আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলাৰ প্ৰথমখন মেচ; মূল একাদশ গঠনত প্ৰত্যাহ্বান

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলাৰ প্ৰথমখন মেচ

এদিনীয়া শৃংখলাৰ পিছত ভাৰতীয় দলটো এইবাৰ টি ২০ শৃংখলাৰ বাবে সাজু হৈছে । আজিৰে পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা খেলিব ভাৰতীয় দলে । এই শৃংখলাৰ প্ৰথমখন মেচ কেনবেৰাৰ মেনুকা অভালত অনুষ্ঠিত হ’ব । এই ছিৰিজ ভাৰতৰ যুৱ খেলুৱৈসকলৰ বাবে নিজকে প্ৰমাণ কৰাৰ এক সুন্দৰ সুযোগ হ’ব । কিন্তু প্ৰথমখন মেচ আৰম্ভ হোৱাৰ পূৰ্বে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল প্ৰথমখন টি-২০ত ভাৰতৰ মূল একাদশত কোন কোন থাকিব ?

গীল-অভিষেকে মুকলি কৰিব ইনিংছ-

শুভমন গীল আৰু অভিষেক শৰ্মাৰ যুটিয়ে ভাৰতে ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে । দুয়োজন খেলুৱৈয়ে তেওঁলোকৰ সোঁ-বাওঁ হাতৰ সংমিশ্ৰণেৰে পাৱাৰপ্লেত আক্ৰমণাত্মক আৰম্ভণি প্ৰদান কৰিবলৈ সক্ষম । গীলৰ ক্লাছিক টাইমিং আৰু অভিষেকৰ নিৰ্ভীক খেল এই খেলপথাৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে । শেহতীয়াকৈ অভিষেক শৰ্মাই উৎকৃষ্ট ফৰ্মত আছে আৰু দল পৰিচালনাই তেওঁক ধাৰাবাহিকভাৱে সুযোগ দিব বিচাৰিছে ।

তিলক নে ছেমছন- কোনে পাব সুযোগ ?

এই টি ২০ শৃংখলাত মিডল অৰ্ডাৰত দলৰ মেৰুদণ্ড হিচাপে প্ৰমাণিত হ’ব পাৰে তিলক বাৰ্মা । সীমিত অভাৰৰ ক্ৰিকেটত পৰিপক্কতা প্ৰদৰ্শন কৰিছে বাওঁহাতৰ বেটছমেনগৰাকীয়ে । উইকেটকীপাৰৰ ভূমিকাত সঞ্জু ছেমছন আৰু জিতেশ শৰ্মাৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দল পৰিচালনা । অষ্ট্ৰেলিয়াৰ পৰিস্থিতিত ছেমছনৰ অভিজ্ঞতা অধিক, গতিকে তেওঁৰ সুবিধা পাব পাৰে । তেওঁৰ বহুমুখী বেটিঙে মিডল অৰ্ডাৰক গতিশীলতা প্ৰদান কৰে ।

ইফালে হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত শিৱম ডুবে আৰু অক্ষৰ পেটেল দলৰ প্ৰাথমিক অল-ৰাউণ্ডাৰ হিচাপে পৰিগণিত হ’ব । শিৱম ডুবে নিজৰ শক্তিশালী হিটিং আৰু ছিম বলিঙৰ জৰিয়তে খেলপথাৰত ভাৰসাম্য আনে । ইফালে অক্ষৰ পেটেল সঠিক বলিং আৰু উপযোগী বেটিঙৰ বাবে মূল একাদশত নিৰ্বাচন প্ৰায় নিশ্চিত ।

বুমৰাহক সমৰ্থন কৰিব অৰ্শদীপ-হৰ্ষিতে-

ফাষ্ট বলিং বিভাগত টিম ইণ্ডিয়াৰ এক শক্তিশালী ত্ৰিকোণীয় যুটী আছে । অৰ্শদীপ সিঙে যশপ্ৰীত বুমৰাহৰ সৈতে নতুন বল চম্ভালিব, আনহাতে হৰ্ষিত ৰাণাই তৃতীয় বেগী বলাৰ হিচাপে অভিষেক ঘটোৱাৰ সুযোগ পাব পাৰে । শেহতীয়া এদিনীয়া শৃংখলাত হৰ্ষিতে সকলোকে আপ্লুত কৰিছিল । তেওঁৰ আক্ৰমণাত্মক বলিং অষ্ট্ৰেলিয়াৰ পিটছত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ।

স্পীনত কুলদীপৰ সম্ভাৱনা-

স্পীন বিভাগত কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীৰ মাজত ঘনিষ্ঠ প্ৰতিযোগিতা । অৱশ্যে অষ্ট্ৰেলিয়াত কুলদীপৰ উৎকৃষ্ট অভিলেখ আছে । তেওঁ গড়ে ১৬.৫০ আৰু ইকনমি ৫.৫০ ৰে বলিং কৰিছে । তেওঁৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি দলে হয়তো কুলদীপৰ ওপৰত নিৰ্ভৰ কৰিব । অক্ষৰ পেটেল দ্বিতীয় স্পীনাৰ হিচাপে দলত থাকিব ।

