কেতিয়া হ’ব আই পি এল ২০২৬ৰ নিলাম? জানক ১০ দলৰ পাৰ্ছ ভেল্যু

আই পি এল ২০২৬ৰ নিলাম

১৫ নৱেম্বৰ শনিবাৰে প্ৰকাশ পাবলগীয়া আই পি এলৰ ৰিটেনচন লিষ্ট চাবলৈ ক্ৰিকেট অনুৰাগীসকল আগ্ৰহেৰে ৰৈ আছে । ইয়াৰ দ্বাৰা আই পি এল ২০২৬ৰ নিলামত কোন কোন খেলুৱৈয়ে অংশ ল’ব সেয়া জানিব পৰা যাব । এই প্ৰতিবেদনত আই পি এলৰ নিলামৰ তাৰিখ, ১০টা দলৰ প্ৰতিটো দলৰ পাৰ্ছত কিমান টকা বাকী আছে আৰু পূৰ্বৰ সংস্কৰণৰ শীৰ্ষ তিনিজন খেলুৱৈৰ বাবে কোনটো দলে সৰ্বাধিক ধন খৰচ কৰিছিল, সেই বিষয়ে বিতংভাৱে আগবঢ়োৱা হৈছে ।

আই পি এল ২০২৬ৰ নিলাম ক’ত হ’ব ?

আই পি এলৰ নিলামৰ বাবে পছন্দৰ স্থান ভাৰত, কিন্তু খবৰ অনুসৰি ডিচেম্বৰ মাহত বিয়াৰ বতৰৰ বাবে ভাৰতৰ বাহিৰতো এই স্থানৰ কথা বিবেচনা কৰা হৈছে । ইউ এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আই পি এলৰ নিলাম ।

আই পি এলৰ ১০ টা দলৰ পাৰ্ছ ভেল্যু-

পঞ্জাৱ কিংছ- ৩৫ লাখ টকা

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ- ১০ লাখ টকা

গুজৰাট টাইটানছ- ১৫ লাখ টকা

দিল্লী কেপিটেলছ- ২০ লাখ টকা

চেন্নাই ছুপাৰ কিংছ- ৫ লাখ টকা

মুম্বাই ইণ্ডিয়ানছ- ১০ লাখ টকা

কলকাতা নাইট ৰাইডাৰ্ছ- ৫ লাখ টকা

ছানৰাইজাৰ্ছ হায়দৰাবাদ- ২০ লাখ টকা

ৰাজস্থান ৰয়েলছ- ৩০ লাখ টকা

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু- ৭৫ লাখ টকা

আই পি এলৰ ৰিটেনচন লিষ্ট প্ৰকাশ পোৱাৰ পিছত কোনবোৰ ফ্ৰেঞ্চাইজিয়ে কোন খেলুৱৈক মুকলি কৰিছে সেয়া জানিব পৰা যাব । ইয়াৰ ফলত এই পাৰ্ছত তেওঁলোকৰ ভেল্যু বৃদ্ধি পাব । উদাহৰণস্বৰূপে, যদি দিল্লী কেপিটেলছে ৫ কোটি মূল্যৰ এজন খেলুৱৈক মুকলি কৰি দিয়ে তেন্তে তেওঁলোকৰ পাৰ্চ ৫ কোটি ২০ লাখ টকালৈ বৃদ্ধি পাব ।

