আই পি এল প্লে অফৰ বাবে স্থান নিশ্চিত ৩ টা দলৰ… চতুৰ্থ স্থানৰ বাবে দিল্লী-মুম্বাইৰ যুঁজ

১৯ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ বিৰুদ্ধে পৰাজয়ৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আই পি এল-২০২৫ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা ৫ম দল হিচাপে পৰিগণিত হয় । ইতিমধ্যে এই প্লেটফৰ্মৰ বাবে গুজৰাট টাইটানছ (জি টি), ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু পঞ্জাব কিংছ (পি বি কে এছ)য়ে তিনিটা স্থান বুকিং কৰিছে ।

প্লে অফৰ অন্তিম স্থান মুম্বাই ইণ্ডিয়ানছ বা দিল্লী কেপিটেলছে লাভ কৰিব । বুধবাৰে (২১ মে’) দুয়োটা দলে গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ’ব, যিখন ১৭ মে’ত আই পি এল পুনৰ আৰম্ভ হোৱাৰ পিছত এম আইৰ প্ৰথমখন মেচ হ’ব ।

মুম্বাই ইণ্ডিয়ানছ (চতুৰ্থ স্থান): মেচ: ১২, পইণ্ট: ১৪, নেট ৰান ৰেট: ১.১৫৬

বাকী থকা মেচসমূহঃ দিল্লী কেপিটেলছ (ঘৰুৱা), পঞ্জাব কিংছ (জয়পুৰ)

দিল্লী কেপিটেলছ (পঞ্চম): মেচ: ১২, পইণ্ট: ১৩, নেট ৰান ৰেট: ০.২৬০

বাকী খেলসমূহঃ এম আই (ৱাংখেড়ে ষ্টেডিয়াম), পঞ্জাব কিংছ (জয়পুৰ)

যদিহে মুম্বাই ইণ্ডিয়ানছ দিল্লীৰ হাতত পৰাস্ত হয় তেন্তে ১৪ পইণ্ট থকাৰ বিপৰীতে দিল্লীৰ হাতত ১৫ পইণ্ট থাকিব আৰু অন্তিম প্লে অফৰ স্থানৰ যুঁজ পঞ্জাব কিংছৰ বিৰুদ্ধে লীগৰ অন্তিমখন খেলত অনুষ্ঠিত হ’ব ।

যদিহে দিল্লীয়ে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি তাৰ পাছত ২৪ মে’ত জয়পুৰত পঞ্জাব কিংছক পৰাস্ত কৰে তেন্তে দলটোৱে ১৭ পইণ্টেৰে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব আৰু মুম্বাই দল বাহিৰ হ’ব । যি সৰ্বোচ্চ ১৬ পইণ্ট লাভ কৰিব পাৰে ।

কিন্তু যদি দিল্লী কেপিটেলছ দলে মুম্বাইক পৰাস্ত কৰি ১৫ পইণ্ট লাভ কৰে, কিন্তু পাঞ্জাব কিংছৰ হাতত পৰাস্ত হয়, তেন্তে মুম্বাই ইণ্ডিয়ানছে ১৬ পইণ্টেৰে যোগ্যতা অৰ্জন কৰিব পাৰে । আনহাতে ২৬ মে’ত জয়পুৰত যদি পঞ্জাব কিংছক পৰাস্ত কৰে তেন্তে দিল্লী কেপিটেলছক বাহিৰ কৰিব পাৰে ।

প্লে অফৰ বাবে যোগ্যতা অৰ্জন গুজৰাটকে ধৰি এই তিনিটা দলৰ…  চতুৰ্থ স্থানৰ বাবে এই দুটা দলৰ মাজত কঠিন যুঁজ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ ৬০ সংখ্যক মেচত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে । এই জয়েৰে গুজৰাটে ১২খন মেচত ১৮ পইণ্ট লাভ কৰি এতিয়া পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে । গুজৰাটে প্লে অফৰ বাবেও যোগ্যতা অৰ্জন কৰিছে । ইয়াৰ লগতে আৰ চি বি আৰু পঞ্জাৱ দলৰ প্লে অফৰ টিকটো নিশ্চিত হৈছে । কিন্তু ৪ নম্বৰৰ বাবে মুম্বাই আৰু দিল্লীৰ মাজত হৈছে কঠিন যুঁজ ।

