ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫; ১৪ ছেপ্টেম্বৰত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ

ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫

কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫, তাকে লৈ উৎকণ্ঠিত হৈ আছে ক্ৰিকেট অনুৰাগী । ইয়াৰ মাজতে প্ৰকাশ কৰা হৈছে এছিয়া কাপৰ তাৰিখ । পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীয়ে ছ’চিয়েল মিডিয়াযোগে কয় যে এইবাৰ ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ সংযুক্ত আৰব আমিৰশ্বাহীত অনুষ্ঠিত হ’ব পুৰুষৰ এছিয়া কাপ । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে । এই প্ৰতিযোগিতাত দুয়োটা দলৰ মাজত এবাৰ বা দুবাৰ নহয় তিনিবাৰ সংঘৰ্ষ হ’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এপ্ৰিল মাহত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ পাছত এইখন হ’ব দুয়োটা দলৰ মাজত প্ৰথমখন মেচ ।

পিচিবিৰ অধ্যক্ষ মহছিন নাকৱীয়ে অফিচিয়েল মিডিয়া হেণ্ডেল এক্সত লিখিছে, ‘ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া এ চি চি পুৰুষ এছিয়া কাপ ২০২৫ৰ তাৰিখ ঘোষণা কৰি মই সুখী । এই সন্মানীয় প্ৰতিযোগিতাখন ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । আমি ক্ৰিকেটৰ এক ডাঙৰ প্ৰদৰ্শন আশা কৰিছো ।’ আনুষ্ঠানিক আয়োজক হোৱাৰ পিছতো বি চি চি আইয়ে ইতিমধ্যে ইউ এ ইত প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ সন্মত হৈছিল । যিটো ভাৰত বা পাকিস্তান নিৰ্দিষ্ট আয়োজক হ’লে নিৰপেক্ষ স্থানত প্ৰতিযোগিতাখন আয়োজন কৰাৰ এ চি চিৰ নীতিৰ সৈতে মিল আছে ।

৮টা দলে অংশগ্ৰহণ কৰিব-

এছিয়া কাপত ৮টা দলে অংশগ্ৰহণ কৰিব । এই প্ৰতিযোগিতাক ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপৰ পূৰ্বে প্ৰস্তুতিমূলক প্ৰতিযোগিতা হিচাপে দেখা গৈছে । যিখন ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । ভাৰত বৰ্তমান এছিয়া কাপৰ ডিফেণ্ডিং চেম্পিয়ন, ২০২৩ চনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত খিতাপ দখল কৰিছিল দলটোৱে ।

টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব এছিয়া কাপ-

ভাৰত, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, হংকং, ইউ এ ই আৰু ওমানৰ মাজত মুঠ ১৯খন খেল অনুষ্ঠিত হ’ব । ভাৰত আৰু পাকিস্তান একেটা গ্ৰুপতে থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ দুয়োটা দলে সম্ভৱতঃ তিনিবাৰকৈ মুখামুখি হ’ব । এবাৰ লীগ পৰ্যায়ত, তাৰ পিছত ছুপাৰ ৪ ৰাউণ্ডত আৰু তাৰ পিছত সম্ভৱতঃ ফাইনেলত । এই প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব ।

৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা । প্ৰথমখন খেল আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হ’ব । ১০ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথমখন মেচ হ’ব ইউ এ ইৰ বিৰুদ্ধে । ভাৰতৰ দ্বিতীয়খন খেল ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । ভাৰতৰ তৃতীয়খন খেল ১৯ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে আছে ।

লগতে পঢ়ক : ১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?

১২ বছৰৰ পিছত ঘূৰি আহিব চেম্পিয়নছ লীগ, কেতিয়া অনুষ্ঠিত হ’ব আৰু কোনে কৰিব অংশগ্ৰহণ ?  

