এছিয়া কাপত কাইলৈ মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান… কি ৰণনীতিৰে নামিব দুয়ো দল

এছিয়া কাপত কাইলৈ মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান

চলিত এছিয়া কাপত জয়ৰে আৰম্ভণি কৰিছে ভাৰত আৰু পাকিস্তান দলে । দুয়োটা দলে প্ৰথমখন মেচত দৰ্শনীয় জয় সাব্যস্ত কৰিছে । এতিয়া দুয়োটা দলে মুখামুখি হ’বলৈ সাজু হৈছে । দেওবাৰে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচ । এই মেচখন দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ । কাৰণ এই মেচখনৰ বিজয়ী দলটোৱে ছুপাৰ ৪ত উপনীত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব । দুয়ো দলেই জয়ৰ বাবে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব । খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী ভাৰতে ৮ বাৰ এছিয়া কাপৰ খিতাপ দখল কৰাৰ বিপৰীতে পাকিস্তানে দুবাৰকৈ খিতাপ দখল কৰিছে । ডুবাইৰ পৰিস্থিতিয়ে দুয়োটা দলৰ স্পীনাৰক উপকৃত কৰিব ।

ইয়াৰ পূৰ্বেও ডুবাইত ভাৰত আৰু পাকিস্তানে মেচ খেলিছে । ক্ৰিকেট খেলপথাৰত যেতিয়া ভাৰত-পাকিস্তান মুখামুখি হয় তেতিয়া দৰ্শকৰ উত্তেজনাৰ সকলো সীমা অতিক্ৰম কৰে । হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগী এই মেচৰ সৈতে আৱেগিকভাৱে আকৃষ্ট হৈ পৰে । অৱশ্যে এই মেচৰ পূৰ্বে দুয়োটা দলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব সঠিক মূল একাদশ বাছি লোৱা ।

পাকিস্তানৰ বিৰুদ্ধে কি হ’ব ভাৰতীয় দলৰ ৰণকৌশল-

পাকিস্তানৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মূল একাশক লৈ চৰ্চা চলিছে । বিশেষকৈ অৰ্শদীপ সিঙৰ স্থানৰ বিষয়ে । ইউ এ ইৰ বিৰুদ্ধে প্ৰথমখন খেলত শুভমন গীল আৰু অভিষেক শৰ্মাই অ’পেনিং কৰে । এনে পৰিস্থিতিত পাকিস্তানৰ বিৰুদ্ধেও তেওঁলোকক মুকলি কৰা দেখা যাব পাৰে । একে সময়তে মিডল অৰ্ডাৰৰ দায়িত্ব সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, সঞ্জু ছেমচন আৰু শিৱম ডুবেৰ ওপৰত থাকিব ।

অল ৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল আৰু শিৱম ডুবেই দলৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব । সঞ্জু চেমছনে উইকেটকীপাৰ বেটছমেন হিচাপে ফিনিছাৰৰ ভূমিকা পালন কৰিব পাৰে । বলিং বিভাগত যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে ভাৰতীয় আক্ৰমণক শক্তিশালী কৰিব ।

পাকিস্তানৰ দলে এই খেলুৱৈসকলক সুযোগ দিবনে ?

পাকিস্তানৰ সম্ভাৱ্য প্লেইং ১১ৰ কথা ক’বলৈ গ’লে ছেম আয়ুব, শ্বাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ, ফাখৰ জামান আৰু ছলমান আঘাই বেটিঙৰ দায়িত্ব চম্ভালিব পাৰে । আনহাতে বলিংত মহম্মদ নৱাজ, ফাহীম আশ্ৰাফ, শ্বাহীন আফ্ৰিদি, চুফিয়ান মুকীম আৰু আব্ৰাৰ আহমেদে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

শুভমন গীল, অভিষেক শৰ্মা, তিলক বাৰ্মা, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু ছেমচন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ ।

পাকিস্তান সম্ভাৱ্য মূল একাদশ-

ছেম আয়ুব, চাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ (উইকেটকীপাৰ), ফখৰ জামান, ছলমান আঘা (অধিনায়ক), হাছান নৱাজ, মহম্মদ নৱাজ, ফাহীম আশ্ৰফ, শ্বাহীন আফ্ৰিদি, চুফিয়ান মুকীম, আব্ৰাৰ আহমেদ ।

লগতে পঢ়ক : ‘ভাৰতীয় দল বিজয়ী হৈ উভতি আহিব…’; এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য

ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাৰে ২০২৬ৰ টি২০ বিশ্বকাপ… দুখন দেশ আৰু পাঁচখন চহৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা

ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাৰে ২০২৬ৰ টি২০ বিশ্বকাপ

৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ অনুষ্ঠিত হ’ব পাৰে ২০২৬ বৰ্ষৰ টি২০ বিশ্বকাপ । এই প্ৰতিযোগিতা ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতৰ কমেও পাঁচটা স্থানত টি ২০ বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব, আনহাতে শ্ৰীলংকাৰ দুটা স্থানত এই প্ৰতিযোগিতাৰ মেচ অনুষ্ঠিত হ’ব ।

আহমেদাবাদ বা কলম্বোত অনুষ্ঠিত হ’ব ফাইনেল-

আহমেদাবাদ বা কলম্বোত অনুষ্ঠিত হ’ব টি২০ বিশ্বকাপৰ ফাইনেল । পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰিব নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰিব এই কথা । ভাৰত আৰু পাকিস্তান দলে ইখনে সিখন দেশত খেলা নাই, যাৰ বাবে তেওঁলোকৰ মেচ নিৰপেক্ষ স্থানত অনুষ্ঠিত হৈ আছে । আই চি চিয়ে এতিয়াও সূচী চূড়ান্ত কৰি আছে যদিও প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখনৰ উইণ্ডো নিৰ্ধাৰণ কৰি অংশগ্ৰহণকাৰী দেশসমূহৰ সৈতে শ্বেয়াৰ কৰা হৈছে ।