আই পি এলৰ ১০ টা দলৰ শীৰ্ষ ৩ গৰাকী দামী খেলুৱৈ-

পঞ্জাৱ কিংছঃ

শ্ৰেয়াছ আয়েৰ- ২৬.৭৫ কোটি টকা

অৰ্শদীপ সিং- ১৮ কোটি টকা

যুজবেন্দ্ৰ চাহাল- ১৮ কোটি টকা

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ

ঋষভ পন্ট- ২৭ কোটি টকা

নিকোলাছ পুৰাণ- ২১ কোটি টকা

ৰবি বিষ্ণই/মায়ংক যাদৱ- ১১ কোটি টকা

গুজৰাট টাইটানছঃ

ৰছিদ খান- ১৮ কোটি টকা

শুভমন গীল- ১৫.৫ কোটি টকা

জোছ বাটলাৰ- ১৫.৭৫ কোটি টকা

দিল্লী কেপিটেলছঃ

অক্ষৰ পেটেল– ১৬.৫ কোটি টকা

কে এল ৰাহুল- ১৪ কোটি টকা

কুলদীপ যাদৱ- ১৩.২৫ কোটি টকা

চেন্নাই ছুপাৰ কিংছঃ

ঋতুৰাজ গাইকোৱাদ- ১৮ কোটি টকা

ৰবীন্দ্ৰ জাডেজা- ১৮ কোটি টকা

মথিছা পাথিৰানা- ১৩ কোটি টকা

মুম্বাই ইণ্ডিয়ানছঃ

যশপ্ৰীত বুমৰাহ- ১৮ কোটি টকা

সূৰ্যকুমাৰ যাদৱ- ১৬.৩৫ কোটি টকা

হাৰ্দিক পাণ্ডিয়া- ১৬.৩৫ কোটি টকা

কলকাতা নাইট ৰাইডাৰ্ছঃ

ভেংকটেশ আয়েৰ- ২৩.৭৫ কোটি টকা

ৰিংকু সিং- ১৩ কোটি টকা

আন্দ্ৰে ৰাছেল, সুনীল নাৰিন, বৰুণ চক্ৰৱৰ্তী- ১২ কোটি টকা

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ

হেনৰিক ক্লাচেন- ২৩ কোটি টকা

পেট কামিন্স- ১৮ কোটি টকা

ট্ৰেভিছ হেড, অভিষেক শৰ্মা- ১৪ কোটি টকা

ৰাজস্থান ৰয়েলছঃ

যশস্বী জয়ছোৱাল – ১৮ কোটি টকা

সঞ্জু চেমচন – ১৮ কোটি টকা

ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ- ১৪ কোটি টকা

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুঃ

বিৰাট কোহলী- ২১ কোটি টকা

জোছ হেজলউড- ১২.৫০ কোটি টকা

ফিল ছল্ট- ১১.৫০ কোটি টকা

কেতিয়া হ’ব আই পি এল ২০২৬ৰ নিলাম ?

১৯ সংখ্যক আই পি এলৰ মিনি নিলাম অনুষ্ঠিত হ’ব, যিটো এদিন চলিব বুলি জানিব পৰা গৈছে । পূৰ্বৰ সংস্কৰণৰ মেগা নিলাম দুদিন ধৰি চলিছিল । ২০২৫ চনৰ ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৬ৰ নিলাম ।

লগতে পঢ়ক : টেষ্ট শৃংখলাৰ বাবে সাজু ঋষভ পন্ট; আত্মবিশ্বাসী ৰাহুল-জয়ছোৱাল আৰু জুৰেল

আই পি এল ২০২৬ : কেতিয়া আৰু ক’ত হ’ব নিলাম ?

আই পি এল ২০২৬

আৰম্ভ হৈছে আই পি এল ২০২৬ সংস্কৰণৰ উৎকণ্ঠা । ২০২৫ বছৰটো সমাপ্ত হবলৈ মাজত মাত্ৰ এটা মাহ বাকী । এনে সময়তে আই পি এল ২০২৬ সংস্কৰণক লৈ চলিছে চিন্তা-চৰ্চা তথা উৎকণ্ঠা ।

আবুধাবিত অনুষ্ঠিত হ’ব পাৰে আই পি এল ২০২৬ৰ মিনি নিলাম । ১৫-১৬ ডিচেম্বৰত বি চি চি আইয়ে এই নিলাম অনুষ্ঠিত কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল । এতিয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ডিচেম্বৰৰ তৃতীয় সপ্তাহত এই নিলাম অনুষ্ঠিত হ’ব পাৰে । এনে হ’লে তৃতীয়বাৰৰ বাবে বহিঃৰাষ্ট্ৰত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম । যোৱা দুটা ছিজনৰ নিলাম জেদ্দা আৰু ডুবাইত অনুষ্ঠিত হৈছিল ।

জেদ্দা আৰু ডুবাইৰ পিছত এইবাৰ আবুধাবিত আই পি এলৰ নিলাম অনুষ্ঠিত হ’ব পাৰে । পূৰ্বৰ জল্পনা-কল্পনাত এই নিলাম ভাৰতত অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল যদিও শেহতীয়া আপডেটত এই নিলাম আবুধাবিত অনুষ্ঠিত হ’ব বুলি কোৱা হৈছে ।

ইফালে সকলো দলে ১৫ নৱেম্বৰৰ ভিতৰত নিজৰ ৰিটেনচন লিষ্ট দাখিল কৰিব লাগিব । আনহাতে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত বৃহৎ ব্যৱসায়ৰ খবৰ আহিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সঞ্জু চেমছনে চেন্নাই ছুপাৰ কিংছত যোগদান কৰিব পাৰে, আনহাতে ৰবীন্দ্ৰ জাডেজা আৰু ছেম কাৰানে তেওঁৰ ঠাইত ৰাজস্থান ৰয়েলছত যোগদান কৰিব পাৰে । ইফালে মহিলা প্ৰিমিয়াৰ লীগৰ বাবে অহা ২৭ নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব এই নিলাম ।