ভাৰতৰ সাম্ভাব্য মূল একাদশ-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমনন গীল, অভিষেক শৰ্মা, তিলক বাৰ্মা, সঞ্জু ছেমছন (উইকেটকীপাৰ), অক্ষৰ পেটেল, হৰ্ষিত ৰাণা, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, কুলদীপ যাদৱ ।

লগতে পঢ়ক : আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল; বৰ্ষাপাৰাত ইংলেণ্ড-দক্ষিণ আফ্ৰিকাৰ যুঁজ

দ্বিতীয় এদিনীয়াটো ভাৰতীয় দলৰ পৰাজয়; অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অৰ্ধশতক

এডিলেইডত পৰাজয়ৰ সন্মুখীন ভাৰতীয় দল

এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াটো পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল । মেথিউ শ্বৰ্ট আৰু কুপাৰ কনলিৰ শক্তিশালী ইনিংছৰ সহায়ত এই মেচত কেংগেৰু বাহিনীয়ে ভাৰতীয় দলক দুই উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই তিনিখন মেচৰ শৃংখলাত ২-০ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাৰ লগতে শৃংখলা দখল কৰিছে । প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ২২টা বল বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই ৮ উইকেটত জয়লাভ কৰে । উল্লেখ্য যে, ১৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এডিলেইডত ভাৰতীয় দল এদিনীয়া মেচত পৰাস্ত হৈছে ।

এদিনীয়াৰ অধিনায়ক হিচাবে অভিষেক ঘটোৱা শুভমন গীলৰ বাবে এই শৃংখলা সুখকৰ নাছিল । দ্বিতীয়খন মেচত পৰাস্ত হোৱাৰ লগে লগে অধিনায়ক হিচাপে তেওঁ প্ৰথমটো শৃংখলা হেৰুৱাইছে । ভাৰতীয় বলাৰসকলে ২৬৪ ৰান ৰক্ষা কৰাত ব্যৰ্থ হয় । ৰোহিত শৰ্মা (৭৩) আৰু শ্ৰেয়াছ আয়াৰ (৬১)ৰ অৰ্ধশতকো এই পৰাজয়ৰ লগ লগে অখলে যায় ।

মেথিউ শ্বৰ্ট আৰু কুপাৰ কনলিৰ শক্তিশালী ইনিংছ-

২৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰা অষ্ট্ৰেলিয়াৰ আৰম্ভণি দুৰ্বল আছিল । অধিনায়ক মিচেল মাৰ্ছে ১১ ৰান আৰু ট্ৰেভিছ হেডে ২৮ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । অনভিজ্ঞ মিডল অৰ্ডাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক লক্ষ্যত উপনীত হ’বলৈ দিয়াৰ সম্ভাৱনা কম যেন লাগিছিল যদিও তৃতীয় নম্বৰৰ শ্বৰ্টৰ লগতে মেট ৰেনশ্ব’ (৩০ বলত ৩০) প্ৰথমে তৃতীয় উইকেটৰ বাবে ১৫৫ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক বিপদৰ পৰা মুক্ত কৰে ।

অৱশ্যে ইয়াৰ পাছত খেলৰ গতি পুনৰ ভাৰতৰ হাতলৈ যায় । ৰেনশ্ব’ আউট হোৱাৰ পিছত এলেক্স কেৰীয়েও মাত্ৰ ৯ ৰানতে পেভিলিয়নমুখী হয । ১৩২ ৰানত ৪ উইকেট হেৰুৱাই কেংগাৰু বাহিনীয়ে । ভাৰতে পুনৰ মেচখনত প্ৰত্যাৱৰ্তন কৰিব যেন লাগিছিল যদিও কিন্তু কুপাৰ কনলিয়ে এই আশাত চেঁচা পানী ঢালে । শ্বৰ্টে তৃতীয়টো এদিনীয়া অৰ্ধশতক অৰ্জন কৰে । তেওঁ ৭৮টা বলত ৭৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । তেওঁৰ এই ইনিংছত ২ টা ছয় আৰু চাৰিটা চাৰি আছিল ।

শ্বৰ্ট আউট হোৱাৰ পিছত ভাৰতৰ আশা পুনৰ সজীৱ হৈ উঠিছিল যদিও মিচেল ওৱেনে প্ৰত্যাক্ৰমণ কৰে । মাত্ৰ ২৩টা বলত দুটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৩৬ ৰান সংগ্ৰহ কৰে তেওঁ । কুপাৰ কনলিয়ে ৫৩টা বলত অপৰাজিত ৬১ ৰান সংগ্ৰহ কৰি ৫টা চাৰি আৰু এটা ছয় কৰে । অপৰাজিত হৈ থকা কনলিয়ে এই মেচত অষ্ট্ৰেলিয়াৰ জয় নিশ্চিত কৰে ।