১২ বছৰৰ পিছত ঘূৰি আহিছে চেম্পিয়নছ লীগ

চেম্পিয়নছ লীগ টি-২০ প্ৰতিযোগিতা শেষবাৰৰ বাবে ২০১৪ চনত অনুষ্ঠিত হৈছিল, য’ত চেন্নাই ছুপাৰ কিংছে খিতাপ দখল কৰিছিল । এতিয়া ১২ বছৰৰ পাছত চেম্পিয়নছ লীগ ঘূৰি আহিব । ক্ৰিকবাজৰ মতে, শেহতীয়াকৈ সমাপ্ত হোৱা আই চি চিৰ বাৰ্ষিক সন্মিলনত চেম্পিয়নছ লীগৰ প্ৰত্যাৱৰ্তনত অনুমোদন লাভ কৰিছে । বিভিন্ন দেশৰ ঘৰুৱা টি-২০ ফ্ৰেঞ্চাইজি লীগত খেলা দলসমূহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । সকলো ঠিকে থাকিলে অহা বছৰ এই লীগৰ আয়োজন কৰা হ’ব পাৰে ।

খবৰ অনুসৰি অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ব’ৰ্ড বৈঠকত মিলিত হৈ এই প্ৰৰতিযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰিব পাৰে । বিভিন্ন দেশৰ ফ্ৰেঞ্চাইজি লীগৰ দলসমূহক একত্ৰিত কৰাটো অতি জটিল কাম হ’ব পাৰে, গতিকে আগৰ দৰেইএই লীগ চলাবলৈ এটা সুকীয়া ব’ৰ্ড বা গভৰ্নিং কাউন্সিল গঠন কৰিব কৰা হ’ব পাৰে ।

চেম্পিয়নছ লীগ আয়োজনৰ আন এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে প্ৰতিযোগিতাখন কিমান পৰিসৰত আয়োজন কৰা হ’ব । বিগত ১০ বছৰত টি-২০ ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ ফৰ্মেট সলনি হৈছে, কাৰণ আমেৰিকা, নেপাল, কানাডা আৰু ইউ এ ইৰ দৰে সহযোগী দেশসমূহেও নিজাকৈ ফ্ৰেঞ্চাইজি লীগ চলাই আছে । সম্প্ৰতি আই পি এল, দ্য হাণ্ড্ৰেড, বিগ বেছকে ধৰি ১১খন ক্ৰিকেট লীগে সমগ্ৰ বিশ্বতে চৰ্চাৰ সৃষ্টি কৰিছে । এইবোৰৰ বাহিৰেও বিভিন্ন দেশে নিজাকৈ লীগ আৰম্ভ কৰিছে ।

বছৰৰ কোন সময়ত চেম্পিয়নছ টি-২০ লীগ আয়োজন কৰা হ’ব, এইটোও এটা ডাঙৰ প্ৰশ্ন । মাৰ্চ-মে’ মাহৰ ভিতৰত আই পি এল আয়োজন কৰা হয়, আনহাতে এতিয়া ক্ৰিকেটৰ সূচী এনেকুৱা যে প্ৰায় প্ৰতি বছৰে কোনোবা নহয় কোনোবা আই চি চি প্ৰতিযোগিতা অনুষ্ঠিত হয় । যদি অহা বছৰ চেম্পিয়নছ লীগ ঘূৰি আহে, তেন্তে ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত ২০২৬ চনৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব, তাৰ পিছত আৰম্ভ হ’ব আই পি এল । আনহাতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবেও এটা সূচী থাকিব, এনে পৰিস্থিতিত চেম্পিয়নছ লীগ আয়োজন কৰিবলৈ উপযুক্ত সময় বাছি লোৱাটোও অতি কঠিন কাম হ’ব ।

লগতে পঢ়ক : মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল খেলুৱৈক সাক্ষাৎ গীল বাহিনীৰ; গম্ভীৰ-ৰুবেনো উপস্থিত

বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ; ভাৰতীয় খেলুৱৈয়ে কৰিলে বৰ্জন

বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ

দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ খেল বাতিল কৰা হৈছে । ভাৰতীয় খেলুৱৈৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছতে আয়োজকসকলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দৰ্ভত ডব্লিউ চি এলে এক বিবৃতি দিছে । এই মেচখনক লৈ ভাৰতীয় অনুৰাগীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল । কেৱল এয়াই নহয়, শিখৰ ধাৱান, সুৰেশ ৰাইনা, হৰভজন সিঙৰ দৰে প্ৰবীণ খেলুৱৈয়ে এই মেচ বৰ্জন কৰাৰ খবৰো প্ৰকাশ পাইছিল ।