পইন্ট টেবুলৰ অৱস্থা-

১২খন মেচৰ পৰা ১৮ পইণ্ট লাভ কৰি শীৰ্ষস্থান দখল কৰি গুজৰাট দলে প্লে অফলৈ যোগ্যতা অৰ্জন কৰিছে । একে সময়তে আৰ চি বিয়ে ১২খন মেচত ১৭ পইণ্ট লাভ কৰাৰ লগতে প্লে অফতো নিজৰ স্থান নিশ্চিত কৰিছে । পঞ্জাৱেও ১২খন মেচত ১৭ পইণ্ট লাভ কৰিছে আৰু তেওঁলোকও প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছে । এতিয়া ৪ নম্বৰৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে । মুম্বাই দলে ১২খন খেলত ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে দিল্লীয়ে ১২খন খেলৰ পৰা ১৩ পইণ্ট লাভ কৰিছে । অৰ্থাৎ এতিয়া দিল্লী আৰু মুম্বাইৰ মাজত যুঁজ হৈছে । কিন্তু মুম্বাইৰ ৰান ৰেট ভাল । অৰ্থাৎ বাকী দুখন মেচত প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ দুয়োটা দলে মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব লাগিব ।

ইফালে চেন্নাই, ৰাজস্থান, হায়দৰাবাদ আৰু কে কে আৰ প্লে অফৰ দৌৰৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ হৈছে । একে সময়তে লক্ষ্ণৌ দলে ১১খন খেলৰ পৰা ১০ পইণ্ট লাভ কৰিছে । অৰ্থাৎ দলটোৰ এতিয়াও ৩ খন মেচ বাকী আছে । লক্ষ্ণৌ প্লে অফৰ দৌৰত আছে যদিও বাকী সকলো খেলতে জয়ী হ’ব লাগিব আৰু লগতে দিল্লী আৰু মুম্বাই দুয়োখন মেচতে পৰাস্ত হোৱাৰ বাবে প্ৰাৰ্থনা কৰিব লাগিব ।

যদি মুম্বাই দুয়োখন মেচতে জয়ী হয় আৰু দিল্লীয়েও দুয়োখন মেচতে জয়লাভ কৰে, তেন্তে উন্নত ৰান ৰেটৰ ভিত্তিত মুম্বাই ইণ্ডিয়ানছে যোগ্যতা অৰ্জন কৰিব । একে সময়তে দিল্লী আৰু মুম্বাই এখনকৈ মেচত পৰাস্ত হ’লেও মুম্বাই দলে যোগ্যতা অৰ্জন কৰিব । এনে পৰিস্থিতিত প্ৰথমে দুয়োটা দলে নিজৰ বাকী থকা মেচত জয়ী হ’ব লাগিব আৰু দিল্লীয়ে মেচত ডাঙৰ ব্যৱধানত জয়ী হ’ব লাগিব ।

আজিৰে পৰা পুনৰ আৰম্ভ হ’ব আই পি এল ২০২৫ৰ উত্তেজনা… প্লে অফৰ দৌৰত কোন কোন ?

শনিবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ জৰিয়তে পুনৰ আৰম্ভ হ’ব আই পি এল ২০২৫ৰ উত্তেজনা । ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা উত্তেজনাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এল ২০২৫ এসপ্তাহ পিছুৱাই দিছিল যদিও যুদ্ধবিৰতি ঘোষণাৰ পিছত ব’ৰ্ডে সংশোধিত সূচী প্ৰকাশ কৰে ।

বাকী আছে ১৭খন মেচ-

এতিয়া আই পি এল ২০২৫ত ১৭খন মেচ অনুষ্ঠিত হ’ব, ইয়াৰে ১৩খন গ্ৰুপ ষ্টেজ আৰু ৪খন প্লে অফ মেচ । ২২ মাৰ্চৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত ডিফেণ্ডিং চেম্পিয়ন কে কে আৰ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হৈছিল আই পি এল ২০২৫ৰ ছিজন । শেষ পৰ্যায়ত চলি আছিল আই পি এল ২০২৫ ছিজন । বৃহস্পতিবাৰে বাতিল হোৱা পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হোৱা মেচখনকে ধৰি এই ছিজনত এতিয়ালৈকে মুঠ ৫৮খন মেচ অনুষ্ঠিত হৈছে । অৱশ্যে বি চি চি আইয়ে দিল্লী আৰু পঞ্জাৱৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখন পুনৰ নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছে ।

