শান্তিৰ ন’বেল বঁটা নোপোৱাক লৈ ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া
শুকুৰবাৰে ঘোষণা হ’ল ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। ভেনিজুবেলাৰ আইৰণ লেডী মাৰিয়া কোৰিনা মাচাডোলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শান্তিৰ ন’বেল সন্মান।এই ঘোষণাৰ লগে লগে আমেৰিকাৰ জল্পনা-কল্পনাৰো যতি পৰিল।
ট্ৰাম্পে নাপালে শান্তিৰ ন’বেল। এই বঁটা লাভ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড’নাল্ড ট্ৰাম্পে কৈছে যে, ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কোৰিনা মাচাডোৱে ইয়াক “মোৰ সন্মানত” গ্ৰহণ কৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয়,”যিজনে প্ৰকৃততে ন’বেল বঁটা পাইছিল,আজি তেওঁ মোক ফোন কৰি কয় যে, ‘মই আপোনাৰ সন্মানত এইটো গ্ৰহণ কৰিছো কাৰণ আপুনি সঁচাকৈয়ে ইয়াৰ যোগ্য আছিল,’এইটো এটা বহুত ভাল কথা।”
ট্ৰাম্পে ধেমালিতে কয়, “অৱশ্যে মই তেতিয়া কোৱা নাছিলো যে মোক দিয়ক”। ট্ৰাম্পে জোৰ দি কয় যে তেওঁ সুখী কাৰণ তেওঁ লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে।
ন’বেল বঁটা বিজয়ী মাৰিয়া ক’ৰিনা মাচাডোৱে নিজৰ এই সন্মান কেৱল ভেনিজুৱেলাৰ জনসাধাৰণকে নহয়, বৰঞ্চ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবেও উৎসৰ্গা কৰিছিল।
সামাজিক মাধ্যমত এটা পোষ্টত তেওঁ লিখিছে যে, “মই এই বঁটা ভেনিজুৱেলাৰ দুখীয়া জনসাধাৰণ আৰু আমাৰ কাৰ্য্যৰ প্ৰতি তেওঁৰ নিৰ্ণায়ক সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক উৎসৰ্গা কৰিছো।”
লগতে পঢ়ক: ড’নাল্ড ট্ৰাম্পে কৰিছিল দাবী; শান্তিৰ নোবেল বঁটাত নাথাকিল নাম