ভাৰতৰ হৈ অৰ্শদীপ সিং, হৰ্ষিত ৰানা, ৱাশ্বিংটন সুন্দৰে ২টাকৈ আৰু মদম্মদ ছিৰাজ, অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে ।

অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অৰ্ধশতক-

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰে ভাৰতীয় দলে । ৰোহিত শৰ্মাই ৯৭ বলত ৭৩ ৰান, শ্ৰেয়াছ আয়াৰে ৭৭ বলত ৬১ ৰান আৰু অক্ষৰ পেটেলৰ ৪১ বলত ৪৪ ৰানৰ সহায়ত ভাৰতে ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে । লেগ স্পীনাৰ এডাম জাম্পাই অষ্ট্ৰেলিয়াৰ হৈ ৬০ ৰানত ৪টা উইকেট দখল কৰে । বেটছমেনৰ অধিকাংশই তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আউট হৈছিল । বেগী বলাৰ জেভিয়াৰ বাৰ্টলেটে ৩৯ ৰানত তিনিটা উইকেট দখল কৰে । বিৰাট কোহলীৰ বহুমূলীয়া উইকেটটোও তেওঁ লয় ।

লগতে পঢ়ক : ছন্দপতন ! দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী

ছন্দপতন ! দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী

দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী

ভাৰতৰ প্ৰবীণ বেটছমেন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি থকা পৰিলক্ষিত হৈছে । এই পৰ্যন্ত দুখন মেচত কোনো ৰান নকৰাকৈ আউট হৈছে কোহলী ।

পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিনৰ অন্তত প্ৰত্যাৱৰ্তন ঘটাইছিল এই প্ৰবীণ বেটছমেনগৰাকীয়ে । সকলোৱে আশা কৰিছিল দীৰ্ঘদিনৰ অন্তত প্ৰত্যাৱৰ্তন ঘটোৱা কিং কোহলীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াব । কিন্তু এই আশাত চেঁচা পানী ঢালে তাৰকা বেটছমেনজনে । মেচখনত শূণ্যতে আউট হয় বেটছমেনগৰাকী । ইয়াৰ পিছতে দ্বিতীয়খন এদিনীয়াত কোহলীয়ে নিজৰ ছন্দ ঘূৰাই পাব বুলি আশা কৰা হৈছিল যদিও এইখন মেচতো আশাহত হয় অনুৰাগী । আজি এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন মেচতো শূণ্যতে পেভিলিয়নমুখী হয় বিৰাট কোহলী ।

ইফালে এই মেচত যেতিয়া কোহলী আউট হোৱাৰ পিছত পেভিলিয়নলৈ উভতি আহিছিল তেতিয়া তেওঁ দৰ্শকৰ প্ৰতি হাত জোকাৰিছিল । ইয়াৰ পিছতে এতিয়া কোহলীয়ে এদিনীয়া খেলৰ পৰাও অৱসৰৰ ইংগিত দিছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।

এদিনীয়া কেৰিয়াৰত প্ৰথমবাৰৰ বাবে একেৰাহে শূণ্যত আউট-

অভিজ্ঞ ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ছন্দলৈ ঘূৰি অহাৰ বাবে কষ্টকৰ সংগ্ৰাম কৰি আছে । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাৰ লক্ষ্য ৰখা বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে একেৰাহে দুখন মেচত কোনো ৰান নকৰাকৈ আউট হয় । এদিনীয়া কেৰিয়াৰত কোহলী একেৰাহে দুখন মেচত শূণ্যত আউট হৈছে । ইয়াৰ পূৰ্বে এডিলেইডত কোহলীৰ অভিলেখ অত্যন্ত ভাল আছিল যদিও এইবাৰ তেওঁৰ প্ৰিয় খেলপথাৰত ডাঙৰ ইনিংছ খেলিবলৈ ব্যৰ্থ হয় ।

প্ৰথমে বেটিং কৰি ভাৰতে পাৱাৰপ্লে’তে দুটা উইকেট হেৰুৱাইছিল । দ্বিতীয় অভাৰত জেভিয়াৰ বাৰ্টলেটে ভাৰতক দুটা আঘাত দিয়ে । তেওঁ প্ৰথমে অধিনায়ক শুভমন গীলক আউট কৰে আৰু তাৰ পিছত কোহলীক এল বি ডব্লিউ কৰে । বাৰ্টলেটৰ আবেদনত আম্পায়াৰে কোহলীক আউট দিছিল যদিও বিৰাট কোহলীয়ে ডি আৰ এছ ল’ব বিচাৰিছিল । অৱশ্যে আনটো মূৰত থিয় হৈ ৰোহিতে তেওঁক ডি আৰ এছ নল’বলৈ পৰামৰ্শ দিছিল কাৰণ তেওঁ জানিছিল যে কোহলী আউট হৈছে । বিৰাটে নিজৰ পূৰ্বৰ অধিনায়কৰ কথা শুনি পেভিলিয়নলৈ উভতি আহে ।

