‘ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰাৰ প্ৰয়াস…’আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনক তীব্ৰ সমালোচনা চীনৰ

আমেৰিকাৰ এই প্ৰতিবেদনে ভুৱা আখ্যান ৰচনা কৰি দেশসমূহৰ মাজত অবিশ্বাস আনিবলৈ চেষ্টা কৰিছে বুলি কয় চীনে । এনে প্ৰতিবেদন আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰে চীনে ।

আমেৰিকাৰ এক প্ৰতিবেদনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে । পেন্টাগনৰ প্ৰতিবেদনত উত্থাপিত অভিযোগ নাকচ কৰি চীনে কয় যে এই প্ৰতিবেদনে ভুৱা আখ্যান ৰচনা কৰি দেশসমূহৰ মাজত অবিশ্বাস আনিবলৈ চেষ্টা কৰিছে । বেইজিঙে অভিযোগ কৰে যে আমেৰিকাই সামৰিক আধিপত্যৰ নীতিক ন্যায্যতা প্ৰদান কৰিবলৈ এনে প্ৰতিবেদন ব্যৱহাৰ কৰে ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্টভাৱে কয় যে পেন্টাগনৰ প্ৰতিবেদনে চীনৰ প্ৰতিৰক্ষা নীতিক বিকৃত কৰি চীন আৰু ভাৰতকে ধৰি অন্যান্য দেশৰ মাজত কুটিলতা সৃষ্টি কৰাৰ চেষ্টা কৰিছে । চীনে ভাৰতৰ সৈতে নিজৰ সম্পৰ্কক দীৰ্ঘম্যাদী আৰু কৌশলগত দৃষ্টিকোণৰ পৰা চোৱা বুলিও উল্লেখ কৰে ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে এই প্ৰতিবেদনত চীনৰ সামৰিক নীতিক ভুলকৈ উপস্থাপন কৰা হৈছে । আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক বিপথে পৰিচালিত কৰাৰ লগতে সংঘাতপূৰ্ণ ৰাজনীতিৰ প্ৰচাৰৰ বাবে আমেৰিকাই বাৰে বাৰে এনে প্ৰতিবেদন জাৰি কৰে বুলিও তেওঁ কয় ।

ভাৰত-চীন সম্পৰ্কত চীনৰ স্থিতি-

ভাৰতৰ সৈতে আলোচনা বৃদ্ধি, পাৰস্পৰিক বিশ্বাস শক্তিশালী আৰু শান্তিপূৰ্ণভাৱে মতানৈক্য সমাধানৰ বাবে সাজু বুলি চীনে উল্লেখ কৰে । সীমা বিবাদ সন্দৰ্ভত চীনে পুনৰ কয় যে বিষয়টো কেৱল ভাৰত আৰু চীনৰ মাজৰ আৰু বৰ্তমানৰ পৰিস্থিতি স্বাভাৱিক আৰু সুস্থিৰ ।

এল এ চি আৰু ব্ৰিকছৰ বৈঠকৰ কথা উল্লেখ-

পেন্টাগনৰ প্ৰতিবেদনত ব্ৰিকছ সন্মিলনৰ সময়ত ছি জিনপিং আৰু নৰেন্দ্ৰ মোদীৰ মাজত হোৱা বৈঠকৰ উদ্ধৃতি দিয়া হৈছে । প্ৰতিবেদন অনুসৰি এই বৈঠকৰ ফলত এল এ চিৰ কাষত উত্তেজনা হ্ৰাস কৰাৰ চুক্তি হয় আৰু দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা হয় ।

উল্লেখ্য যে, এনে প্ৰতিবেদন আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰি চীনে আমেৰিকাক মিছা অভিযোগ বন্ধ কৰি সংঘাতৰ পৰিৱৰ্তে সহযোগিতাৰ পথ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ আৱামি লীগৰ ওপৰত নিষেধাজ্ঞা… অংশগ্ৰহণ কৰিব নোৱাৰিব নিৰ্বাচনত

ছিৰিয়াৰ ISIS ৰ বিৰুদ্ধে আমেৰিকাই আৰম্ভ কৰিলে অপাৰেচন হকআই ষ্ট্ৰাইক…

ছিৰিয়াত তিনিজন আমেৰিকানক হত্যা কৰাৰ পিছতে এক্সন মুডত আমেৰিকা। ছিৰিয়াৰ ISIS ৰ বিৰুদ্ধে আমেৰিকান সেনাৰ অপাৰেচন হকআই ষ্ট্ৰাইক।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত ছিৰিয়াত ইছলামিক ষ্টেট (ISIS )ৰ বিৰুদ্ধে আমেৰিকান সেনাই বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে।

