‘যদি হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম’;ড’নাল্ড ট্ৰাম্প

হামাছে ক্ষমতা এৰিবলৈ অস্বীকাৰ কৰে তেন্তে সম্পূৰ্ণৰূপে ধ্বংস কৰি দিম

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হামাছক সকীয়াই দি কয় যে যদি হামাছে গাজাত ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে, আৰু যদি শান্তিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব।

দৰাচলতে,ৰাষ্ট্ৰপতি ট্ৰাম্পে হামাছক দেওবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত (আমেৰিকাৰ সময় অনুসৰি) গাজা শান্তি পৰিকল্পনা গ্ৰহণ কৰিবলৈ চূড়ান্ত আদেশ দিছিল।

শনিবাৰে এটা সাক্ষাৎকাৰত ট্ৰাম্পক সুধিছিল যে,ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত বোমা বিস্ফোৰণ বন্ধ কৰা আৰু আমেৰিকাৰ শান্তি পৰিকল্পনাক সমৰ্থন কৰেনে, তেতিয়া ড’নাল্ড ট্ৰাম্পে হয় বুলি উত্তৰ দিলে।

ইয়াৰ বাবে বিবি (ইজৰাইলৰ পিএম)সাজু হৈছে ।দেওবাৰে সম্প্ৰচাৰিত হোৱা এই সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে হামাছ সঁচাকৈয়ে শান্তিৰ প্ৰতি দায়বদ্ধ নে নহয় সেয়া অতি সোনকালে গম পাব।

হামাছক ট্ৰাম্পে কয় যে দেওবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত (আমেৰিকাৰ সময় অনুসৰি) যদি কোনো চুক্তিত উপনীত নহয়, তেন্তে তেওঁলোকৰ ওপৰত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এইটো আছিল এক কঠোৰ আলটিমেটাম। ট্ৰাম্পে নিজৰ ২০ দফীয়া শান্তি প্ৰস্তাৱত এতিয়াৰ বাবে যুদ্ধবিৰতিৰ লগতে গাজাৰ যুদ্ধৰ পিছৰ প্ৰশাসনৰ গাঁথনিও অন্তৰ্ভুক্ত কৰা হৈছে।

হোয়াইট হাউছে এই পৰিকল্পনাক অঞ্চলটোৰ সংঘাত আৰু ভৱিষ্যতৰ শাসন ব্যৱস্থাৰ অন্ত পেলোৱাৰ ব্লুপ্ৰিণ্ট বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: এলন মাস্কৰ অভিলেখ ; সম্পত্তিৰ পৰিমাণে স্পৰ্শ কৰিলে ৫০০ বিলিয়ন ডলাৰ

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়…চন্দ্ৰ আৰু মংগল অভিযানৰ বাবে একত্ৰিত হ’ব দুয়ো দেশ

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত বহু উত্থান-পতনৰ পৰিলক্ষিত হৈছে । এফালে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্কৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ বিপৰীতে আনফালে ভাৰত আৰু আমেৰিকাই মহাকাশ সহযোগিতাৰ দিশত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে । আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসে আয়োজন কৰা এক বিশেষ কাৰ্যসূচীত দুয়োখন দেশে এই কথাৰ ইংগিত দিছে । ‘ভাৰত-আমেৰিকা মহাকাশ সহযোগিতা : ভৱিষ্যত অংশীদাৰিত্বৰ সীমা’ শীৰ্ষক এই অনুষ্ঠানটো সোমবাৰে ইণ্ডিয়া হাউচত অনুষ্ঠিত হয়, য’ত দুয়োখন দেশৰ বিষয়া আৰু মহাকাশচাৰীয়ে অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানত নাছা-ইছৰোৰ যৌথ উপগ্ৰহ নিছাৰ মিছন আৰু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নিয়া এক্সিয়াম মিছন-৪ উদযাপন কৰা হয় । আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ, নিক হেগ আৰু বুচ উইলমৰেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি মহাকাশ জীৱনৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে ।

আমেৰিকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰাই ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু বাণিজ্যিক অংশীদাৰিত্বৰ বাবে এক শক্তিশালী মঞ্চ বুলি অভিহিত কৰে । তেওঁ কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচী এতিয়া কম খৰচত মহান কাম সাধনৰ বাবে পৰিচিত আৰু আমেৰিকাৰ সৈতে এই সহযোগিতাই মানুহৰ মহাকাশ উৰণৰ সীমা ঠেলি দিব ।

নাছাৰ ড০ কেৰেন ছেইণ্ট জেৰমেইনে নিছাৰক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আৰ্হি বুলি অভিহিত কৰি উল্লেখ কৰে যে যেতিয়া দুখন দেশে অভিজ্ঞতা ভাগ-বতৰা কৰে তেতিয়া বৈজ্ঞানিক অগ্ৰগতি ত্বৰান্বিত হয় । শুভাংশু শুক্লাই লগতে কয় যে নিছাৰৰ মহাকাশ যাত্ৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ শক্তি আৰু ভাৰতৰ বিশ্বব্যাপী ভূমিকাৰ প্ৰমাণ ।

লগতে পঢ়ক : নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান

বাণিজ্যিক চুক্তিৰ ওপৰত আমেৰিকাৰ সৈতে হ’ব আলোচনা, শুল্ক বিবাদৰ পিছত বিশেষ বিষয়াক ভাৰতলৈ প্ৰেৰণ ট্ৰাম্পৰ

বাণিজ্যিক চুক্তিৰ ওপৰত আমেৰিকাৰ সৈতে হ’ব আলোচনা

বাণিজ্যিক চুক্তি সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত পুনৰবাৰ আলোচনা হ’ব । মঙলবাৰে নতুন দিল্লীত দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত বাণিজ্য সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল, তাৰ পিছত দুয়োখন দেশৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছিল । অৱশ্যে এতিয়া সম্পৰ্কৰ উন্নতিৰ আশা কৰা হৈছে ।

সোমবাৰে নিশা ভাৰতলৈ আহিছে ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী তথা আমেৰিকাৰ মুখ্য আলোচনাপন্থী ব্ৰেণ্ডন লিন্স । এই বিষয়ত ভাৰতৰ মুখ্য আলোচনাপন্থী তথা বাণিজ্য মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ আগৰৱালে কয়, “আমেৰিকাৰ দলটোৱে মঙলবাৰে (১৬ ছেপ্টেম্বৰ) ভাৰতীয় আলোচনাপন্থীসকলক সাক্ষাৎ কৰিব । ইয়াৰ পিছত পৰিস্থিতি জানিব পৰা যাব । এইটো ষষ্ঠ ৰাউণ্ডৰ আলোচনা নহয়, বৰঞ্চ বাণিজ্যিক আলোচনাৰ এটা অংশ ।” ভাৰত আৰু আমেৰিকাৰ মাজত ইতিবাচক আলোচনাৰ আশা কৰা হৈছে বুলি আশা প্ৰকাশ কৰিছে বাণিজ্য সচিব সুনীল বৰথৱালে ।

২০২৫ চনৰ মাৰ্চ মাহৰ পৰা ভাৰত আৰু আমেৰিকাৰ মাজত পাঁচটা ৰাউণ্ডৰ আলোচনা চলি আছে যদিও ষষ্ঠ ৰাউণ্ডৰ আলোচনা বন্ধ হৈ পৰে । ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ দুয়োখন দেশৰ মাজত প্ৰথম আলোচনা অনুষ্ঠিত হৈছিল । ইয়াৰ পিছতে ট্ৰাম্পে ২ এপ্ৰিলত সকলো দেশৰ ওপৰত ১০ শতাংশ শুল্ক ঘোষণা কৰে । ভাৰতত মুঠ ২৬ শতাংশ শুল্ক আৰোপ কৰা হয় । ৫ এপ্ৰিলত বেছ লাইন শুল্ক কাৰ্যকৰী কৰা হয় । ২১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে জে ডি ভেন্সক সাক্ষাৎ কৰে । ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ ভাৰত আৰু আমেৰিকাৰ মাজত পঞ্চম ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হয় । ইয়াৰ পিছত শুল্ক বৃদ্ধি কৰা হয় ।

