এছিয়া কাপৰ চূড়ান্ত যুঁজৰ বাবে সাজু ভাৰত-পাকিস্তান; জানক দুয়ো দলৰ সাম্ভাব্য মূল একাদশ

এছিয়া কাপৰ চূড়ান্ত যুঁজৰ বাবে সাজু ভাৰত-পাকিস্তান

দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল । চলিত প্ৰতিযোগিতাত দুয়োটা দল তৃতীয় আৰু অন্তিমবাৰৰ বাবে মুখামুখি হ’ব । এছিয়া কাপৰ ৪১ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হ’ব । ইতিমধ্যে এই মেচখনক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ।

এই পৰ্যন্ত চলিত এছিয়া কাপত শক্তিশালী প্ৰদৰ্শেনেৰে অপ্ৰতিৰোধ্য হৈ আছে ভাৰতীয় দল । পাকিস্তানৰ বিৰুদ্ধে দুখন মেচত জয়লাভ কৰাকে ধৰি ছখন মেচতে জয়লাভ কৰিছে ভাৰতে । জয়ৰ এই গতি অব্যাহত ৰাখি সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলটোৱে পুনৰবাৰ নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বী দলটোক পৰাস্ত কৰি অভলেখ সংখ্যক নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰি চেষ্টা কৰিব ।

ইফালে এই চলিত এই প্ৰতিযোগিতাত পাকিস্তানৰ যাত্ৰা উত্থাপন-পতনেৰে ভৰা । কেৱল ভাৰতৰ হাতত পৰাস্ত হৈছে পাকিস্তান দলটো । ইয়াৰ বাহিৰে বাকী সকলো মেচতে কিছুমান সহজে আৰু কিছুমান অতি ঘনিষ্ঠ ব্যৱধানত জয়ী হৈছিল দলটো । এতিয়া দলটোৱে তৃতীয়টো এছিয়া কাপৰ খিতাপ (২০১২ চনৰ পিছত প্ৰথমটো) জয় কৰাৰ লক্ষ্য ৰাখিব ।

পিটচ ৰিপৰ্ট-

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম সাধাৰণতে বেটছমেনৰ অনুকূল যদিও বলাৰসকলেও নিজৰ টাইট লাইন আৰু লেংথৰ সহায়ত ৰান ৰেট নিয়ন্ত্ৰণ কৰাত সফল হৈছে । টছত জয়ী হোৱা দলটোৱে প্ৰথমে বেটিং কৰাতকৈ চেজ কৰাটো পছন্দ কৰিব, কিয়নো দ্বিতীয় বেটিং কৰাটো তুলনামূলকভাৱে সহজ বুলি গণ্য কৰা হয় ।

ভাৰত বনাম পাকিস্তান টি-২০ ৰ হেড টু হেড অভিলেখ

-খেলা মেচ : ১৫ খন

-ভাৰতৰ জয়লাভ : ১১

-পাকিস্তানৰ জয়লাভ : ০৩

-টাই : ০১

-প্ৰথমখন খেল : ২০০৭ চনৰ ১৪ ছেপ্টেম্বৰ (টাই; ভাৰত বল আউটত জয়ী)

-অন্তিমখন খেলঃ ২১ ছেপ্টেম্বৰ, ২০২৫ (ভাৰত জয়ী)

টিম ইণ্ডিয়াৰ সম্ভাৱ্য মূল একাদশ :

অভিষেক শৰ্মা, শুভমন গীল, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী ।

পাকিস্তানৰ সম্ভাৱ্য মূল একাদশ :

চাহিবজাদা ফাৰহান, ফখৰ জামান, ছাইম আয়ুব, ছলমান আঘা (অধিনায়ক), হুছেইন তালাত, মহম্মদ হাৰিছ (উইকেটকীপাৰ), মহম্মদ নৱাজ, ফাহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, হৰিশ ৰাউফ, আব্ৰাৰ আহমেদ ।

লগতে পঢ়ক : এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? জানক ভাৰতৰ পৰিসংখ্যা

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? জানক ভাৰতৰ পৰিসংখ্যা

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ?