দৃষ্টি আকৰ্ষণ কৰিছে বিৰাট কোহলীৰ ইংগিতে-

কোহলীৰ আউট হোৱাৰ পিছত অনুৰাগীসকল হতাশ হৈ পৰে । তেওঁ ড্ৰেছিং ৰুমলৈ উভতি অহাৰ সময়ত তেওঁ যিদৰে দৰ্শকৰ প্ৰতি হাত জোকাৰিছিল সেয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । উইকেট হেৰুৱাই পেভিলিয়নলৈ উভতি অহাৰ সময়ত কোহলীয়ে ৰাইজক সম্ভাষণ জনাবলৈ হাত দাঙি ধৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াক কোহলীৰ অৱসৰৰ সৈতে জড়িত কৰিছে একাংশ অনুৰাগী তথা বিশ্লেষকে । এতিয়া কোহলীয়ে এদিনীয়া খেলৰ পৰাও অৱসৰ লোৱাৰ ইংগিত দিছে নেকি সেই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আলোচনা তীব্ৰতৰ হৈ পৰিছে ।

লগতে পঢ়ক : এছিয়া কাপ ট্ৰফীক লৈ বি চি চি আইয়ে ল’লে ডাঙৰ সিদ্ধান্ত!

ভাৰতক এছিয়া কাপৰ ট্ৰফী লাগিবই ! মহছিন নাকভিলৈ কঠোৰ বাৰ্তা বিচিচিআইৰ

ভাৰতক গতাবই লাগিব এছিয়া কাপৰ ট্ৰফী

শেহতীয়াকৈ ভাৰতীয় দলটোৱে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ত জয়লাভ কৰে । এই জয়ৰ পাছতে ভাৰতীয় দলটোৱে এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী মহছিন নাকৱীৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । ইয়াৰ পিছতে নাকভিয়ে ট্ৰফী লৈ ডুবাইৰ এখন হোটেললৈ উভতি আহে । পাকিস্তানলৈ ঘূৰি যোৱাৰ পূৰ্বে তেওঁ এ চি চিৰ কাৰ্যালয়ত এই ট্ৰফী থৈ গৈছিল । কিন্তু নাকভিয়ে ভাৰতীয় দলৰ হাতত ট্ৰফী গতাই দিবলৈ অস্বীকাৰ কৰে । নকভিয়ে সূৰ্যকুমাৰ যাদৱক এ চি চিৰ কাৰ্যালয়লৈ আহি ট্ৰফী সংগ্ৰহ কৰিবলৈ কৈছিল ।

শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এ চি চিৰ মুৰব্বী মহছিন নাকভিলৈ আনুষ্ঠানিক ইমেইল প্ৰেৰণ কৰি বিজয়ী দলটোক অতি সোনকালে ট্ৰফী প্ৰদান কৰিবলৈ জনাইছে । এক সাক্ষাৎকাৰত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কয় যে, “আমি এ চি চিলৈ পত্ৰ লিখি চেম্পিয়ন দলটোক ট্ৰফী প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো । আমি তেওঁলোকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো । সঁহাৰি যদি নেতিবাচক হয় বা নাহে তেন্তে আমি আইচিচিলৈ লিখিম । আমি খোজৰ পিছত খোজ আগবাঢ়িছো আৰু আগুৱাই যাম ।”

দেৱজিৎ শইকীয়াই স্পষ্ট কৰি দিছে যে যদি মহছিন নাকভিয়ে এছিয়া কাপৰ ট্ৰফী ঘূৰাই দিবলৈ সন্মত নহয় তেন্তে বি চি চি আইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । শইকীয়াই স্পষ্ট কৰি দিয়ে যে এছিয়া কাপৰ ট্ৰফী যদি ভাৰতক ঘূৰাই নিদিয়ে তেন্তে বি চি চি আইয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ লিখিব । উল্লেখ্য যে, মহছিন নাকভি পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰো অধ্যক্ষ ।

বিগত ২৮ ছেপ্টেম্বৰত ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ ফাইনেলত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে । ভাৰতীয় খেলুৱৈসকলে ইতিমধ্যে স্পষ্ট কৰি দিছিল যে মহছিন নাকভিৰ পৰা তেওঁলোকে ট্ৰফী গ্ৰহণ নকৰে । দলটোৱে এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ ভাইচ চেয়াৰমেনে তেওঁলোকক এই ট্ৰফী প্ৰদানৰ অনুৰোধ জনাইছিল ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে শৃংখলাত দললৈ ঋষভ পন্টৰ প্ৰত্যাৱৰ্তন; কান্ধত গধুৰ দায়িত্ব

দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে শৃংখলাত দললৈ ঋষভ পন্টৰ প্ৰত্যাৱৰ্তন; কান্ধত গধুৰ দায়িত্ব

ঋষভ পন্টৰ প্ৰত্যাৱৰ্তন

দক্ষিণ আফ্ৰিকা এৰ বিৰুদ্ধে চাৰিদিনীয়া দুখন মেচ খেলিব ইণ্ডিয়া এ দলে । এই শৃংখলাৰ বাবে ইতিমধ্যে ইণ্ডিয়া এ দল ঘোষণা কৰা হৈছে । ঋষভ পন্টক ভাৰতীয় এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ছাই সুদৰ্শনক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । দুয়োখন খেলৰ বাবে পৃথক পৃথক দল বাছনি কৰা হৈছে যদিও ঋষভ পন্ট আৰু ছাই সুদৰ্শনক দুয়োটা দলৰে অধিনায়ক আৰু উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ।

আঘাতৰ পৰা সুস্থ হৈ এ দললৈ উভতিছে ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট । ইংলেণ্ড ভ্ৰমণত মানচেষ্টাৰ টেষ্টৰ সময়ত ঋষভে সোঁ ভৰিৰ আঙুলিত আঘাত পাইছিল । আঘাত বাবে তেওঁ অভাল টেষ্টৰ পৰা বাহিৰ হৈছিল ।

২০২৫ চনৰ এছিয়া কাপত আঘাতৰ বাবে ঋষভ পণ্ট দলৰ পৰা বাহিৰ হয়, য’ত ভাৰতে পাকিস্তানক পৰাস্ত কৰি খিতাপ দখল কৰে । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ দুখন মেচৰ পৰাও তেওঁ দলৰ বাহিৰত থাকে । বৰ্তমানৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰো তেওঁ অংশ নহয় । এতিয়া অনুৰাগীৰ বাবে ঋষভ উভতি অহাটো এটা ভাল খবৰ ।

৩০ অক্টোবৰৰ পৰা ভাৰত এ আৰু দক্ষিণ আফ্ৰিকা এৰ মাজত চাৰিদিনীয়া প্ৰথমখন খেল অনুষ্ঠিত হ’ব । ৬ নৱেম্বৰৰ পৰা দুয়োটা দলৰ মাজত চাৰিদিনীয়া দ্বিতীয়খন খেল আৰম্ভ হ’ব । দুয়োখন মেচ বেংগালুৰুস্থিত বিচিচিআইৰ চেণ্টাৰ অৱ এক্সেলেন্স খেলপথাৰত অনুষ্ঠিত হ’ব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে এই মেচসমূহ অতি গুৰুত্বপূৰ্ণ । দক্ষিণ আফ্ৰিকাই ১৪ নৱেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা খেলিব । ইয়াৰ উপৰিও দুয়োটা দলৰ মাজত তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ অনুষ্ঠিত হ’ব ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দল :

ঋষভ পন্ট (অধিনায়ক/উইকেটকীপাৰ), আয়ুষ মাহাত্ৰে, এন জগদীশন (উইকেটকীপাৰ), ছাই সুদৰ্শন (সহ-অধিনায়ক), দেৱদত্ত পাডিক্কাল, ৰজত পাতিদাৰ, হৰ্ষ ডুবে, তনুষ কোটিয়ান, মানৱ সুথাৰ, অংশুল কম্বোজ, যশ ঠাকুৰ, আয়ুষ বদোনী আৰু সৰণশ জৈন ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দল :

ঋষভ পন্ট (অধিনায়ক/উইকেটকীপাৰ), কে এল ৰাহুল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ছাই সুদৰ্শন (সহ-অধিনায়ক), দেৱদত্ত পাডিক্কাল, ৰুতুৰাজ গাইকোৱাদ, হৰ্ষ ডুবে, তনুষ কোটিয়ান, মানৱ সুথাৰ, খলীল আহমেদ, গুৰনুৰ ব্ৰাৰ, অভিমন্যু ইশ্বৰন, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ আৰু আকাশ দীপ ।

লগতে পঢ়ক : ৰুদ্ধ হোৱা নাই ছেমি ফাইনেলৰ পথ ! একেৰাহে তিনিটাকৈ পৰাজয়ৰ পিছতো সজীৱ ভাৰতীয় দলৰ আশা

