ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি

ইৰাণৰ সামৰিক শক্তি বিশেষকৈ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাক লৈ ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে

ইৰাণৰ পৰা হোৱাইট হাউচলৈ আহিছে এটা অতি বিশেষ প্রস্তাৱ । কি আছে সেই প্রস্তাৱত ?  এয়া শান্তিৰ দিশে এক পদক্ষেপ নে আমেৰিকাক বিভ্রান্ত কৰাৰ আন এক কৌশল ?  যোৱা ৪৭ বছৰ ধৰি চলা শত্ৰুতাৰ মাজত হঠাৎ ইৰাণৰ এই কোমল সুৰে এতিয়া বিশ্বজুৰি তোলপাৰ লগাইছে । ড’নাল্ড ট্ৰাম্পৰ মেজত পৰি থকা এই ৰূপৰেখাই হয়তো সলনি কৰি দিব পাৰে মধ্য প্ৰাচ্যৰ ইতিহাস, কিন্তু এটা ভুল পদক্ষেপ আৰু গোটেই পৰিকল্পনাটো ভস্মীভূত হ’বলৈ লাগিব মাথোঁ কেইটামান ছেকেণ্ড । সকলোৰে চকু এতিয়া ট্ৰাম্পৰ ওপৰত ।

ইৰাণৰ শেহতীয়া প্ৰস্তাৱৰ ওপৰত আমেৰিকাৰ স্থিতি সতৰ্ক যদিও দৃঢ় যেন পৰিলক্ষিত হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুয়োখন দেশৰ মাজত আলোচনা আগবাঢ়িছে বুলি উল্লেখ কৰিছে যদিও এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই । তেওঁ ইংগিত দিয়ে যে এই প্ৰস্তাৱটো গুৰুত্বসহকাৰে বিবেচনা কৰা হৈছে, কিন্তু ইয়াক গ্ৰহণ কৰাটো সহজ নহ’ব ।

আলোচনাৰ অৱস্থাৰ সন্দৰ্ভত মন্তব্য কৰি ট্ৰাম্পে কয় যে আমি ইৰাণৰ সৈতে ভাল অগ্ৰগতি লাভ কৰিছো । তেওঁলোকে চুক্তি কৰিব বিচাৰে, কিন্তু তেওঁলোকৰ নেতৃত্বৰ বিষয়ে স্পষ্টতাৰ অভাৱ । মই প্ৰস্তাৱটো নিৰীক্ষণ কৰি আছো । তেওঁলোকে চুক্তিখনৰ ৰূপৰেখা শ্বেয়াৰ কৰিছে আৰু এতিয়া তেওঁলোকে সম্পূৰ্ণ সবিশেষ শ্বেয়াৰ কৰিবলৈ ওলাইছে । তেওঁৰ বক্তব্যই স্পষ্ট কৰি দিয়ে যে আমেৰিকাই ইৰাণৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে নাকচ কৰা নাই, বৰঞ্চ প্ৰতিটো দিশ ভালদৰে পৰীক্ষা কৰি আছে ।

ইৰাণৰ সামৰিক শক্তি বিশেষকৈ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ক্ষমতাক লৈ ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । ট্ৰাম্পে কয় যে তেওঁ ইৰাণৰ বাকী থকা ক্ষেপণাস্ত্ৰৰ ক্ষমতা সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো বিচাৰে । ট্ৰাম্পে কয় যে মই ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিব বিচাৰো । তেওঁ কয়- “সেইটোৱে তেওঁলোকক পুনৰ নিজৰ সামৰ্থ্য সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰাত বাধা দিব ।”

ইৰাণে যদি কোনো আগ্ৰাসী বা ভুল পদক্ষেপ গ্ৰহণ কৰে তেন্তে আমেৰিকাই সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি নাযায় বুলিও ট্ৰাম্পে স্পষ্ট কৰি দিয়ে । তেওঁ কয়, “যদি তেওঁলোকে কোনো ভুল পদক্ষেপ গ্ৰহণ কৰে বা অনুচিত আচৰণ কৰে তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে । এই মুহূৰ্তত পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে, কিন্তু এই সম্ভাৱনা সম্পূৰ্ণৰূপে আছে ।”

ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়া পোষ্টযোগে ঘোষণা কৰে যে তেওঁ অতি সোনকালে ইৰাণে প্ৰেৰণ কৰা প্ৰস্তাৱটো পুনৰীক্ষণ কৰিব । অৱশ্যে এই প্ৰস্তাৱক লৈ সন্দেহো প্ৰকাশ কৰে । তেওঁ লিখিছে, “ইৰাণে আমালৈ পঠোৱা পৰিকল্পনাটো মই অতি সোনকালে পৰ্যালোচনা কৰিম, কিন্তু মই নাভাবো যে ইয়াক গ্ৰহণ কৰাটো সহজ হ’ব, কিয়নো যোৱা ৪৭ বছৰত যি হৈছে তাৰ বাবে তেওঁলোকে এতিয়াও পৰ্যাপ্ত মূল্য দিয়া নাই ।”

লগতে পঢ়ক : ট্ৰাম্পৰ ওপৰত সামান্যতমো বিশ্বাস নাইঃ আমেৰিকাৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ ইংগিত ইৰাণৰ

‘আপোনালোকে ইৰাণক পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে’; নাটোক সকীয়নি ট্ৰাম্পৰ

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা অব্যাহত আছে,যুদ্ধবিৰতিৰ সময়সীমা শেষ হোৱাৰ পাছতো দুয়োখন দেশে নিজ নিজ স্থিতিত অটল হৈ আছে। এইবাৰ নাটোক সকীয়নি দিছে ট্ৰাম্পে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নাটো দেশসমূহক পৰামৰ্শ দি কয়,”…ইৰাণক আপোনালোকে পাৰমাণৱিক অস্ত্ৰ দিব নোৱাৰে।কাৰণ তেওঁলোকে ইয়াক ইজৰাইলৰ ওপৰত, মধ্যপ্ৰাচ্যত  আৰু ইউৰোপতো অতি বেছিকৈ ব্যৱহাৰ কৰিব।আৰু মই ভাবো আমি পৰৱৰ্তী হ’ম,আৰু সেইটো কেতিয়াও হ’ব নোৱাৰে…তেওঁলোকৰ ১৫৯খন জাহাজ আছে।বৰ্তমান প্ৰতিখন জাহাজ সমুদ্ৰৰ তলত ডুব গৈছে…”। এই কথা কোৱাৰ পিছত ট্ৰাম্পে পুনৰবাৰ ইমানুৱেল মেক্ৰনক উপহাস কৰে, তেওঁ দাবী কৰে যে, আমি তেওঁলোকক ২৫০% শুল্ক দিয়াৰ ভাবুকি দি ঔষধৰ উচ্চ মূল্য গ্ৰহণ কৰিবলৈ বাধ্য কৰিলোঁ।

ট্ৰাম্পে কয় যে, ইৰাণে আমাৰ প্ৰত্যাশিত চুক্তিসমূহ মানি চলা নাই।আমি এইটো সঠিকভাৱে সম্পূৰ্ণ কৰিম আৰু তিনি বছৰৰ পাছতো আমি এই সমস্যাৰ সন্মুখিন হ’বলৈ অকালতে পিছুৱাই নাযাওঁ।তেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, আন বস্তুৰ দাম যথেষ্ট কম, কিন্তু পেট্ৰ’লৰ দাম বেছি।কিন্তু যেতিয়া সকলো শেষ হ’ব, তেন্তে আপোনাৰ ওচৰত ইৰাণৰ সৈতে পাৰমাণৱিক অস্ত্ৰমুক্ত এখন পৃথিৱী থাকিব।যদি আপুনি ইৰাণক পাৰমাণৱিক অস্ত্ৰ ৰখাৰ অনুমতি দিয়ে,তেতিয়া পৃথিৱীখন ভয়াৱহ বিপদত পৰিব।গতিকে, সেইটো হ’ব নোৱাৰে…”।  

লগতে পঢ়ক: ভয়াৱহ বিমান দুৰ্ঘটনা, ঘটনাস্থলীতেই ৫ জনৰ মৃত্যু

হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সাজু ইৰাণ; আমেৰিকাৰ সন্মুখত ৰাখিলে বৃহৎ চৰ্ত

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে তেহৰানে হৰমুজ প্ৰণালী পুনৰ মুকলি আৰু যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকালৈ নতুন শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