দেওবাৰে অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচত খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান । ২৮ ছেপ্টেম্বৰ, দেওবাৰে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ আৰম্ভ হৈছিল । আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হৈছিল চলিত এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ ।

ইতিহাসত প্ৰথমবাৰৰ বাবে চলিত এছিয়া কাপ প্ৰতিযোগিতাত ৮টা দলে অংশগ্ৰহণ কৰে । এইবাৰ ভাৰত, পাকিস্তান, ওমান, ইউ এ ই, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ  আৰু হংকঙে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এছিয়া কাপত ভাৰতে সৰ্বাধিক খিতাপ জয় কৰিছে । ভাৰতীয় দলটোৱে এতিয়ালৈকে মুঠ ৮বাৰ এই খিতাপ জয় কৰি ইতিহাস ৰচিছে ।  এইবাৰ নৱমবাৰৰ বাবে দেওবাৰে খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো । এই প্ৰতিযোগিতাৰ শেষৰটো সংস্কৰণ ২০২৩ চনত এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ।

ভাৰতে কেতিয়া কেতিয়া খিতাপ দখল কৰিছে-

এই প্ৰতিযোগিতাত ভাৰত সৰ্বাধিক অৰ্থাৎ ৮ বাৰ জয়ী হৈছে আৰু এই প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলটো হৈছে ভাৰতীয় দল । ভাৰতে ১৯৮৪, ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮, আৰু ২০২৩ চনত এই প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিল । এই প্ৰতিযোগিতাৰ দ্বিতীয় সফল দল হৈছে শ্ৰীলংকা, যিয়ে ছবাৰ খিতাপ জয় কৰিছে । ১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮, ২০১৪, আৰু ২০২২ চনত এছিয়া কাপ জয় কৰিছিল শ্ৰীলংকাই ।

ইফালে পাকিস্তানে মাত্ৰ দুবাৰহে খিতাপ জয় কৰিছে । ২০০০ আৰু ২০১২ চনত দলটো এই প্ৰতিযোগিতাৰ চেম্পিয়ন হৈছিল । আনহাতে বাংলাদেশ আটাইতকৈ দুৰ্ভাগ্যজনক দল হিচাপে পৰিগণিত হৈছে । বাংলাদেশে তিনিবাৰ এই প্ৰতিযোগিতাৰ ফাইনেল খেলিছে যদিও তিনিওবাৰেই পৰাস্ত হৈছে ।

উল্লেখ্য যে, এছিয়া কাপ ২০২৫ সংস্কৰণ টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ…

এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

এছিয়া কাপ ২০২৫ৰ ছুপাৰ ফোৰত বুধবাৰে বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । এই জয়েৰে ভাৰত চলিত এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । বাংলাদেশে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । বাংলাদেশক ভাৰতে ১৬৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও দলটোৱে ১২৭ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় ।

এই মেচখনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এখনকৈ মেচ বাকী আছে । ভাৰতৰ পৰৱৰ্তী খেলখন শ্ৰীলংকাৰ বিৰুদ্ধে, আনহাতে বৃহস্পতিবাৰে বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে খেলিব । অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল কোন হ’ব সেয়া নিৰ্ণয় হ’বলৈ সকলোৰে দৃষ্টি পাকিস্তান-বাংলাদেশৰ খেলখনৰ ওপৰত থাকিব । অৱশ্যে ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এছিয়া কাপৰ পৰা শ্ৰীলংকা বাহিৰ হৈছে ।

বাংলাদেশৰ ইনিংছ-

১৬৯ ৰানৰ লক্ষ্য খেদি ইনিংছ আৰম্ভ কৰা বাংলাদেশৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত যশপ্ৰীত বুমৰাহে প্ৰথমটো আঘাত দিয়ে বাংলাদেশক । তানজিদক আউট কৰে বুমৰাহে । ইয়াৰ পিছত ছাইফ আৰু পাৰভেজে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলে । অৱশ্যে কুলদীপ যাদৱে পাৰভেজক আউট কৰি নিজৰ  প্ৰথম অভাৰতে এই অংশীদাৰিত্ব ভংগ কৰে । ইয়াৰ পাছতে অক্ষৰ পেটেলে দশম অভাৰত তৌহিদক আউট কৰে । ইয়াৰ পিছত বৰুণ আৰু কুলদীপে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু বাংলাদেশে বেক টু বেক উইকেট হেৰুৱায় । বাংলাদেশ ১২৭ ৰানত অল আউট হয় । কুলদীপে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে ।

বাংলাদেশৰ উইকেট পতন :

১-৪ (তাঞ্জিদ হাছান তামিম, ১.২ অভাৰ), ২-৪৬ (পাৰভেজ হোছেইন ইমন, ৬.২ অভাৰ), ৩-৬৫ (তৌহীদ হৃদয়, ৯.৪ অভাৰ), ৪-৭৪ (ছামিম হোছেইন, ১০.৪ অভাৰ), ৫-৮৭ (জাকাৰ আলী, ১২.৩ অভাৰ), ৬-১০৯ (মহম্মদ ছাইফুদ্দিন, ১৫.২ অভাৰ), ৭-১১২ (ৰিছাদ হোছেইন, ১৬.১), ৮-১১২ (তাঞ্জিম হাছান ছাকিব, ১৬.২ অভাৰ), ৯-১১৬ (ছৈফ হাছান, ১৭.২), ১০-১২৭ (মুস্তাফিজুৰ ৰহমান, ১৯.৩)