২০২৪ চনৰ দৰেই থাকিব ফৰ্মেট-

টি২০ বিশ্বকাপ ২০২৬ৰ ফৰ্মেট ২০২৪ চনৰ দৰেই থাকিব য’ত ২০টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব আৰু প্ৰতিটো গ্ৰুপত পাঁচটা দল থাকিব । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ এইট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু এই আঠটা দলক চাৰিটাকৈ দুটাকৈ গ্ৰুপত ভাগ কৰা হ’ব । ইয়াৰ ভিতৰত প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ভাৰতীয় দলটোৱে ২০২৪ চনত দক্ষিণ আফ্ৰিকাক ফাইনেলত পৰাস্ত কৰি খিতাপ দখল কৰিছিল । এইবাৰ প্ৰতিযোগিতাখনত মুঠ ৫৫খন খেল অনুষ্ঠিত হ’ব ।

বৰ্তমান ১৫ টা দলে অৰ্জন কৰিছে যোগ্যতা-

বৰ্তমান ১৫ টা দলে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে য’ত ভাৰত, শ্ৰীলংকা, আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, নিউজীলেণ্ড, পাকিস্তান, আয়াৰলেণ্ড, কানাডা, নেদাৰলেণ্ড আৰু ইটালী অন্তৰ্ভুক্ত আছে । ইটালীৰ দলটোৱে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত খেলিব । বাকী পাঁচটা দল কোৱালিফায়াৰৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব, ইয়াৰে দুটা দল আফ্ৰিকা অঞ্চলৰ কোৱালিফায়াৰৰ পৰা নিৰ্বাচিত হ’ব, আনহাতে এছিয়া আৰু ইষ্ট এছিয়া পেচিফিক কোৱালিফায়াৰৰ পৰা তিনিটা দল নিৰ্বাচিত কৰা হ’ব ।

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ এছিয়া কাপৰ যুঁজ… সূচীৰ পৰা দললৈকে জানক প্ৰতিটো প্ৰশ্নৰ উত্তৰ

আজিৰে পৰা আৰম্ভ এছিয়া কাপৰ যুঁজ… সূচীৰ পৰা দললৈকে জানক প্ৰতিটো প্ৰশ্নৰ উত্তৰ

আজিৰে পৰা আৰম্ভ এছিয়া কাপৰ যুঁজ

আজিৰে পৰা আৰম্ভ হ’ব ক্ৰিকেট এছিয়া কাপ প্ৰতিযোগিতা ২০২৫ । আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত আজি আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপৰ উদ্বোধনী খেলখন । আনহাতে ভাৰতীয় দলটোৱে ১০ ছেপ্টেম্বৰৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে নিজৰ অভিযান আৰম্ভ কৰিব । তাৰ পিছত ১৪ ছেপ্টেম্বৰ (দেওবাৰ)ত ডুবাই খেলপথাৰত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় দল ।

প্ৰথমবাৰৰ বাবে দুটা গ্ৰুপত ভাগ কৰা এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিব । গ্ৰুপ এত আছে ভাৰত, পাকিস্তান, ওমান আৰু ইউ এ ই । গ্ৰুপ বিত আছে হংকং, আফগানিস্তান, শ্ৰীলংকা আৰু বাংলাদেশ । দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ছুপাৰ-৪ পৰ্যায়ত প্ৰৱেশ কৰাৰ সুযোগ পাব । ছুপাৰ-৪ ৰাউণ্ডৰ শীৰ্ষ দুটা দলে ২৮ ছেপ্টেম্বৰত খিতাপৰ মেচ খেলিব ।

কেতিয়া আৰু ক’ত চাব পাৰিব খেল ?

ছ’নী স্প’ৰ্টছ নেটৱৰ্কে এছিয়া কাপ ২০২৫ৰ সকলো খেল ভাৰতৰ টিভিত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব । এই প্ৰতিযোগিতাৰ লাইভ ষ্ট্ৰীমিং চ’নী এল আই ভি এপ আৰু ইয়াৰ ৱেবছাইটতো উপলব্ধ হ’ব । এইবাৰ এছিয়া কাপত মুঠ ১৯খন খেল অনুষ্ঠিত হ’ব । ইয়াৰে ১৮খন খেল ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব । ১৫ ছেপ্টেম্বৰত ইউ এ ই বনাম ওমানৰ মাজৰ খেলখনহে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাৰ পৰা আৰম্ভ হ’ব ।

এছিয়া কাপত কোন চেম্পিয়ন হৈছিল ?