ইয়াৰ নাম ৰখা হৈছিল অপাৰেচন হকআই ষ্ট্ৰাইক।এই অভিযান ১৩ ডিচেম্বৰত পালমাইৰাত আইছিছৰ আক্ৰমণৰ প্ৰতিশোধ,য’ত দুজন আমেৰিকান সৈনিক আৰু এজন অসামৰিক দোভাষী নিহত হৈছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে,’ছিৰিয়াত থকা সাহসী আমেৰিকান দেশপ্ৰেমিকসকলক আইছিছে নিৰ্মমভাৱে হত্যা কৰিছিল’।

‘মই ঘোষণা কৰিছো যে আমেৰিকাই দায়ী হত্যাকাৰী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অতি গুৰুতৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে;।

‘আমি ছিৰিয়াত আইছিছৰ দুৰ্গসমূহত অতি কঠোৰ আক্ৰমণ চলাইছো।এই ঠাইখন তেজেৰে দাগ পৰা আৰু বহুতো সমস্যা আছে।যদি আইছিছক নিৰ্মূল কৰা হয় তেন্তে ইয়াৰ ভৱিষ্যত উজ্জ্বল’।

ইয়াৰ লগতে ট্ৰাম্পে কয় যে, ‘ছিৰিয়াৰ চৰকাৰ, যাৰ নেতৃত্ব এনে এজন ব্যক্তিয়ে কৰি আছে  যিয়ে ছিৰিয়ালৈ মহানতা ঘূৰাই আনিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰি আছে;।

‘তেওঁ সম্পূৰ্ণ সমৰ্থনত আছে।যিসকল সন্ত্ৰাসবাদীয়ে আমেৰিকাক আক্ৰমণ কৰিছে, সেই সকলক সকীয়াই দিয়া হৈছে।যদি আপুনি আমেৰিকাক যি কোনো ধৰণে আক্ৰমণ কৰে অথবা ভাবুকি দিয়ে, তেন্তে পূৰ্বৰ তুলনাতকৈও অধিক আক্ৰমণ কৰা হ’ব’।

লগতে পঢ়ক: ওছমান হাদীৰ মৃত্যুৰ পিছতে জ্বলিছে বাংলাদেশ;দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ  

অৱতৰণৰ সময়তেই ভয়ংকৰ বিমান দুৰ্ঘটনা; পাইলটসহ ৭ জনৰ মৃত্যু  

আমেৰিকাত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা । পাইলটসহ ৭ জন লোক আছিল বিমানখনত। আটাইকেইজনৰে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

পুনৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাত ।বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত বিষয়াসকলে জনোৱা মতে, উত্তৰ কেৰ’লিনাৰ আঞ্চলিক বিমানবন্দৰত ছয়জন লোক কঢ়িয়াই অনা ব্যৱসায়িক জেট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।

এই বিমানবন্দৰটো নাছকাৰৰ দল আৰু ফৰ্চুন ৫০০ কোম্পানীয়ে ব্যৱহাৰ কৰে।দুৰ্ঘটনাটোৰ পিছতে দাউ দাউ কৈ জ্বলি উঠিছিল বিমানখন আৰু কেইবাজনো লোকৰ মৃত্যু হয়।

বিমানখন নাছকাৰৰ অৱসৰপ্ৰাপ্ত পাইলট গ্ৰেগ বিফেলে উৰুৱাইছিল বুলি জানিব পৰা গৈছে।ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, চেছনা চি ৫৫০ বিমানখনত পাইলটকে ধৰি ৭ জন লোক আছিল,যিটো চাৰ্লটৰ পৰা প্ৰায় ৪৫ মাইল (৭২ কিলোমিটাৰ) উত্তৰত অৱস্থিত ষ্টেটছভিল আঞ্চলিক বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়।

জানিব পৰা মতে বিমানখনে পুৱা ১০ বজাত বিমানবন্দৰৰ পৰা উৰা মাৰিছিল যদিও তাৰ পিছত উভতি আহি অৱতৰণ কৰাৰ চেষ্টা কৰিছিল।আৰু সেই সময়তেই দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

