ মাহত টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ২০ ৰাণত পৰাস্ত কৰিছিল ।

ইফালে আজিৰ দ্বিতীয়খন এদিনীয়াত ঋষভ পন্টৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনাক লৈ উৎফুল্লিত হৈ আছে অনুৰাগী । বৰ্তমান সময়ত দল পৰিচালনাই তেওঁক লৈ খৰখেদা কৰা নাই । অৱশ্যে আজি পন্টৰ প্ৰত্যাৱৰ্তনত সন্দেহৰো সৃষ্টি হৈছে ।

কি হ’ব ভাৰতৰ সাম্ভাব্য মূল একাদশ ?

প্ৰথমখন মেচত জয়লাভৰ পিছতো টীম ইণ্ডিয়াত এটা বা দুটা পৰিৱৰ্তন দেখা যাব পাৰে । আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ৰুতুৰাজ গাইকোৱাদ । তেওঁক চাৰি নম্বৰত বেটিঙৰ বাবে পঠোৱা হৈছিল যদিও সহজ নাছিল । ৱাশ্বিংটন সুন্দৰো বেটিং ক্ৰমৰ সঘনাই পৰিৱৰ্তনৰ সন্মুখীন হৈছে । প্ৰথমখন মেচত পাঁচ নম্বৰত আহিছিল যদিও দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হয় সুন্দৰ । লগতে তেওঁ মাত্ৰ তিনি অভাৰহে বলিং কৰে ।

ইয়াৰ বিপৰীতে কুলদীপ যাদৱে ৬৮ ৰান দি চাৰিটা উইকেট দখল কৰিছিল যদিও তেওঁৰ ভেৰাইটি ভাৰতৰ বাবে প্লাছ পইণ্ট । বেগী বলাৰসকলৰ ভিতৰত হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ আৰু অৰ্শদ্বীপ সিঙে খেলাটো প্ৰায় নিশ্চিত ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, কে এল ৰাহুল (অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : বিশ্ব চেম্পিয়ন ৩ মহিলা ক্ৰিকেটাৰলৈ ৰে’লৱেৰ বিশেষ উপহাৰ; লাভ কৰিব এইসমূহ সুবিধা

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ? জানক মেচৰ সবিশেষ

ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় এদিনীয়া কেতিয়া ?

দুখন মেচৰ টেষ্ট শৃংখলাত দক্ষিণ আফ্ৰিকাই টিম ইণ্ডিয়াক ক্লীন ছুইপ কৰিছিল যদিও এতিয়া এদিনীয়া শৃংখলাত ভাৰতীয় দলে উভতি ধৰিছে আলহী দলটোক । ভাৰতে জয়লাভেৰে এদিনীয়া শৃংখলাৰ আৰম্ভণি কৰিছে । তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল দেওবাৰে ৰাঁচীত অনুষ্ঠিত হয় । এই মেচখনত ভাৰতে ১৭ ৰাণত জয়লাভ কৰে । অৱশ্যে দুয়োটা দলে ৩০০ৰো অধিক ৰান সংগ্ৰহ কৰে ।

এই খেলখনত দুয়োটা দলে মুঠ ৬৮১ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ বিৰাট কোহলীয়ে শতক অৰ্জন কৰে । একে সময়তে কুলদীপ যাদৱে ৪টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে ।

৩ ডিচেম্বৰ বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন এদিনীয়া মেচ । এই খেলখনৰ টছ দিনৰ ১ বজাত হ’ব । দিনৰ ১:৩০ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ চেনেলত টিভিৰ জৰিয়তে এই খেলখন চাব পাৰিব । একে সময়তে মোবাইলত দৰ্শকে জিঅ’হটষ্টাৰত এই মেচখন লাইভ চাব পাৰিব ।

পৰিৱৰ্তন হ’ব পাৰে দক্ষিণ আফ্ৰিকাৰ দলত-

দক্ষিণ আফ্ৰিকাৰ নিয়মীয়া অধিনায়ক টেম্বা বাভুমাই ৰাঁচীত প্ৰথমখন এদিনীয়াত খেলা নাছিল । বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া মেচখনত তেওঁ দললৈ ঘূৰি আহিব পাৰে । যদি টেম্বা দললৈ ঘূৰি আহে, তেন্তে ৰিয়ান ৰিকলটন বাহিৰ হ’ব পাৰে । এনেদৰে এইডেন মাৰ্ক্ৰাম আৰু কুইণ্টন ডি ককে দ্বিতীয়খন এদিনীয়াত অ’পেনিং কৰিব পাৰে । অধিনায়ক টেম্বা বাভুমাক তিনি নম্বৰত দেখা যাব পাৰে । প্ৰথমখন এদিনীয়াত ট্ৰিষ্টান ষ্টাবছে খেলা নাছিল যদিও দ্বিতীয়খন মেচতো তেওঁৰ মূল একাদশত স্থান লাভ কঠিন ।