যদিও ইৰাণ আৰু আমেৰিকাৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ কোনো প্ৰত্যক্ষ ইংগিত পোৱা নাই যদিও শান্তি চুক্তিত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে তেহৰানে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকালৈ নতুন শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

ইৰানে আমেৰিকাক পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি যুদ্ধৰ অন্ত পেলোৱাৰ নতুন প্ৰস্তাৱ দাখিল কৰিছে, য’ত পাৰমাণৱিক আলোচনা পৰৱৰ্তী পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে।ইৰাণৰ ফালৰ পৰা আমেৰিকালৈ পঠিওৱা নতুন প্ৰস্তাৱত হৰমুজ প্ৰণালীক পুনৰ মুকলি,পাৰমাণৱিক সম্পৰ্কীয় আলোচনাক লৈ নতুন চুক্তি আৰু যুদ্ধবিৰতিক লৈ যুদ্ধবিৰতিৰ পৰা আৰম্ভ কৰি অৱৰোধ উঠাই লোৱালৈকে সকলো কথাই অন্তৰ্ভুক্ত।

ইৰানে কয় যে হৰমুজ মুকলি হ’লেহে পাৰমাণৱিক আলোচনা আৰম্ভ হ’ব আৰু অৰ্থনৈতিক অৱৰোধ সম্পূৰ্ণৰূপে উঠাই লোৱা হ’ব।ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচিয়ে মধ্যস্থতাকাৰীসকলক স্পষ্ট কৰি দিয়ে যে সমৃদ্ধ ইউৰেনিয়াম সন্দৰ্ভত ট্ৰাম্পৰ দাবীক লৈ ইৰাণৰ নেতৃত্বত কোনো একমত নাহয়।

লগতে পঢ়ক: “মই মৰিবলৈ ভয় নকৰো”; গুলীচালনাৰ ঘটনাৰ পিছতে ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক ভাষ্য

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; চীনৰ শোধনাগাৰত নিষেধাজ্ঞা জাৰি

ইৰাণৰ ওপৰত হেঁচা বৃদ্ধিৰ অভিযানৰ মাজতে আমেৰিকাই চীনত থকা এটা শোধনাগাৰ আৰু ইৰাণৰ তেল ব্যৱসায়ৰ সৈতে জড়িত কেইবাখনো জাহাজত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইৰাণৰ সৈতে সংঘাতৰ মাজতে চীনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ড’নাল্ড ট্ৰাম্পে।চীনত অৱস্থিত এটা শোধনাগাৰ আৰু ইৰাণৰ তেল বাণিজ্যৰ সৈতে জড়িত কেইবাখনো জাহাজৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে।ইয়াৰ উদ্দেশ্য হৈছে ইৰাণৰ তেলৰ ৰাজহৰ ওপৰত হেঁচা বৃদ্ধি কৰা। আমেৰিকাৰ কোষাগাৰ বিভাগে কৈছে যে, তেওঁলোকৰ বিদেশী সম্পত্তি নিয়ন্ত্ৰণৰ কাৰ্যালয়ে ‘হেংলি পেট্ৰ’কেমিকেল (ডালিয়ান) শোধনাগাৰ কোম্পানী লিমিটেড’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

বিভাগটোৰ মতে,এই কোম্পানীটো ইৰাণৰ পৰা অহা খাৰুৱা তেল আৰু পেট্ৰলিয়াম সামগ্ৰীৰ অন্যতম বৃহৎ ক্ৰেতা।কোষাগাৰ সচিব স্কট বেছাণ্টে কয়,অৰ্থনৈতিক নিষেধাজ্ঞাই ইৰাণৰ শাসন ব্যৱস্থাত আৰ্থিক ফান্দ কটকটীয়া কৰি তুলিছে,মধ্যপ্ৰাচ্যত তেওঁৰ আগ্ৰাসনক ৰোধ কৰিছে,আৰু ইয়াৰ পাৰমাণৱিক উচ্চাকাংক্ষাক ৰোধ কৰাত সহায় কৰিছে।এই অভিযানত প্ৰায় ৪০টা জাহাজ কোম্পানী আৰু জাহাজকো লক্ষ্য কৰি লোৱা হৈছে,যিবোৰক ইৰাণৰ তথাকথিত “ছাঁয়া বহৰ”ৰ অংশ বুলি গণ্য কৰা হয়।