ভাৰতৰ প্ৰদৰ্শন-

প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতৰ আৰম্ভণি ভাল নাছিল । প্ৰথম অভাৰত গীল আৰু অভিষেকে মাত্ৰ ৩ ৰান সংযোজন কৰে । ইয়াৰ পিছত বাংলাদেশী বলাৰসকল আক্ৰমণাত্মক হৈ পৰে । অভিষেকক সতৰ্ক যেন লাগিছিল যদিও চতুৰ্থ অভাৰত গীলে ছয় আৰু চাৰি মাৰিবলৈ আৰম্ভ কৰে । অভিষেকো আক্ৰমণাত্মক হৈ পৰে । ৫ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ এটাও উইকেট নেহেৰুৱাকৈ ৫৫ ৰান আছিল । অৱশ্যে সপ্তম অভাৰত ভাৰতে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া গীলক ৰিয়াজে ২৯ ৰানত আউট কৰে । আনটো মূৰত থিয় হৈ থকা অভিষেকে ২৫টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে ।

কিন্তু নৱম অভাৰত ভাৰতে দ্বিতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া শিৱম ডুবে ২ ৰানতে আউট হয় । ১২ নং অভাৰত ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰি অভিষেক শৰ্মা ৰান আউট হোৱাৰ লগে লগে ভাৰত তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । সূৰ্যকুমাৰ যাদৱেও একেটা অভাৰতে নিজৰ উইকেট হেৰুৱাই । তিলক বাৰ্মাও কম সময়তে আউট হয় । তিলাকে মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয় । অৱশ্যে হাৰ্দিক আৰু অক্ষৰে ভাল অংশীদাৰিত্ব গঢ়ি তুলি ভাৰতৰ স্ক’ৰ ১৬৮লৈ বৃদ্ধি কৰে ।

ভাৰতৰ উইকেট পতন :

১-৭৭ (শুভমন গীল, ৬.২ অভাৰ), ২-৮৩ (শিৱম ডুবে, ৮.১ অভাৰ), ৩-১১২ (অভিষেক শৰ্মা, ১১.১ অভাৰ), ৪-১১৪ (সূৰ্য্যকুমাৰ যাদৱ, ১১.৬ অভাৰ), ৫-১২৯ (তিলক ভাৰ্মা, ১৪.৩ অভাৰ), ৬-১৬৮ (হৰ্দিক পাণ্ডিয়া, ১৯.৬ অভাৰ )

ফাইনেলৰ সমীকৰণ-

বাংলাদেশক পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰিছে ভাৰতে । শ্ৰীলংকা প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । ইফালে বৃহস্পতিবাৰৰ পাকিস্তান বনাম বাংলাদেশৰ খেলখন ফাইনেলৰ বাবে ছেমি ফাইনেল হ’ব । যিটো দলে জয়লাভ কৰে ফাইনেলৰ প্ৰতিদ্বন্দ্বী হ’ব আৰু ২৮ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক : ‘কাৰণ নোহোৱাকৈয়ে উচটনি দিছিল,সেইবাবেই শিক্ষা দিলো’; পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য

এছিয়া কাপত ভাৰত-পাকিস্তানৰ আন এক সংঘৰ্ষ নিশ্চিত… এই তাৰিখত অনুষ্ঠিত হ’ব এই মেচ

এছিয়া কাপত ভাৰত-পাকিস্তানৰ আন এক সংঘৰ্ষ নিশ্চিত

বুধবাৰে পাকিস্তান আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত এছিয়া কাপৰ দশমখন খেলত পাকিস্তানে ৪১ ৰানত জয়লাভ কৰে । এই জয়েৰে পাকিস্তানে ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আয়োজক ইউ এ ইৰ যাত্ৰা এই প্ৰতিযোগিতাত এতিয়া শেষ হৈছে । এছিয়া কাপত টিম ইণ্ডিয়া আৰু পাকিস্তানে গ্ৰুপ এৰ পৰা ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ সংঘৰ্ষৰ পথ মুকলি হৈছে । ২১ ছেপ্টেম্বৰ দেওবাৰে ডুবাইত অনুষ্ঠিত হ’ব দুয়োটা দলৰ মাজত পৰৱৰ্তী মেচ ।

ভাৰত আৰু পাকিস্তানৰ মাজত আন এক সংঘৰ্ষ-

এইবাৰ এছিয়া কাপত ৮টা দলে অংশ লৈছিল । এই দলসমূহক দুটা পৃথক গোটত ভাগ কৰা হৈছিল । প্ৰতিটো গ্ৰুপৰ পৰা মুঠ চাৰিটা দল ছুপাৰ ফোৰৰ বাবে নিৰ্বাচিত হ’ব লাগিছিল । গ্ৰুপ এত আছিল ভাৰত, পাকিস্তান, ইউ এ ই আৰু ওমান । ইতিমধ্যে ভাৰতে প্ৰথমখন খেলৰ দুয়োখন খেলতে জয়লাভ কৰি ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল । ইতিমধ্যে ওমানক বাহিৰ হৈছে । প্লে অফৰ বাবে পাকিস্তান আৰু ইউ এ ইৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল । অৱশ্যে এই মেচত পাকিস্তানে জয়লাভ কৰি এতিয়া ভাৰতৰ মুখামুখি হ’ব ।

ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে-

এই প্ৰতিযোগিতাত দেওবাৰে ভাৰত আৰু পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ মেচ খেলিছিল । এই খেলখনত টিম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে । কিন্তু ভাৰতীয় খেলুৱৈয়ে পাকিস্তানী খেলুৱৈৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাত মেচখন বিতৰ্কিত সোমাই পৰে । আপত্তি দাখিল কৰিলে পাকিস্তানে । পি চি বিয়ে আই চি চিক এই মেচৰ ৰেফাৰী এণ্ডি পাইক্ৰফ্টক প্ৰতিযোগিতাখনৰ পৰা অপসাৰণ কৰাৰ দাবী জনায় ।

অৱশ্যে আই চি চিয়ে পাকিস্তানৰ দাবী অস্বীকাৰ কৰে । ইয়াৰ পিছতে পাকিস্তানী দলটোৱে ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে মেচ বৰ্জনৰ ভাবুকি দিয়ে । অৱশ্যে দলটো এঘণ্টা পলমকৈ ষ্টেডিয়ামত উপস্থিত হয় আৰু মেচখন অনুষ্ঠিত হয় ।

ভাৰত আৰু পাকিস্তানৰ অভিযান-

এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ যাত্ৰাৰ কথা চিন্তা কৰি টিম ইণ্ডিয়াই ইউ এ ইৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে । এই খেলখনত সূৰ্য ব্ৰিগেডে বৃহৎ ব্যৱধানত জয়লাভ কৰে । দ্বিতীয়খন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । শুকুৰবাৰে টিম ইণ্ডিয়াই গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ওমানৰ বিৰুদ্ধে খেলিব ।

পাকিস্তানে ওমানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল, মেচখনত জয়লাভ কৰিছিল । দ্বিতীয়খন মেচত পাকিস্তান পৰাস্ত হোৱাৰ বিপৰীতে তৃতীয়খন মেচত ইউ এ ইৰ বিৰুদ্ধে পাকিস্তানে জয়লাভ কৰে । ইফালে এই প্ৰতিযোগিতাত ইউ এ ইৰ দুটা পৰাজয় আৰু এটা জয়ৰ বিপৰীতে ওমানে এই পৰ্যন্ত দুয়োখন মেচতে পৰাস্ত হৈছে ।

লগতে পঢ়ক : বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা; প্ৰথম থ্ৰ’তে যোগ্যতা অৰ্জন

ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন পৃষ্ঠপোষক হ’ব এপ’ল’ টায়াৰ… ২০২৮ চনৰ মাৰ্চ মাহলৈকে বি চি চি আইৰ সৈতে চুক্তি

ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ নতুন পৃষ্ঠপোষক হ’ব এপ’ল’ টায়াৰ

ড্ৰিম১১ৰ বাহিৰ হোৱাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ নতুন পৃষ্ঠপোষক হিচাপে পৰিগণিত হৈছে এপ’ল’ টায়াৰ । এই সন্দৰ্ভত ব’ৰ্ডে আনুষ্ঠানিক ঘোষণা কৰিছে । বি চি চি আই আৰু এপ’ল’ টায়াৰৰ মাজত হোৱা চুক্তি ডেৰ বছৰৰ বাবে থাকিব, যাৰ ম্যাদ ২০২৮ চনৰ মাৰ্চ মাহত শেষ হ’ব । এই চুক্তিৰ অধীনত সকলো ফৰ্মেটতে ভাৰতীয় ৰাষ্ট্ৰীয় পুৰুষ আৰু মহিলা দলৰ জাৰ্চিত এপ’ল’ টায়াৰৰ ল’গ’ দেখা যাব ।

নিবিদাত অংশগ্ৰহণ কৰাৰ কথা চৰ্চা-

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই চুক্তিৰ মূল্য ৫৭৯ কোটি টকা  (প্ৰায় ৫.৭৯ বিলিয়ন ডলাৰ), যিটো ড্ৰিম১১ৰ ৩৫৮ কোটি টকা (প্ৰায় ৩.৫৮ বিলিয়ন ডলাৰ)তকৈ বহু বেছি । চুক্তিত ১২১খন দ্বিপাক্ষিক মেচ আৰু ২১খন আই চি চি মেচ অন্তৰ্ভুক্ত কৰা হৈছে । গুৰুগ্ৰামত মুখ্য কাৰ্যালয় থকা এপ’ল’ টায়াৰছ হৈছে বহুজাতিক কোম্পানী ।