লগতে পঢ়ক: ওছমান হাদীৰ মৃত্যুৰ পিছতে জ্বলিছে বাংলাদেশ;দুটাকৈ সংবাদ প্ৰতিষ্ঠানত অগ্নি সংযোগ  

বিশ্ববিদ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনা… দুজনৰ মৃত্যু, আঠজন আহত

ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় ।

আমেৰিকাত আন এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । ৰোড আইলেণ্ডৰ ব্ৰাউন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা গুলীচালনাত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৮জন লোক আহত হয় । আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে ব্ৰাউন ইউনিভাৰ্চিটি এলেকাত কেইবাজনো লোকক গুলীয়াই হত্যা কৰা হয় । ইয়াৰ পিছত আইভী লীগ বিদ্যালয়ে শ্বুটাৰ এলাৰ্ট জাৰি কৰি ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনায় ।

ব্ৰাউন বিশ্ববিদ্যালয়ৰ জৰুৰীকালীন অধিসূচনা ব্যৱস্থাৰ জৰিয়তে জাৰি কৰা এক সতৰ্কবাণী অনুসৰি বিশ্ববিদ্যালয়ৰ বিষয়াসকলে প্ৰথমে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলক কয় যে এজন সন্দেহযুক্ত লোক জিম্মাত আছে, কিন্তু পিছত কয় যে সেয়া নহয় আৰু আৰক্ষীয়ে এতিয়াও সন্দেহযুক্ত লোকক বিচাৰি আছে ।

স্থানীয় নেতা জন গনছালভেছে কয় যে, “আমি এতিয়াও কি হৈ আছে তাৰ তথ্য লৈ আছো । আমি মানুহক খিৰিকী-দুৱাৰ বন্ধ কৰি ৰাখিবলৈ আৰু সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছো ।” ঘটনাক লৈ তেওঁ শোক প্ৰকাশ কৰে । খবৰ অনুসৰি বিশ্ববিদ্যালয়খনৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড ফিজিক্স থকা সাত মহলীয়া কমপ্লেক্স বাৰাছ এণ্ড হলী বিল্ডিঙৰ সমীপত এই ঘটনা সংঘটিত হয় । বিশ্ববিদ্যালয়খনৰ ৱেবছাইট অনুসৰি এই ভৱনটোত ১০০টাতকৈও অধিক পৰীক্ষাগাৰ, কেইবা ডজন শ্ৰেণীকোঠা, কাৰ্যালয় আছে । ঘটনাৰ সময়ত অট্টালিকাটোত অভিযান্ত্ৰিক ডিজাইন পৰীক্ষা চলি আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্পকো এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত অৱগত কৰা হৈছে ।

লগতে পঢ়ক : ছিডনীত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ; ধৰ্মীয় অনুষ্ঠানত নিৰ্বিচাৰ গুলীচালনা

আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

আমেৰিকাৰ পাছত এইবাৰ মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । ভাৰতকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে দেশখনে ।

সমগ্ৰ বিশ্বতে যেন আকৌ এবাৰ শুল্ক যুদ্ধৰ সূচনা হৈছে । আমেৰিকাই শুল্ক বৃদ্ধি কৰি বহু দেশত আঘাত হনাৰ পিছতে এতিয়া মেক্সিকোৱে আৰম্ভ কৰিছে শুল্ক আক্ৰমণ । মেক্সিকোৱে এটা ডাঙৰ পদক্ষেপ লৈছে আৰু চীনকে ধৰি এছিয়াৰ কেইবাখনো দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লৈছে, যিটো আমেৰিকাৰ দৰেই ৫০% পৰ্যন্ত হ’ব । ছিনেটে এই প্ৰস্তাৱত অনুমোদন জনাইছে আৰু এই নতুন শুল্কসমূহ অহা বছৰ ২০২৬ চনত কাৰ্যকৰী হ’ব । এয়া এক ডাঙৰ আঘাত হ’ব, বিশেষকৈ যিবোৰ দেশৰ মেক্সিকোৰ সৈতে বাণিজ্যিক চুক্তি নাই ।