আচলতে এই বাণিজ্যিক চুক্তি সন্দৰ্ভত ভাৰত আৰু আমেৰিকাৰ মাজত ষষ্ঠ ৰাউণ্ডৰ আলোচনা হ’ব লাগিছিল যদিও শুল্ক বিবাদৰ পিছত স্থগিত ৰখা হৈছিল । ট্ৰাম্পে প্ৰথমে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল যদিও তাৰ পিছত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আৰু ২৫ শতাংশ শুল্ক বৃদ্ধি কৰে । ট্ৰাম্পৰ এই সিদ্ধান্তৰ পিছত দুয়োখন দেশৰ মাজৰ দূৰত্ব বাঢ়ি যায় । এই কাৰণতে বাণিজ্য চুক্তিৰ আলোচনাও আগবাঢ়িব পৰা নাছিল ।

লগতে পঢ়ক : বিশ্বৰ প্ৰথম এ আই মন্ত্ৰী… দুৰ্নীতি মোকাবিলা কৰাৰ দায়িত্ব দিলে এই দেশৰ চৰকাৰে

আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ বছৰ… সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

আমেৰিকাত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ বছৰ

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে ২৪ বছৰ সম্পূৰ্ণ কৰিলে । এই উপলক্ষে সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । পেন্টাগনৰ নিউয়ৰ্ক আৰু পেনচিলভেনিয়াৰ শ্বেংকছভিলত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় । এই আক্ৰমণত প্ৰায় ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল । অনুষ্ঠানসমূহত ভুক্তভোগীৰ পৰিয়াল আৰু ৰাজনৈতিক ব্যক্তিসকলে অংশগ্ৰহণ কৰে ।

নিউয়ৰ্কৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ছাইটত পাঠ কৰা হয় নিহতসকলৰ নাম । এই উপলক্ষে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী উষা ভেন্স উপস্থিত থাকে । অনুষ্ঠানত এক মিনিট মৌনতা অৱলম্বন কৰা হয় । পেন্টাগনত ১৮৪ জন লোকক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই অনুষ্ঠানত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে অংশগ্ৰহণ কৰে আৰু সন্ধিয়া ব্ৰংক্সত অনুষ্ঠিত বেছবল খেলত অংশগ্ৰহণ কৰে ।

পেনচিলভেনিয়াৰ শ্বেংকছভিলত ফ্লাইট ৯৩ৰ যাত্ৰী আৰু ক্ৰুসকলক স্মৰণ কৰা হয়, যিসকলে বিমানখনৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ চেষ্টা কৰিছিল । এক মুহূৰ্তত মৌনতা, মাল্যাৰ্পণ আৰু নাম পাঠ কৰা হয় । ইয়াত ভেটেৰান্স এফেয়াৰ্ছৰ সচিব ডাগ কলিন্সে অংশগ্ৰহণ কৰে ।

সমগ্ৰ দেশৰ হাজাৰ হাজাৰ লোকে এই বৰ্ষপূৰ্তিটো সেৱাৰ দিৱস হিচাপে পালন কৰে । ফুড ড্ৰাইভ, কাপোৰ দান, উদ্যান চাফাই আৰু ৰক্তদান আদি কাৰ্যসূচীত ৰাইজে অংশগ্ৰহণ কৰে । ভুক্তভোগী পৰিয়ালে কয় যে সেৱাৰ কামে শোকত থাকিও সান্ত্বনা আৰু নতুন শক্তি কঢ়িয়াই আনে ।

লগতে পঢ়ক : নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ; সংসদ ভংগ কৰাৰ দাবী

আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি

ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি

আমেৰিকাৰ সৈতে চলি থকা শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলে অতি সোনকালে দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি) স্বাক্ষৰ কৰিবলৈ ওলাইছে। এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাবে এক শ্বক হ’ব পাৰে।

ইজৰাইলৰ বিত্তমন্ত্ৰী বেজেলেল স্মোট্ৰিচৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তি সম্ভৱপৰ।তেওঁ ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহি আছে।

এই ভ্ৰমণৰ মূল উদ্দেশ্য ভাৰত আৰু ইজৰাইলৰ মাজত অৰ্থনৈতিক আৰু আৰ্থিক সম্পৰ্ক সুদৃঢ় কৰা। ইয়াৰ লগতে এই সময়ছোৱাত সম্ভাৱ্য মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) ভেটিও স্থাপন কৰিব পাৰি।