আমেৰিকাই কয় যে এই জাহাজসমূহে সমগ্ৰ বিশ্বতে তেল আৰু পেট্ৰ’কেমিকেল সামগ্ৰী পৰিবহণ কৰে,যাৰ পৰা ইৰাণ চৰকাৰে ধন লাভ কৰে।স্কট বেছাণ্টেও কৈছে যে, ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাই পূৰ্বেও সেই জাহাজবোৰ,মধ্যভোগী আৰু ক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব,যিসকলে ইৰাণৰ তেল বিশ্বৰ বজাৰলৈ পৰিবহণ কৰাত সহায় কৰে।তেওঁ সকীয়াই দিয়ে যে যি সকল ব্যক্তি বা জাহাজে এই কামত অংশ হ’ব, তেওঁলোকে আমেৰিকাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।  

লগতে পঢ়ক: ট্ৰাম্প প্ৰশাসনত মোক্ষম আঘাত! নৌসেনাৰ সচিব জন ফেলেনৰ পদত্যাগ

‘আছিম মুনীৰে ট্ৰাম্পৰ গোলামী কৰি আছে’; পাকিস্তানৰ দুমুখীয়া চৰিত্ৰক লৈ ক্ষোভ ইৰাণৰ

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা আলোচনাক পাকিস্তানৰ মধ্যস্থতাত এতিয়া সংকটে দেখা দিছে।ইৰাণৰ চৰকাৰী টেলিভিছনে পাকিস্তানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি পাকিস্তানে ‘ডাবল গেম’ খেলিছে বুলি কৈছে।

ইৰাণৰ চৰকাৰী টেলিভিছনে পাকিস্তানৰ ভূমিকাক লৈ তীক্ষ্ণ কটাক্ষ কৰিছে। এজন বিশিষ্ট বিশ্লেষকে প্ৰচাৰ কৰা এক প্ৰতিবেদনত অভিযোগ কৰা হৈছে যে আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা আলোচনাত পাকিস্তান নিৰপেক্ষ হৈ থকাৰ পৰিৱৰ্তে ৱাশ্বিংটনৰ ফলিয়া হোৱা যেন দেখিবলৈ পোৱা গৈছে।

ইৰাণে সকলোতকৈ বেছি পাকিস্তানৰ সেনা প্ৰধান অসীম মুনীৰ স্থিতিক লৈ ক্ষুদ্ধ হৈছে। তেহৰানে দাবী কৰে যে মুনিৰে ইৰাণৰ প্ৰস্তাৱ আমেৰিকালৈ প্ৰেৰণৰ দায়িত্ব গ্ৰহণ কৰিছিল,অৱশ্যে ৱাশ্বিংটনৰ পৰা এতিয়ালৈকে কোনো স্পষ্ট আৰু নিখুঁত সঁহাৰি পোৱা নাই।

ইৰাণৰ মতে মধ্যস্থতাৰ সমগ্ৰ পৰিকল্পনা এনেদৰে কৰা হৈছে যে, য’ত আমেৰিকাৰ লাভ হয় আৰু ইৰানক কূটনৈতিকভাৱে পৃথক কৰাৰ অনুমতি দিয়ে। ইৰাণৰ মতে পাকিস্তানী সেনা প্ৰধান অসীম মুনীৰে তেহৰাণ ভ্ৰমণৰ সময়ত খচৰা প্ৰস্তাৱ দাখিল কৰিছিল।

অৱশ্যে তেহৰানে অভিযোগ কৰে যে তেওঁলোকে এই প্ৰস্তাৱ আমেৰিকান পক্ষৰ সন্মুখত সঠিকভাৱে উপস্থাপন কৰা নাছিল অথবা আমেৰিকাৰ সঁহাৰি স্পষ্ট কৰা নাছিল। ইৰাণে মুনীৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে তেওঁ ব্যক্তিগত ভাৱে ইৰাণৰ সৈতে জড়িত হৈ আছে কিন্তু ৰাজহুৱা আৰু কূটনৈতিকভাৱে আমেৰিকাৰ স্বাৰ্থৰ পোষকতা কৰিছে।  