ভাৰতীয় বেটছমেন শিখৰ ধাৱানে এই খেলখনক লৈ ক্ষোভ প্ৰকাশ কৰে ইনষ্টাগ্ৰামত । তেওঁ লিখিছে, মই এতিয়াও ১১ মে’ত লোৱা পদক্ষেপৰ কাষত থিয় দিছো । মোৰ দেশ মোৰ বাবে সকলো আৰু মোৰ দেশতকৈ ডাঙৰ একো নাই । জয় হিন্দ ।

ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে অনুৰাগীয়ে-

পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল । এই প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছিল সুৰেশ ৰাইনা, শিখৰ ধাৱান আৰু হৰভজন সিঙ । কিন্তু ভাৰত-পাকিস্তানৰ খেলখন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত যথেষ্ট ক্ষোভ প্ৰকাশ পাই । অৱশেষত আয়োজকসকলে এই মেচ বাতিল কৰাৰ সিদ্ধান্ত লয় । এই প্ৰতিযোগিতাত যুৱৰাজ সিং নেতৃত্বাধীন দলটোৰ এইখনেই আছিল প্ৰথমখন মেচ । ভাৰতীয় দলটোত আছে শিখৰ ধাৱান, সুৰেশ ৰাইনা, ৰবিন উথাপ্পা আৰু অম্বতি ৰায়ুডুৰ দৰে বেটছমেন ।

আয়োজকসকলে ক্ষমা বিচাৰিলে-

ডব্লিউ চি এলে এক বিবৃতিত কয় যে শেহতীয়াকৈ দুয়োখন দেশৰ মাজত অনুষ্ঠিত ভলীবল খেলৰ পিছত ভাৰত-পাকিস্তানৰ খেলখনৰ দিন ধাৰ্য কৰা হৈছিল । অৱশ্যে খেলখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । আৱেগক আঘাত দিয়াৰ বাবে WCL এ ক্ষমা বিচাৰিছে । প্ৰকাশিত এক বাতৰি অনুসৰি, আন বহু ভাৰতীয় খেলুৱৈও পাকিস্তানৰ সৈতে খেলখন নেখেলাৰ পক্ষত আছিল ।

লগতে পঢ়ক : এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই; এ চি চিৰ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ

এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই; এ চি চিৰ বৈঠকত উপস্থিত থাকিবলৈ অস্বীকাৰ

এছিয়া কাপ ‘বৰ্জন’ কৰিবলৈ সাজু বি চি চি আই

এছিয়া কাপ ২০২৫ লৈ অব্যাহত আছে অনিশ্চয়তা । প্ৰতিবেদন অনুসৰি যদি এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা (এ জি এম) ঢাকাত অনুষ্ঠিত হয়, তেন্তে বি চি চি আইয়ে যিকোনো প্ৰস্তাৱক “বৰ্জন” কৰিব পাৰে । টি-২০ ফৰ্মেটত ছটা দলৰ মাজত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা এছিয়া কাপৰ ভৱিষ্যত অনিশ্চিত । ভাৰত এই প্ৰতিযোগিতাৰ নিৰ্দিষ্ট আয়োজক আৰু এ চি চিয়ে এতিয়াও ঘোষণা কৰা নাই প্ৰতিযোগিতাখনৰ সূচী বা স্থান । আনহাতে, ছেপ্টেম্বৰ মাহত প্ৰতিযোগিতাখনৰ আয়োজনৰ কথা আছিল যদিও এতিয়া এই প্ৰতিযোগিতাৰ ওপৰত সংকটৰ ডাৱৰ উৰিছে ।

উল্লেখ্য যে ২৪ জুলাইত ঢাকাত সভা অনুষ্ঠিত হোৱাৰ কথা । কিন্তু শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশৰ মাজত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে বৈঠকৰ বাবে যাত্ৰা কৰিবলৈ অস্বীকাৰ কৰিছে । শেহতীয়াকৈ বি চি চি আই আৰু বি চি বিয়ে পাৰস্পৰিকভাৱে ভাৰতৰ বাংলাদেশ ভ্ৰমণ ২০২৫ চনৰ আগষ্টৰ পৰা ২০২৬ চনৰ ছেপ্টেম্বৰলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছিল ।

পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকভি এ চি চিৰ নেতৃত্বত আছে । প্ৰকাশিত বাতৰি অনুসৰি বৈঠক সন্দৰ্ভত নাকভিয়ে ভাৰতৰ ওপৰত “অপ্ৰয়োজনীয় হেঁচা” প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে । লগতে বি চি চি আইয়ে সংস্থাটোৰ অধ্যক্ষক সভাৰ স্থান সলনি কৰিবলৈ অনুৰোধ জনাইছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই ।

প্ৰতিবেদন অনুসৰি ভাৰতৰ বাহিৰেও শ্ৰীলংকা, আফগানিস্তান আৰু ওমানৰ ক্ৰিকেট ব’ৰ্ডেও এই বৈঠকৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ল’ব পাৰে । এই দেশসমূহেও ঢাকাক বৈঠকৰ স্থান হিচাপে লোৱাত আপত্তি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ‘ঋষভ পন্তক চতুৰ্থ টেষ্টৰ পৰা আঁতৰাই ৰাখক’;ৰবি শাস্ত্ৰীয়ে টিম ইণ্ডিয়াক দিলে পৰামৰ্শ

T-20 বিশ্বকাপৰ বাবে প্ৰথমবাৰলৈ যোগ্যতা অৰ্জন ইটালীৰ ….

T-20 বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন

ICC পুৰুষৰ T-20 বিশ্বকাপ ২০২৬ অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’ব, যাৰ হষ্টিং ভাৰত আৰু শ্ৰীলংকাক দিয়া হৈছে।

এই T-20 বিশ্বকাপৰ বাবে ইটালীৰ দলটোৱেও যোগ্যতা অৰ্জন কৰিছে।ইটালীয়ে T-20 বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ৰ জৰিয়তে এই মেগা টুৰ্ণামেণ্টত স্থান লাভ কৰিছে।

এই কোৱালিফায়াৰ প্ৰতিযোগিতাখন নেদাৰলেণ্ডৰ হেগত অনুষ্ঠিত হৈছিল। ইটালীৰ দলটোৱে প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিব।ইটালীৰ লগতে নেদাৰলেণ্ডেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

নেদাৰলেণ্ড আৰু ইটালীয়ে ক্ৰমে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰা ক্ৰমশ: ১৪ আৰু ১৫ নং দল।আয়োজক দেশ ভাৰত আৰু শ্ৰীলংকাৰ বাহিৰেও আফগানিস্তান, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, বাংলাদেশ, ইংলেণ্ড, আমেৰিকা, ৱেষ্ট ইণ্ডিজ, আয়াৰলেণ্ড, নিউজিলেণ্ড, পাকিস্তান আৰু কানাডাও এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

বাকী ৫টা দলৰ সিদ্ধান্ত এতিয়াও হোৱা নাই। ২ টা দল আফ্ৰিকা কোৱালিফায়াৰ আৰু ৩টা দল এছিয়া-ইএপি কোৱালিফায়াৰ জৰিয়তে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ ত প্ৰৱেশ কৰিব।

ইটালীয়ে টি-২০ বিশ্বকাপ ইউৰোপ কোৱালিফায়াৰ ২০২৫ত দ্বিতীয় স্থান দখল কৰি মেগা ইভেণ্টত স্থান লাভ কৰে।আনহাতে নেদাৰলেণ্ডে এই কোৱালিফায়াৰ প্ৰতিযোগিতাত ৬ পইণ্টেৰে প্ৰথম স্থান দখল কৰে।

লগতে পঢ়ক: কেটেৰিনা চিনিয়াকোভা আৰু ছেম ভাৰবেকে দখল কৰিলে মিক্সড ডাবলছৰ খিতাপ

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ… এইবাৰ অভিনয় জগতত প্ৰৱেশৰ বাবে সাজু এইগৰাকী ক্ৰিকেটাৰ

