নিউয়ৰ্কৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ; ভাৰতীয় মূলৰ জোহৰান মামদানীয়ে ৰচিলে ইতিহাস
জোহৰান মামদানী হ’ব নিউয়ৰ্কৰ পৰৱৰ্তী মেয়ৰ
আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ মহানগৰ নিউয়ৰ্কত ডেম’ক্ৰেটিক পাৰ্টিয়ে বৃহৎ জয়লাভ কৰিছে । দলটোৰ প্ৰাৰ্থী ভাৰতীয় বংশোদ্ভৱ জোহৰান মামদানীয়ে মেয়ৰৰ নিৰ্বাচনত জয়লাভ কৰে । মামদানীয়ে প্ৰতিদ্বন্দ্বী এণ্ড্ৰু কুমোক পৰাস্ত কৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থন লাভ কৰাৰ পিছতো এণ্ড্ৰু কুমো নিৰ্বাচনত পৰাস্ত হয় ।
ইয়াৰ লগে লগে মামদানীয়ে নিউয়ৰ্ক চহৰৰ প্ৰথমজন মুছলমান আৰু ভাৰতীয় বংশোদ্ভৱ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে তেওঁৰ প্ৰতিদ্বন্দ্বী এণ্ড্ৰু কুমোৱে যৌন নিৰ্যাতনৰ অভিযোগৰ সন্মুখীন হৈছে, যাৰ বাবে তেওঁ বহু ক্ষতিৰ সন্মুখীন হৈছে । এই অভিযোগৰ বাবেই কুমোৱে চাৰি বছৰ পূৰ্বে গৱৰ্ণৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল । বিদায়ী মেয়ৰ এৰিক এডামছে নিৰ্দলীয় হিচাপে প্ৰাথমিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । প্ৰথম অৱস্থাত এৰিক এডামছে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল যদিও দুৰ্নীতিৰ অভিযোগৰ পিছত তেওঁ নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰৱেশ কৰিবলগীয়া হয় ।
কোন হয় জোহৰান মামদানী ?
উগাণ্ডাৰ লেখক মাহমুদ মামদানী আৰু ভাৰতীয় চলচ্চিত্ৰ পৰিচালক মীৰা নায়াৰৰ পুত্ৰ জোহৰাণ মামদানী । উগাণ্ডাৰ ৰাজধানী কাম্পালাত জন্মগ্ৰহণ কৰা জোহৰানক সাত বছৰ বয়সতে পিতৃ-মাতৃয়ে নিউয়ৰ্কলৈ লৈ আহিছিল । ২০১৮ চনত মামদানীয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল । চলিত বৰ্ষতে ছিৰিয়া মূলৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেওঁ ।
ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে মমদানীয়ে কাউন্সিলমেন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰচাৰৰ সময়ত তেওঁ চহৰখনৰ আটাইতকৈ ধনী এক শতাংশ, বছৰি ১০ লাখ ডলাৰতকৈ অধিক উপাৰ্জন কৰা লোকসকলৰ ওপৰত কৰ আৰোপ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই ধন মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ বাসিন্দাসকলক সুলভ মূল্যৰ গৃহ আৰু সুলভ জীৱন-যাপনৰ ব্যৱস্থা কৰিবলৈ ব্যৱহাৰ কৰিছিল ।
লগতে পঢ়ক : পুনৰ পাৰমাণৱিক পৰীক্ষা কৰিব নেকি আমেৰিকাই ? ট্ৰাম্পৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