এইবাৰ এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে । এইবাৰ এই প্ৰতিযোগিতা টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও ২০১৬ আৰু ২০২২ চনত টি-২০ ফৰ্মেটত আয়োজন কৰা হৈছিল । বাকী ১৪টা সংস্কৰণ এদিনীয়া ফৰ্মেটত আয়োজন কৰা হৈছিল । এছিয়া কাপৰ সফল দল হিচাপে ভাৰতে এতিয়ালৈকে ৮ বাৰ খিতাপ দখল কৰিছে । ১৯৮৪ চনত (প্ৰথম সংস্কৰণ), ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮ আৰু ২০২৩ চনত ভাৰতীয় দল চেম্পিয়ন হৈছিল । আনহাতে শ্ৰীলংকাই ৬ বাৰ (১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮, ২০১৪, ২০২২) আৰু পাকিস্তানে ২ বাৰ (২০০০, ২০১২) খিতাপ দখল কৰিছিল ।

আয়োজক কোন, ক’ত অনুষ্ঠিত হ’ব মেচ ?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই) এছিয়া কাপৰ আনুষ্ঠানিক আয়োজক যদিও সকলো খেল ইউ এ ইত অনুষ্ঠিত হ’ব । ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ, গতিকে ভাৰতৰ মাটিত সকলো মেচ আয়োজন কৰাটো কঠিন হৈ পৰিছিল । চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ভাৰতৰ মেচ ডুবাইত অনুষ্ঠিত হোৱাৰ দৰেই বি চি চি আইয়ে নিৰপেক্ষ স্থানত পাকিস্তানৰ সৈতে জড়িত মেচৰ আয়োজন কৰিবলগীয়া হ’লহেঁতেন । এই কাৰণতে সমগ্ৰ প্ৰতিযোগিতাখন ইউ এ ইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । এছিয়া কাপৰ খেলসমূহ ডুবাই (ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম) আৰু আবুধাবি (শ্বেখ জায়েদ ষ্টেডিয়াম)ত অনুষ্ঠিত হ’ব ।

এছিয়া কাপত নেপালে কিয় অংশ লোৱা নাই ?

এছিয়া কাপ ২০২৫ৰ বাবে ভাৰত, শ্ৰীলংকা, পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানে পোনপটীয়াকৈ প্ৰৱেশ লাভ কৰিছে  । ওমান, ইউ এ ই আৰু হংকঙে কোৱালিফাইং প্ৰতিযোগিতা (এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপ ২০২৪)ৰ জৰিয়তে প্ৰৱেশ লাভ কৰে । ওমানত অনুষ্ঠিত হোৱা এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপ ২০২৪ত নেপালৰ দলটোৱে চতুৰ্থ স্থান দখল কৰে, যাৰ বাবে এছিয়া কাপত অংশগ্ৰহণৰ সুযোগ নাপালে ।

এছিয়া কাপ ২০২৫ৰ সূচী (ভাৰতীয় সময় অনুসৰি)

৯ ছেপ্টেম্বৰ : আফগানিস্তান বনাম হংকং, আবুধাবি, নিশা ৮ বজাত

১০ ছেপ্টেম্বৰ : ভাৰত বনাম ইউ এ ই, ডুবাই, নিশা ৮ বজাত

১১ ছেপ্টেম্বৰ : বাংলাদেশ বনাম হংকং, আবুধাবি, নিশা ৮ বজাত

১২ ছেপ্টেম্বৰ : পাকিস্তান বনাম ওমান, ডুবাই, নিশা ৮ বজাত

১৩ ছেপ্টেম্বৰ : বাংলাদেশ বনাম শ্ৰীলংকা, আবুধাবি, নিশা ৮ বজাত

১৪ ছেপ্টেম্বৰ : ভাৰত বনাম পাকিস্তান, ডুবাই, নিশা ৮ বজাত

১৫ ছেপ্টেম্বৰ : ইউ এ ই বনাম ওমান, আবুধাবি, ৫.৩০ বজাত

১৫ ছেপ্টেম্বৰ : শ্ৰীলংকা বনাম হংকং, ডুবাই, নিশা ৮ বজাত

১৬ ছেপ্টেম্বৰ : বাংলাদেশ বনাম আফগানিস্তান, আবুধাবি, নিশা ৮ বজাত

১৭ ছেপ্টেম্বৰ : পাকিস্তান বনাম ইউ এ ই, ডুবাই, নিশা ৮ বজাত

১৮ ছেপ্টেম্বৰ : শ্ৰীলংকা বনাম আফগানিস্তান, আবুধাবি, নিশা ৮ বজাত

১৯ ছেপ্টেম্বৰ : ভাৰত বনাম ওমান, আবুধাবি, নিশা ৮ বজাত

২০ ছেপ্টেম্বৰ : বি ১ বনাম বি ২, ডুবাই, নিশা ৮ বজাত

২১ ছেপ্টেম্বৰ : এ১ বনাম এ২, ডুবাই, নিশা ৮ বজাত

২৩ ছেপ্টেম্বৰ : এ২ বনাম বি১, আবুধাবি, নিশা ৮ বজাত

২৪ ছেপ্টেম্বৰ : এ১ বনাম বি২, ডুবাই, নিশা ৮ বজাত

২৫ ছেপ্টেম্বৰ : এ২ বনাম বি২, ডুবাই, নিশা ৮ বজাত

২৬ ছেপ্টেম্বৰ : এ১ বনাম বি১, ডুবাই, নিশা ৮ বজাত

২৮ ছেপ্টেম্বৰ : ফাইনেল, ডুবাই, নিশা ৮ বজাত

লগতে পঢ়ক : কাইলৈৰ পৰা ​​আৰম্ভ হ’ব এছিয়া কাপ… সাজু যুৱ আৰু অভিজ্ঞ খেলুৱৈ, ভাৰত-পাকিস্তানৰ মেচত অনুৰাগীৰ চকু

কাইলৈৰ পৰা ​​আৰম্ভ হ’ব এছিয়া কাপ… সাজু যুৱ আৰু অভিজ্ঞ খেলুৱৈ, ভাৰত-পাকিস্তানৰ মেচত অনুৰাগীৰ চকু

কাইলৈৰ পৰা ​​আৰম্ভ হ’ব এছিয়া কাপ

কাইলৈ তথা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ উত্তেজনা । এইবাৰ প্ৰতিযোগিতাখনৰ ১৭ সংখ্যক সংস্কৰণ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব আৰু সকলো খেল আবুধাবি আৰু ডুবাইত অনুষ্ঠিত হ’ব । ডাবল হেডাৰৰ দিনা প্ৰথমখন মেচ ৫:৩০  বজাত (ভাৰতীয় সময়) অনুষ্ঠিত হ’ব, আনহাতে বাকী সকলো মেচ ৮:০০  বজাত অনুষ্ঠিত হ’ব ।

ইউ এ ইত কিয় অনুষ্ঠিত হৈছে এছিয়া কাপ ?