ক্ৰিকেট খেলপথাৰৰ পৰা ৰূপালী পৰ্দালৈ

ক্ৰিকেট আৰু চিনেমাৰ সম্পৰ্ক যথেষ্ট পুৰণি । চিনেমাত ক্ৰিকেট দেখুৱাই হওক বা ক্ৰিকেটত চলচ্চিত্ৰ তাৰকাৰ মিলনেই হওক । এতিয়া এই মিলন পুনৰ হ’বলৈ গৈ আছে । ক্ৰিকেটাৰ সুৰেশ ৰাইনাক এইবাৰ ৰূপালী পৰ্দাত অভিনয় কৰা দেখা যাব । তামিল উদ্যোগৰ এখন নাম ঠিক নোহোৱা ছবিৰে তেওঁ অভিষেক ঘটাব, যাৰ আভাস শেহতীয়াকৈ দেখুওৱা হৈছে ।

খেলপথাৰৰ পিছত ৰূপালী পৰ্দাত সুৰেশ ৰাইনা-

‘ড্ৰিম নাইট ষ্ট’ৰীজ’ৰ দ্বাৰা প্ৰযোজিত প্ৰথমখন ছবিত অভিনয় কৰা দেখা যাব সুৰেশ ৰাইনাক, যাৰ আভাস ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে নিজেই নিৰ্মাতাসকলে শ্বেয়াৰ কৰিছে । এই টিজাৰত ষ্টেডিয়ামত অনুৰাগীৰ উল্লাস আৰু উদযাপনৰ সৈতে ৰাইনাক চিনাকি কৰাই দিয়া হৈছে । ইয়াৰ পিছত ছবিখনত অভিনেতা হিচাপে তেওঁৰ প্ৰৱেশৰ কথা ঘোষণা কৰা হৈছে । শেষত ছবিখনৰ শিৰোনাম দেখুওৱা হৈছে যিখন বৰ্তমান ‘প্ৰডাকচন ১’ হিচাপে ৰখা হৈছে ।

তামিলনাডুৰ লোকে ৰাইনাক মৰমেৰে ‘চিন্নাথলা’ অৰ্থাৎ সৰু ভাই বুলি কয় । পূৰ্বে তেওঁ আই পি এল দল চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল । এই টিজাৰটোতো তেওঁক একে ষ্টাইলতে চিনাকি কৰাই দিয়া হৈছে । তেওঁৰ ছবিখনৰ পৰিচালনা কৰিছে লগানে যিয়ে ইয়াৰ পূৰ্বে ‘মান কাৰাটে’, ‘ৰেমো’ আৰু ‘গেথু’ৰ দৰে বহু উৎকৃষ্ট তামিল ছবিৰ অংশ হিচাপে কাম কৰিছিল ।

ৰাইনাও ছবিখনৰ সৈতে জড়িত হৈ অতিশয় উৎসাহিত হৈ পৰিছে । ছবিখনত যোগদান কৰাৰ সময়ত তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘খেলপথাৰৰ পৰা কলিউডৰ ফ্ৰেমলৈকে চেন্নাইৰ আত্মাক মই লগত লৈ আহিছো । এই নতুন যাত্ৰাৰ অংশ হ’বলৈ পাই মই গৌৰৱান্বিত ।’

লগতে পঢ়ক : এখন টেষ্ট মেচতে ১০০০+ ৰান সংগ্ৰহ টীম ইণ্ডিয়াৰ; বিশ্বৰ পঞ্চমখন দেশ ভাৰত

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস; ৫২ বলত অৰ্জন কৰিলে বিস্ফোৰক শতক

১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস

১৭ বছৰীয়া আয়ুষ মাহাত্ৰেৰ নেতৃত্বত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ দলটো ইংলেণ্ড ভ্ৰমণত আছে, য’ত ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে ৫খন এদিনীয়া আৰু ২খন মাল্টি ডে মেচ খেলিছে দলটোৱে । ৫ জুলাই ৱৰ্চেষ্টাৰত অনুষ্ঠিত হোৱা পাঁচখন খেলৰ যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন মেচত বৈভৱ সূৰ্য্যবংশীয়ে বিস্ফোৰক শতক অৰ্জন কৰে ।

এই মেচখনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ হৈ বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৫২টা বলত শতক সম্পূৰ্ণ কৰে, এয়া আছিল যুৱ এদিনীয়াত যিকোনো বেটছমেনৰ দ্ৰুততম শতক । বৈভৱ সূৰ্যবংশীয়ে ৭৮টা বলত ১৪৩ ৰান সংগ্ৰহ কৰে, য’ত ১০টা ছয় আৰু ১৩টা চাৰি আছিল । ১৯ বছৰ অনুৰ্ধৰ এদিনীয়া মেচত সৰ্বাধিক ছয় কোবোৱা ভাৰতীয়গৰাকী হৈছে বৈভৱ সূৰ্যবংশী । তেওঁ নিজৰ অভিলেখ উন্নত কৰে ।