উল্লেখ্য যে এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অনুষ্ঠিত হ’ব মিনি নিলাম । প্ৰতিটো দলে ১৫ জন খেলুৱৈক ধৰি ৰাখিব পাৰিব । নিলামত কিমানজন খেলুৱৈত বাজি লাগিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইফালে মহিলা প্ৰিমিয়াৰ লীগৰ পাঁচোটা দলে ৰিটেনচন লিষ্ট প্ৰকাশ কৰিছে । ডব্লিউ পি এলৰ দলসমূহে দীপ্তি শৰ্মা, ছফী এক্লেষ্টোন, এলিছা হিলী, হাৰ্লিন ডিঅ’ল, মেগ লেনিঙৰ দৰে বিশিষ্ট আৰু প্ৰবীণ খেলুৱৈক মুকলি কৰি দিছে ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?

অষ্ট্ৰেলিয়া ভ্ৰমণ সমাপ্ত… কেতিয়া হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ?  

টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ  

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত দখল কৰে ভাৰতীয় দলে । ৮ নৱেম্বৰ শনিবাৰে ব্রিজবেনৰ দ্য গাব্বাত অনুষ্ঠিত হয় এই শৃংখলাৰ অন্তিমখন মেচ ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । উল্লেখ্য যে, ২০০৮ চনৰ পৰা অষ্ট্ৰেলিয়াৰ মাটিত টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই টীম ইণ্ডিয়া । সেই ধাৰা পুনৰ ৰক্ষা কৰে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে ।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ছোৱাত টিম ইণ্ডিয়াই ৫ খন টি-২০ মেচ আৰু তিনিখন এদিনীয়া খেল খেলিছিল । শুভমন গীলৰ অধিনায়কত্বত ভাৰতে ১-২ ব্যৱধানত এদিনীয়া শৃংখলাত পৰাস্ত হয় । অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত ভাৰতীয় খেলুৱৈসকলে বিশেষ বিৰতি নাপাব । ভাৰতীয় দলটোৱে এতিয়া ঘৰুৱা মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া, পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিব ।

ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ১৪ নৱেম্বৰত কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব, য’ত এসপ্তাহতকৈও কম সময় বাকী আছে । ইয়াৰ পিছত ২২ নৱেম্বৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু অন্তিম টেষ্ট মেচ । টেষ্টৰ পিছতে আৰম্ভ হ’ব এদিনীয়া শৃংখলা । ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । দ্বিতীয়খন খেল ৩ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব আৰু অন্তিম এদিনীয়া ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব ।

কেতিয়া অনুষ্ঠিত হ’ব টি-২০ মেচ ?

এদিনীয়া খেলৰ পিছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাই পাঁচখন খেলৰ টি-২০ শৃংখলাত মুখামুখি হ’ব । ৯ ডিচেম্বৰত কটকত অনুষ্ঠিত হ’ব টি-২০ ছিৰিজৰ প্ৰথমখন মেচ । ইয়াৰ পিছত ১১ ডিচেম্বৰ (মুল্লানপুৰ), ১৪ ডিচেম্বৰ (ধৰমশালা), ১৭ ডিচেম্বৰ (লক্নৌ) আৰু ১৯ ডিচেম্বৰ (আহমেদাবাদ)ত অনুষ্ঠিত হ’ব টি-২০ মেচ ।

উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা দলে টেষ্ট শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে । টেষ্ট শৃংখলাত টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে শুভমন গীল, দক্ষিণ আফ্ৰিকাৰ দলৰ নেতৃত্ব দিব টেম্বা বাভুমাই । এদিনীয়া আৰু টি-২০ শৃংখলাৰ দল এতিয়াও চূড়ান্ত হোৱা নাই ।

টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়া :

শুভমন গীল (অধিনায়ক), ঋষভ পন্ট (উপ-অধিনায়ক/উইকেটকীপাৰ), যশস্বী জয়ছোৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, দেৱদত্ত পাদ্দিকল, ধ্ৰুৱ জুৰেল, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু আকাশ দীপ ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াত মেন ইন ব্লুৰ পৰাক্ৰম; ২-১ ব্যৱধানত শৃংখলা দখল ভাৰতীয় দলৰ

অষ্ট্ৰেলিয়াত মেন ইন ব্লুৰ পৰাক্ৰম; ২-১ ব্যৱধানত শৃংখলা দখল ভাৰতীয় দলৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল ভাৰতীয় দলৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ পঞ্চম আৰু অন্তিমখন খেল শনিবাৰে (৮ নৱেম্বৰ) ব্রিজবেনৰ গাব্বাত অনুষ্ঠিত হয় ৷ অৱশ্যে বৰষুণৰ বাবে মেচখন পৰিত্যক্ত ঘোষণা কৰা হয় । ধাৰাসাৰ বৰষুণৰ পূৰ্বে ভাৰতে ৪.৫ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৫২ ৰান সংগ্ৰহ কৰে । মেচখন পৰিত্যক্ত হোৱাৰ লগে লগে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ ব্যৱধানত টি-২০ শৃংখলাটো দখল কৰে ।

দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা কেনবেৰা টি-২০ মেচখনো বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল । ইয়াৰ পিছতে মেলবৰ্ণ টি-২০ মেচত অষ্ট্ৰেলিয়াই ৪ উইকেটত জয়লাভ কৰে । ভাৰতীয় দলটোৱে হোবাৰ্ট (৫ উইকেট) আৰু গোল্ড কোষ্ট (৪৮ ৰান) টি-২০ মেচত কেংগাৰু দলক পৰাস্ত কৰি শৃংখলাত শক্তিশালী প্ৰত্যাৱৰ্তন কৰে । উল্লেখ্য যে, ২০০৮ চনৰ পিছত অষ্ট্ৰেলিয়াই ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত জয়ী হোৱা নাই, যিটো ধাৰা এই ছিজনতো অব্যাহত থাকে ।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতে শুভমন গীল আৰু অভিষেক শৰ্মাৰ সৈতে বিস্ফোৰক আৰম্ভণি কৰে । দুয়োৰে মাজত অৰ্ধ শতকীয় অংশীদাৰিত্ব গঢ়ে । অভিষেকে চাৰি অভাৰত দুবাৰকৈ জীৱনদান পাইছিল ঠিকেই, কিন্তু শুভমনক আৰম্ভণিৰে পৰাই বিস্ফোক ৰূপত দেখা গৈছিল । অৱশ্যে বৰষুণে তেওঁলোকৰ প্ৰচেষ্টাত ব্যাঘাত জন্মায় ।

এই মেচৰ বাবে ভাৰতীয় দলৰ মূল একাদশত এটা পৰিৱৰ্তন কৰা হৈছিল । মেচখনত মিডল অৰ্ডাৰ বেটছমেন ৰিংকু সিঙক অন্তৰ্ভূক্ত কৰি তিলক বাৰ্মাক জিৰণি দিয়া হৈছিল । ইফালে, আয়োজক অষ্ট্ৰেলিয়া দলে গোল্ড কোষ্ট টি-২০ মেচত খেলা মূল একাদশ লৈয়ে খেলপথাৰত প্ৰৱেশ কৰিছিল ।

উল্লেখ্য যে, ভাৰত আৰু অষ্ট্ৰেলিয়াই এই পৰ্যন্ত ৩৭ খন টি-২০ মেচ খেলিছে । এই সময়ছোৱাত ভাৰতীয় দলে ২২খন মেচত জয়লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়ান দলটোৱে মাত্ৰ ১২খন খেলত জয়লাভ কৰিছে । তদুপৰি তিনিখন মেচ কোনো ফলাফল নোহোৱাকৈয়ে শেষ হয় । অৰ্থাৎ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অষ্ট্ৰেলিয়াতকৈ ভাৰতীয় দল যথেষ্ট আগবাঢ়ি আছে ।

লগতে পঢ়ক : বিবাদ নিস্পত্তিৰ বাবে সন্মতি ! ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

বিবাদ নিস্পত্তিৰ বাবে সন্মতি ! ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

ভাৰতে শীঘ্ৰেই এছিয়া কাপ ২০২৫ৰ ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই জনোৱা মতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীৰ মাজত বিবাদৰ সমাধান হোৱাৰ লগে লগে ২০২৫ বৰ্ষৰ এছিয়া কাপ বিজয়ী ভাৰতীয় দলে ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । তেওঁ কয়, বি চি চি আই আৰু পি চি বিৰ মুৰব্বী মহছিন নাকৱীয়ে এছিয়া কাপ ট্ৰফী বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ সংকল্প লৈছে ।

শইকীয়াই আৰু কয় যে আই চি চিৰ বৈঠকৰ আঁৰত নাকৱীৰ সৈতে আমি কথ পাতিছিলো । দুয়োপক্ষই অতি সোনকালে সমস্যাটো সমাধানৰ উপায় বিচাৰি উলিয়াব । তেওঁ লগতে কয় যে আলোচনা শেষ হৈছে, এতিয়া বিভিন্ন বিকল্পৰ কথা বিবেচনা কৰা হ’ব ।