কোনো পৰিৱৰ্তন নোহোৱাকৈ নামিব পাৰে টিম ইণ্ডিয়া-

প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাক ১৭ ৰানত পৰাস্ত কৰি তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ভাৰতে । এতিয়া টিম ইণ্ডিয়াই বিশাখাপট্টনমত খেলিব এই শৃংখলাৰ দ্বিতীয়খন মেচ । এই ছিৰিজত টিম ইণ্ডিয়াৰ অধিনায়ক কে এল ৰাহুল । দ্বিতীয় এদিনীয়াত মূল একাদশত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈয়ে খেলপথাৰত নামিব পাৰে ভাৰতীয় দল । এনে পৰিস্থিতিত ঋষভ পন্ট আৰু তিলক বাৰ্মা পুনৰ এবাৰ বঞ্চিত হ’ব পাৰে ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটলৈ ঘূৰি অহাৰ উৰাবাতৰিক লৈ মুখ খুলিলে বিৰাট কোহলীয়ে

আম্পায়াৰ হ’বলৈ কেনে অধ্যয়নৰ প্ৰয়োজন? লাভ কৰে লাখ টকাৰ দৰমহা

আম্পায়াৰ হ’বলৈ কেনে অধ্যয়নৰ প্ৰয়োজন?

ভাৰতত ক্ৰিকেট কেৱল এটা খেল নহয়, ই এক আৱেগ।কাৰণ ইয়াৰ কোটি কোটি অনুৰাগী আছে। এনে কিছুমান লোক আছে যিয়ে ক্ৰিকেটত কেৰিয়াৰ গঢ়িব খোজে। কিন্তু ক্ৰিকেটত কেৰিয়াৰ গঢ়িব খোজাৰ অৰ্থ কেৱল খেলুৱৈ হোৱাই নহয়।আপুনি আম্পায়াৰো হ’ব পাৰে।

কেৰিয়াৰৰ এই বিকল্পটো দ্ৰুতগতিত উত্থান ঘটিছে।যদি আপুনিও খেলৰ সকলো নিয়ম ভালদৰে জানে তেন্তে আপুনি আম্পায়াৰ কৰিব পাৰে।BCCI আৰু ICC ৰ দৰে ডাঙৰ ব’ৰ্ডত আম্পায়াৰ হৈ লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব।

ক্ৰিকেট আম্পায়াৰ হ’বলৈ হ’লে প্ৰথমে ক্ৰিকেটৰ সকলো নিয়ম-নীতিৰ প্ৰতি সচেতন হ’ব লাগিব। ইয়াৰ লগতে সিদ্ধান্ত লোৱাৰ ক্ষমতা, বাকপটুতা আৰু শাৰীৰিক ফিটনেছও অতি গুৰুত্বপূৰ্ণ।

ইয়াৰ পিছত ৰাজ্যিক ক্ৰিকেট সন্থাৰ সদস্যপদ ল’ব লাগিব।ইয়াৰ পিছত ৰাজ্যিক সন্থাৰ পৰা অনুমতি লোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আম্পায়াৰ একাডেমীত পঞ্জীয়ন কৰিব পাৰিব।

ৰাজ্যিক ক্ৰিকেট সন্থাই আয়োজন কৰা মেচসমূহত আম্পায়াৰিং আৰম্ভ কৰিব লাগিব,ইয়াৰ পিছতহে সংঘই আপোনাক অনুমোদন দিব।

ৰাজ্যিক পৰ্যায়ত ৩ বছৰৰ আম্পায়াৰ অভিজ্ঞতা লাভ কৰাৰ পিছত বিচিচিআই স্তৰ ১ পৰীক্ষাৰ বাবে আবেদন কৰক আৰু তাত উত্তীৰ্ণ হওক। আম্পায়াৰ হ’বলৈ হ’লে লেভেল ১ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

এই প্ৰশ্নকাকতখন প্ৰতি বছৰে বিচিচিআইয়ে পৰিচালনা কৰে,যাৰ বাবে তেওঁলোকে পৰীক্ষাৰ তিনিদিন আগতে কোচিং ক্লাছৰ আয়োজন কৰে।পৰীক্ষাৰ অন্তত মেধাৰ ভিত্তিত পৰীক্ষাৰ্থী নিৰ্বাচন কৰা হয়।

নিৰ্বাচিত প্ৰাৰ্থীসকলক ইণ্ডাকচন পাঠ্যক্ৰম দিয়া হয় য’ত তেওঁলোকক আম্পায়াৰিঙৰ বিষয়ে শিকোৱা হয়।ইয়াৰ পিছত সাক্ষাৎকাৰটো অনুষ্ঠিত হয়,যিয়ে ইয়াত উত্তীৰ্ণ হয় তেওঁ লেভেল ২ পৰীক্ষাত উপস্থিত থাকিব লাগিব আৰু তাৰ পিছত মেডিকেল টেষ্টৰ পিছত তেওঁলোকক বি চি চি আইৰ আম্পায়াৰত নিযুক্তি দিয়ে।  

লগতে পঢ়ক: ফৰেনছিক চায়েন্স কি ?  ভাৰতৰ কোন কোন বিশ্ববিদ্যালয়ে এই পাঠ্যক্ৰম আগবঢ়ায়?

ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

আই চি চি টি ২০ বিশ্বকাপ

অহা বছৰ অনুষ্ঠিত হ’বলগা আই চি চি টি ২০ বিশ্বকাপৰ সময়সূচী মঙলবাৰে ঘোষণা কৰা হয় । ২০টা দলৰ এই বিশ্বকাপ প্ৰতিযোগিতা ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । খিতাপ ৰক্ষাৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০২৪ চনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই ট্ৰফী লাভ কৰিছিল । এইবাৰ এই প্ৰতিযোগিতাৰ দশম সংস্কৰণ অনুষ্ঠিত হ’ব । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা ।

কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আই চি চি টি ২০ বিশ্বকাপ ২০২৬ৰ সূচী প্ৰকাশ কৰা হয় । এই অনুষ্ঠানত আই চি চিৰ অধ্যক্ষ জয় শ্বাহ, ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, ২০২৪ চনৰ টি ২০ বিশ্বকাপক নেতৃত্ব দিয়া ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা, বৰ্তমানৰ ভাৰতীয় টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱ, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ মিথুন মানহাছ, সচিব দেৱজিৎ শইকীয়া, উপাধ্যক্ষ ৰাজীৱ শুক্লা আদিয়ে অংশগ্ৰহণ কৰে ।

আঠটা স্থানত অনুষ্ঠিত হ’ব মেচ-

আই চি চিৰ সভাপতি জয় শ্বাহে উল্লেখ কৰে যে ২০২৬ চনৰ টি ২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাৰ আঠটা স্থানত অনুষ্ঠিত হ’ব । ভাৰতত মুঠ পাঁচটা স্থানত খেল অনুষ্ঠিত হ’ব, আনহাতে শ্ৰীলংকাৰ তিনিটা স্থানত এই প্ৰতিযোগিতাৰ বাবে মেচ অনুষ্ঠিত হ’ব । ভাৰতত দিল্লী, মুম্বাই, চেন্নাই, কলকাতা আৰু আহমেদাবাদত খেল অনুষ্ঠিত হ’ব । ইফালে শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আৰু এছ স্প’ৰ্টছ ক্লাবত মেচ অনুষ্ঠিত হ’ব, আনহাতে কেণ্ডিৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামতো মেচ অনুষ্ঠিত হ’ব ।

প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব ইটালীয়ে-

যোৱাবাৰৰ দৰেই ২০টা দলে টি ২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছে । এই সকলোবোৰ দলকে চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে, প্ৰতিটো গ্ৰুপত পাঁচটা দল ৰখা হৈছে । গ্ৰুপ পৰ্যায়ৰ পিছত ছুপাৰ এইট পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে এই পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব । ছুপাৰ এইট পৰ্যায়ত আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব, প্ৰতিটো গ্ৰুপত চাৰিটা দল থাকিব ।

প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল ছেমি ফাইনেলত প্ৰৱেশ কৰিব, তাৰ পিছত দুটা দলে ফাইনেল খেলিব । এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ ভিতৰত আছে ভাৰত, নামিবিয়া, নেদাৰলেণ্ড, পাকিস্তান, আমেৰিকা, বাংলাদেশ, ইটালী, ইংলেণ্ড, নেপাল, ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, ওমান, শ্ৰীলংকা, জিম্বাবুৱে, আফগানিস্তান, কানাডা, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, আৰু ইউ এ ই ।

একেটা গ্ৰুপত ভাৰত-পাকিস্তান-

ভাৰত আৰু পাকিস্তান এই প্ৰতিযোগিতাৰ একেটা গ্ৰুপতে আছে । ভাৰতৰ উপৰিও গ্ৰুপ এত পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড, নামিবিয়া আছে । গ্ৰুপ বিত আছে অষ্ট্ৰেলিয়া, সহ-আয়োজক শ্ৰীলংকা, আয়াৰলেণ্ড, জিম্বাবুৱে, আৰু ওমান । গ্ৰুপ চিত আছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ, নেপাল, আৰু ইটালী । গ্ৰুপ ডিত নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, আফগানিস্তান, কানাডা, ইউ এ ই আছে ।

কলম্বোত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ-

ভাৰতে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাৰ বিৰুদ্ধে টুৰ্ণামেণ্টত নিজৰ অভিযান আৰম্ভ কৰিব । এই মেচখন মুম্বাইত অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে ১২ ফেব্ৰুৱাৰীত নতুন দিল্লীত মুখামুখি হ’ব ভাৰত আৰু নামিবিয়া । আনহাতে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰতিযোগিতাখনৰ হাইভল্টেজ মেচখন ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

আই চি চি, বি চি চি আই, আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত হোৱা চুক্তি অনুসৰি ২০২৭ চনলৈকে ভাৰত-পাকিস্তানৰ সকলো খেল নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব । এই বাবেই কলম্বোৱে দুয়োটা দলৰ মাজত খেলখন আয়োজন কৰিব । অহা ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদত ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব ।

ৰোহিত শৰ্মা টুৰ্ণামেণ্টৰ এম্বেছাদৰ-

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ঘোষণা কৰে যে ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ বাবে ৰোহিত শৰ্মাক এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । শ্বাহে কয় যে ২০২৪ চনৰ টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক আৰু এতিয়ালৈকে ৯টা সংস্কৰণতে খেলা খেলুৱৈতকৈ এই ইভেণ্টৰ উত্তম প্ৰতিনিধি থাকিব নোৱাৰে ।