ইয়াৰ পূৰ্বে বৈভৱ সূৰ্যবংশীয়ে ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয়খন এদিনীয়া খেলত মাত্ৰ ৩১টা বলত ৮৬ ৰান সংগ্ৰহ কৰিছিল । এই সময়ছোৱাত সূৰ্যবংশীয়ে ছটা চাৰি আৰু ৯টা ছয় কোবাই । ২০২৫ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ৰাজস্থান ৰয়েলছৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ১৪ বছৰীয়া বৈভৱে ।

ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ বিৰুদ্ধে বৈভৱৰ স্ক’ৰ-

১ম এদিনীয়া – ৪৮ ৰান

২য় এদিনীয়া – ৪৫ ৰান

৩য় এদিনীয়া – ৮৬ ৰান

৪ৰ্থ এদিনীয়া – ১৪৩ ৰান

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দল : আয়ুষ মাহাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (সহ-অধিনায়ক/উইকেটকীপাৰ), হৰবংশ সিং পাংগলিয়া (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, হেনিল পেটেল, কনিষ্ক চৌহান, মৌল্যৰাজসিং চাৱদা, যুধজীত গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ এনান, আনমোলজিৎ সিং, নমন পুষ্পক, দীপেশ দেৱেন্দ্ৰন ।

লগতে পঢ়ক : পুনৰ গৰজিল শুভমন গীলৰ বেটে; দ্বি শতকৰ পাছত পুনৰ খেলিলে শতকীয় ইনিংছ

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন;  ধুমুহাৰ পৰা কেনেকৈ বাচিব ইংলেণ্ডৰ বলাৰ?

বৈভৱ সূৰ্যবংশীয়ে দেখুৱাব পাৰিব নে দুৰ্দান্ত প্ৰদৰ্শন

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে সম্প্ৰতি ইংলেণ্ড ভ্ৰমণত আছে, আয়ুষ মাহত্ৰেৰ অধিনায়কত্বত আয়োজক দলৰ বিৰুদ্ধে ৫খন খেলৰ যুৱ এদিনীয়া শৃংখলা খেলি আছে।

এই শৃংখলাৰ তিনিখন মেচ এতিয়ালৈকে খেলা হৈছে, য’ত টিম ইণ্ডিয়াই ২ খন মেচত জয়লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দলে এখন মেচত জয়ী হ’বলৈ সক্ষম হৈছে।

এই শৃংখলাত এতিয়ালৈকে ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে বেটৰ উজ্জ্বল প্ৰদৰ্শন দেখা গৈছে, য’ত তেওঁ তৃতীয়খন খেলত মাত্ৰ ৩১টা বলত ৮৬ ৰান সংগ্ৰহ কৰি টিম ইণ্ডিয়াৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।এতিয়া আকৌ এবাৰ চতুৰ্থ মেচত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

ৱৰ্চেষ্টাৰত খেলিব চতুৰ্থখন খেল

যুৱ এদিনীয়া শৃংখলাৰ চতুৰ্থখন খেল ভাৰত আৰু ইংলেণ্ডৰ মাজত ৱৰ্চেষ্টাৰ খেলপথাৰত অনুষ্ঠিত হ’ব।এই পৰ্যন্ত টিম ইণ্ডিয়াৰ ফালৰ পৰা এই শৃংখলাৰ প্ৰথম তিনিখন মেচত বেটিঙত বৈভৱ সূৰ্যবংশীৰ বাহিৰেও অভিজ্ঞান কুণ্ডু আৰু বিহান মালহোত্ৰাৰ বেটখনৰৰ চমৎকাৰ প্ৰদৰ্শন দেখা গ’ল।

বলিংত আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান আৰু হনিল পেটেলে উজ্জ্বল প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে।

শৃংখলাৰ চতুৰ্থখন খেল ৱৰ্চেষ্টাৰত অনুষ্ঠিত হ’ব যদিও ভাৰতীয় সময় অনুসৰি বিয়লি ৩:৩০ বজাৰ পৰা খেলখন আৰম্ভ হ’ব।অৱশ্যে এই মেচখন টিভিত লাইভ টেলিকাষ্ট কৰা নহ’ব।

লগতে পঢ়ক: সীমিত অভাৰৰ শৃংখলাৰ বাবে টীম ইণ্ডিয়াই নকৰে বাংলাদেশ ভ্ৰমণ; চৰকাৰে দিছে নিৰ্দেশ!

ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিপদ; পত্নীক প্ৰতিমাহে দিব লাগিব ৪ লাখকৈ টকা

ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ বিপদ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ খেলুৱৈ তথা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেগী বলাৰ মহম্মদ ছামীয়ে ডাঙৰ আঘাত লাভ কৰিছে । কলকাতা উচ্চ ন্যায়ালয়ে ছামীক পত্নী হাছিন জাহান আৰু কন্যাক প্ৰতিমাহে ৪ লাখ টকাৰ জীৱিকা ভাট্টা আদায় দিবলৈ নিৰ্দেশ দিছে ।

উচ্চ ন্যায়ালয়ে কি নিৰ্দেশ দিলে ?

উচ্চ ন্যায়ালয়ে ক্ৰিকেটাৰ মহম্মদ ছামীক হাছিন জাহানক প্ৰতিমাহে ১.৫ লাখ টকা আৰু নাবালক কন্যাৰ খৰচৰ বাবে প্ৰতিমাহে ২.৫ লাখ টকা দিবলৈ নিৰ্দেশ দিছে । অৰ্থাৎ ছামীয়ে পত্নী আৰু কন্যাক প্ৰতিমাহে মুঠ ৪ লাখ টকা দিব লাগিব ।

ঘটনাটো কি ?

২০১৮ চনত হাছিন জাহানে মাহেকীয়া ভাট্টা বিচাৰি আদালতৰ কাষ চাপিছিল । ছামীৰ পৰা মাহিলী ১০ লাখ টকা ভাট্টা বিচাৰিছিল তেওঁ, তাৰ ভিতৰত ৭ লাখ টকা নিজৰ বাবে আৰু সন্তানৰ পঢ়া-শুনা আৰু লালন-পালনৰ বাবে ৩ লাখ টকা । কিন্তু ২০১৮ চনৰ আগষ্ট মাহত আলিপুৰ আদালতে ছামীক পত্নীৰ বাবে প্ৰতিমাহে ৫০ হাজাৰ টকা আৰু কন্যাৰ বাবে ৮০ হাজাৰ টকা দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

হাছিন জাহানৰ আপীল আৰু উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত-

হাছিন জাহানে আলিপুৰ আদালতৰ সিদ্ধান্তক কলিকতা উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল । হাছিনে কয় যে ২০২১ বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) অনুসৰি মহম্মদ ছামীৰ বাৰ্ষিক আয় ৭.১৯ কোটি টকা । অৰ্থাৎ প্ৰতিমাহে ৬০ লাখ টকা আয় । আনহাতে মোৰ মাহিলী খৰচ ৬ লাখতকৈও অধিক ।

এই ভিত্তিতে হাছিন জাহানে আলিপুৰ আদালতৰ সিদ্ধান্তক কলিকতা উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় । কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ অজয় ​​মুখাৰ্জীয়ে আলিপুৰ আদালতৰ নিৰ্দেশ স্পষ্ট নহয় বুলি কয় । ছামীৰ আৰ্থিক অৱস্থা ভাল আৰু মাহিলী ভাট্টা বেছি দিবলৈ সক্ষম । হাছিন পুনৰ বিবাহত বহা নাই আৰু কন্যাৰ সৈতে অকলে থাকে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছামী আৰু হাছিন জাহানৰ মাজত কোনো ধৰণৰ বিবাহ বিচ্ছেদ হোৱা নাই । ইয়াৰ প্ৰক্ৰিয়া চলি আছে । ২০২২ চনৰ ২৩ জুলাইত ছামীয়ে ‘তালাক-উল-হাছান’ৰ অধীনত হাছিনলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰে । আদালতত বিচাৰাধীন হৈ আছে বিবাহ বিচ্ছেদৰ গোচৰ ।

লগতে পঢ়ক : দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…