প্ৰথমে বি চি চি আইয়ে প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ ওলাইছিল যদিও ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্ক অৱনতি ঘটাত আৰু ইখনে সিখনৰ মাটিত ক্ৰিকেট খেলিবলৈ অস্বীকাৰ কৰাৰ বাবে স্থান সলনি কৰিবলগীয়া হয় । এই কাৰণতে এতিয়া ইউ এ ইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । যদিও বি চি চি আই এতিয়াও প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব, তথাপিও সকলো খেল ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হ’ব ।

প্ৰতিযোগিতাখনৰ ইতিহাসে কি কয় ?

১৯৮৪ চনত ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত প্ৰথম এছিয়া কাপ অনুষ্ঠিত হৈছিল । ২০০৮ চনৰ পৰা নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা এই প্ৰতিযোগিতাখন ভাৰত বৰ্তমানৰ চেম্পিয়ন, যিয়ে ২০২৩ চনৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ৮ম বাৰৰ বাবে খিতাপ দখল কৰিছিল । শ্ৰীলংকাই ৬ বাৰ খিতাপ দখল কৰিছে । আনহাতে পাকিস্তান মাত্ৰ দুবাৰহে চেম্পিয়ন হৈছে । এইবাৰ প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব, যিটো ইতিহাসত তৃতীয়বাৰৰ বাবে ঘটিছে ।

কোন কোন দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ?

প্ৰথমবাৰৰ বাবে এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিবলৈ ওলাইছে । এই প্ৰতিযোগিতাত ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে প্ৰত্যক্ষ প্ৰৱেশ লাভ কৰে । আনহাতে ওমান, সংযুক্ত আৰব আমিৰশ্বাহী আৰু হংকঙে এছিয়াৰ সহযোগী দেশসমূহৰ মাজত খেলা প্ৰতিযোগিতা এ চি চি পুৰুষ প্ৰিমিয়াৰ কাপৰ জৰিয়তে প্ৰৱেশ লাভ কৰিছে ।

এইবাৰৰ ফৰ্মেট-

৮টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে । দুয়োটা গ্ৰুপৰ শীৰ্ষ দুটা দলে ‘ছুপাৰ ফোৰ’ৰ বাবে যোগ্যতা অৰ্জন কৰিব । তাৰ পিছত ২৮ ছেপ্টেম্বৰত শীৰ্ষ দুটা দলে ফাইনেল খেলিব ।

গ্ৰুপ এ : ভাৰত, পাকিস্তান, ওমান, ইউ এ ই

গ্ৰুপ বি : শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান, হংকং

ভাৰত-পাকিস্তানৰ যুঁজ কেতিয়া ?

ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্কৰ অৱনতি ঘটাৰ পিছত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও ভাৰত চৰকাৰৰ স্পষ্টতাৰ পিছত দুয়োটা দলৰ মাজত খেলখন স্থিৰ হৈ পৰিছিল । ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব দুয়োটা দলৰ গ্ৰুপ মেচ ।  যদি দুয়োটা দলে ছুপাৰ ৪ বা ফাইনেলত প্ৰৱেশ কৰে তেন্তে এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিখন মেচ অনুষ্ঠিত হ’ব ।

কোন কোন নতুন খেলুৱৈ বাতৰিৰ শিৰোনামত আছে ?

এই এছিয়া কাপত বহুতো নতুন আৰু যুৱ মুখ আছে । টি-২০ত দুটা শতক আৰু ১৯৩.৮৪ ষ্ট্ৰাইক ৰেট থকা ২৪ বছৰীয়া অভিষেক শৰ্মাই এই পৰ্যন্ত ভাৰতৰ হৈ ১৭খন মেচ খেলিছে । আফগানিস্তানৰ ১৯ ​​বছৰীয়া মিষ্ট্ৰী স্পীনাৰ আল্লাহ গাজানফৰে ১১খন এদিনীয়া খেলত প্ৰদৰ্শন কৰি আপ্লুত কৰিছে ।

২০২৫ৰ পি এছ এলত পাকিস্তানৰ ৩১ বছৰীয়া বেগী বলাৰ ছলমান মিৰ্জাই মুঠ ১১টা উইকেট দখল কৰিছিল । ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৫৫.৬৭ ষ্ট্ৰাইক ৰেটত ২৯২২ ৰান সংগ্ৰহ কৰিছে । টি-২০ত মুঠ ৭০টা উইকেট দখল কৰা হংকঙৰ ৩৪ বছৰীয়া ইয়াছিম মুৰ্তাজাই প্ৰথমবাৰৰ বাবে নিজৰ দলৰ অধিনায়কত্ব কৰিব ।

এই এছিয়া কাপ কিয় বিশেষ ?