লগতে পঢ়ক : গুৱাহাটী টেষ্টত পৰাজয়ৰ গৰাহত ভাৰতীয় দল! সন্মুখত বিশাল লক্ষ্য…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘোষণা ভাৰতীয় দল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দেওবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰে । কলকাতা টেষ্টত আঘাতপ্ৰাপ্ত অধিনায়ক শুভমন গীলক আগন্তুক এদিনীয়া শৃংখলাৰ বাবে জিৰণি দিয়া হৈছে । কে এল ৰাহুলক তেওঁৰ ঠাইত দলৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছে ।

ৰাহুলৰ কান্ধত অধিনায়কৰ দায়িত্ব-

দেওবাৰে বি চি চি আইয়ে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে । ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে প্ৰবীণ খেলুৱৈ থকা দলটোৰ নেতৃত্ব দিব কে এল ৰাহুলে । কলকাতা টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱা গীল বৰ্তমান মুম্বাইত আৰু তেওঁ চিকিৎসাৰ তত্বাৱধানত আছে । শ্ৰেয়াছ আয়াৰো এই শৃংখলাৰ বাবে বিবেচিত নহ’ল । অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা আয়াৰ বৰ্তমান সুস্থ হৈ উঠিছে ।

বুমৰাহ আৰু ছিৰাজক জিৰণি-

আগন্তুক শৃংখলাৰ বাবে ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজক জিৰণি দিয়া হৈছে । বৰ্তমান দুয়োগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত খেলি আছে । বাছনি সমিতিয়ে তেওঁলোকৰ ৱৰ্ক লোড মেনেজৰ বাবে তেওঁলোকক জিৰণি দিছে ।

পুনৰ বিমুখ ছামী-

অভিজ্ঞ বেগী বলাৰ মহম্মদ ছামীক পুনৰবাৰ এই শৃংখলাৰ নিৰ্বাচকসকলে বিমুখ কৰিছে । শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত দললৈ প্ৰত্যাৱৰ্তনৰ সুযোগ লাভ কৰিব বুলি চৰ্চা চলিছিল ।

এদিনীয়া শৃংখলাৰ সূচী-

বৰ্তমান ভাৰত আৰু দক্ষিণ আফ্ৰিকাই দুখন টেষ্টৰ শৃংখলা খেলি আছে । কলকাতাত অনুষ্ঠিত প্ৰথমখন খেলত আলহী দলে জয়লাভ কৰি ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । দুয়োটা দলে এতিয়া গুৱাহাটীত দ্বিতীয়খন টেষ্ট খেলি আছে । ইয়াৰ পিছতে দুয়োটা দলে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব । ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব প্ৰথমখন খেল । ইয়াৰ পিছতে ২ আৰু ৬ ডিচেম্বৰত ক্ৰমে ৰায়পুৰ আৰু বিশাখাপট্টনমত অনুষ্ঠিত হ’ব শৃংখলাৰ পৰৱৰ্তী মেচ ।

লগতে পঢ়ক : গুৱাহাটী টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৰানৰ পাহাৰ; মুথুস্বামীৰ শতক

শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !

শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ!

অহা মাহৰ ভাৰত বনাম বাংলাদেশৰ শৃংখলা পিছুৱাই দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে । প্ৰকাশিত এক বাতৰি অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই শৃংখলাৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ চেষ্টা চলাইছে । ভাৰত আৰু বাংলাদেশৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ বাবে এই শৃংখলা পিছুৱাই দিয়া হৈছে বুলি কোৱা হৈছে । যোৱা সোমবাৰে আদালতে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে । খবৰ ওলাইছে যে এই শাস্তি প্ৰদানৰ সিদ্ধান্তই ভাৰত-বাংলাদেশ শৃংখলাতো প্ৰভাৱ পেলাব পাৰে ।

আইচিচিৰ ফিউচাৰ্ছ ট্যুৰছ প্ৰগ্ৰেমৰ অংশ হিচাপে ভাৰত আৰু বাংলাদেশৰ মহিলা ক্ৰিকেট দলে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলাৰ কথা আছিল । কলকাতা আৰু কটকত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছিল এই মেচ ।

শে্হতীয়াকৈ জানিব পৰা মতে  ডিচেম্বৰ মাহত বিকল্প ধাৰাবাহিক আয়োজন কৰাৰ চেষ্টা কৰিব পাৰে বিচিচিআইয়ে । বাংলাদেশৰ বিৰুদ্ধে এই শৃংখলাটো ২০২৫ চনৰ মহিলা বিশ্বকাপ জয় কৰাৰ পাছত ভাৰতৰ প্ৰথমখন শৃংখলা হোৱাৰ কথা আছিল ।

ভাৰত আৰু বাংলাদেশৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ বাবেই এই শৃংখলা পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে বুলি অনুমান কৰা হৈছে । অৱশ্যে এতিয়ালৈকে এই কথা নিশ্চিত হোৱা নাই । উল্লেখ্য যে শ্বেখ হাছিনা অপসাৰিত হোৱাৰ পাছত বাংলাদেশ এৰি ভাৰতত আশ্ৰয় লৈ আছে ।

উল্লেখ্য যে এইবাৰ বিচিচিআইয়ে বাংলাদেশৰ সৈতে পুৰুষ দলৰ শৃংখলা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিছিল ।