আই চি চিৰ অনানুষ্ঠানিক আৰু আনুষ্ঠানিক দুয়োখন বৈঠকৰ অংশ আছিল বুলিও শইকীয়াই কয় । পি চি বিৰ অধ্যক্ষ মহছিন নাকৱীও এই বৈঠকত উপস্থিত থাকে । আনুষ্ঠানিক বৈঠকৰ সময়ত কাৰ্যসূচী নাছিল যদিও আই চি চিৰ এজন জ্যেষ্ঠ বিষয়া আৰু আন এজন জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত শইকীয়া আৰু পি চি বিৰ মুৰব্বীৰ মাজত পৃথক বৈঠকৰ ব্যৱস্থা কৰা হয় । বি চি চি আইৰ সচিবগৰাকীয়ে কয় যে অতি সোনকালে ইয়াৰ সমাধানৰ সন্ধান পোৱা যাব ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ; শৃংখলা দখলৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্য বাহিনী

ইণ্ডিয়া এ দলত অসম সন্তান ৰিয়ান পৰাগ

ভাৰতীয় দলত ৰিয়ান পৰাগ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে । তিলক বাৰ্মাক ভাৰতীয় এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ৰুতুৰাজ গাইকোৱাদে  উপ-অধিনায়ক হিচাপে দায়িত্ব পালন কৰিব । ঈশান কিষানকো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । এই ছিৰিজত ফাষ্ট বলাৰ অৰ্শদীপ সিঙকো খেলা দেখা যাব ।

ইফালে ইণ্ডিয়া এ দলত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে । ইণ্ডিয়া এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ১৩ নৱেম্বৰত, দ্বিতীয়খন ১৬ নৱেম্বৰত আৰু তৃতীয়খন ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব । তিনিওখন খেল ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । তিনিওখন মেচ দিবা-নৈশ ফৰ্মেটত অনুষ্ঠিত হ’ব ।

ইণ্ডিয়া এ দল :

তিলক বাৰ্মা (অধিনায়ক), ৰুতুৰাজ গাইকৱাদ (সহ-অধিনায়ক), অভিষেক শৰ্মা, ৰিয়ান পৰাগ, ঈশান কিষাণ (উইকেটকীপাৰ), আয়ুষ বদোনি, নিশান্ত সিন্ধু, বিপ্ৰজ নিগম, মানৱ সুথাৰ, হৰ্ষিত ৰানা, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, প্ৰভসিমৰণ সিং (উইকেটকীপাৰ)।

লগতে পঢ়ক : বিশ্বজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে কি কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

বিশ্বজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

বিশ্বজয়ী মহিলা ক্ৰিকেট দলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

ইতিহাস ৰচনা কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰে । এই ঐতিহাসিক জয়ৰ পিছত বিশ্বজয়ী মহিলা ক্ৰিকেট দলটোক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । নিজৰ টুইটাৰ হেণ্ডেলত এই সাক্ষাৎ আৰু খেলুৱৈসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সম্পূৰ্ণ ভিডিঅ’ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । বাৰ্তালাপৰ সময়ত টিম ইণ্ডিয়াৰ খেলুৱৈসকলে প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ অভিজ্ঞতা ভাগ-বতৰা কৰে । টিম ইণ্ডিয়াৰ সৈতে প্ৰশিক্ষক আমোল মুজমদাৰ আৰু বি চি চি আইৰ অধ্যক্ষ মিথুন মানহাছো উপস্থিত থাকে ।

আমোল মজুমদাৰে ক’লে এই কথা-

মহিলা ক্ৰিকেট দলটোৰ প্ৰশিক্ষক আমোল মজুমদাৰে এই কথা-বতৰাৰ আৰম্ভণি কৰে । তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয়, “আপোনাৰ বাসগৃহত উপস্থিত হৈ আমি বিশেষ অনুভৱ কৰিছো । ভাৰতৰ কন্যাসকলে সম্পন্ন কৰা এটা অভিযানৰ বিষয়ে ক’ম । তেওঁলোকে দুবছৰ লাগি আছিল । তেওঁলোকে বহুত কষ্ট কৰিছে । তেওঁলোকে প্ৰতিটো অনুশীলন অধিবেশনত নিজৰ সকলোখিনি দিছে । মই মাত্ৰ ক’ব পাৰো যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পাইছে ।”

প্ৰধানমন্ত্ৰী মোদীক কি ক’লে হৰমনপ্ৰীতে ?