শীৰ্ষত গুজৰাট-

পইণ্ট টেবুলৰ কথা ক’বলৈ গ’লে আই পি এল ২০২৫ ছিজন পিছুৱাই নিদিয়ালৈকে পইণ্ট টেবুলৰ শীৰ্ষত আছিল গুজৰাট টাইটানছ । ১১খন মেচত ৮ খনত জয় আৰু ৩ খনত পৰাজয়ৰ সৈতে ১৬ পইণ্টেৰে প্ৰথম স্থানত আছে গুজৰাট । দ্বিতীয় স্থানত আছে আৰ চি বি যিয়ে একে সংখ্যক মেচত গুজৰাটৰ সমান পইণ্ট লাভ কৰিছে । তৃতীয় স্থানত পঞ্জাব, চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । চেন্নাই ছুপাৰ কিংছ (চি এছ কে), ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে দিল্লী কেপিটেলছ, কে কে আৰ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে এতিয়াও প্লে অফৰ আশা সজীৱ কৰি ৰাখিছে ।

প্লে অফৰ সমীকৰণঃ

গুজৰাট টাইটানছ-

গুজৰাট টাইটানছ প্লে অফৰ অতি ওচৰ চাপিছে আৰু প্লে অফত স্থান নিশ্চিত কৰিবলৈ বাকী তিনিখনৰ মাত্ৰ এখন মেচত জয়ী হ’ব লাগিব । যদি দলটোৱে দুখন মেচত জয়লাভ কৰাত সফল হয়, তেন্তে টেবুলৰ শীৰ্ষ দুটা স্থানত নিজৰ স্থান নিশ্চিত কৰিব পাৰিব । ইয়াৰ ফলত দলটোৱে ফাইনেলত প্ৰৱেশৰ দুটা সুযোগ লাভ কৰিব ।

আৰ চি বি-

অন্তিম চাৰিত প্ৰৱেশৰ বাবে আৰ চি বি শক্তিশালী প্ৰতিদ্বন্দ্বী আৰু এতিয়াও তিনিখন মেচ বাকী আছে । যদিহে আৰ চি বিয়ে তিনিখন মেচৰ ভিতৰত এখন মেচতো জয়ী হয় তেন্তে প্লে অফত নিজৰ স্থান নিশ্চিত কৰিব । তিনিওখন মেচতে জয়লাভ কৰি আৰ চি বি দলে শীৰ্ষ দুটা স্থানত দখল কৰিব পাৰে ।

পঞ্জাৱ কিংছ-

২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্লে অফত প্ৰৱেশৰ ওচৰ চাপিছে পাঞ্জাব কিংছ । পাঞ্জাবৰ তিনিখন মেচ বাকী আছে আৰু যদি তিনিওখন মেচতে জয়ী হ’বলৈ সক্ষম হয় তেন্তে ইয়াৰ ২১ পইণ্ট থাকিব আৰু শীৰ্ষ দুটা স্থান নিশ্চিত কৰিব পাৰিব । একে সময়তে দুখন মেচত জয়লাভ কৰিলেও প্লে অফলৈ যাব পাৰিব । কিন্তু পঞ্জাবে তিনিখন মেচৰ ভিতৰত এখন মেচত জয়ী হ’বলৈ সক্ষম হ’লেও সেয়া নিৰ্ভৰ কৰিব লাগিব নেট ৰান ৰেটৰ লগতে আন দলৰ ফলাফলৰ ওপৰত ।

মুম্বাই ইণ্ডিয়ানছ-

প্লে অফলৈ যাবলৈ হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছে দুয়োখন লীগ মেচতে জয়লাভ কৰিব লাগিব । ইয়াৰ জৰিয়তে ১৮ পইণ্ট লাভ কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব । কিন্তু দুখন মেচৰ ভিতৰত এখনো মেচত পৰাস্ত হ’লে বহু বাধাৰ সন্মুখীন হ’ব লাগিব আৰু আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ।