লগতে পঢ়ক : গুৱাহাটীলৈ নাহে শুভমন গীল! দ্বিতীয় টেষ্টত খেলাক লৈ সংশয়

আজি ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ; অব্যাহত থাকিব ‘নো হেণ্ডশ্বেক’ নীতি

ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

ৰাইজিং ষ্টাৰছ এছিয়া কাপৰ এখন হাই ভল্টেজ মেচত আজি ভাৰত আৰু পাকিস্তানৰ যুৱ দল মুখামুখি হ’ব । দুয়োটা দলৰ মাজত টি-২০ ফৰ্মেটৰ এই মেচখন ভাৰতীয় সময় অনুসৰি নিশা আঠ বজাৰ পৰা দোহাত অনুষ্ঠিত হ’ব । এই মেচত আকৌ এবাৰ সকলোৰে দৃষ্টি পূৰ্বৰ মেচত বিস্ফোৰক শতক অৰ্জন কৰা তাৰকা বেটছমেন বৈভৱ সূৰ্যবংশীৰ ওপৰত ।

বি চি চি আইৰ নীতি মানি চলিব দলে-

ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাপূৰ্ণ সম্পৰ্কৰ প্ৰভাৱ ক্ৰিকেট খেলপথাৰতো দেখা গৈছে । এছিয়া কাপৰ সময়ত ছিনিয়ৰ জাতীয় দলটোৱে পাকিস্তানৰ খেলুৱৈৰ সৈতে হেণ্ডশ্বেক কৰা নাছিল যাৰ বাবে বহু বিতৰ্কৰ সৃষ্টি হৈছিল । এতিয়া জিতেশ শৰ্মাৰ নেতৃত্বত ইণ্ডিয়া এ দলেও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই নীতি মানি চলিব ।

ডাঙৰ ইনিংছ খেলিব বিচাৰিব বৈভৱে-

এই হাই ভল্টেজ মেচখনৰ সময়ত পাকিস্তানৰ আক্ৰমণক স্তব্ধ কৰি ৰখাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব বৈভৱ । চলিত প্ৰতিযোগিতাত ইণ্ডিয়া এৰ অধিনায়ক জিতেশেও নিজৰ ছিনিয়ৰৰ পদাংক অনুসৰণ কৰি পাকিস্তান শ্বাহিনছৰ অধিনায়ক ইৰফান খানৰ সৈতে টছৰ সময়তো নহয় মেচৰ পিছতো হাত নিমিলোৱাৰ সম্ভাৱনা আছে ।

কিন্তু সকলোৰে দৃষ্টি থাকিব আই পি এলত শতক অৰ্জন কৰি বিশ্ব ক্ৰিকেটক জোকাৰি যোৱা ১৪ বছৰীয়া সূৰ্য্যবংশীৰ ওপৰত । পূৰ্বৰ খেলখনত ইউ এ ইৰ বিৰুদ্ধে ১৫টা ৬ৰে ৫২টা বলত অবিশ্বাস্য ১৪৪ ৰান সংগ্ৰহ কৰি ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় (এ টিম) ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় বৈভৱ ।

লগতে পঢ়ক : আই পি এল ২০২৬ : কোন ফ্ৰেঞ্চাইজিয়ে কোন খেলুৱৈক কৰিলে ৰিলিজ ?

আই পি এল ২০২৬ : চেন্নাইৰ পৰা সৰ্বাধিক, কলকাতাৰ পৰা সৰ্বনিম্ন ৰিটেছন; জানক সম্পূৰ্ণ স্কোৱাড

আই পি এল ২০২৬ৰ ৰিটেনছন লিষ্ট

সময়সীমা শেষ হোৱাৰ লগে লগে আই পি এলৰ সকলো ফ্ৰেঞ্চাইজিয়ে নিজৰ নিজৰ খেলুৱৈক ৰিটেইন কৰাৰ তালিকা জাৰি কৰিছে । আই পি এল ২০২৬ৰ বাবে খেলুৱৈক ৰিটেইন কৰাৰ অন্তিম তাৰিখ আছিল ১৫ নৱেম্বৰ । এইবাৰ আটাইতকৈ আচৰিত ধৰণৰ ৰিটেনচন আছিল পঞ্জাৱ কিংছ আৰু চেন্নাই ছুপাৰ কিংছৰ । পঞ্জাবে সৰ্বাধিক অভিলেখ ভংগকাৰী ২১গৰাকী খেলুৱৈ ৰিটেইন কৰাৰ বিপৰীতে পাঁচবাৰৰ চেম্পিয়ন চেন্নাইয়ে ১৫জন খেলুৱৈক ৰিটেইন কৰে ।

কোন খেলুৱৈক কোন দলে কৰিলে ৰিটেইন ?