টায়াৰ নিৰ্মাতা কোম্পানীটোৰ ভাৰত আৰু ইউৰোপকে ধৰি বিদেশত উৎপাদনৰ সুবিধা আছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এপ’ল’ টায়াৰৰ বাহিৰে আন দুটা নিবিদাকাৰীৰ ভিতৰত আছিল কেনভা আৰু জে কে টায়াৰ । তদুপৰি বিৰলা অপ্টাছ পেইণ্টছে বিনিয়োগ কৰিবলৈ আগ্ৰহী যেন দেখা গৈছিল যদিও নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল ।

বি চি চি আইয়ে আহ্বান কৰিছিল আৱেদন-

২ ছেপ্টেম্বৰত বি চি চি আইয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ মুখ্য পৃষ্ঠপোষকতা অধিকাৰৰ বাবে আবেদন আমন্ত্ৰণ জনাইছিল আৰু মঙলবাৰে নিবিদা প্ৰক্ৰিয়া হৈছিল । বি চি চি আইয়ে কয় যে গেমিং, বেটিং, ক্ৰিপ্টো, আৰু ধঁপাত ব্ৰেণ্ডসমূহক নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব । ফলস্বৰূপে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত এতিয়া ভৱিষ্যতে “এপ’ল’ টায়াৰ” শব্দটো থাকিব ।

কি ক’লে সচিব দেৱজিৎ শইকীয়াই ?

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই কয়, “এপ’ল’ টায়াৰক আমাৰ নতুন পৃষ্ঠপোষক হিচাপে সংযোজন কৰাটো আমাৰ দলসমূহৰ কঠোৰ পৰিশ্ৰম আৰু ধাৰাবাহিক প্ৰদৰ্শনৰ প্ৰমাণ । আমি আনন্দিত যে ভাৰতীয় ক্ৰিকেটত এপ’ল’ৰ এইটোৱেই প্ৰথম বৃহৎ পৃষ্ঠপোষকতা, যিয়ে এই ক্ৰীড়াৰ অতুলনীয় প্ৰসাৰ আৰু প্ৰভাৱক প্ৰতিফলিত কৰে । এয়া কেৱল বাণিজ্যিক চুক্তি নহয়, বৰঞ্চ আস্থা আৰু অৰ্জন কৰা দুটা সংস্থাৰ অংশীদাৰিত্ব সন্মান ।”

লগতে পঢ়ক : আই চি চিয়ে নাকচ কৰিলে পাকিস্তানৰ দাবী… আঁতৰি যাব নেকি এছিয়া কাপৰ পৰা

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে

ভাৰতীয় দলৰ বৰ্জনত ক্ষুব্ধ পাকিস্তানে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । আচলতে এছিয়া কাপ ২০২৫ৰ দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল মেচ । এই মেচখন জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী দলৰ লগত হাত মিলোৱা নাছিল । অধিনায়ক সূৰ্যকুমাৰ যাদৱে দলটোক ছয়ৰে জয়ৰ দিশে আগুৱাই নিয়াৰ পিছত পেভিলিয়নলৈ উভতি আহে আৰু সেই সময়ত পাকিস্তানী খেলুৱৈসকল খেলপথাৰতেই উপস্থিত আছিল ।

নিলম্বন কৰিলে নিজৰ বিষয়াক-

ডুবাইত অনুষ্ঠিত হোৱা এই হাই ভল্টেজ মেচখনত পৰাজয়ৰ পাছত পাকিস্তানী খেলুৱৈয়ে ভাৰতীয় খেলুৱৈৰ সৈতে হাত মিলাব খুজিছিল যদিও ভাৰতীয় দলটোৱে ইয়াৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি দিয়ে । এইদৰে ভাৰতীয় দলৰ দ্বাৰা নিজৰ দেশ বয়কট হোৱাৰ বাবে ক্ষুব্ধ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ভাৰতে পাকিস্তানী খেলুৱৈৰ সৈতে হাত নিমিলোৱাৰ বিতৰ্কৰ পিছত পি চি বিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সঞ্চালক উছমান ৱাহালাক নিলম্বন কৰিছে । সূত্ৰৰ উদ্ধৃতি দি পাকিস্তানৰ ‘এ স্প’ৰ্টছে’ দাবী কৰিছে যে মেচ ৰেফাৰীৰ আচৰণ আৰু ভাৰতৰ এই কাৰ্যক আনুষ্ঠানিক সঁহাৰি দিয়াত পলম হোৱাৰ বাবে ৱাহালাক পদৰ পৰা অপসাৰণ কৰা হৈছে ।