দিল্লী কেপিটেলছ-

বৰ্তমান দিল্লী কেপিটেলছৰ ১১খন মেচত ১৩ পইণ্ট আছে আৰু প্লে অফৰ আশা জীয়াই ৰাখিবলৈ তিনিখন মেচৰ ভিতৰত কমেও দুখন খেলত জয়লাভ কৰিব লাগিব । অৱশ্যে আগন্তুক পথ তেওঁলোকৰ বাবে সহজ নহ’ব কিয়নো দিল্লীৰ এতিয়া পইণ্ট তালিকাত ভাল স্থানত থকা গুজৰাট টাইটানছ, মুম্বাই ইণ্ডিয়ানছ, পঞ্জাব কিংছৰ দৰে দলৰ সৈতে মেচ আছে ৷ মুম্বাইৰ সৈতে দিল্লীৰ খেলখন অতি গুৰুত্বপূৰ্ণ হ’ব ।

কে কে আৰ-

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ডিফেণ্ডিং চেম্পিয়ন কে কে আৰৰ বাবে প্লে অফৰ পথ কঠিন হৈ পৰিছে । ১৫ পইণ্ট লাভ কৰিবলৈ এতিয়া কে কে আৰে পৰৱৰ্তী দুয়োখন মেচতে জয়লাভ কৰিব লাগিব । অৱশ্যে তেওঁলোকে আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰাৰ লগতে নিজৰ নেট ৰান ৰেট উন্নত কৰিব লাগিব ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ-

লক্ষ্ণৌৰ পৰিস্থিতিও কে কে আৰৰ দৰেই । ১৬ পইণ্ট লাভ কৰিবলৈ তিনিওখন মেচতে জয়ী হ’ব লাগিব দলটো । লক্ষ্ণৌৱে এতিয়াও আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব আৰু প্লে অফৰ দৌৰত থাকিবলৈ নিজৰ নেট ৰান ৰেট শক্তিশালী কৰিব লাগিব ।

আই পি এল ২০২৫ৰ বাকী থকা মেচবোৰত নেখেলে নেকি অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে ?

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে পিছুৱাই দিয়া হৈছিল আই পি এল ২০২৫ । ইয়াৰ পিছত বহু বিদেশী খেলুৱৈ নিজৰ দেশলৈ উভতি যায় । এতিয়া ১৭ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল । ইয়াৰ মাজতে খবৰ আহিছিল যে আই পি এল ২০২৫ৰ বাকী থকা মেচবোৰত অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে খেলিব নোৱাৰিব । এতিয়া এই সন্দৰ্ভত ক্ৰিকেট অষ্ট্ৰেলিয়াই এটা ডাঙৰ আপডেট দিছে । ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এই সিদ্ধান্তই আই পি এল দলসমূহক যথেষ্ট সকাহ দিব ।

মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে যদি অষ্ট্ৰেলিয়াৰ খেলুৱৈয়ে আই পি এল খেলিবলৈ যাব বিচাৰে তেন্তে যাব পাৰে । তেওঁলোকক ব’ৰ্ডে ৰখাব নোৱাৰে । তেওঁলোক যাব বিচাৰে নে নাযায় সেয়া খেলুৱৈৰ ওপৰত নিৰ্ভৰশীল । উল্লেখ্য যে অষ্ট্ৰেলিয়াই জুন মাহত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব লাগিব । এনে পৰিস্থিতিত এই খিতাপ মেচৰ বাবেও প্ৰস্তুতি চলাব লাগিব । এই কাৰণতে কোৱা হৈছিল যে আই পি এলৰ বাকী থকা মেচসমূহ কেংগাৰু খেলুৱৈসকলৰ বাবে খেলাটো কঠিন হ’ব ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই আই পি এললৈ ঘূৰি অহা খেলুৱৈসকলৰ ব্যক্তিগত সিদ্ধান্তক সন্মান জনাইছে । সোমবাৰে বি চি চি আইয়ে সিদ্ধান্ত লয় যে ১৭ মে’ৰ পৰা ৬টা স্থানত পুনৰ আৰম্ভ হ’ব আই পি এলৰ এই ছিজন । ৩ জুনত অনুষ্ঠিত হ’ব লীগৰ ফাইনেল । প্লে অফৰ খেলৰ স্থান এতিয়াও ঘোষণা কৰা হোৱা নাই ।