আই পি এল ২০২৬ৰ পূৰ্বে প্ৰতিটো দলে কিমানজন খেলুৱৈক ধৰি ৰাখিলে সেই তালিকা শনিবাৰে প্ৰকাশ কৰিছে । জানক ৰিটেইন খেলুৱৈৰ সম্পূৰ্ণ তালিকা আৰু স্কোৱাড ।

ৰাজস্থান ৰয়েলছ : যশস্বী জয়োছৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), বৈভৱ সূৰ্যবংশী, শুভম ডুবে, যুধবীৰ সিং, সন্দীপ শৰ্মা, তুষাৰ দেশপাণ্ডে, শ্বিমৰন হেটমায়াৰ, লুয়ান-ড্ৰে প্ৰেট’ৰিয়াছ, জোফ্ৰা আৰ্চাৰ, কুৱেনা ম্ফাকা, নন্দ্ৰে বাৰ্গাৰ, ৰবীন্দ্ৰ জাডেজা (চেন্নাইৰ পৰা ট্ৰেড), ছেম কাৰাণ (চেন্নাইৰ পৰা ট্ৰেড) আৰু ড’নভান ফেৰেইৰা (দিল্লীৰ পৰা ট্ৰেড)।

চেন্নাই ছুপাৰ কিংছৰ স্কোৱাড : আই পি এল ২০২৬ৰ বাবে চেন্নাই দলে ৰিটেইন কৰিছে- ঋতুৰাজ গাইকোৱাদ (অধিনায়ক), আয়ুষ মাহাত্ৰে, এম এছ ধোনী, দেৱাল্ড ব্ৰেভিছ, উৰভিল পেটেল, শিৱম ডুবে, জেমী অভাৰটন, ৰামকৃষ্ণ ঘোষ, নূৰ আহমেদ, খলিল আহমেদ, অংশুল কামোজ, গুৰজাপনীত সিং, শ্ৰেয়াস গোপাল, মুকেশ চৌধুৰী, নাথান এলিছ, সঞ্জু চেমচন (ৰাজস্থানৰ পৰা ট্ৰেড)।

মুম্বাই ইণ্ডিয়ানছৰ স্কোৱাড : হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, তিলক বৰ্মা, ৰিয়ান ৰিকেলটন, ৰবিন মিংছ, মিচেল ছেণ্টনাৰ, কৰ্বিন বছ, নমন ধীৰ, যশপ্ৰীত বুমৰাহ, ট্ৰেণ্ট বল্ট, আল্লাহ গাজানফৰ, অশ্বিনী কুমাৰ, দীপক চাহাৰ, উইল জেকছ, শ্বাৰফেন ৰাদাৰফৰ্ড (গুজৰাটৰ পৰা ট্ৰেড), মায়াংক মাৰ্কাণ্ডে (কলকাতাৰ পৰা ট্ৰেড), শাৰ্দুল ঠাকুৰ (লক্ষ্ণৌৰ পৰা ট্ৰেড)।

পঞ্জাৱ কিংছৰ স্কোৱাড : প্ৰভসিমৰন সিং, প্ৰিয়ংশ আৰ্য, শ্ৰেয়াছ আয়েৰ, শশাংক সিং, নেহাল ৱাধেৰা, মাৰ্কাছ ষ্টয়নিছ, আজমতুল্লাহ উমৰজাই, মাৰ্কো জেন্সেন, হৰপ্ৰীত ব্ৰাৰ, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং, মুছিৰ খান, প্যালা অবিনাশ, হৰনূৰ পান্নু, সূৰ্যাংশ শ্বেড, মিচেল অ’, জেফিয়াৰ বাৰ্টলেট, লকি ফাৰ্গুচন, বৈশক বিজয়কুমাৰ, যশ ঠাকুৰ, বিষ্ণু বিনোদ ।

দিল্লী কেপিটেলছৰ স্কোৱাড : অক্ষৰ পেটেল (অধিনায়ক), কে এল ৰাহুল, অভিষেক পোৰেল, ত্ৰিস্তান ষ্টাবছ, কৰুণ নায়াৰ, সমীৰ ৰিজৱী, আশুতোষ শৰ্মা, বিপ্ৰজ নিগম, মাধৱ তিৱাৰী, ত্ৰিপুৰানা বিজয়, অজয় ​​মণ্ডল, কুলদীপ যাদৱ, মিচেল ষ্টাৰক, নীতিশ ৰাণা (ৰাজস্থানৰ পৰা ট্ৰেড)।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ স্কোৱাড : পেট কামিন্স (অধিনায়ক), ট্ৰেভিছ হেড, অভিষেক শৰ্মা, অনিকেত ভাৰ্মা, স্মৰণ ৰবিচন্দ্ৰন, ঈশান কিষাণ, হেনৰিখ ক্লাচেন, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষ ডুবে, কামিন্দু মেণ্ডিছ, হৰ্ষাল পেটেল, ব্ৰাইডন কাৰ্ছে, জয়দেৱ উনাদকাত, ঈশান মালিংগা আৰু জিশান আনছাৰী ।

কলকাতা নাইট ৰাইডাৰ্ছৰ স্কোয়াড : অজিংক্য ৰাহানে, সুনীল নাৰিন, ৰিংকু সিং, অংকৃশ ৰঘুবংশী, মনীষ পাণ্ডে, বৰুণ চক্ৰৱৰ্তী, ৰমনদীপ সিং, অনুকুল ৰয়, ৰভমন পাৱেল, হৰ্ষিত ৰাণা, বৈভৱ অৰোৰা আৰু উমৰাণ মালিক ।