মহছিন নাকৱীয়ে প্ৰকাশ কৰে অসন্তুষ্টি-

ইয়াৰ পূৰ্বে সোমবাৰে পি চি বিৰ অধ্যক্ষ মহছিন নাকৱীয়েও ভাৰতৰ দ্বাৰা পাকিস্তানী দলটোক কৰা বয়কটৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ ইয়াক ‘ক্রীড়া মনোভাৱৰ অভাৱ’ বুলি অভিহিত কৰি কয় যে ভাৰতে ৰাজনীতিক খেলৰ মাজলৈ টানি আনিছে ৷ নাকৱীয়ে লিখিছে, ‘ভাৰত-পাকিস্তানৰ খেলৰ পিছত ক্ৰীড়া মনোভাৱৰ তীব্ৰ অভাৱ দেখা গৈছিল । খেলখনলৈ ৰাজনীতি অনাটো খেলৰ মনোভাৱৰ বিৰুদ্ধে । আশাকৰোঁ ভৱিষ্যতে সকলো দলে মৰ্যাদাৰে জয় উদযাপন কৰিব ।’

আনুষ্ঠানিক অভিযোগ উত্থাপন পি চি বিৰ-

খেলখনৰ অন্তত পি চি বিয়ে আনুষ্ঠানিক বিবৃতিযোগে ভাৰতীয় দলৰ আচৰণৰ বিৰুদ্ধে এছিয়ান ক্ৰিকেট কাউন্সিলত আনুষ্ঠানিক অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰে । পি চি বিৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘ভাৰতীয় খেলুৱৈসকলে হাত নিমিলোৱা আচৰণৰ বিৰুদ্ধে দলৰ পৰিচালক নৱেদ চিমাই তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে । ইয়াক খেলৰ মনোভাৱৰ বিৰুদ্ধে আৰু অসাংবিধানিক বুলি গণ্য কৰা হৈছে । ইয়াৰ প্ৰতিবাদত আমি আমাৰ অধিনায়ক (ছালমান আগা)ক মেচৰ পিছৰ অনুষ্ঠানলৈ পঠিয়াব পৰা নাছিলো ।’

লগতে পঢ়ক : মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন

মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আই চি চিয়ে আগষ্ট মাহৰ ‘প্লেয়াৰ অৱ দ্য মান্থ’ হিচাপে নিৰ্বাচিত কৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা পঞ্চম আৰু অন্তিম টেষ্টত উজ্জ্বল প্ৰদৰ্শনৰ বাবে ছিৰাজে এই সন্মান লাভ কৰিছে ।

অভেল টেষ্টত দলক দিলে জয়-

ইংলেণ্ডৰ বিৰুদ্ধে এই নিৰ্ণায়ক টেষ্ট মেচখনত মহম্মদ ছিৰাজে মুঠ ৯টা উইকেট দখল কৰে । বিশেষকৈ শেষৰ দিনটোত তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ইংলেণ্ডক ৬ ৰানত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ । এই জয়েৰে ভাৰতে পাঁচখন খেলৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী অক্ষুণ্ণ ৰাখে ।

বঁটা লাভ কৰাৰ পিছত ডি এছ পি ছিৰাজৰ বক্তব্য-

বঁটা লাভ কৰি সুখ প্ৰকাশ কৰি মহম্মদ ছিৰাজে কয় যে আই চি চিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাটো মোৰ বাবে এক বিশেষ সন্মান । এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী আছিল এক স্মৰণীয় শৃংখলা । ইংলেণ্ডত তেওঁলোকৰ শক্তিশালী বেটিঙৰ বিৰুদ্ধে বলিং কৰাটো প্ৰত্যাহ্বানজনক আছিল যদিও ই মোক মোৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত কৰিছিল ।’

ইংলেণ্ড ভ্ৰমণত ছিৰাজৰ প্ৰদৰ্শন-

ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ পাঁচখন টেষ্ট খেলা একমাত্ৰ বলাৰ আছিল মহম্মদ ছিৰাজ । পাঁচখন টেষ্টত সৰ্বাধিক ২৩টা উইকেট দখল কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ সৰ্বাধিক ১৮৫.৩ অভাৰ বলিং কৰাৰ লগতে মুঠ ১১১৩টা বল কৰে । এই সময়ছোৱাত তেওঁ দুবাৰকৈ এটা ইনিংছত ৫টা উইকেট দখল কৰে । ইংলেণ্ডত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন আছিল ৭০ ৰানত ৬ উইকেট ।

লগতে পঢ়ক : এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ

এছিয়া কাপৰ হাই ভল্টেজ যুঁজত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান… বিৰোধিতা আৰু বৰ্জনৰ আহ্বানৰ মাজতে সাজু ভাৰতীয় দল

এছিয়া কাপৰ হাই ভল্টেজ যুঁজত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান

ভাৰত আৰু পাকিস্তান ক্ৰিকেট দল যেতিয়াই খেলপথাৰলৈ আহিছে, তেতিয়াই বহু বিবাদ, উত্তেজনা আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে । অৱশ্যে এইবাৰৰ পৰিৱেশ বিগত কেইবছৰমানৰ তুলনাত পৃথক । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পুনৰ তিক্ত হৈ পৰিছে দুয়োখন দেশৰ সম্পৰ্ক । ভাৰতে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি অপাৰেচন সিন্দুৰৰ জৰিয়তে বহু সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে । দুয়োখন দেশৰ মাজত যুদ্ধও আৰম্ভ হয় । ইয়াৰ বাবেই এছিয়া কাপত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ খেলখন সন্দৰ্ভত দেশত প্ৰতিবাদৰ কণ্ঠ তীব্ৰতৰ হৈ পৰিছে । এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত ডুবাইত অনুষ্ঠিত হ’বলগীয়া এই মেচখন উত্তেজনাৰে ভৰা হ’ব পাৰে । কিন্তু পাকিস্তানৰ বিৰুদ্ধে ভাৰতক শক্তিশালী বুলি গণ্য কৰা এই মেচখনৰ বাবে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক আৰু অধিনায়ক সম্পূৰ্ণ সাজু ।

ইফালে ভাৰত আৰু পাকিস্তানৰ এই খেলখন বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে । টিম ইণ্ডিয়াক এছিয়া কাপৰ গ্ৰুপ এত স্থান দিয়া হৈছে য’ত পাকিস্তান দলো আছে । এইবাৰ দুয়োটা দলৰ মাজত ফাইনেলত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে যিটো পূৰ্বে কেতিয়াও হোৱা নাছিল । প্ৰথমখন খেলত ভাৰতে ইউ এ ইক ৯ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানে প্ৰথমখন খেলত ওমানক ৯৩ ৰানত পৰাস্ত কৰি এছিয়া কাপত নিজৰ অভিযান আৰম্ভ কৰে । অভিজ্ঞতা আৰু যুৱ খেলুৱৈৰ মিশ্ৰণ থকা ভাৰতীয় দলটো দেখাত অতি শক্তিশালী । বৰ্তমানৰ টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতে নিজৰ খিতাপ ৰক্ষাৰ বাবে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে ।

ভাৰতৰ তুলনাত পাকিস্তানৰ দলটো দুৰ্বল । এই দলটোত বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ দৰে তাৰকা খেলুৱৈ নাই । বিশ্বকাপত হোৱা লজ্জাজনক পৰাজয়ৰ পিছত পাকিস্তানী দলত বিশৃংখলতাৰ সৃষ্টি হৈছে । দলত অধিনায়ক আৰু প্ৰশিক্ষকক ধাৰাবাহিকভাৱে সলনি কৰি আছে । ক’ব পাৰি যে এই সময়ত পাকিস্তানৰ দলত অস্থিৰতাই বিৰাজ কৰিছে । ওমানক ৬৭ ৰানত আউট কৰাৰ পাছত পাকিস্তানে প্ৰথমে বেটিং কৰি ১৬০ ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল । ওমানৰ দৰে সৰু দলৰ বিৰুদ্ধেও দলটোৱে সংগ্ৰাম কৰিব লগা পৰিলক্ষিত হৈছিল ।

ভাৰতীয় দলত উৎকৃষ্ট বেটছমেন আৰু বলাৰ আছ । কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী আৰু বুমৰাহ-হাৰ্দিকে ডুবাইৰ খেলপথাৰত পাকিস্তানী বেটছমেনক বিপদত পেলাব পাৰে । ২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত খেলা মেচখনলৈকে দুয়োটা দলৰ মাজত ১৩ বাৰ সংঘৰ্ষ হৈছে য’ত ভাৰতে ১০খন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৩খন খেলত জয়লাভ কৰিছে ।

ভাৰতৰ সম্ভাব্য মূল একাদশ-

অভিষেক শৰ্মা, শুভমন গীল, সঞ্জু চেমছন, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী ।

পাকিস্তানৰ সম্ভাব্য মূল একাদশ-

ছাইম আয়ুব, চাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ (উইকেটকীপাৰ), ছলমান আঘা (অধিনায়ক), ফাখৰ জামান, হাছান নৱাজ, মহম্মদ নৱাজ, ফাহীম আছৰাফ, শ্বাহীন আফ্ৰিদি, আব্ৰাৰ আহমেদ আৰু চুফিয়ান মুকিম ।

লগতে পঢ়ক : ক্ৰিকেটত পাকিস্তান, হকীত চীনৰ সৈতে যুঁজ… ‘ছুপাৰ ছানডে’ত ভাৰতৰ সন্মুখত অগ্নিপৰীক্ষা