ইয়াৰ ফলত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্ৰিকেটাৰসকলৰ বাবে এক দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে কিয়নো অহা ১১ জুনৰ পৰা লৰ্ডছত দুয়োটা দলৰ মাজত ডব্লিউ টি চি ফাইনেল অনুষ্ঠিত হ’ব । এটা বিবৃতিত ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে শনিবাৰৰ পৰা আই পি এল পুনৰ আৰম্ভ হোৱাৰ ঘোষণাৰ পিছত ক্ৰিকেট অষ্ট্ৰেলিয়াই সিদ্ধান্ত লৈছে যে খেলুৱৈসকলে ভাৰতলৈ উভতি যোৱা বা নোযোৱাৰ ব্যক্তিগত সিদ্ধান্তক সন্মান কৰিব । ইয়াত আৰু কোৱা হৈছে যে, আমি নিৰাপত্তাৰ ব্যৱস্থাৰ সন্দৰ্ভত বি চি চি আই আৰু অষ্ট্ৰেলিয়া চৰকাৰৰ সৈতে যোগাযোগত আছো ।

আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ… ৬খন খেলপথাৰত অনুষ্ঠিত হ’ব ১৭খন মেচ; ফাইনেল কেতিয়া ?

টাটা আই পি এল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছে । ২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হৈ ৩ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেললৈকে ৬টা স্থানত মুঠ ১৭খন খেল অনুষ্ঠিত হ’ব । সংশোধিত সূচীত দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ দুটা দেওবাৰে অনুষ্ঠিত হ’ব । উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল ।

চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে বিতং আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে । সকলো প্ৰধান অংশীদাৰৰ সন্মতি সাপেক্ষে সিদ্ধান্ত লোৱা হ’ল যে চলিত ছিজনৰ বাকী থকা মেচসমূহ এতিয়া সম্পূৰ্ণ হ’ব ।

১৭ মে’ৰ পৰা ৩ জুনলৈ অব্যাহত থাকিব ক্ৰিকেটৰ ৰোমাঞ্চ-

সংশোধিত সূচী অনুসৰি আই পি এল ২০২৫ৰ বাকী ১৭খন মেচ ৬টা ভিন্ন স্থানত অনুষ্ঠিত হ’ব । এই মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব আৰু চূড়ান্ত মেচ অৰ্থাৎ ফাইনেলখন ৩ জুনত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত দৰ্শকে একেদিনাই দুখন ‘ডাবল হেডাৰ’ অৰ্থাৎ দুখন মেচ চাবলৈ পাব । দেওবাৰে অনুষ্ঠিত হ’ব এই ডাবল হেডাৰ ।

অৱশ্যে কোন খেলপথাৰত কোনখন মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও বি চি চি আইয়ে স্পষ্ট কৰা নাই যদিও অতি সোনকালে সকলো স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ।

প্লে অফৰ মেচৰ সূচী প্ৰকাশ-

আই পি এল ২০২৫ৰ প্লে অফ পৰ্যায়ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে । এই পৰ্যায়টো সদায় লীগৰ আটাইতকৈ ৰোমাঞ্চকৰ অংশ য’ত শীৰ্ষ ৪ টা দলে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । প্লে অফৰ খেলসমূহৰ সময়সূচী তলত দিয়া ধৰণৰ ।

কোৱালিফায়াৰ ১–  ২৯ মে’ ২০২৫

এলিমিনেটৰ–  ৩০ মে’, ২০২৫

কোৱালিফায়াৰ ২–  ১ জুন ২০২৫

ফাইনেল – ৩ জুন ২০২৫

এই চাৰিখন খেলৰ স্থান পৰৱৰ্তী সময়ত বি চি চি আইয়ে ঘোষণা কৰিব যদিও এই মেচসমূহ প্ৰধান মেট্ৰ’ বা নিৰাপদ উপকূলীয় স্থানত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে ।

দেশৰ সশস্ত্ৰ বাহিনীক বি চি চি আইৰ প্ৰণাম-

এই উপলক্ষে বি চি চি আইয়ে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ নেতৃত্ব দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু দৃঢ়তাক প্ৰণাম জনাইছে । ব’ৰ্ডে নিজৰ বিবৃতিত কয়, “ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু নিষ্ঠাক আমি প্ৰণাম জনাইছো, যাৰ বাবে ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ হৈছে । বি চি চি আইয়ে ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ বুলি বিবেচনা কৰে আৰু একে মনোভাৱেৰে আই পি এল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”

পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ ?  আজি অনুষ্ঠিত হ’ব বি চি চি আইৰ বৈঠক