গুজৰাট টাইটানছৰ স্কোৱাড : আই পি এল ২০২৬ৰ বাবে গুজৰাটে ৰিটেইন কৰিছে- শুভমন গীল (অধিনায়ক), ৰছিদ খান, ছাই সুদৰ্শন, ৰাহুল তেৱাটিয়া, শ্বাহৰুখ খান, কাগিছো ৰাবাদা, জোছ বাটলাৰ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, নিশান্ত সিন্ধু, কুমাৰ কুশাগ্ৰা, অনুজ ৰাৱত, মানৱ সুথাৰ, ৱাশ্বিংটন সুন্দৰ, আৰ্শ্বদ খান, গুৰনুৰ ব্ৰাৰ, সাই কিশোৰ, ইশান্ত শৰ্মা, জয়ন্ত যাদৱ আৰু গ্লেন ফিলিপছ ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ স্কোৱাড : ৰজত পাটিদাৰ (অধিনায়ক), বিৰাট কোহলী, দেৱদত্ত পডিক্কাল, ফিল ছল্ট, জিতেশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, স্বপ্নিল সিং, টিম ডাভিদ, ৰোমাৰিযঅ’ শ্বেফাৰ্ড, জেকব বেথেল, জোছ হেজলউড, যশ দয়াল, ভুৱনেশ্বৰ কুমাৰ, নুৱান থুছাৰা, ৰশিখ চালাম দাৰ, অভিনন্দন সিং আৰু সুয়াশ শৰ্মা ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ স্কোৱাড : ঋষভ পন্ট (অধিনায়ক), আব্দুল ছামাদ, আয়ুষ বদোনি, এইডেন মাৰ্কৰাম, মেথিউ ব্ৰিট্জকে, হিম্মৎ সিং, নিকোলাছ পুৰাণ, মিচেল মাৰ্ছ, শ্বাহবাজ আহমেদ, আৰ্শিন কুলকাৰ্ণী, মায়ংক যাদৱ, আৱেশ খান, মহছিন খান, মণিমাৰন সিদ্ধাৰ্থ, দিগবেশ ৰাথী, প্ৰিন্স যাদৱ, আকাশ সিং, অৰ্জুন টেণ্ডুলকাৰ (মুম্বাইৰ পৰা ট্ৰেড), মহম্মদ ছামী (হায়দৰাবাদৰ পৰা ট্ৰেড)।

ৰিটেনচনৰ পিছত আই পি এল ২০২৬ৰ বাবে সকলো দলৰ বাকী থকা পাৰ্চ :

-দিল্লী কেপিটেলছ – ২১.৮ কোটি টকা

-ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু – ১৬.৪ কোটি টকা

-পঞ্জাব কিংছ – ১১.৫ কোটি টকা

-লক্ষ্ণৌ ছুপাৰ জায়েন্টছ – ২২.৯৫ কোটি টকা

-গুজৰাট টাইটানছ – ১২.৯ কোটি টকা

-চেন্নাই ছুপাৰ কিংছ – ৪৩.৪ কোটি টকা

-কলকাতা নাইট ৰাইডাৰ্ছ – ৬৪.৩ কোটি টকা

-ছানৰাইজাৰ্ছ হায়দৰাবাদ – ২৫.৫ কোটি টকা

-মুম্বাই ইণ্ডিয়ানছ – ২.৭৫ কোটি টকা

-ৰাজস্থান ৰয়েলছ – ১৬.০৫ কোটি টকা

লগতে পঢ়ক : আই পি এল ২০২৬ : কোন ফ্ৰেঞ্চাইজিয়ে কোন খেলুৱৈক কৰিলে ৰিলিজ ?

আই পি এল ২০২৬ : কোন ফ্ৰেঞ্চাইজিয়ে কোন খেলুৱৈক কৰিলে ৰিলিজ ?

আই পি এল ২০২৬

আই পি এল ২০২৬ৰ খেলুৱৈ নিলামৰ পূৰ্বে সকলো ফ্ৰেঞ্চাইজিয়ে ৰিটেইনড আৰু ৰিলিজড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । পূৰ্বৰ নিলামত তৃতীয় সৰ্বাধিক দামী খেলুৱৈ ভেংকটেশ আয়াৰক মুকলি কৰি দিছে কলকাতা নাইট ৰাইডাৰ্ছে । চেন্নাই ছুপাৰ কিংছে সৰ্বাধিক খেলুৱৈ মুকলি কৰাৰ বিপৰীতে ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিলামৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত সৰ্বাধিক পাৰ্চ আছে । কলকাতাই ৬৪.৩ কোটিৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিব ।

কোন ফ্ৰেঞ্চাইজিয়ে কোন খেলুৱৈক মুকলি কৰিলে-

কলকাতা নাইট ৰাইডাৰ্ছ : কলকাতা নাইট ৰাইডাৰ্ছে মুকলি কৰি দিছে আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, কুইণ্টন ডি কক, মইন আলী, আৰু এনৰিক নৰ্টজে । ফ্ৰেঞ্চাইজিটোৱে গুৰবাজ, স্পেন্সাৰ জনছন, চেতন ছাকাৰিয়া, আৰু লভনীথ ছিছ’দিয়াকো মুকলি কৰিছে ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ : আই পি এল ২০২৬ত লক্ষ্ণৌ দলত দেখা নাযাব এইসকলক- লক্ষ্ণৌ ছুপাৰ জায়েন্টছে আৰিয়ান জুয়াল, ডেভিদ মিলাৰ, যুৱৰাজ চৌধুৰী, ৰাজৱৰ্ধন হাংগ্ৰিকাৰ, শাৰ্দুল ঠাকুৰ, আকাশ দীপ, ৰবি বিষ্ণয়, শ্বামাৰ জোচেফক মুকলি কৰি দিছে ।