টি২০ বিশ্বকাপ ২০২৬ : নিশ্চিত ১৯ টা দল, কোনে কোনে অৰ্জন কৰিলে যোগ্যতা

টি২০ বিশ্বকাপ ২০২৬

অহা বছৰ টি২০ বিশ্বকাপৰ দশম সংস্কৰণ অনুষ্ঠিত হ’ব । ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে এই প্ৰতিযোগিতা আযোজন কৰিব । এই প্ৰতিযোগিতাত মুঠ ২০ টা দলে অংশগ্ৰহণ কৰিব । ইতিমধ্যে  ইয়াৰে ১৯ টা দল নিশ্চিত কৰা হৈছে । ওমান আৰু নেপালে যৌথভাৱে এই প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । টি-২০ বিশ্বকাপৰ বাবে নেপাল ক্ৰিকেট দলে তৃতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

উল্লেখ্য যে, এছিয়া-ইষ্ট পেচিফিক কোৱালিফায়াৰ ৰাউণ্ডৰ জৰিয়তে টি২০ বিশ্বকাপ ২০২৬ৰ বাবে তিনিটা দলৰ সিদ্ধান্ত লোৱা হ’ব, ইয়াৰে দুটা দলে নিজৰ স্থান নিশ্চিত কৰিছে, মাত্ৰ এটা দল বাকী আছে । অনাগত দিনত অন্তিমটো দলৰ সিদ্ধান্ত লোৱা হ’ব ।

এছিয়া-ইষ্ট পেচিফিক কোৱালিফায়াৰৰ গ্ৰুপ পৰ্যায়ৰ অন্ত পেলাই ছুপাৰ ৬ ৰাউণ্ডত ওমান আৰু নেপাল ক্ৰিকেট দলে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে । চুপাৰ ৬ ৰাউণ্ডৰ তিনিওখন মেচতে জয়লাভ কৰে নেপালে । ফাইনেলত প্ৰৱেশ কৰি নেপালে বিশ্বকাপৰ টিকট নিশ্চিত কৰে । এই প্ৰতিযোগিতাত তৃতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছে নেপালে । দলটোৱে শেষবাৰৰ বাবে ২০২৪ চনত টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল, য’ত ভাৰত চেম্পিয়ন হৈছিল ।

ওমান ক্ৰিকেট দলৰ কথা ক’বলৈ গ’লে ছুপাৰ ৬ৰ তিনিওখন মেচতে জয়লাভ কৰিছে দলটোৱে । শীৰ্ষত অন্ত পেলাই টি২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰে ওমানে । এতিয়া ইউ এ ই প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰা ২০ সংখ্যক দল হ’ব পাৰে ।

এতিয়া ইউ এ ই, জাপান, কাটাৰে টি২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জনৰ অন্তিম দল হোৱাৰ সুযোগ লাভ কৰিছে । দলসমূহৰ মাজত বাকী থকা মেচসমূহ গুৰুত্বপূৰ্ণ । যদিহে ইউ এ ই ক্ৰিকেট দলে জাপানৰ বিৰুদ্ধে খেলখনত জয়লাভ কৰে তেন্তে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব ।

চলিত মাহৰ আৰম্ভণিতে জিম্বাবুৱে আৰু নামিবিয়াই টি-২০ বিশ্বকাপ আফ্ৰিকা কোৱালিফায়াৰৰ পৰা প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । বৰ্তমান ইউ এ ই, জাপান আৰু কাটাৰে অৰ্হতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে । এছিয়া-ইএপি কোৱালিফায়াৰৰ ছুপাৰ ছিক্স ৰাউণ্ডত নেপাল আৰু ওমানৰ হাতত পৰাস্ত হোৱা ইউ এ ইয়ে ছামোয়াক পৰাস্ত কৰাৰ পিছত তৃতীয় স্থানত আছে । চতুৰ্থ স্থানত আছে জাপান । কাটাৰৰ সম্ভাৱনা কিছু কঠিন কাৰণ ছামোয়াক পৰাস্ত কৰিব লাগিব যদিও তাৰ পিছত বাকী দুটা টীম দুখন মেচত পৰাস্ত হ’ব লাগিব ।

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰা দলসমূহঃ

ভাৰত, শ্ৰীলংকা, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজীলেণ্ড, পাকিস্তান, কানাডা, ইটালী, নেদাৰলেণ্ড, নামিবিয়া, জিম্বাবুৱে, নেপাল, ওমান ।

লগতে পঢ়ক : “বিদেশত খেলাৰ দৰে হ’ব”; গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ পূৰ্বে ক’লে অশ্বিনে

অষ্ট্ৰেলিয়া ভ্ৰমণত ৮খন মেচ খেলিব ভাৰতীয় দলে; জানক দুয়োটা দলৰ স্কোৱাড আৰু সম্পূৰ্ণ সূচী