লগতে পঢ়ক: “পৰাজয় হোৱা সকলে চৰ্ত আৰোপ কৰিব নোৱাৰে”; ইৰাণে নাকচ কৰিলে ট্ৰাম্পৰ যুদ্ধবিৰতি বৃদ্ধিৰ সিদ্ধান্ত 

“লক-ইন মোড: এক্টিভেটেড”… ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত ড’নাল্ড ট্ৰাম্প

আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে ঘোষণা কৰে যে ইৰাণৰ কিলিং মেচিন ভাঙি পেলোৱাৰ সময় আহি পৰিছে

মঙলবাৰে ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে এই আলোচনাৰ বাবে সোমবাৰে আমেৰিকাৰ প্ৰতিনিধি দল ইছলামবাদলৈ যাত্ৰা কৰিব । আনহাতে ইৰাণে কয় যে তেওঁলোকৰ প্ৰতিনিধি দলে আলোচনাত অংশগ্ৰহণ নকৰে । ইয়াৰ মাজতে ট্ৰাম্পে পুনৰবাৰ ইৰাণক পৰোক্ষ ভাবুকি প্ৰদান কৰিছে ।

হোৱাইট হাউছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ট্ৰাম্পৰ এখন ফটো পোষ্ট কৰিছে । ফটোখনত ট্ৰাম্পক যথেষ্ট আক্ৰমণাত্মক যেন দেখা গৈছে । ফটোখনৰ লগত হোৱাইট হাউছে লিখিছে : “লক-ইন মোড: এক্টিভেটেড ?  আজি সোমবাৰ । কোনো অজুহাত নাই । মাত্ৰ বিজয় ?”

ইয়াৰ পূৰ্বে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে ইৰাণক যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ট্ৰাম্পে কয় যে শনিবাৰে ইৰাণে ব্ৰিটিছ আৰু ফ্ৰান্সৰ জাহাজক লক্ষ্য কৰি হৰমুজ প্ৰণালীত গুলীচালনা কৰে । এই সামুদ্ৰিক পথটো বন্ধ কৰাৰ ইৰাণৰ সিদ্ধান্তক লৈ তেওঁ মন্তব্য কৰে যে আমেৰিকাৰ অৱৰোধে ইতিমধ্যে ইয়াক পূৰ্বেই বন্ধ কৰি দিছে, এই পৰিস্থিতিত ইৰাণৰ প্ৰতিদিনে ৫০ কোটি ডলাৰ খৰচ হৈছে ।

ট্ৰাম্পে সকীয়াই দিয়ে যে তেওঁৰ প্ৰতিনিধি দল কাইলৈ ​​সন্ধিয়া আলোচনাৰ বাবে ইছলামবাদত উপস্থিত হ’ব আৰু তেওঁ ইৰাণৰ সন্মুখত ‘যুক্তিসংগত চুক্তি’ দাখিল কৰিছে । তেওঁ হুংকাৰ দিয়ে যে যদি ইৰাণে এই চুক্তি মানি নলয় তেন্তে আমেৰিকাই ইৰাণৰ প্ৰতিটো বিদ্যুৎ কেন্দ্ৰ আৰু দলং ধ্বংস কৰিব । আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে ঘোষণা কৰে যে ‘ইৰাণৰ কিলিং মেচিন’ ভাঙি পেলোৱাৰ সময় আহি পৰিছে ।

ইফালে শান্তি আলোচনাৰ বাবে পাকিস্তানত ব্যাপক প্ৰস্তুতি চলি আছে । পাকিস্তানৰ গৃহ মন্ত্ৰী মহছিন নাকভিয়ে ইৰাণৰ দূতাবাস পৰিদৰ্শন কৰি ৰাষ্ট্ৰদূত ৰেজা আমিৰি মোগদামক সাক্ষাৎ কৰে । তেওঁলোকে আমেৰিকাৰ সৈতে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সম্ভাৱ্য ব্যৱস্থাৰ লগতে উত্তেজনা হ্ৰাস কৰাৰ বাবে বহনক্ষম কূটনৈতিক সমাধানৰ বিষয়ে আলোচনা কৰে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি

হৰমুজত ভাৰতীয় তেল টেংকাৰৰ ওপৰত গুলীচালনা; ইৰাণৰ ৰাষ্ট্ৰদূতক তলব বিদেশ মন্ত্ৰালয়ৰ

হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় পতাকা থকা এখন তেল টেংকাৰত ইৰাণী বাহিনীয়ে গুলীচালনা কৰা বুলি খবৰ প্ৰকাশ পাইছে

ইৰাণে হৰমুজ মুকলি কৰাৰ ঘোষণাৰ পিছতে এই প্ৰণালীত পুনৰ উত্তেজনা বৃদ্ধি পাইছে । ইফালে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা ভাৰতীয় পতাকা থকা এখন তেল টেংকাৰত ইৰাণী বাহিনীয়ে গুলীচালনা কৰা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে । এই ঘটনাৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শনিবাৰে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূতক আনুষ্ঠানিকভাৱে প্ৰতিবাদ দাখিল কৰিবলৈ তলব কৰে ।

শনিবাৰে সন্ধিয়া ৬:৩০ বজাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যালয়ত এখন বৈঠকৰ বাবে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূত ড° মহম্মদ ফতালীক তলব কৰা হয় । ইৰাণৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰতে হৰমুজ প্ৰণালীত ভাৰতীয় টেংকাৰখনত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ আপত্তি ব্যক্ত কৰে ।

জানিব পৰা মতে শনিবাৰে এখন বৃহৎ ভাৰতীয় তেল টেংকাৰে প্ৰায় ২০ লাখ বেৰেল ইৰাকী খাৰুৱা তেল কঢ়িয়াই আনিছিল, সেই সময়ত এই ভাৰতীয় টেংকাৰখনক ওমান উপসাগৰৰ উত্তৰ অংশত ইৰাণৰ নৌসেনাই লক্ষ্য কৰি লৈছিল ।

ভাৰতীয় নৌসেনাই এই ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহৰ চেষ্টা চলাইছে, কিয়নো বৰ্তমান হৰমুজ প্ৰণালীত কোনো জাহাজ মোতায়েন কৰা হোৱা নাই । অৱশ্যে ওমান উপসাগৰত মোতায়েন কৰা হৈছে দুখন ভাৰতীয় ডেষ্ট্ৰয়াৰ, এখন ফ্ৰিগেট আৰু এখন টেংকাৰ ।

দৰাচলতে ব্ৰিটিছ নৌসেনাই শনিবাৰে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ গান বোটছে হৰমুজ প্ৰণালী পাৰ হ’বলৈ চেষ্টা কৰা কিছুমান জাহাজত গুলীচালনা কৰে । ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে কিছুমান বাণিজ্যিক জাহাজে ইৰাণৰ নৌসেনাৰ পৰা ৰেডিঅ’ বাৰ্তা লাভ কৰিছিল যে এই জলপথ পুনৰ বন্ধ কৰা হৈছে আৰু কোনো জাহাজ পাৰ হ’বলৈ দিয়া হোৱা নাই ।

লগতে পঢ়ক : ইৰাণৰ ইউ-টাৰ্ণ, পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী

ইৰাণৰ ইউ-টাৰ্ণ, পুনৰ বন্ধ কৰিলে হৰমুজ প্ৰণালী

হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত ইৰাণে পুনৰ সলনি কৰিছে । শনিবাৰে আমেৰিকাই এই পদক্ষেপে অৱৰোধৰ অন্ত নেপেলাই বুলি কোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ জলপথটোৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰে ইৰাণে ।

হৰমুজ প্ৰণালী সকলো বাণিজ্যিক জাহাজৰ বাবে খুলি দিয়াৰ সিদ্ধান্তৰ ৪৮ ঘন্টা পাৰ নহওতেই ইউ-টাৰ্ণ ল’লে ইৰাণে । হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত ইৰাণে পুনৰ সলনি কৰিছে । শনিবাৰে আমেৰিকাই এই পদক্ষেপে অৱৰোধৰ অন্ত নেপেলাই বুলি কোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ জলপথটোৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰে ইৰাণে । ইয়াৰ পূৰ্বে ইৰাণে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ।

২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণক আক্ৰমণ কৰাৰ পিছৰে পৰা হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলাচলত ব্যাঘাত জন্মিছে । ইৰাণে পূৰ্বে এই পথটো মুকলি থাকিব বুলি ঘোষণা কৰিছিল যদিও এতিয়া পুনৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।