দিল্লী কেপিটেলছ : দিল্লী কেপিটেলছে জেক ফ্ৰেজাৰ-মেকগাৰ্ক, ফাফ ডু প্লেছিছ, ডোনাভান ফেৰেইৰা, চেডিকুল্লাহ অটল, মনৱন্ত কুমাৰ, দৰ্শন নলকাণ্ডে আৰু মোহিত শৰ্মাক মুকলি কৰি দিছে । দিল্লীৰ পাৰ্চত ২১.৮ কোটি টকা বাকী আছে । ইফালে কে এল ৰাহুলক ৰিটেইন কৰিছে দলটোৱে ।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু : ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ৰিলিজ কৰিছে লিয়াম লিভিংষ্টনক । লুংগি এনগিডি বহুলাংশে ৰিজাৰ্ভ খেলুৱৈ আছিল আৰু তেওঁকো ৰিসিজ দিয়া হৈছে । ৩ জুনত অনুষ্ঠিত হোৱা আই পি এলৰ ফাইনেলৰ পিছত কোনো মেচ নেখেলা যশ দয়ালক ৰিটেইন কৰিছে ফেঞ্চাইজিটোৱে । ইফালে আঘাতপ্ৰাপ্ত দেৱদত্ত পাদিক্কলৰ সলনি চুক্তিবদ্ধ হোৱা মায়ংক আগৰৱালাক ৰিলিজ কৰা হৈছে । স্বস্তিক চিকাৰা কোনো মেচ নেখেলাকৈয়ে ৰিলিজ হয় ।

পাঞ্জাব কিংছ : পঞ্জাব কিংছে মেক্সৱেল আৰু জোছ ইংলিছকে ধৰি এৰন হাৰ্ডি, কুলদীপ সেন আৰু প্ৰবীণ ডুবেক ৰিলিজ কৰিছে ।

মুম্বাই ইণ্ডিয়ানছ : আই পি এল ২০২৬ৰ বাবে মুম্বাই ইণ্ডিয়ানছে নিজৰ মূল দলটো ধৰি ৰাখিছে । ফ্ৰেঞ্চাইজিৰ পাৰ্চত ২.৭৫ কোটি টকা বাকী আছে । বেনয়ট জেকবছ, কে শ্ৰীজিথ, অৰ্জুন টেণ্ডুলকাৰ, ভিগ্ৰেশ পুথুৰ, কৰ্ণ শৰ্মা, লিজাদ উইলিয়ামছ, সত্যনাৰায়ণ ৰাজু, মুজীব উৰ ৰহমান, ৰিচ টপলীক মুকলি কৰি দিছে । মুঠ ৯ জন খেলুৱৈক মুকলি কৰি দিয়া হৈছে ।

ৰাজস্থান ৰয়েলছ : আই পি এল ২০২৬ৰ পূৰ্বে ৰাজস্থান ৰয়েলছে কুনাল ৰাথোড়, নীতিশ কুমাৰ ৰানা, ৱানন্দু হাছাৰংগা, অশোক শৰ্মা, কুমাৰ কাৰ্তিকেয়া, আকাশ মাধৱাল, মহীশ তীক্ষনা আৰু ফজলহক ফাৰুকীক মুকলি কৰি দিছে । ৰাজস্থানে ১৬.০৫ কোটিৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিব ।

চেন্নাই ছুপাৰ কিংছ : চেন্নাই ছুপাৰ কিংছে সৰ্বাধিক ১১ জন খেলুৱৈক মুকলি কৰি । চেন্নাইয়ে ৰিলিজ কৰিছে আন্দ্ৰে সিদ্ধাৰ্থ, ৰাহুল ত্ৰিপাঠী, বংশ বেদী, শ্বেখ ৰছিদ, দীপক হুদা, ৰাচিন ৰবিন্দ্ৰ, বিজয় শংকৰ, কমলেশ নগৰকোটি আৰু মথিশ পাথিৰানাক । চেন্নাইৰ পাৰ্চত বাকী আছে ৪৩.৪ কোটি ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ : ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰিলিজ কৰিছে অভিনৱ মনোহৰ, অথৰ্ব তাৰে, শচীন বেবী, উইলন মুল্ডাৰ, মহম্মদ ছামি, ছিমৰজীত সিং, ৰাহুল চাহাৰ আৰু আদম জাম্পাক ।

গুজৰাট টাইটানছ : গুজৰাট টাইটানছে মুকলি কৰি দিছে বেভন জেকবছ, কৰ্ণ শৰ্মা, কে এল শ্ৰীজিত, লিজাৰ্ড উইলিয়ামছ, মুজীব উৰ ৰহমান, পি এছ এন ৰাজু, ৰিছ টপলি আৰু ভিগনেশ পুথুৰক ।

লগতে পঢ়ক : অক্ষৰ পেটেল নে কুলদীপ যাদৱ? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্লেয়িং একাদশত কোনে পাব স্থান