ইয়াৰ পিছত হৰমনপ্ৰীতে কয়, “মোৰ এতিয়াও মনত আছে যে আমি আপোনাক ২০১৭ চনত লগ পাইছিলো, কিন্তু আমি ট্ৰফী আনিব পৰা নাছিলো । ইমান বছৰে আমি কষ্ট কৰি ট্ৰফী অনাটো আমাৰ বাবে এক সন্মানৰ কথা আৰু আপুনি আমাৰ আনন্দ আৰু দুগুণ বৃদ্ধি কৰিছে । আমাৰ লক্ষ্য হৈছে ভৱিষ্যতে আপোনাক আৰু সঘনাই লগ পোৱা । আমি আপোনাৰ আৰু দলৰ সৈতে ফটো উঠি থাকিব বিচাৰো ।”

ট্ৰলাৰক লক্ষ্য কৰি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আপোনালোক সকলোৱে সঁচা অৰ্থত এক উল্লেখযোগ্য কাম কৰিছে । ভাৰতত ক্ৰিকেট কেৱল খেল নহয়; ই মানুহৰ জীৱন হৈ পৰিছে । যদি কথাবোৰ ভাল হয় তেন্তে মানুহৰ ভাল লাগে । কিন্তু সামান্যও ইফাল-সিফাল হয় তেন্তে সমগ্ৰ ভাৰত কঁপি যায় । যেতিয়া আপোনালোকে একেৰাহে তিনিখন মেচত পৰাস্ত হৈছিল, তেতিয়া ট্ৰলিং আৰ্মী আপোনালোকৰ পিছত লাগি যায় ।”

প্ৰধানমন্ত্ৰী মোদীক প্ৰেৰণাৰ উৎস আখ্যা মান্ধানাৰ-

তাৰ পিছত স্মৃতি মান্ধানাই কয়, “যেতিয়া আমি ২০১৭ চনত ভাৰতলৈ ট্ৰফী আনিব পৰা নাছিলো, তেতিয়া আমি আপোনালোকক আমাৰ আশাৰ বিষয়ে এটা প্ৰশ্ন কৰিছিলো, আৰু আপোনাৰ উত্তৰটো অতি আশাব্যঞ্জক আছিল । তাৰ পিছত আমি পৰৱৰ্তী ছয়-সাত বছৰ ধৰি বহুত কষ্ট কৰিলোঁ, কিন্তু আমি বহুবাৰ বিফল হৈছিলো । কিন্তু ইয়াক ভাগ্য বুলি কওক যে আমি ভাৰতত প্ৰথম মহিলা ক্ৰিকেট বিশ্বকাপ জয় কৰিছো । আপুনি সদায় সকলোৰে বাবে প্ৰেৰণা হৈ আহিছে । ছোৱালীসকলে প্ৰতিটো ক্ষেত্ৰতে ভাল প্ৰদৰ্শন কৰি আহিছে । সকলোতে ছোৱালীক ভাল কাম কৰা থকা দেখি আমি প্ৰেৰিত হৈছোঁ । আমি সদায় আৰু ভাল কাম কৰিবলৈ আৰু ছোৱালীসকলক প্ৰেৰণা দিবলৈ চেষ্টা কৰিম ।’

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টি ২০ মেচ; শৃংখলাত অগ্ৰগতিৰ লক্ষ্য সূৰ্য বাহিনীৰ

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টি ২০ মেচ; শৃংখলাত অগ্ৰগতিৰ লক্ষ্য সূৰ্য বাহিনীৰ

ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টি ২০ মেচ

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ চতুৰ্থখন টি ২০ মেচ । গোল্ড কোষ্টৰ কেৰাৰা অ’ভেলত অনুষ্ঠিত হ’ব এই মেচ । দুপৰীয়া ১:৪৫ বজাৰ পৰা আৰম্ভ হ’ব খেলখন । বৰ্তমান এই শৃংখলাটো ১-১ ব্যৱধানত সমতাত আছে । কেনবেৰাৰ প্ৰথমখন টি ২০ মেচ বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল । আনহাতে মেলবৰ্ণৰ দ্বিতীয়খন টি-২০ মেচত অষ্ট্ৰেলিয়াই ৪ উইকেটত জয়লাভ কৰে । ইয়াৰ পিছতে হোবাৰ্টৰ তৃতীয়খন টি-২০ মেচত ভাৰতে ৫ উইকেটত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰে ।

আজিৰ মেচত ভাৰতীয় দলটোৱে নিজৰ মূল একাদশত ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা নাই । হোবাৰ্টত খেলা একেটা দলেই গোল্ড কোষ্টত খেলাৰ সম্ভাৱনা আছে । ইফালে, ট্ৰেভিছ হেড আৰু শ্বীন এবট অষ্ট্ৰেলিয়াৰ দলত নাথাকিব । এছেজৰ বাবে হেড ছিৰিজৰ পৰা আঁতৰি আহিছে । এই মেচৰ বাবে গ্লেন মেক্সৱেল দললৈ ঘূৰি আহিব পাৰে ।

অৱশ্যে গোল্ড কোষ্টত ভাৰতীয় দলটোৱে জয়লাভ কৰিলে অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনীৰ পৰম্পৰা অব্যাহত ৰাখিব পাৰিব । এনে পৰিস্থিতিত টিম ইণ্ডিয়াই এই মেচত সকলো প্ৰচেষ্টা চলাব ।

