নোবেল বঁটা

ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা; লাছলো ক্ৰাছনাহৰ্কাইলৈ এই সন্মান

ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা। হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰ্কাই এই সন্মান লাভ কৰিছে। ছুইডিছ একাডেমীৰ নোবেল কমিটীয়ে ৯ অক্টোবৰ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰি ছুইডিছ একাডেমীয়ে কয় যে তেওঁৰ লেখাই

ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা। হাংগেৰীৰ লেখক লাছলো ক্ৰাছনাহৰ্কাই এই সন্মান লাভ কৰিছে।

ছুইডিছ একাডেমীৰ নোবেল কমিটীয়ে ৯ অক্টোবৰ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।সাহিত্যৰ নোবেল বঁটা ঘোষণা কৰি ছুইডিছ একাডেমীয়ে কয় যে তেওঁৰ লেখাই আতংকৰ মাজতো শিল্পৰ শক্তি প্ৰদৰ্শন কৰে।

সাহিত্যৰ ক্ষেত্ৰত দিয়া এই বঁটা সেই লেখকসকলক দিয়া হয়, যাৰ কিতাপ বা কবিতাই সাহিত্যলৈ বিশেষ অৱদান আগবঢ়ায়।

একেদৰে হাংগেৰীৰ সাহিত্যিক লাছলোক ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (১০.৩ কোটি টকা), স্বৰ্ণ পদক আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।

১০ ডিচেম্বৰত ষ্টকহ’মত তেওঁক এই বঁটাৰে সন্মানিত কৰা হ’ব। উল্লেখ্য যে ইয়াৰ পূৰ্বে লাছলোৱে ২০১৫ চনত মেন বুকাৰ আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ২০১৯ চনত অনুবাদ সাহিত্যৰ বাবে ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটাও লাভ কৰিছে।

ছুইডিছ একাডেমীৰ নোবেল কমিটীয়ে মুঠ ১২১ গৰাকী বঁটা বিজয়ীক ১১৭ বাৰকৈ সাহিত্য বঁটা প্ৰদান কৰিছে।যোৱা বছৰৰ নোবেল বঁটা দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙে তেওঁৰ ৰচনাৰ বাবে লাভ কৰিছিল।

লগতে পঢ়ক: ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