টি-২০ ফৰ্মেটত সদায় যিকোনো অঘটন ঘটাৰ সম্ভাৱনা থাকে । হংকং, আফগানিস্তানৰ দৰে দলে বিগত সময়ত ডাঙৰ দলক প্ৰত্যাহ্বান জনাই আহিছে । ২০২২ চনত টি-২০ এছিয়া কাপ জয় কৰি শ্ৰীলংকাই প্ৰমাণ কৰিলে যে এই প্ৰতিযোগিতা আশ্বৰ্যৰে ভৰা ।

লগতে পঢ়ক : ভাৰতৰ বাহিৰেও ২০২৫ৰ এছিয়া কাপ জয়ৰ শক্তিশালী দাবীদাৰ এই তিনিখন দেশ…

ভাৰতৰ বাহিৰেও ২০২৫ৰ এছিয়া কাপ জয়ৰ শক্তিশালী দাবীদাৰ এই তিনিখন দেশ…

ভাৰতৰ বাহিৰেও ২০২৫ৰ এছিয়া কাপ জয়ৰ শক্তিশালী দাবীদাৰ এই তিনি দেশ

এছিয়া কাপৰ ৰোমাঞ্চ আৰম্ভ হ’বলৈ কিছু ক্ষণ বাকী । ৯ ছেপ্টেম্বৰৰ তথা কাইলৈৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাত আঠটা দলে অংশগ্ৰহণ কৰিব । ২৮ ছেপ্টেম্বৰলৈকে চলিব এই প্ৰতিযোগিতা । ভাৰত এই প্ৰতিযোগিতাৰ ডিফেণ্ডিং চেম্পিয়ন আৰু এইবাৰো সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বাধীন দলটোৱে এছিয়া কাপৰ খিতাপ জয় কৰিবলৈ খেলপথাৰত নামিব । আনহাতে বাংলাদেশ, আফগানিস্তান আদি দলে প্ৰথমবাৰৰ বাবে ট্ৰফী জয় কৰাৰ উদ্দেশ্যেৰে খেলপথাৰত প্ৰৱেশ কৰিব । এই প্ৰতিযোগিতাত ৮টা দল আছে- ভাৰত, পাকিস্তান, ওমান, ইউ এ ই, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ আৰু হংকং । জানক দল আৰু ফৰ্মৰ ভিত্তিত কোন ৩টা দল এইবাৰ এছিয়া কাপ জয়ৰ বাবে শক্তিশালী দাবীদাৰ ।

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ডিফেণ্ডিং চেম্পিয়ন হিচাপে খেলিব । ভাৰতীয় দলৰ ফৰ্ম উৎকৃষ্ট, বিগত ৪০ খন টি-২০ মেচৰ ভিতৰত ৩৫ খন খেলত জয়লাভ কৰিছে দলটোৱে । টি-২০ ৰেংকিঙত টিম ইণ্ডিয়া প্ৰথম স্থানত থকাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত থকা ভাৰতীয় দলটো বিগত এবছৰত কোনো টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই । দলটোত হাৰ্দিক পাণ্ডিয়া, শুভমন গীল, যশপ্ৰীত বুমৰাহৰ দৰে শীৰ্ষ খেলুৱৈয়ে ভাৰতক এছিয়া কাপ জয়ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে প্ৰমাণ কৰি আছে ।

শ্ৰীলংকা-

৬ বাৰৰ এছিয়া কাপ চেম্পিয়ন শ্ৰীলংকাও এই দাবীত পিছ পৰি থকা নাই । দলটোৱে ২০২২ চনৰ খিতাপ জয়ৰ পুনৰাবৃত্তিৰ চেষ্টা কৰিব । দলত পাথুম নিশাংকা, কুছাম মেণ্ডিছ, কামিন্দু মেণ্ডিছৰ দৰে শক্তিশালী বেটছমেন থকাৰ বাবে শ্ৰীলংকা আন কোনো দলতকৈ কম নহয় । একে সময়তে অধিনায়ক চৰিথ আছলংকাইও দলটোক অতি সুন্দৰ নেতৃত্ব দি আহিছে । এছিয়া কাপৰ সপ্তমটো খিতাপ জয়ৰ বাবে শ্ৰীলংকাও ডাঙৰ প্ৰতিদ্বন্দ্বী ।

বাংলাদেশ-

লিটন দাসে বাংলাদেশ টি-২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা দলটোৰ প্ৰদৰ্শন উন্নত হৈছে । বাংলাদেশ টি-২০ ৰেংকিঙত দশম স্থানৰ দল হ’ব পাৰে, কিন্তু লিটন দাসৰ অধিনায়কত্বত দলটোৱে বিগত ৮ খন টি-২০ মেচত মাত্ৰ এবাৰহে পৰাস্ত হৈছে । বাংলাদেশে বিগত সময়তো অঘটন ঘটাই আহিছে, এইবাৰ ভাল ফৰ্মে খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰিছে । ইয়াৰ উপৰিও ২০১২ আৰু ২০১৮ এছিয়া কাপৰ ফাইনেল খেলিছে দলটোৱে ।

পাকিস্তান-

কেইমাহমান আগলৈকে পাকিস্তানৰ দলটোৰ অৱস্থা আছিল অতি বেয়া । অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড আৰু তাৰ পিছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাস্ত হৈছে দলটো । কিন্তু ছলমান আঘা অধিনায়ক হোৱাৰ পাছত দলটোৰ টি-২০ মেচৰ ফলাফল কিছু উন্নত হৈছে । পাক দলটোৱে যোৱা চাৰিখন টি-২০ ছিৰিজৰ ভিতৰত তিনিটা জয় লাভ কৰাৰ লগতে শেহতীয়াকৈ আধিপত্য বিস্তাৰ কৰি ট্ৰাই ছিৰিজত জয়লাভ কৰিছে । বিশেষকৈ বাওঁহতীয়া স্পীনাৰ মহম্মদ নৱালে ট্ৰাই ছিৰিজত ১০টা উইকেট দখল কৰি আপ্লুত কৰে । ইউ এ ইৰ খেলপথাৰত তেওঁৰ পৰা পাক দলৰ বহু আশা থাকিব ।

