প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি ক’লে ৰাষ্ট্ৰদূত চাৰ্জিঅ’ই

ভাৰতৰ সৈতে সম্পৰ্ক আমেৰিকাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি ক’লে ৰাষ্ট্ৰদূত চাৰ্জিঅ’ই

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ৰ আমেৰিকাই ভাৰতত পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে চাৰ্জিঅ’ গ’ৰক । ইতিমধ্যে ভাৰতত উপস্থিত হোৱা ৰাষ্ট্ৰদূতজনে সোমবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব । নতুন দিল্লীত থকা আমেৰিকান দূতাবাসৰ দায়িত্ব লোৱাৰ পূৰ্বে গ’ৰে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । তেওঁ উল্লেখ কৰে যে

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ৰ

আমেৰিকাই ভাৰতত পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে চাৰ্জিঅ’ গ’ৰক । ইতিমধ্যে ভাৰতত উপস্থিত হোৱা ৰাষ্ট্ৰদূতজনে সোমবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব । নতুন দিল্লীত থকা আমেৰিকান দূতাবাসৰ দায়িত্ব লোৱাৰ পূৰ্বে গ’ৰে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন মহান আৰু ব্যক্তিগত বন্ধু বুলি গণ্য কৰে । ছাৰ্জিঅ’ গ’ৰে লগতে কয় যে আমেৰিকাই ভাৰতৰ সৈতে নিজৰ সম্পৰ্কক মূল্য দিয়ে ।

ট্ৰাম্প প্ৰশাসনে ভাৰতীয় আমদানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্কত উত্তেজনাই বিৰাজ কৰাৰ সময়তে ছাৰ্জিঅ’ গ’ৰে এই মন্তব্য কৰিছে । এক্সৰ এটা পোষ্টত গ’ৰে কয় যে, “প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মোৰ এক সুন্দৰ বৈঠক হয় । আমি প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তিকে ধৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ । জটিল খনিজ পদাৰ্থৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰিলোঁ ।” মাৰ্কিন চেনেটে ভাৰতত আমেৰিকাৰ দূত হিচাপে নিশ্চিত কৰাৰ পিছতে ছদিনীয়া নতুন দিল্লী ভ্ৰমণত আছে চাৰ্জিঅ’ গ’ৰ ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এটা পোষ্ট যোগে চাৰ্জিঅ’ গ’ৰৰ সৈতে হোৱা বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰে । তেওঁ কয়, “ভাৰতত নিযুক্তিপ্ৰাপ্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰক আদৰণি জনাই মই আনন্দিত হৈছো । তেওঁৰ কাৰ্যকালত ভাৰত-আমেৰিকাৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব বুলি মই নিশ্চিত ।” ইয়াৰ পূৰ্বেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হৈছিল চাৰ্জিঅ’ গ’ৰে ।

জয়শংকৰে ছ’চিয়েল মিডিয়াত কয় যে, “আজি ভাৰতত নিযুক্তিপ্ৰাপ্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰক নতুন দিল্লীত লগ পাই আনন্দিত হলো । তেওঁৰ সৈতে ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু ইয়াৰ বিশ্বব্যাপী তাৎপৰ্য্যৰ বিষয়ে আলোচনা কৰিলোঁ । তেওঁৰ নিযুক্তিৰ বাবে মই তেওঁক শুভকামনা জনাইছো ।” ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীকো গ’ৰে সাক্ষাৎ কৰে ৰাষ্ট্ৰদূত গ’ৰে ।

লগতে পঢ়ক : কৃষকক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হাজাৰ কোটি টকাৰ উপহাৰ…

শেহতীয়া প্ৰৱন্ধসমূহ