ভ্ৰমণৰ সময়ত স্মোট্ৰিচে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ,বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱাল আৰু গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লাল খট্টৰক সাক্ষাৎ কৰিব। ইয়াৰ উপৰিও তেওঁ মুম্বাই আৰু গান্ধীনগৰৰ GIFT City ভ্ৰমণ কৰিব।

লগতে পঢ়ক: অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’; ভিছা সন্দৰ্ভত ট্ৰাম্প চৰকাৰৰ ডাঙৰ ঘোষণা

‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’

আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বৃহস্পতিবাৰে ঘোষণা কৰে যে মধ্য আমেৰিকাৰ একাংশ নাগৰিকৰ ওপৰত নতুন ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইচ্ছাকৃতভাৱে চীনৰ কমিউনিষ্ট পাৰ্টিৰ হৈ কাম কৰি অঞ্চলটোৰ আইন শাসনক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোনো ব্যক্তিৰ নাম বা দেশৰ কথা উল্লেখ কৰা হোৱা নাই।

কিন্তু ৰুবিঅ’ই ক’লে যে যিসকল লোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব,পৰিয়ালৰ লগতে তেওঁলোকক আৰু আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

ৰুবিঅ’ই কৈছে যে,‘আমেৰিকাই মধ্য আমেৰিকাত চীনৰ দুৰ্নীতিগ্ৰস্ত প্ৰভাৱ প্ৰতিহত কৰিবলৈ কাম কৰি আছে আৰু নিজৰ আইন দুৰ্বল কৰাৰ প্ৰচেষ্টা বিফল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

এই কাৰণেই এতিয়া এনে ব্যক্তি আৰু তেওঁলোকৰ পৰিয়ালক আমেৰিকাত প্ৰৱেশৰ পৰা বঞ্চিত কৰা হ’ব’ ৷এই পদক্ষেপ ইমিগ্ৰেচন আৰু জাতীয়তা আইনৰ ২১২(ক)(৩)(গ) ধাৰাত গ্ৰহণ কৰা হৈছে।

ইয়াৰ অধীনত ইচ্ছাকৃতভাৱে এনে কাম-কাজ চলোৱাসকলৰ ওপৰত বাধা আৰোপ কৰা হ’ব যিয়ে অঞ্চলটোৰ গণতান্ত্ৰিক গাঁথনি দুৰ্বল কৰি তোলে।

ৰুবিঅ’ই লগতে কয় যে এই সিদ্ধান্তই ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে,যিসকলে আমেৰিকাৰ অৰ্থনৈতিক সমৃদ্ধি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ ল’ব বিচাৰে।

ৰুবিঅ’ৰ মতে, এই নতুন পদক্ষেপে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ৱাশ্বিংটন অঞ্চলৰ নিৰাপত্তা আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ উপলব্ধ প্ৰতিটো উপায় ব্যৱহাৰ কৰিব।

লগতে পঢ়ক: নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

শুল্ক উত্তেজনাৰ মাজতে আলাস্কাত উপস্থিত ভাৰতীয় সেনা… আমেৰিকান সেনাৰ সৈতে কৰিব যৌথ যুদ্ধভ্যাস

শুল্ক উত্তেজনাৰ মাজতে আলাস্কাত উপস্থিত ভাৰতীয় সেনা

ভাৰতীয় সেনাৰ এটা দল সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৫’ত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাৰ আলাস্কাত উপস্থিত হৈছে । ইয়াত দলটোৱে ভাৰত আৰু আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৫’ত অংশগ্ৰহণ কৰিব । ১ ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ মঙলবাৰৰ পৰা আৰম্ভ হোৱা এই অনুশীলন ১৪ ছেপ্টেম্বৰলৈ চলিব । বিদেশ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰিছে ।

উল্লেখ্য যে ‘যুদ্ধ অভ্যাস’ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰতি বছৰে অনুষ্ঠিত হোৱা এক বৃহৎ সামৰিক অনুশীলন । ইয়াৰ উদ্দেশ্য দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত প্ৰশিক্ষণৰ ভাগ-বতৰা কৰা, সমন্বয় আৰু যুদ্ধৰ দক্ষতা বৃদ্ধি কৰা । এইবাৰ যুদ্ধ অভ্যাসৰ ২১ সংখ্যক সংস্কৰণ আৰু এইবাৰ ই আমেৰিকাৰ বৰফ আৰু পাহাৰৰেৰে ভৰা অঞ্চল আলাস্কাত অনুষ্ঠিত হৈছে ।