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত বন্ধ হৈ থকা আই পি এল ২০২৫ প্ৰতিযোগিতাখন ১৫ মে’ৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । নিজৰ দেশলৈ উভতি যোৱা অষ্ট্ৰেলিয়ান খেলুৱৈসকলকো এই বিষয়ে অৱগত কৰা হৈছে । বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই নিশ্চিত কৰিছে যে আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব য’ত স্থানকে ধৰি সকলো দিশ পুনৰ বিবেচনা কৰা হ’ব ।

অষ্ট্ৰেলিয়াকে ধৰি সকলো দেশৰ খেলুৱৈয়ে আই পি এল স্থগিত ৰখাৰ পিছত ভাৰত এৰি গৈছে, কিছুমানে নিজৰ দেশলৈ উভতি যোৱাৰ বিপৰীতে বহুতে পৰ্যটনৰ বাবে আন দেশলৈ গৈছে । বিদেশী খেলুৱৈসকলো প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ এটা ডাঙৰ কাৰণ আছিল, কিয়নো তেওঁলোকে এই মানসিক চাপৰ পৰিস্থিতিত থাকিব বিচৰা নাছিল । কিন্তু এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা কমি অহাৰ লগে লগে খেলুৱৈসকলক কোৱা হৈছে যে শীঘ্ৰে প্ৰতিযোগিতাখন আৰম্ভ হ’ব পাৰে ।

অষ্ট্ৰেলিয়াৰ ৱেবছাইট ক’ডস্প’ৰ্টছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ১৫ মে’ বৃহস্পতিবাৰৰ পৰা আই পি এল পুনৰ আৰম্ভ হ’ব পাৰে, এই তথ্য অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক দিয়া হৈছে । এই সন্দৰ্ভত আজি বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব, য’ত গভৰ্নিং কাউন্সিল আৰু বিষয়াসকলে পৰিস্থিতিৰ ওপৰত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে ।

আজি বি চি চি আইৰ বৈঠক-

বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই কয়, “যুদ্ধবিৰতিৰ নতুন পৰিঘটনাৰ লগে লগে ​​১১ মে’ত বি চি চি আই, আই পি এল গভৰ্নিং কাউন্সিল আৰু বিষয়াসকলৰ বৈঠকত পৰিস্থিতিৰ বিষয়ে আলোচনা হ’ব । আমি প্ৰতিযোগিতাৰ সময়সূচী পুনৰীক্ষণ কৰি ইয়াক সম্পূৰ্ণ কৰাৰ সৰ্বোত্তম উপায়ৰ বিষয়ে সিদ্ধান্ত লম । যুদ্ধবিৰতিৰ সময়ত প্ৰথমে নিৰ্ধাৰণ কৰা স্থানসমূহকে ধৰি সকলো দিশকে পুনৰ বিবেচনা কৰা হ’ব । অতি সোনকালে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।”

কিমান মেচ বাকী আছে ?

ধৰমশালাত অনুষ্ঠিত পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছৰ খেলখন মাজভাগত বন্ধ কৰি দিয়া হয়, তাৰ পিছতে আই পি এল পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হয় । এতিয়া পুনৰ আই পি এল আৰম্ভ হ’লে এই মেচখনো অনুষ্টিত হোৱাৰ সম্ভাৱনা আছে ।  এই মেচকে ধৰি চলিত আই পি এলৰ লীগ পৰ্যায়ত এতিয়াও ১৩খন খেল বাকী আছে । তিনিটা দল (চি এছ কে, আৰ আৰ, এছ আৰ এইচ) দৌৰৰ বাহিৰত থকাৰ সময়ত প্লে অফৰ বাবে কোনো দলে যোগ্যতা অৰ্জন কৰা নাই ।

পইণ্ট তালিকাত ১৬-১৬ পইণ্টেৰে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে গুজৰাট (জি টি) আৰু বাংগালুৰু (আৰ চি বি) । ১৫ পইণ্টেৰে তৃতীয় স্থানত আছে পঞ্জাব কিংছ আৰু ১৪ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । দিল্লী (ডি চি), কলকাতা (কে কে আৰ) আৰু লক্ষ্ণৌ (এল এছ জি)ও প্লে অফৰ দৌৰত আছে ।

আই পি এলৰ বাবে মুকলি হ’ল খেলপথাৰ… যুদ্ধবিৰতিৰ পিছত নতুন তাৰিখ ঘোষণা কৰিব পাৰে বি চি চি আইয়ে

