হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সাজু ইৰাণ; আমেৰিকাৰ সন্মুখত ৰাখিলে বৃহৎ চৰ্ত

হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সাজু ইৰাণ; আমেৰিকাৰ সন্মুখত ৰাখিলে বৃহৎ চৰ্ত

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে তেহৰানে হৰমুজ প্ৰণালী পুনৰ মুকলি আৰু যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকালৈ নতুন শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। যদিও ইৰাণ আৰু আমেৰিকাৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ কোনো প্ৰত্যক্ষ ইংগিত পোৱা নাই যদিও শান্তি চুক্তিত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।আমেৰিকা আৰু

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে তেহৰানে হৰমুজ প্ৰণালী পুনৰ মুকলি আৰু যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকালৈ নতুন শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

যদিও ইৰাণ আৰু আমেৰিকাৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ কোনো প্ৰত্যক্ষ ইংগিত পোৱা নাই যদিও শান্তি চুক্তিত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজতে তেহৰানে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু যুদ্ধৰ অন্ত পেলাবলৈ আমেৰিকালৈ নতুন শান্তিৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

ইৰানে আমেৰিকাক পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি যুদ্ধৰ অন্ত পেলোৱাৰ নতুন প্ৰস্তাৱ দাখিল কৰিছে, য’ত পাৰমাণৱিক আলোচনা পৰৱৰ্তী পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে।ইৰাণৰ ফালৰ পৰা আমেৰিকালৈ পঠিওৱা নতুন প্ৰস্তাৱত হৰমুজ প্ৰণালীক পুনৰ মুকলি,পাৰমাণৱিক সম্পৰ্কীয় আলোচনাক লৈ নতুন চুক্তি আৰু যুদ্ধবিৰতিক লৈ যুদ্ধবিৰতিৰ পৰা আৰম্ভ কৰি অৱৰোধ উঠাই লোৱালৈকে সকলো কথাই অন্তৰ্ভুক্ত।

ইৰানে কয় যে হৰমুজ মুকলি হ’লেহে পাৰমাণৱিক আলোচনা আৰম্ভ হ’ব আৰু অৰ্থনৈতিক অৱৰোধ সম্পূৰ্ণৰূপে উঠাই লোৱা হ’ব।ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচিয়ে মধ্যস্থতাকাৰীসকলক স্পষ্ট কৰি দিয়ে যে সমৃদ্ধ ইউৰেনিয়াম সন্দৰ্ভত ট্ৰাম্পৰ দাবীক লৈ ইৰাণৰ নেতৃত্বত কোনো একমত নাহয়।

লগতে পঢ়ক: “মই মৰিবলৈ ভয় নকৰো”; গুলীচালনাৰ ঘটনাৰ পিছতে ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক ভাষ্য