জানিব পৰা মতে মেক্সিকোৰ এই শুল্ক বৃদ্ধি ২০২৬ চনৰ পৰা কাৰ্যকৰী হ’ব । এই সিদ্ধান্তৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশসমূহৰ ভিতৰত আছে চীন, ভাৰত, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ইণ্ডোনেছিয়া । অহা বছৰৰ পৰা মেক্সিকোৱে এই সকলো দেশৰ পৰা অহা অটো পাৰ্টছ, টেক্সটাইল, ষ্টীল আৰু অন্যান্য সামগ্ৰীৰ ওপৰত ৫০% পৰ্যন্ত শুল্ক আৰোপ কৰিব । ছিনেটত গৃহীত প্ৰস্তাৱ অনুসৰি বহু সামগ্ৰীৰ শুল্ক ৩৫% লৈ বৃদ্ধি কৰা হৈছে । মেক্সিকান চেনেটে এই শুল্ক বৃদ্ধি বিধেয়কৰ সপক্ষে ৭৬টা ভোট দিয়াৰ বিপৰীতে ইয়াৰ বিৰোধিতাত ৫টা ভোট লাভ কৰে । ইয়াৰ বাহিৰেও ৩৫টা অনুপস্থিত ভোটেৰে গৃহীত হয় ।

দৰাচলতে আমেৰিকাৰ আদৰ্শ অনুসৰণ কৰি মেক্সিকোৱেও নিজৰ স্থানীয় উদ্যোগসমূহক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে শুল্ক বৃদ্ধিৰ এই পদক্ষেপ গ্ৰহণ কৰিছে । অৱশ্যে ইয়াৰ প্ৰভাৱৰ পৰিসৰ সময়েহে ক’ব।  ইফালে ব্যৱসায়িক গোষ্ঠীসমূহে এই শুল্ক বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মাইক্ৰ’ছফ্টৰ অধ্যক্ষ সত্য নাডেলাৰ, ভাৰতত ১৭.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ ঘোষণা

ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰাৰ সময়তে এখন বিমানে চাৰিচকীয়া বাহনত খুন্দা মাৰে । কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ পাইলটজনে ঘাইপথত অৱতৰণ কৰিবলৈ বাধ্য হয় ।

সোমবাৰে সন্ধিয়া আমেৰিকাৰ ফ্ল’ৰিডাৰ মেৰিট দ্বীপৰ সমীপৰ ব্যস্ত আই-৯৫ ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰি থকা অৱস্থাত এখন সৰু বিমানে চাৰিচকীয়া বাহনত খুন্দা মাৰে । কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ পাইলটজনে ঘাইপথত অৱতৰণ কৰিবলৈ বাধ্য হয় যদিও ট্ৰেফিকৰ মাজতে অৱতৰণ কৰাৰ সময়তে বিমানখনে এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে ।

বিমানখন আছিল বিচক্ৰাফ্ট ৫৫ মডেল, য’ত আছিল ২৭ বছৰীয়া পাইলট আৰু তেওঁৰ সতীৰ্থ । দুয়োগৰাকীৰ কোনোৱেই আহত হোৱা নাই । ফ্ল’ৰিডা হাইৱে পেট্ৰ’লৰ মতে, বিমানখনৰ হঠাতে দুয়োটা ইঞ্জিনৰ শক্তি হেৰুৱাই পেলোৱাৰ ফলত পাইলটে জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয় ।

ইফালে চাৰিচকীয়া বাহনখন চলাই থকা ৫৭ বছৰীয়া মহিলাগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ৫:৪৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । এই সংঘৰ্ষৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।

দুৰ্ঘটনাটোৰ ফলত ২০১ মাইল মাৰ্কাৰৰ সমীপত আই-৯৫ৰ দক্ষিণমুখী লেন সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । উদ্ধাৰ আৰু সাহায্যকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । কেইবাঘণ্টা ধৰি ঘাইপথটো বন্ধ হৈ থাকে আৰু পুৱা প্ৰায় ৯ বজাত পুনৰ মুকলি হয় ।

লগতে পঢ়ক : ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান

পাঁচদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আমেৰিকাৰ অবৰ সচিব এলিচন হুকাৰ


পুটিনৰ ভ্ৰমণৰ পিছতে ভাৰত পালেহি ট্ৰাম্পৰ দূত
বিদেশ সচিব বিক্রম মিস্ত্রীৰ সৈতে বৈঠকৰ সূচী এলিচন হুকাৰৰ