লগতে পঢ়ক : ‘প্ৰতিজন খেলুৱৈয়ে লাভ কৰিব ৩ লাখ টকাৰ পুৰস্কাৰ…’; ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী

২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা… অধ্যক্ষকে ধৰি সকলো পদৰ নিৰ্বাচন

২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভা

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ জি এম অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা ২৮ ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত ব’ৰ্ডৰ অধ্যক্ষ আৰু আই পি এলৰ অধ্যক্ষকে ধৰি কেইবাটাও পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । চলিত মাহৰ আৰম্ভণিতে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰজাৰ বিনীয়ে পদত্যাগ কৰাৰ পিছত বি চি চি আইৰ অধ্যক্ষ পদ খালী হোৱাৰ বিপৰীতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ অৰুণ ধুমলে ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত বাধ্যতামূলক কুলিং পিৰিয়ডলৈ যোৱাৰ সম্ভাৱনা আছে ।

পদ অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা-

বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই এই পৰ্যন্ত প্ৰায় তিনি বছৰৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছে । ইয়াত তেওঁ দুবছৰ তিনিমাহ যুটীয়া সচিব আৰু ৯ মাহ সচিব হিচাপে কাম কৰি আহিছে । এনে পৰিস্থিতিত পদটোত তেওঁৰ ধাৰাবাহিকতা প্ৰায় নিশ্চিত বুলি ধৰা হৈছে । দৰাচলতে জয় শ্বাহ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হোৱাৰ পাছত চলিত বৰ্ষৰ জানুৱাৰী মাহত সৰ্বসন্মতিক্ৰমে সচিব নিৰ্বাচিত হৈছিল শইকীয়া । ইয়াৰ উপৰিও পদ অক্ষুণ্ণ ৰখাৰ সম্ভাৱনা থকা আন বিষয়াসকলৰ ভিতৰত আছে ৰোহন গৌণ দেশাই আৰু প্ৰভতেজ ভাটিয়া । চলিত বৰ্ষৰ মাৰ্চ মাহত দেশাই যুটীয়া সচিব নিৰ্বাচিত হোৱাৰ লগতে জানুৱাৰী মাহত ভাটিয়াক শইকীয়াৰ সৈতে কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় ।

২০২২ত অধ্যক্ষ হৈছিল বিনী-

২০২২ চনৰ অক্টোবৰ মাহত বিনীক বি চি চি আইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । ভাৰতীয় প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ঠাইত বিনীক বি চি চি আইৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । গাংগুলীয়ে তিনি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছিল । তেতিয়া বিনীয়েই আছিল শীৰ্ষ পদৰ বাবে মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী । ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বি চি চি আইৰ এ জি এমলৈকে বিনী এই পদত থাকিব বুলি খবৰ ওলাইছিল যদিও জুলাই মাহত ৭০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে তেওঁৰ কাৰ্যকাল শেষ হয় ।

অধ্যক্ষ হিচাপে বিনীৰ কাৰ্যকাল-

বিনী বি চি চি আইৰ অধ্যক্ষ হোৱাৰ পিছত ভাৰতে দুখন সীমিত অভাৰ ফৰ্মেট আই চি চি প্ৰতিযোগিতাত জয়লাভ কৰে । ভাৰতে আই চি চি টি-২০ বিশ্বকাপ ২০২৪ আৰু আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত জয়লাভ কৰে । ঐতিহাসিক মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ও বিনীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আৰম্ভ হয় । অধ্যক্ষ হিচাপে থকা সময়ছোৱাত ঘৰুৱা ক্ৰিকেটে উন্নত উৎসাহ লাভ কৰিছিল । খেলুৱৈৰ দৰমহা বৃদ্ধি কৰি টিম ইণ্ডিয়াৰ জ্যেষ্ঠ খেলুৱৈসকলক ঘৰুৱা প্ৰতিযোগিতাত খেলা কৰিবলৈ উপযুক্ত আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : হকী এছিয়া কাপৰ ফাইনেলত ভাৰত… ৭-০ত পৰাস্ত চীন

এদিনীয়া বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল… কোনে কোনে পালে স্থান ?

এদিনীয়া বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

এদিনীয়া বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো মঙলবাৰে ঘোষণা কৰা হৈছে । ৩০ ছেপ্টেম্বৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । এইবাৰ নিৰ্বাচনত কিছু আচৰিত ধৰণৰ সিদ্ধান্ত লোৱা হৈছে । ফাষ্ট বলাৰ ৰেণুকা ঠাকুৰ ফিট হৈ দললৈ ঘূৰি আহিছে, আনহাতে আগ্ৰাসী অ’পেনাৰ শ্বেফালী বাৰ্মা দলৰ পৰা বাদ পৰিছে ।

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপত হৰমনপ্ৰীত কৌৰে দলটোৰ অধিনায়কত্ব লাভ কৰাৰ বিপৰীতে স্মৃতি মন্ধনাক উপ-অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে ।

শ্বেফালিৰ অনুপস্থিতি-

দীৰ্ঘদিন ধৰি ৰেনুকা ঠাকুৰৰ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন হৈ আছিল যদিও অৱশেষত তেওঁক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, শ্বেফালী বাৰ্মাক দলৰ পৰা বাদ দিয়াটো এক কঠিন সিদ্ধান্ত বুলি বিবেচিত হৈছে । তেওঁৰ আগ্ৰাসী বেটিং ভাৰতৰ বাবে বহু সময়ত ফলপ্ৰসূ হৈছে ।

