ড’নাল্ড ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্পে কৰিছিল দাবী; শান্তিৰ নোবেল বঁটাত নাথাকিল নাম

ড’নাল্ড ট্ৰাম্পে কৰিছিল দাবী শান্তিৰ নোবেল বঁটা বিশ্বৰ অন্যতম সন্মানীয় বঁটা।এই বঁটা লাভৰ বাবে হাহাকাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে বাৰে বাৰে কৈছিল যে তেওঁ এই বঁটা লাভ কৰিব লাগে কিন্তু কি হ’ব সেয়া অতি সোনকালে বিশ্ববাসীয়ে জানিব পাৰিব। কিন্তু এই সন্মান সেইসকল লোক

ড’নাল্ড ট্ৰাম্পে কৰিছিল দাবী

শান্তিৰ নোবেল বঁটা বিশ্বৰ অন্যতম সন্মানীয় বঁটা।এই বঁটা লাভৰ বাবে হাহাকাৰ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পে বাৰে বাৰে কৈছিল যে তেওঁ এই বঁটা লাভ কৰিব লাগে কিন্তু কি হ’ব সেয়া অতি সোনকালে বিশ্ববাসীয়ে জানিব পাৰিব।

কিন্তু এই সন্মান সেইসকল লোক বা সংগঠনক দিয়া হয় যিসকলে বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ,সংঘাতৰ অন্ত পেলাবলৈ বা মানৱতাৰ উন্নতিৰ বাবে অসাধাৰণ কাম কৰিছে।

ড’নাল্ড ট্ৰাম্পে ভাৰত-পাকিস্তানৰ যুদ্ধ, ইউক্ৰেন-ৰাছিয়াৰ যুদ্ধ অন্ত পেলাইছিল বুলি দাবী কৰে। বহু আমেৰিকাৰ ৰাষ্ট্ৰপতিক এই বঁটাৰে সন্মানিত কৰা হৈছে।

থিয়ডৰ ৰুজভেল্ট আছিল আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।ৰাছিয়া আৰু জাপানৰ মাজৰ যুদ্ধ (১৯০৪–১৯০৫)ৰ অন্ত পেলোৱাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাৰ বাবে তেওঁ এই সন্মান লাভ কৰে।

প্ৰথম বিশ্বযুদ্ধৰ পিছত শান্তিৰক্ষাৰ প্ৰচেষ্টাৰ বাবে উড্ৰ’ উইলছনে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।তেওঁ যুদ্ধৰ পিছত লীগ অৱ নেচনছ গঠনৰ প্ৰস্তাৱ আগবঢ়ায়, যাতে ভৱিষ্যতে যুদ্ধ ৰোধ কৰিব পৰা যায়।

ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ ২০ বছৰৰ পাছত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা।

বাৰাক ওবামা আমেৰিকাৰ প্ৰথম আফ্ৰিকান-আমেৰিকান ৰাষ্ট্ৰপতি আছিল আৰু তেওঁৰ কাৰ্যকালৰ প্ৰথম বছৰতে তেওঁক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল।

লগতে পঢ়ক: ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা; লাছলো ক্ৰাছনাহৰ্কাইলৈ এই সন্মান