ইৰাণৰ যৌথ সামৰিক কমাণ্ডে শনিবাৰে কয় যে “হৰমুজ প্ৰণালীৰ ওপৰত নিয়ন্ত্ৰণ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু এতিয়া সশস্ত্ৰ বাহিনীৰ কঠোৰ তত্বাৱধান আৰু নিয়ন্ত্ৰণত আছে ।” ইয়াৰ উপৰিও ইৰাণৰ বন্দৰসমূহত আমেৰিকাৰ অৱৰোধ অব্যাহত থকালৈকে এই জলপথৰ মাজেৰে জাহাজ চলাচল বন্ধ হৈ থাকিব বুলিও সকীয়াই দিছে দেশখনে ।

উল্লেখ্য য়ে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ সৈতে বিশেষকৈ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত তেহৰানে চুক্তিত উপনীত নোহোৱালৈকে অৱৰোধ চলি থাকিব বুলি কোৱাৰ পিছতে ইৰাণে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

যদিও ইৰাণে পূৰ্বে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰা বুলি ঘোষণা কৰিছিল, তথাপিও ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে পাৰস্য উপসাগৰত কেইবাখনো ভাৰতীয় তেল টেংকাৰে ইউ টাৰ্ণ ল’বলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰানৰ বৃহৎ সিদ্ধান্ত, খুলি দিলে ‘ষ্ট্ৰেইট অব হৰমুজ’

“হৰমুজত কেৱল আমাৰ আইন চলিব”:  ট্ৰাম্পক তীব্ৰ সমালোচনা ইৰাণৰ

ইৰাণৰ অধ্যক্ষ গালিবাফে ড’নাল্ড ট্ৰাম্পৰ দাবীক মিছা বুলি অভিহিত কৰিছে।ইয়াৰ লগতে তেহৰানে সকীয়াই দিছে যে যদিহে আমেৰিকাৰ হেঁচা অব্যাহত থাকে তেন্তে ইয়াৰ প্ৰভাৱ হৰমুজ প্ৰণালী আৰু বিশ্বব্যাপী জাহাজত পৰিব পাৰে।

শুকুৰবাৰে ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘৰ গালিবাফে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে। তেওঁ ট্ৰাম্পৰ ওপৰত ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত চলি থকা গতিৰোধ সম্পৰ্কে মিছা দাবী কৰাৰ অভিযোগ কৰে। ইয়াৰ লগতে, ইৰাণৰ এজন নেতাই এই সতৰ্কবাণী জাৰি কৰিছে যে, ইৰাণৰ ওপৰত স্থায়ী হেঁচা প্ৰয়োগ কৰিলে বিশ্বব্যাপী জাহাজৰ ক্ষেত্ৰত গুৰুতৰ পৰিণতি হ’ব পাৰে।

ছ’চিয়েল মিডিয়া পোষ্টত গালিবাফে কয়: “এঘণ্টাত ট্ৰাম্পে সাতটা মান দাবী উত্থাপন কৰে আৰু সাতোটাই মিছা আছিল।সংঘাত আৰু আলোচনা আমেৰিকা দুয়োটাতে ব্যৰ্থ হৈছে আৰু এনে ভুৱা দাবী কৰি তেওঁ সফল হ’ব নোৱাৰিব।

তেওঁ লগতে সকীয়াই দিয়ে যে যদিহে ইৰাণৰ বন্দৰসমূহত অৱৰোধ অব্যাহত থাকে, তেন্তে হৰমুজ প্ৰণালী মুক্তভাৱে মুকলি হৈ নাথাকিব। গালিবাফে উল্লেখ কৰে যে এতিয়া সামুদ্ৰিক যাতায়ত ইৰাণৰ নিয়ন্ত্ৰণত থাকিব আৰু ৰাজনৈতিক বাৰ্তাৰ পৰিৱৰ্তে ‘ভূমিৰ বাস্তৱতা’ৰ ওপৰত ভিত্তি কৰি আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা হ’ব।

লগতে পঢ়ক: নিৰ্ধাৰণ হ’ল আমেৰিকা-ইৰাণৰ নতুন আলোচনাৰ তাৰিখ; পুনৰ ইছলামাবাদত উপস্থিত হ’ব দুয়োখন দেশৰ প্ৰতিনিধি