পুৰস্কৃত প্ৰতিকা ৰাৱাল-

টপ অৰ্ডাৰ যুৱ বেটছমেন প্ৰতীকা ৰাৱালকো এই দলত সুযোগ দিয়া হৈছে । বিগত ১৪খন এদিনীয়াত ধাৰাবাহিকভাৱে ভাল ৰান সংগ্ৰহ কৰি নিজৰ স্থান গঢ়ি তুলিছে তেওঁ । দল পৰিচালনাই তেওঁক ভাৰতৰ বেটিঙত স্থিতিশীলতা আনিব পৰা খেলুৱৈ বুলি গণ্য কৰিছে ।

৩০ ছেপ্টেম্বৰৰ পৰা এদিনীয়া বিশ্বকাপ-

চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব মহিলা এদিনীয়া ক্ৰিকেট বিশ্বকাপ । ঘৰুৱা খেলপথাৰত খিতাপ জয় কৰাৰ উদ্দেশ্যেৰে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত প্ৰৱেশ কৰিব ভাৰতীয় দলে ।

অষ্ট্ৰেলিয়া ছিৰিজৰ বাবেও ঘোষণা দল-

বিশ্বকাপৰ পূৰ্বে নিৰ্বাচকসকলে ১৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবেও ১৫ জনীয়া দল ঘোষণা কৰিছে । এই শৃংখলা বিশ্বকাপৰ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে ।

এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতীয় দল-

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা (উপ অধিনায়ক), প্ৰতিকা ৰাৱাল, হৰলিন দেউল, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগোছ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ (উইকেটকীপাৰ), ক্ৰান্তি গৌড়, অমনজোত কৌৰ, ৰাধা যাদৱ, শ্ৰী চৰানী, যস্তিকা ভাটিয়া (উইকেটকীপাৰ) আৰু স্নেহ ৰাণা ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দল-

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা (উপ অধিনায়ক), প্ৰতিকা ৰাৱাল, হৰলিন দেউল, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগোছ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ (উইকেটকীপাৰ), ক্ৰান্তি গৌড়, সয়ালি সতঘৰে, ৰাধা যাদৱ, শ্ৰী চৰাণী, যস্তিকা ভাটিয়া (উইকেটকীপাৰ), স্নেহ ৰাণা ।

লগতে পঢ়ক : এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতীয় দল ঘোষণা… সূৰ্যকুমাৰক দলৰ অধিনায়কৰ দায়িত্ব

ভাৰতীয় দলৰ পৰৱৰ্তী মেচ কেতিয়া ?  জানক ২০২৬ৰ টি-২০ বিশ্বকাপলৈ সম্পূৰ্ণ সময়সূচী

ভাৰতীয় দলৰ পৰৱৰ্তী মেচ কেতিয়া ?

ভাৰত আৰু ইংলেণ্ডৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ পিছত ভাৰতৰ বাংলাদেশ ভ্ৰমণ ২০২৬ চনলৈ পিছুৱাই দিয়াৰ লগে লগে বৰ্তমানৰ পৰিস্থিতি অনুসৰি আগষ্ট মাহত ভাৰতীয় দলটোৱে আৰু ক্ৰিকেট নেখেলে । ভাৰতীয় দলটোৰ পৰৱৰ্তী প্ৰতিযোগি হ’ব ২০২৫ চনৰ এছিয়া কাপ, যিখন সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’ব । টেষ্ট ক্ৰিকেটত ভাৰতীয় দলক পৰৱৰ্তী সময়ত ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা দুখন মেচৰ শৃংখলা খেলা দেখা যাব ।

দুয়োখন টেষ্ট শৃংখলাৰ মাজত দলটোৱে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব । ভাৰতে টি-২০ বিশ্বকাপৰ পূৰ্বে দক্ষিণ আফ্ৰিকা আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে দুয়োখন হোৱাইট বল ফৰ্মেটতে ঘৰুৱা শৃংখলা খেলিব ।

২০২৬ চনৰ টি-২০ বিশ্বকাপলৈ ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক খেলসমূহৰ সম্পূৰ্ণ সূচী-

এছিয়া কাপ ৯-২৮ ছেপ্টেম্বৰ, ২০২৫ টি২০ ফৰ্মেটত ইউ এ ইত অনুষ্ঠিত হ’ব ।

ভাৰত বনাম ৱেষ্ট ইণ্ডিজ ২-১৪ অক্টোবৰ, ২০২৫, ২ খন টেষ্ট মেচ ভাৰতত অনুষ্ঠিত হ’ব ।

ভাৰত বনাম অষ্ট্ৰেলিয়া ১৯ অক্টোবৰ-৮ নৱেম্বৰ, ২০২৫, ৩ এদিনীয়া, ৫ খন টি-২০ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা ১৪ নৱেম্বৰ-১৯ ডিচেম্বৰ, ২০২৫, ২ খন টেষ্ট, ৩ খন এদিনীয়া, ৫ খন টি-২০ ভাৰতত অনুষ্ঠিত হ’ব ।

ভাৰত বনাম নিউজীলেণ্ড ১১-৩১ জানুৱাৰী, ২০২৬ ৩ খন এদিনীয়া, ৫ খন টি-২০ ভাৰতত অনুষ্ঠিত হ’ব ।

টি-২০ বিশ্বকাপ ২০২৬ ফেব্ৰুৱাৰী-মাৰ্চ ২০২৬ টি-২০ ফৰ্মেটত ভাৰত/শ্ৰীলংকাত অনুষ্ঠিত হ’ব ।