এইবাৰ ভাৰতীয় সেনাৰ মাদ্ৰাজ ৰেজিমেণ্টৰ জোৱানসকলে ভাৰতৰ তৰফৰ পৰা এই অনুশীলনত অংশ লৈছে । আনহাতে, ১১ নং এয়াৰবৰ্ণ ডিভিজনৰ ১ম বেটেলিয়ন, ৫ম ইনফেণ্ট্ৰি ৰেজিমেণ্ট (ববকেটছ)ৰ সৈন্যই আমেৰিকাৰ ফালৰ পৰা এই অনুশীলনত অংশগ্ৰহণ কৰিছে । দুয়োটা দলৰ জোৱানসকলে একেলগে দুসপ্তাহৰ বাবে বিভিন্ন ধৰণৰ যুদ্ধ অনুশীলন কৰিব ।

সেনাৰ দলে অনুশীলনত হেলিবৰ্ণ অপাৰেচন অন্তৰ্ভুক্ত কৰিব, য’ত জোৱানক হেলিকপ্টাৰেৰে শত্ৰুৰ ভূখণ্ডলৈ লৈ যাব । ইয়াৰ উপৰিও পাহাৰীয়া অঞ্চলত যুদ্ধ কৌশলৰ প্ৰশিক্ষণো দিয়া হ’ব । জোৱানসকলে মানৱবিহীন বিমান ব্যৱস্থা (UAS) আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ কৌশল শিকিব । আহত জোৱানসকলক সহায় কৰাৰ লগতে তেওঁলোকক নিৰাপদে উলিয়াই অনাৰ প্ৰশিক্ষণো এই অনুশীলনৰ অংশ হ’ব ।

ইয়াৰ সমান্তৰালকৈ শিলাময় অঞ্চলত পথ আৰোহণ আৰু যুঁজৰ কৌশলৰ ওপৰতো কাম কৰা হ’ব । আৰ্টিলাৰী, বিমান আৰু ইলেক্ট্ৰনিক যুদ্ধ একেলগে ব্যৱহাৰ কৰাৰ ক্ষমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । লগতে সৈনিকসকলে লাইভ ফায়াৰ ড্ৰিলত প্ৰকৃত গুলীৰে অনুশীলন কৰিব । শেষত ৰাষ্ট্ৰসংঘৰ শান্তি অভিযানতো কাম কৰাৰ প্ৰস্তুতি চলোৱা হ’ব ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ বাবে ১০ মিনিট অপেক্ষা পুটিনৰ, তাৰ পিছত গাড়ীত একেলগে যাত্ৰা… চীনত দেখা গ’ল বন্ধুত্বৰ মজবুত ভেটি

আমেৰিকাৰ বাবে ডাক সেৱা বন্ধ কৰিব ভাৰতে… ট্ৰাম্পৰ শুল্কৰ মাজতে চৰকাৰৰ ডাঙৰ সিন্ধান্ত

আমেৰিকাৰ বাবে অধিকাংশ ডাক সেৱা বন্ধ কৰিব ভাৰতে

আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত নিয়মবোৰো সলনি হৈছে । ইয়াৰ মাজতে এতিয়া ভাৰত চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে । ভাৰতে ২৫ আগষ্টৰ পৰা আমেৰিকালৈ যোৱা বেছিভাগ ডাক সেৱা বন্ধ কৰিব । ২০২৫ চনৰ ৩০ জুলাইত আমেৰিকা চৰকাৰে জাৰি কৰা আদেশৰ পিছত ডাক সেৱা বন্ধৰ এই পদক্ষেপ লোৱা হৈছে, যাৰ অধীনত আমদানিকৃত সামগ্ৰীৰ ওপৰত ৮০০ মাৰ্কিন ডলাৰ পৰ্যন্ত শুল্ক ৰেহাই প্ৰত্যাহাৰ কৰা হৈছে ।