ক্ৰিকেটত পাকিস্তান, হকীত চীনৰ সৈতে যুঁজ… ‘ছুপাৰ ছানডে’ত ভাৰতৰ সন্মুখত অগ্নিপৰীক্ষা

ক্ৰিকেটত পাকিস্তান, হকীত চীনৰ সৈতে যুঁজ

ক্ৰীড়াপ্ৰেমীৰ বাবে এই দেওবাৰ উৎসৱতকৈ কম নহয় । এই দিনটোত ভাৰতৰ দুটা ভিন্ন দলৰ নিজৰ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান আৰু চীনৰ সৈতে সংঘৰ্ষ হ’ব । এফালে ডুবাইত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ ক্ৰিকেট মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিব টিম ইণ্ডিয়াই । আনহাতে, মহিলা হকী এছিয়া কাপৰ খিতাপৰ যুঁজ হাংঝুৰ মাটিত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে আয়োজক চীনৰ সৈতে মুখামুখি হ’ব ।

ক্ৰিকেট আৰু হকী দুখন বেলেগ খেল হ’লেও এছিয়াৰ দুখন ঐতিহাসিক প্ৰতিদ্বন্দ্বিতাই একেদিনাই আৰু সন্ধিয়া উত্তেজনাৰ ধুমুহা সৃষ্টি কৰিবলৈ সাজু । ক্ৰীড়াৰ এই ছুপাৰ ছানডে’ কেৱল স্ক’ৰতে সীমাবদ্ধ নাথাকিব, ই গৌৰৱ, আবেগ আৰু প্ৰতিপত্তিৰ প্ৰতীক হৈ পৰিব । সমগ্ৰ বিশ্বৰ চকু এই খেলৰ ওপৰত থাকিব ।

পাকিস্তানৰ সৈতে ভাৰতৰ যুঁজ-

ডুবাই খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ মেচ । এই মেচখন গুৰুত্বপূৰ্ণ কাৰণ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পিছত দুয়োখন দেশৰ দলৰ মাজত প্ৰথমবাৰৰ বাবে সংঘৰ্ষ হ’ব । এই মেচ সন্দৰ্ভত বিৰোধিতাও তুংগত আছে । কিন্তু সদায়ৰ দৰেই উৎসাহো অক্ষত আছে ।

দেওবাৰে নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচ । ভাৰত আৰু পাকিস্তানৰ ইতিহাস যদি চোৱা যায় তেন্তে টি-২০ মেচত ১৩ বাৰ মুখামুখি হৈছে দুয়োখন দেশ । ইয়াত ভাৰতে পাকিস্তানক ৯ বাৰ পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানে ৩ বাৰ জয়লাভ কৰিছে । এখন মেচ আছিল টাই, যিখন খেলত ভাৰতে বল আউট ৰুলত জয়লাভ কৰিছিল ।

এছিয়া কাপ জয়তো ভাৰতৰ চকু আছে । দুয়োটা দলৰ মাজত টি-২০ ফৰ্মেটত ৩ বাৰ সংঘৰ্ষ হৈছে আৰু ভাৰতে ২ বাৰ জয়লাভ কৰিছে । কিন্তু মেচখন অনুষ্ঠিত হোৱা ডুবাই খেলপথাৰত আগবাঢ়ি আছে পাকিস্তান । এই খেলপথাৰত খেলা ৩ খন খেলৰ ভিতৰত ২ খনত পাকিস্তানে জয়লাভ কৰিছে ।

চীন মুখামুখি হ’ব মহিলা হকী দলৰ-

দেওবাৰে মহিলা হকী এছিয়া কাপৰ ফাইনেলত মুখামুখি হ’ব চীন আৰু ভাৰত । ভাৰতীয় মহিলা হকী দলে জাপানৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ কৰে । ইয়াৰ পিছত ভাৰতীয় দলৰ চকু চীন আৰু কোৰিয়াৰ মাজত চলি থকা মেচখনত আছিল । এই খেলখনত আয়োজক চীনে ছুপাৰ ৪ পৰ্যায়ৰ অন্তিমখন খেলত কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । কোৰিয়াৰ পৰাজয়ৰ লগে লগে ভাৰতীয় দলৰ ফাইনেলৰ টিকট নিশ্চিত হয় ।

এই চূড়ান্ত খেলখনত যিয়ে জয়ী হ’ব, সেই অহা বছৰ বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব । উল্লেখ্য যে এছিয়া কাপৰ ফাইনেলত ভাৰতীয় পুৰুষ হকী দলে জয়লাভ কৰে ।

লগতে পঢ়ক : এছিয়া কাপত কাইলৈ মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান… কি ৰণনীতিৰে নামিব দুয়ো দল