অ’ভেল টেষ্টত ভাৰতৰ জয়লাভ-

কেনিংটন অ’ভেলত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত ভাৰতে ৬ ৰানত জয়লাভ কৰে । পঞ্চমখন টেষ্টত জয়লাভ কৰি টিম ইণ্ডিয়াই ২-২ ব্যৱধানত শৃংখলা সমাপ্ত কৰে । টছ হেৰুৱাই বেটিং কৰিবলৈ ওলাই অহাৰ পাছত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ২২৪ ৰানহে কৰিবলৈ সক্ষম হৈছিল । এই ইনিংছত কৰুণ নায়াৰে ৫৭ ৰান সংগ্ৰহ কৰে যদিও দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যাব নোৱাৰিলে । ইংলেণ্ডৰ হৈ এই ইনিংছত গাছ এটকিনছনে সৰ্বাধিক ৫টা উইকেট দখল কৰাৰ বিপৰীতে জোছ টংগে তিনিটা উইকেট দখল কৰে ।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডে প্ৰথম ইনিংছত ২৪৭ ৰান সংগ্ৰহ কৰি ২৩ ৰানত সামান্য অগ্ৰগতি লাভ কৰে । ইংলেণ্ডৰ হৈ জেক ক্ৰ’লিয়ে সৰ্বাধিক ৬৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে হেৰী ব্ৰুকে দলৰ একাউণ্টত ৫৩ ৰানৰ অৰিহণা যোগায় । ভাৰতৰ হৈ মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই চাৰিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে আকাশ দীপে এটা উইকেট দখল কৰে ।

লগতে পঢ়ক : কোটি কোটি ভাৰতীয় অনুৰাগীৰ বাবে সুখবৰ; খেলপথাৰত নামিবলৈ সাজু বিৰাট কোহলী

পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ… ডি ভিলিয়াৰ্ছৰ বিস্ফোৰক শতক

পাকিস্তানৰ আশাত চেঁচা পানী ঢালি খিতাপ দখল দক্ষিণ আফ্ৰিকাৰ…

২০২৫ চনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ অন্তিমখন মেচত পাকিস্তান চেম্পিয়নে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । শনিবাৰে অনুষ্ঠিত হোৱা এই মেচখনত দক্ষিণ আফ্ৰিকা চেম্পিয়নে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই খিতাপ দখল কৰে । এই চূড়ান্ত খেলখনত পাকিস্তানৰ অধিনায়ক মহম্মদ হাফিজে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । তৃতীয় অভাৰত কামৰাণ আকমল আউট হয় । অধিনায়ক হাফিজে ১০টা বলত ১৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছোৱেইব মালিকে ২০ ৰাণ (২৫ বল)ত আউট হয় ।

ইয়াৰ পিছত শ্বাৰ্জিল খানে ৪৪টা বলত ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে । তেওঁৰ পিছত উমৰ আমিন আৰু আছিফ আলীয়ে দ্ৰুততাৰে ৰান সংগ্ৰহ কৰি একেলগে ৩১টা বলত ৬১ ৰান সংযোজন কৰে । দক্ষিণ আফ্ৰিকাৰ হৈ ৱেইন পাৰ্নেলে ৪ অভাৰত ৩২ ৰান খৰছ কৰি ২টা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্ডাছ ভিলজোয়েনেও ২টা উইকেট দখল কৰে । লগে লগে পাকিস্তানে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৯৫ ৰান সংগ্ৰহ কৰে ।

দক্ষিণ আফ্ৰিকাৰ ইনিংছ

ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এক সুন্দৰ আৰম্ভণি কৰে । দলটোৱে মাত্ৰ ৬ অভাৰতে ৭২ ৰান সংগ্ৰহ কৰে । পাৱাৰপ্লেৰ শেষৰ বলত ১৮ ৰান সংগ্ৰহ কৰি আউট হয় হাছিম আমলা । ইয়াৰ পিছত পাকিস্তানৰ ফিল্ডিং অতি দুৰ্বল যেন লাগিছিল, বহু কেচ ড্ৰপ কৰে দলটোৰ খেলুৱৈসকলে ।

হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে কেৱল বেটিং কৰি থকা এ বি ডি ভিলিয়াৰ্ছে “ইমপেক্ট প্লেয়াৰ” হিচাপে ৪৭ বলত নিজৰ তৃতীয়টো শতক সম্পূৰ্ণ কৰে । শেষলৈকে তেওঁ ১২০ ৰান (৬০ বল, ১২ চাৰি, ৭ ছয়)ৰ ইনিংছৰে অপৰাজিত হৈ থাকে । জে পি ডুমিনিয়েও তেওঁৰ সৈতে উজ্জ্বল বেটিং কৰিছিল আৰু দুয়ো মিলি ৬৫টা বলত ১২৫ ৰানৰ অংশীদাৰিত্ব গঢ়ি তোলে । ডুমিনিয়ে ২৮টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ।

দক্ষিণ আফ্ৰিকাই মাত্ৰ এটা উইকেট হেৰুৱাই ১৬.৫ অভাৰত জয়লাভ কৰি ৯ উইকেটত এক দৰ্শনীয় জয় সাব্যস্ত কৰে ।

খেলখনৰ অন্তত ভাৰত-পাকিস্তান বিবাদৰ বাবেই পি চি বি (পাকিস্তান ক্ৰিকেট ব’ৰ্ড)য়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে । খবৰ অনুসৰি এতিয়া ব্যক্তিগত লীগত কোনেও “পাকিস্তান” নাম ব্যৱহাৰ কৰিব নোৱাৰিব ।

লগতে পঢ়ক : অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক… পঞ্চম টেষ্টত চালকৰ আসনত ভাৰত