আমেৰিকা চৰকাৰৰ নিয়মৰ অধীনত ২৯ আগষ্টৰ পৰা আমেৰিকাত প্ৰৱেশ কৰা সকলো সামগ্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক শক্তি আইন শুল্কৰ অধীনত শুল্ক শুল্ক আকৰ্ষণ কৰিব । অৱশ্যে ১০০ মাৰ্কিন ডলাৰ পৰ্যন্ত মূল্যৰ সামগ্ৰী শুল্ক ৰেহাইৰ অধীনত থাকিব ।

চি বি পি য়ে জাৰি কৰিছিল নিৰ্দেশনা-

আমেৰিকাৰ এই নিৰ্দেশ অনুসৰি আন্তঃৰাষ্ট্ৰীয় ডাক নেটৱৰ্ক বা আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষা (চি বি পি)ৰ অনুমোদিত আন যিকোনো পক্ষৰ জৰিয়তে সামগ্ৰী ডেলিভাৰী কৰা বিমান সংস্থাসমূহেও ডাকযোগে চালানৰ ওপৰত শুল্ক সংগ্ৰহ আৰু পৰিশোধ কৰিব লাগিব । এই সন্দৰ্ভত চি বি পি য়ে  ১৫ আগষ্টত গাইডলাইন জাৰি কৰিছে যদিও কৰ সংগ্ৰহ আৰু প্ৰেৰণৰ ব্যৱস্থাৰ দৰে বহু কথা এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । যাৰ বাবে আমেৰিকালৈ যোৱা বিমান সংস্থাসমূহে ২০২৫ চনৰ ২৫ আগষ্টৰ পিছত কাৰ্য্যকৰী আৰু কাৰিকৰী প্ৰস্তুতিৰ অভাৱৰ কাৰণে ডাকযোগে চালান গ্ৰহণ কৰিবলৈ অক্ষমতা প্ৰকাশ কৰিছে । এই সকলোবোৰ কাৰণ মনত ৰাখি ডাক বিভাগে ২৫ আগষ্টৰ পৰা আমেৰিকালৈ যোৱা সকলো ধৰণৰ ডাক সামগ্ৰীৰ বুকিং সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু এতিয়া ১০০ মাৰ্কিন ডলাৰ পৰ্যন্ত ডাক সামগ্ৰী প্ৰেৰণ কৰিব পাৰিব ।

স্পষ্টীকৰণৰ পিছতহে সেৱা পুনৰ আৰম্ভ হ’ব-

প্ৰকাশিত এক তথ্য অনুসৰি চি বি পি আৰু ইউ এছ পি এছৰ পৰা অধিক স্পষ্টীকৰণ লাভ কৰাৰ পিছত এই ৰেহাইপ্ৰাপ্ত শ্ৰেণীসমূহ গ্ৰহণ কৰি আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব । একে সময়তে ডাক বিভাগে সকলো অংশীদাৰৰ সমন্বয়ৰে উদীয়মান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু অতি সোনকালে সেৱাসমূহ স্বাভাৱিক কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে ।

গ্ৰাহকে ধন ঘূৰাই পাব-

ভাৰতীয় ডাক বিভাগে জনাইছে যে যিসকল গ্ৰাহকে ইতিমধ্যে এনে সেৱা বুকিং কৰিছিল আৰু এতিয়া এই পৰিস্থিতিৰ বাবে আমেৰিকালৈ পাৰ্চেল পঠিয়াব নোৱাৰে তেওঁলোকে ধন ঘূৰাই পোৱাৰ বাবে দাবী কৰিব পাৰে । গ্ৰাহকসকলৰ বাবে হোৱা অসুবিধাৰ বাবে ডাক সেৱা বিভাগে দুখ প্ৰকাশ কৰিছে আৰু অতি সোনকালে আমেৰিকালৈ সম্পূৰ্ণ সেৱা পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে ।

উল্লেখ্য যে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আৰু ২৭ আগষ্টৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে, অৰ্থাৎ ভাৰতীয় সামগ্ৰী এতিয়া আমেৰিকাত অধিক ব্যয়বহুল হ’ব । একে সময়তে দুয়োখন দেশৰ মাজত বাণিজ্যই উত্তেজনাৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