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । ভাৰতৰ পৰাক্ৰমৰ আগত নতশিৰ হৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে পাকিস্তানে । ইয়াৰ পাছতে ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে নিশ্চিত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এনে পৰিস্থিতিত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শীঘ্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে শুকুৰবাৰে এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল । অৱশ্যে এই প্ৰতিযোগিতাখন পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নগ’ল । কিন্তু এতিয়া শেহতীয়া পৰিস্থিতিৰ পিছত অনুমান কৰা হৈছে যে বি চি চি আইয়ে অতি সোনকালে এই সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিব পাৰে ।

৫৭ খন মেচ খেলা হৈছে, ৫৮ সংখ্যক মেচ মাজভাগত স্থগিত-

২০২৫ চনৰ আই পি এলত মুঠ ৫৭খন মেচ অনুষ্ঠিত হয় । ৮ মে’ত ধৰমশালাত পঞ্জাব কিংছ (পি বি কে এছ) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত ৫৮ সংখ্যক মেচখন অনুষ্ঠিত হৈছিল যদিও মাত্ৰ ১০.১ অভাৰৰ অন্তত খেলখন বন্ধ হৈ পৰে । এই মেচখন পুনৰ অনুষ্ঠিত হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ৮ মে’ত যেতিয়া মেচখন বন্ধ হৈছিল তেতিয়া পঞ্জাব কিংছে ১০.১ অভাৰত ১ উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল । প্ৰিয়ংশ আৰ্য্যই ৫টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৪টা বলত ৭০ ৰান সংগ্ৰহ কৰে । প্ৰভসিমৰণ সিঙে ২৮টা বলত ৫০ ৰান আৰু শ্ৰেয়াছ আয়েৰে ০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল ।

এতিয়া লীগ পৰ্যায়ত মাত্ৰ ১২খন মেচ বাকী আছে, তাৰ পিছত প্লে অফৰ ৪খন মেচ থাকিব । পূৰ্বৰ সূচী অনুসৰি কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব, আনহাতে কোৱালিফায়াৰ ২ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব ।

৩০ কোটিৰ ঘৰ, বিলাসী গাড়ী সংগ্ৰহ… দুশ কোটিতকৈয়ো অধিক হিটমেন ৰোহিত শৰ্মাৰ মুঠ সম্পত্তি

ভাৰতীয় দলৰ তাৰকা বেটছমেন তথা হিটমেন নামেৰে পৰিচিত ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছিল । এতিয়া তেওঁ কেৱল আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত খেলি থাকিব । কেৱল ক্ৰিকেট খেলপথাৰতে নহয়, উপাৰ্জনৰ ক্ষেত্ৰতো তেওঁ শীৰ্ষত আছে আৰু ধনী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । খবৰ অনুসৰি ৰোহিত শৰ্মা নেটৱৰ্থ তথা মুঠ সম্পত্তিৰ মূল্য প্ৰায় ২৫০ কোটি টকা ।

২১৪ কোটি টকাৰ সম্পত্তিৰ মালিক হিটমেন!

ৰোহিত শৰ্মা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এ+ গ্ৰেড খেলুৱৈ আৰু এই চুক্তিৰ অধীনত তেওঁ ৭ কোটি টকাৰ বাৰ্ষিক দৰমহা লাভ কৰে । মেচ ফিৰ কথা ক’বলৈ গ’লে টেষ্ট মেচৰ বাবে ১৫ লাখ, এদিনীয়া মেচত ৬ লাখ আৰু টি-২০ মেচত ৩ লাখ টকা লাভ কৰে তেওঁ । ক্ৰিকেটৰ পৰা পোৱা উপাৰ্জনেই ৰোহিত শৰ্মাৰ নেট ৱৰ্থৰ এক প্ৰধান অংশ । তেওঁৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ২১৪ কোটি টকা । আই পি এলৰ ফৰ্মেটৰ পৰাও ৰোহিত শৰ্মাই বহু উপাৰ্জন কৰে ।

যদি কেৱল ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাৰ আয়ৰ কথা কোৱা হয়, তেন্তে তেওঁ বছৰি প্ৰায় ২৩ কোটি টকা উপাৰ্জন কৰে আৰু তেওঁৰ মাহিলী আয় প্ৰায় ২ কোটি টকা ।

ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ জৰিয়তেও উপাৰ্জন কৰে ধন-

কেৱল ক্ৰিকেটৰ জৰিয়তেই নহয়, হিটমান ৰোহিত শৰ্মাৰ নেট ৱৰ্থত অন্যান্য উৎসৰ পৰা পোৱা আয়ো অন্তৰ্ভুক্ত আচে । তেওঁ প্ৰতি বছৰে ১ৰ পৰা ২ কোটি টকা উপাৰ্জন কৰে কেৱল বৃহৎ কোম্পানীৰ বিজ্ঞাপনৰ জৰিয়তে । ৰোহিত শৰ্মা বহু আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ । CEAT আৰু Rasna ৰ উপৰিও Oral-B, Swiggy, Ixigo, Max Life Insurance, New Era, Aristocrat আৰু IIFLৰ দৰে কোম্পানী অন্তৰ্ভুক্ত আছে ।

৩০ কোটিৰ ঘৰ আৰু বিলাসী গাড়ীৰ সংগ্ৰহ-

ৰোহিত শৰ্মাৰ ঘৰ আৰু গাড়ী সংগ্ৰহৰ পৰাও তেওঁৰ বিলাসী জীৱনশৈলীৰ আভাস পোৱা যায় । উল্লেখ্য যে মুম্বাইত ৰোহিত শৰ্মাৰ বিলাসী ঘৰটোৰ দাম প্ৰায় ৩০ কোটি টকা বুলি অনুমান কৰা হয় । তেওঁৰ চি ভিউ এপাৰ্টমেণ্টটো প্ৰায় ৬ হাজাৰ বৰ্গফুটত বিস্তৃত ।

ইয়াৰ বাহিৰেও ৰোহিত শৰ্মা Lamborghini Urus(মূল্য প্ৰায় ৪.১৮ কোটি টকা), Mercedes Benz S Class(মূল্য প্ৰায় ১.৫০ কোটি টকা), Mercedes GLS 400D, BMW M5 আৰু Range Rover HSE LWB আদি দামী গাড়ী অন্তৰ্ভুক্ত আছে ।

কলকাতাৰ বাবে কঠিন হৈ পৰিল প্লে অফৰ দৌৰ… অন্তিম অভাৰত চেন্নাইৰ হাতত পৰাস্ত ৰাহানে বাহিনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বুধবাৰে অনুষ্ঠিত হোৱা ৫৭ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত ২ উইকেটত পৰাস্ত হয় । এই পৰাজয়ৰ পিছত কে কে আৰৰ প্লে অফত প্ৰৱেশৰ আশা প্ৰায় ছিন্নভিন্ন হৈ পৰিছে ।

এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো চেন্নাইয়ে হাতত ২টা উইকেট থকা অৱস্থা ১৯.২ অভাৰত উপনীত হয় । ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা তিনিটা দল বাহিৰ হৈছে আৰু ৭ মে’ৰ নিশা পৰাজয়ৰ পিছত কে কে আৰো এই দলকেইটাৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে ।

নূৰৰ চাৰি উইকেট লয়, ব্ৰেভিছৰ বিস্ফোৰক ইনিংছ-

টছত জয়ী হৈ কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক অজিংক্য ৰাহানেই সৰ্বাধিক ৪৮ ৰান সংগ্ৰহ কৰে । ৩৩ বলৰ ইনিংছত ৰাহানেই ৪টা চাৰি আৰু দুটা ছয় কোবাই । আন্দ্ৰে ৰাছেলে ৪টা চাৰি আৰু ৩টা ৬ৰ সহায়ত ২১টা বলত ৩৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ।

আনহাতে অভিজ্ঞ বেটছমেন মনীষ পাণ্ডেই অপৰাজিত ৩৬ ৰান আৰু অ’পেনাৰ সুনীল নাৰিনে ২৬ ৰান আগবঢ়ায় । চেন্নাই ছুপাৰ কিংছৰ হৈ স্পীনাৰ নূৰ আহমেদে সৰ্বাধিক ৪টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ অংশুল কাম্বোজ আৰু স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই এটাকৈ সফলতা লাভ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত উৰভিল পেটেল (১১ বলত ৩১), দেৱাল্ড ব্ৰেভিছ (২৫ বলত ৫২) আৰু শিৱম ডুবে (৪০ বলত ৪৫) বাবে চি এছ কেয়ে লক্ষ্যত উপনীত হয় । ১৭ ৰানত অপৰাজিত হৈ উভতি আহে ধোনী । এই মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল নূৰ আহমেদ । নুৰে ৪টা উইকেট দখল কৰে ।