অষ্ট্ৰেলিয়া ভ্ৰমণত ৮খন মেচ খেলিব ভাৰতীয় দলে

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় দলে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াই তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচকে ধৰি ৮খন মেচ খেলিব । এই দুয়োটা শৃংখলাৰ বাবে ভাৰতে প্ৰথমে দল ঘোষণা কৰিছিল । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াই টি-২০ আৰু এদিনীয়া দুয়োটা শৃংখলাৰ বাবে দল ঘোষণা কৰিছে । জানক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আৰু টি-২০ শৃংখলাৰ সম্পূৰ্ণ সূচী আৰু মেচৰ সময় ।

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচত অংশগ্ৰহণ কৰিব । ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলা ২৫ অক্টোবৰলৈকে চলিব আৰু তিনিওখন মেচ পুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হ’ব । ইয়াৰ পিছত ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব টি-২০ ছিৰিজ আৰু ৮ নৱেম্বৰলৈকে এই শৃংখলা চলিব । এই ছিৰিজৰ সকলো মেচ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১:৪৫ বজাৰ পৰা আৰম্ভ হ’ব ।

ভাৰত বনাম অষ্ট্ৰেলিয়া  এদিনীয়া শৃংখলা-

প্ৰথম এদিনীয়া – ১৯ অক্টোবৰ, পাৰ্থ

দ্বিতীয় এদিনীয়া – ২৩ অক্টোবৰ, এডিলেইড

তৃতীয় এদিনীয়া – ২৫ অক্টোবৰ, ছিডনী

ভাৰত বনাম অষ্ট্ৰেলিয়া টি-২০ শংখলা-

প্ৰথম টি২০ – ২৯ অক্টোবৰ, কেনবেৰা

দ্বিতীয় টি২০ – ৩১ অক্টোবৰ, মেলবৰ্ণ

তৃতীয় টি-২০ – ২ নৱেম্বৰ, হোবাৰ্ট

চতুৰ্থ টি-২০ – ৬ নৱেম্বৰ, গোল্ড কোষ্ট

পঞ্চম টি-২০ – ৮ নৱেম্বৰ, ব্রিজবেন

এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, আৰ্শদীপ সিং, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), প্ৰসিধ কৃষ্ণ, আৰু যশস্বী জয়ছোৱাল ।

টি-২০ ছিৰিজৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গীল (সহ-অধিনায়ক), তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, জিতেশ শৰ্মা (উইকেটকীপাৰ), অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, আৰু ৱাশ্বিংটন সুন্দৰ ।

এদিনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দল-

মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, ট্ৰেভিছ হেড, এলেক্স কেৰী, কুপাৰ কনলি, বেন ড্ৱাৰ্শ্বুইছ, জোছ ইংলিছ, নাথান এলিছ, কেমেৰুন গ্ৰীণ, জোছ হেজলউড, মিচেল ওৱেন, মেথিউ ৰেনশ্ব, মেথিউ শ্বৰ্ট, মিচেল ষ্টাৰক, আৰু এডাম জাম্পা ।

টি-২০ ছিৰিজৰ বাবে অষ্ট্ৰেলিয়াৰ দল-

মিচেল মাৰ্ছ (অধিনায়ক), ট্ৰেভিছ হেড, শ্বীন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডাভিদ, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, জোছ ইংলিছ, মেথিউ কুহনেমেন, মিচেল ওৱেন, জোছ হেজলউড, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, আৰু এডাম জাম্পা ।

লগতে পঢ়ক : ৰিয়ান পৰাগৰ এই কামে জিনিলে হৃদয়; কুকুৰৰ বাবে দান কৰিলে সকলো জাৰ্চী

ৰিয়ান পৰাগৰ এই কামে জিনিলে হৃদয়; কুকুৰৰ বাবে দান কৰিলে সকলো জাৰ্চী

ৰিয়ান পৰাগৰ এই কামে জিনিলে হৃদয়

ভাৰতীয় যুৱ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগৰ শেহতীয়া এক কামে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । প্ৰতিভাৱান এইগৰাকী খেলুৱৈৰ কামে জয় কৰিছে অনুৰাগীৰ হৃদয় । তেওঁ কুকুৰৰ বাবে দান কৰিছে নিজৰ সকলো জাৰ্চী । এই কামে ৰিয়ান পৰাগৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমৰ পৰিচয় দিছে । আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানে ২০২৫ চনৰ আই পি এলত আৰ আৰৰ অধিনায়ক সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হোৱাৰ বাবে দলৰ বাঘজৰী দিয়া হৈছিল । কুকুৰৰ বাবে ৰিয়ানৰ এই পদক্ষেপে সকলোৰে মন জয় কৰিছে ।

আই পি এলৰ খেলৰ পৰা আৰম্ভ কৰি টিম ইণ্ডিয়াৰ হৈ পিন্ধা জাৰ্চিলৈকে সকলো জাৰ্চি দান কৰিছে ৰিয়ানে । ৰিয়ানে এই জাৰ্চিবোৰ ব্যৱহাৰ কৰি কুকুৰে জিৰণি ল’ব পৰাকৈ গাৰু আৰু বিচনা বনোৱা হ’ব । আঘাতপ্ৰাপ্ত আৰু উদ্ধাৰ কৰা কুকুৰৰ যত্ন লোৱা এন জি অ’ক ৰিয়ানে নিজৰ এই সকলো জাৰ্চি দান কৰিছে ।