আমেৰিকাৰ ছিয়াটলত প্ৰথমবাৰৰ বাবে আয়োজন ‘ইণ্ডিয়া ডে পেৰেড’… দেখা গ’ল ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য

আমেৰিকাৰ ছিয়াটলত প্ৰথমবাৰৰ বাবে আয়োজন ‘ইণ্ডিয়া ডে পেৰেড’

আমেৰিকাৰ ছিয়াটলত ভাৰতৰ কনছুলেট জেনেৰেলে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া ডে পেৰেড’ৰ আয়োজন কৰে । ইয়াত ভাৰতৰ সকলো ৰাজ্যৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শন কৰা হয় ।

শনিবাৰে অনুষ্ঠিত হয় এই পেৰেড । ইয়াত ভাৰতৰ ২৮খন ৰাজ্যৰ সকলো সাংস্কৃতিক নৃত্যৰ উপস্থাপন সন্নিবিষ্ট কৰা হয় । পেৰেডত ‘ইণ্ডিয়া পেভিলিয়ন’ও আছিল, য’ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে জড়িত ‘এক জিলা-এক সামগ্ৰী’ (অ’ডিঅ’পি)ৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছিল । ছিয়াটলত ভাৰতৰ কনছুল জেনেৰেল প্ৰকাশ গুপ্তা, ছিয়াটলৰ মেয়ৰ ব্ৰুচ হেৰেল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে পেৰেডত পতাকা উত্তোলন কৰে । এই উপলক্ষে ত্ৰিৰংগ বেলুন আকাশলৈ এৰি দিয়া হয় আৰু এই গ্ৰেণ্ড পেৰেডৰ আৰম্ভণি হয় । ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ ৰং সকলোতে জিলিকি থকা দেখা গ’ল ।

ইণ্ডিয়া ডে পেৰেডৰ মূল আকৰ্ষণ আছিল ‘ইণ্ডিয়া পেভিলিয়ন’, য’ত ২৮খন ৰাজ্যৰ ৩০টাতকৈও অধিক বুথ আৰু কেইবাটাও বিষয়বস্তুভিত্তিক প্ৰদৰ্শনী স্থাপন কৰা হৈছিল । ৰাজ্যসমূহৰ বিশেষ অ’ডিঅ’পি সামগ্ৰী প্ৰতিটো বুথতে ৰখা হৈছিল । ইয়াৰ লগতে তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহাসিক তাৎপৰ্যৰ তথ্যও দিয়া হৈছিল । এই সময়ত উপস্থিত থকা বিশিষ্ট ব্যক্তি আৰু দৰ্শকে বিভিন্ন ৰাজ্যৰ খাদ্যৰ সোৱাদ লোৱাৰ লগতে সাংস্কৃতিক শিল্পকৰ্ম দেখি ভাৰতৰ চহকী ঐতিহ্য আৰু পৰম্পৰাৰ আভাস লাভ কৰে । এই তথ্য ভাৰতীয় কনছুলেটৰ প্ৰেছ বিজ্ঞপ্তিযোগে দিয়া হৈছে ।

এই কাৰ্যসূচীত দুহেজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে । এই সময়ত ছিয়াটলৰ মেয়ৰ হেৰেলে কয় যে আমেৰিকাই ভাৰতৰ প্ৰেম, মমতা আৰু অহিংসাৰ বাৰ্তাৰ পৰা শিকিব লাগে । তেওঁ লগতে কয় যে ছিয়াটল বৈচিত্ৰ্য আৰু কাৰিকৰী উৎকৰ্ষতাৰে ভৰা এখন চহৰ আৰু ইয়াত ভাৰতীয়-আমেৰিকানসকলে বহুখিনি অৱদান আগবঢ়াইছে । তেওঁ ছিয়াটলত ভাৰতীয় কনছুলেট মুকলি কৰাটোক এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি কয় যে প্ৰথমবাৰৰ বাবে ভাৰত দিৱসৰ পেৰেড সহযোগত আয়োজন কৰাত চহৰখন গৌৰৱান্বিত ।

লগতে পঢ়ক : ট্ৰাম্পক সাক্ষাৎ কৰাৰ পূৰ্বে শান্তি আলোচনাৰ বাবে চৰ্ত নিৰ্ধাৰণ জেলেনস্কিৰ…