২০১২ চনৰ পৰা অষ্ট্ৰেলিয়াই নিজৰ দেশত টি-২০ শৃংখলাত ভাৰতক পৰাস্ত কৰিব পৰা নাই । সেয়েহে মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ পিছত এতিয়া সূৰ্য্যকুমাৰ যাদৱৰ কান্ধত এক উল্লেখযোগ্য দায়িত্ব থাকিব ।

উল্লেখ্য যে, দুয়োখন দেশৰ মাজত হোৱা বিগত পাঁচখন টি-২০ শৃংখলাত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ মাটিত মাত্ৰ এবাৰহে (২০০৮ চনত) পৰাস্ত হৈছে । তেতিয়া ধোনী আছিল ভাৰতৰ অধিনায়ক । সেই সময়ত কেংগাৰুৱে ভাৰতীয় দলটোক ৯ উইকেটত পৰাস্ত কৰিছিল আৰু শৃংখলাত জয়লাভ কৰিছিল । তাৰ পিছত কেংগাৰুৱে ভাৰতৰ বিৰুদ্ধে কেতিয়াও শৃংখলা দখল কৰিব পৰা নাই ।

২০১২ চনত অনুষ্ঠিত পৰৱৰ্তী ছিৰিজখন ধোনীৰ নেতৃত্বত ১-১ ব্যৱধানত সমতা স্থাপন হৈছিল । ছিডনীত অনুষ্ঠিত প্ৰথমখন মেচত ভাৰত ৩১ ৰাণত পৰাস্ত হয় যদিও দ্বিতীয় টি ২০ মেচত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰে ।

ইয়াৰ পাছত ২০১৬ চনত ধোনীৰ অধিনায়কত্বত ভাৰতে অষ্ট্ৰেলিয়াক ৩-০ ব্যৱধানত পৰাস্ত কৰে । ইয়াৰ পাছত ২০১৮ চনত কোহলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে টি-২০ শৃংখলাত ১-১ ব্যৱধানত সমতা স্থাপন কৰে । ২০২০ চনত বিৰাট কোহলীৰ অধিনায়কত্বত পুনৰবাৰ ভাৰতে অষ্ট্ৰেলিয়াত টি-২০ শৃংখলা ২-১ ব্যৱধানত জয়লাভ কৰে ।

অৰ্থাৎ ধোনী আৰু কোহলীৰ অধিনায়ক হিচাপে থকা সময়ছোৱাত টি-২০ শৃংখলাত যি পৰম্পৰা প্ৰচলিত হৈ আহিছে, সেই পৰম্পৰাক সূৰ্য্যই আগুৱাই নিব বিচাৰিব । গোল্ড কোষ্ট টি ২০ মেচত জয়লাভ কৰিলে ভাৰত শৃংখলাত আগবাঢ়িব । ৮ নৱেম্বৰত ব্রিজবেনৰ গাব্বাত জয়লাভ কৰিলে শৃংখলাটো ৩-১ ব্যৱধানত জয়ী হ’ব আৰু সেই মেচখনত পৰাস্ত হ’লেও শৃংখলাটো ২-২ ব্যৱধানত সমাপ্ত হ’ব ৷

গোল্ড কোষ্ট টি-২০ৰ বাবে ভাৰতৰ সাম্ভাব্য মূল একাদশ :

শুভমন গীল, অভিষেক শৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, জিতেশ শৰ্মা (উইকেটকীপাৰ), শিৱম ডুবে, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ

এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ

নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত-পাকিস্তান!

১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এ চি চি ৰাইজিং ষ্টাৰছ টুৰ্ণামেন্ট । ১৬ নৱেম্বৰত এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হোৱাৰ কথা । পূৰ্বে এ চি চি ইমাৰ্জিং টিমছ এছিয়া কাপ নামেৰে পৰিচিত এই প্ৰতিযোগিতাখন এতিয়া টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতাখন । ১৬ নৱেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচ ।

টুৰ্ণামেণ্টৰ সূচী চালে দুয়োটা ডাঙৰ প্ৰতিদ্বন্দ্বী দলে দুখন মেচত পৰস্পৰে মুখামুখি হ’ব পাৰে । ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনো দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’ব পাৰে ।

ভাৰত আৰু পাকিস্তানে কেনেকৈ দুবাৰ মুখামুখি হ’ব-

গ্ৰুপ এত আফগানিস্তান, বাংলাদেশ, হংকং আৰু শ্ৰীলংকা আছে । গ্ৰুপ বিত ভাৰত, ওমান, পাকিস্তান আৰু ইউ এ ই আছে ।