ইতিমধ্যে ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছে ৰিয়ান পৰাগে । ভাৰতৰ হৈ তেওঁ এতিয়ালৈকে এখন এদিনীয়া আৰু ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে । এই ৯খন খেলত তেওঁ ১০৬ ৰান সংগ্ৰহ কৰিছে । অৱশ্যে তেওঁ শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত হোৱা নাই । এই ভ্ৰমণত ভাৰতে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব । অৱশ্যে এই ভ্ৰমণৰ বাবে ভাৰতৰ টি-২০ আৰু এদিনীয়া দলত অন্তৰ্ভুক্ত নহ’ল ৰিয়ান পৰাগ ।

২০১৯ চনৰ পৰা আই পি এলত খেলি থকা ৰিয়ান পৰাগে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ ৮৪খন খেলত ৭২ ইনিংছত ২৬.১০ গড়ত ১৫৬৬ ৰান সংগ্ৰহ কৰিছে । আই পি এলৰ ১৮ সংখ্যক ছিজনত ১৪খন মেচত ৩২.৭৫ গড়ে ৩৯৩ ৰান সংগ্ৰহ কৰে ৰিয়ানে ।

লগতে পঢ়ক : মহিলা ক্ৰিকেট বিশ্বকাপৰ পইণ্ট টেবুলত ভাৰতৰ আধিপত্য; শলঠেকত পাকিস্তান

বি চি চি আইৰ নতুন অধ্যক্ষ ঘোষণা; ৰাজীৱ শুক্লা আৰু দেৱজিৎ শইকীয়াৰ কান্ধত কি দায়িত্ব ?

বি চি চি আইৰ নতুন অধ্যক্ষ ঘোষণা

দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নতুন কাৰ্যনিৰ্বাহক সমিতি ঘোষণা কৰে । নিৰ্বাচনী বিষয়াই নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰি বি চি চি আই এতিয়া নতুন হাতত থাকিব বুলি ইংগিত দিয়ে ।

বি চি চি আইৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে মিথুন মানহাছ । উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰাজীৱ শুক্লাক । দেৱজিৎ শইকীয়াক সচিব হিচাপে নিযুক্তি দিয়া হৈছে । প্ৰভতেজ সিং ভাটিয়াক যুটীয়া সচিব হিচাপে নিৰ্বাচিত কৰা হৈছে । এ ৰঘুৰাম ভাটক কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ।

বি চি চি আইত অন্যান্য পদতো গুৰুত্বপূৰ্ণ নিযুক্তি দিয়া হৈছে । এপেক্স কাউন্সিললৈ নিৰ্বাচিত হৈছে জয়দেৱ নিৰঞ্জন শ্বাহ । গভৰ্নিং কাউন্সিললৈ নিৰ্বাচিত হৈছে অৰুণ সিং ধুমল আৰু এম খাইৰুল জামাল মজৰুমদাৰ ।

কোন হয় মিথুন মানহাছ-

৪৫ বছৰীয়া মিথুন মানহাছ ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ দীৰ্ঘদিনীয়া তাৰকা আছিল । মনহাছে দিল্লী দলৰ হৈ ঘৰুৱা ক্ৰিকেটত খেলিছিল । ১৯৯৭-৯৮ চনৰ পৰা ২০১৬-১৭ চনলৈকে কেৰিয়াৰত তেওঁ ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচ, ১৩০ খন লিষ্ট এ মেচ আৰু ৯১ খন টি-২০ মেচ খেলিছিল । তেওঁ প্ৰথম শ্ৰেণী ক্ৰিকেটত ৯,৭১৪ ৰান সংগ্ৰহ কৰিছে ।

যদিও তেওঁ কেতিয়াও ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ পোৱা নাছিল, তথাপিও তেওঁ আই পি এলত তিনিটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছি ল: দিল্লী ডেয়াৰডেভিলছ, পুনে ৱাৰিয়ৰ্ছ, আৰু চেন্নাই ছুপাৰ কিংছ । শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ইয়াৰ পূৰ্বে দুলীপ ট্ৰফীৰ উত্তৰ মণ্ডলৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ আই পি এল দল গুজৰাট টাইটানছৰ সহায়ক কৰ্মচাৰীৰ অংশ হিচাপেও কাম কৰিছিল ।

লগতে পঢ়ক : এছিয়া কাপৰ চূড়ান্ত যুঁজৰ বাবে সাজু ভাৰত-পাকিস্তান; জানক দুয়ো দলৰ সাম্ভাব্য মূল একাদশ