২১ নৱেম্বৰত দুখন ছেমি ফাইনেল আছে । প্ৰথমখন ছেমি ফাইনেলত গ্ৰুপ এৰ ১ নং দলে গ্ৰুপ বিৰ ২ নং দলৰ বিৰুদ্ধে খেলিব, আনহাতে দ্বিতীয় ছেমি ফাইনেলত গ্ৰুপ বিৰ ১ নং দলৰ বিৰুদ্ধে গ্ৰুপ এৰ ২ নং দলে খেলিব । তাৰ পিছত ২৩ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব ।

যিহেতু গ্ৰুপ বিত ভাৰত আৰু পাকৰ উপৰিও ওমান আৰু ইউ এ ইৰ দৰে দুৰ্বল দল অন্তৰ্ভুক্ত হৈছে, গতিকে ধাৰণা কৰা হৈছে যে ওমান আৰু ইউ এ ইয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব । এই দৃশ্যপটত ভাৰত আৰু পাকিস্তান হ’ব গ্ৰুপ বিৰ দুটা দল যিয়ে ছেমি ফাইনেলত গ্ৰুপ এৰ দুটা দলৰ সৈতে মুখামুখি হ’ব । যদিহে ভাৰত আৰু পাকিস্তানে ছেমি ফাইনেলত জয়লাভ কৰে তেন্তে ফাইনেললৈ আগবাঢ়িব পাৰে ।

ছেপ্টেম্বৰ মাহত এছিয়া কাপৰ পিছত ভাৰত আৰু পাকিস্তান পুৰুষ দলৰ মাজত হ’ব এইখন প্ৰথম ক্ৰিকেট সংঘৰ্ষ । অৱশ্যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত দুয়োখন দেশৰ মহিলা দলৰ মুখামুখি হৈছিল । পুৰুষৰ দলে এছিয়া কাপত খেলা সময়ত দুয়োখন দেশৰ খেলুৱৈৰ মাজত কোনো ধৰণৰ হাত মিলোৱা বা আনুষ্ঠানিক অভিবাদন হোৱা নাছিল ।

ইণ্ডিয়া এৰ ৰাইজিং এছিয়া কাপৰ দলঃ  

প্ৰিয়ংশ আৰ্য্য, বৈভৱ সূৰ্যবংশী, নেহাল ৱাধেৰা, নমন ধীৰ (উপ-অধিনায়ক), সূৰ্য্যংশ শ্বেজদে, জিতেশ শৰ্মা (অধিনায়ক, উইকেটকীপাৰ), ৰমনদীপ সিং, হৰ্ষ ডুবে, আশুতোষ শৰ্মা, যশ ঠাকুৰ, গুৰজপনীত সিং, বৈশাখ বিজয় কুমাৰ, যুধবীৰ সিং চৰক, অভিষেক পোৰেল (উইকেটকীপাৰ), সুৱাশ শৰ্মা ।

ষ্টেণ্ডবাই খেলুৱৈ : গুৰনুৰ সিং ব্ৰাৰ, কুমাৰ কুশাগ্ৰা, তনুষ কোটিয়ান, সমীৰ ৰিজৱী আৰু শ্বেখ ৰছিদ ।

এ চি চি ৰাইজিং ষ্টাৰছ টুৰ্ণামেণ্টৰ সূচী-

১৪ নৱেম্বৰ : ওমান বনাম পাকিস্তান; ভাৰত বনাম ইউ এ ই

১৫ নৱেম্বৰ : বাংলাদেশ বনাম হংকং; আফগানিস্তান বনাম শ্ৰীলংকা

১৬ নৱেম্বৰ : ওমান বনাম ইউ এ ই; ভাৰত বনাম পাকিস্তান

১৭ নৱেম্বৰ : হংকং বনাম শ্ৰীলংকা; আফগানিস্তান বনাম বাংলাদেশ

১৮ নৱেম্বৰ : পাকিস্তান বনাম ইউ এ ই; ভাৰত বনাম ওমান

১৯ নৱেম্বৰ: আফগানিস্তান বনাম হংকং; বাংলাদেশ বনাম শ্ৰীলংকা

২১ নৱেম্বৰ : ছেমিফাইনেল – গ্ৰুপ এ নং ১ দল বনাম গ্ৰুপ বি নং ২ দল

গ্ৰুপ খ নং ১ দল বনাম গ্ৰুপ এ নং ২ দল

২৩ নৱেম্বৰ : ফাইনেল

লগতে পঢ়ক : ৩৭ বছৰীয়া হ’ল বিৰাট কোহলী… ভাৰতীয় ক্ৰিকেটক নতুন উচ্চতা প্ৰদান কৰা কিং কোহলীৰ ওপজা দিন