ভাৰত, ৰাছিয়া, আমেৰিকা- এই তিনি শক্তিধৰ ৰাষ্ট্রৰ মাজৰ ত্রিকোণীয়া সম্পর্ক ক্রমশঃ জটিল হৈ পৰিছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা, ভাৰত–পাক যুদ্ধ সন্দর্ভত বাৰে বাৰে মধ্যস্থতাৰে যুদ্ধৰ অৱসান ঘটোৱাৰ দাবী আৰু কঠোৰ অভিবাসী নীতিৰে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰি ভাৰতক বন্ধু ৰাষ্ট্র ৰাছিয়াৰ সৈতে সম্পর্কৰ বান্ধোন অধিক কটকটীয়া কৰি তুলিছে৷

যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুদিনীয়া ভ্রমণসূচীৰে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ভাৰত ভ্রমণ কৰি যোৱা কার্যই এইক্ষেত্রত বিশেষ তাৎপর্য বহন কৰিছে৷

পুটিনৰ ভাৰত ভ্রমণৰ পিছতে পাঁচদিনীয়া ভ্রমণসূচীৰে দেওবাৰে ভাৰতলৈ আহিছে আমেৰিকাৰ বিদেশ দপ্তৰৰ ৰাজনৈতিক বিষয়ৰ অবৰ সচিব এলিচন হুকাৰ

তেওঁ এই ভ্রমণ কালছোৱাত ভাৰতৰ বিভিন্ন উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব৷ মার্কিন দূতাৱাসৰ সূত্রৰ পৰা জানিব পৰা মতে, অহা বৃহস্পতিবাৰলৈকে ভাৰততে থাকিব এলিচন হুকাৰ ৷

দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিসহ একাধিক গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰিব তেওঁ৷ এই সময়ছোৱাতে তেওঁ বেংগালুৰুলৈও যোৱাৰ কথা ৷

বেংগালুৰু ভ্রমণকালতে তেওঁ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ কার্যালয়লৈও যাব৷ তেওঁ ভাৰতৰ বিদেশ সচিব বিক্রম মিস্ত্রীৰ সৈতে আলোচনাত মিলিত হ’ব ৷ কৃত্রিম বুদ্ধিমত্তা আৰু মহাকাশ গৱেষণাৰ ক্ষেত্রত দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিব৷

উল্লেখযোগ্য যে চলিত সপ্তাহতে আমেৰিকাৰ বাণিজ্য প্রতিনিধি ৰিক ছুইজাৰে ভাৰত ভ্রমণলৈ অহাৰ কথা আছে৷ সেই সময়তে ভাৰত-মার্কিন বাণিজ্য চুক্তি চূড়ান্ত হ’ব পাৰে ৷

১০–১২ ডিচেম্বৰ পর্যন্ত তিনি দিনৰ ভিতৰতে ভাৰত-মার্কিন বাণিজ্য চুক্তিৰ প্রথম স্তৰটো চূড়ান্ত কৰা হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ৷

ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান

ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান F-16C । বায়ুসেনাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে ।

আমেৰিকাৰ অন্যতম ঘাতক যুঁজাৰু বিমান এফ-১৬ কেলিফৰ্ণিয়াৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত হয় । অৱশ্যে যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বেই বায়ুসেনাৰ পাইলটজনে নিৰাপদে ওলাই আহবিলৈ সক্ষম হয় । সামৰিক বিষয়াসকলে জনোৱা মতে, কেলিফৰ্ণিয়াৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত হয় এফ-১৬ যুঁজাৰু বিমানখন । দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত এফ-১৬ বিমানখন দ্ৰুতগতিত নামি অহা আৰু তাৰ পিছত তলত পৰি যোৱাৰ লগে লগে অগ্নিবলয়লৈ পৰিণত হোৱা দেখা গৈছে । কিন্তু পাইলটজনে পেৰাচুট ব্যৱহাৰ কৰি বাহিৰলৈ ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ।

দক্ষিণ কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় এই যুদ্ধ বিমান । অৱশ্যে সময়মতে পাইলটে পেৰাচুটেৰে নিৰাপদ স্থানত অৱতৰণ কৰে । পাইলটগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও কোনো গুৰুতৰ আঘাতৰ সন্মুখীন হোৱা নাই ।

আমেৰিকাৰ বায়ুসেনাই এক বিবৃতিত জনোৱা মতে, পুৱা ১০:৪৫ বজাত প্ৰশিক্ষণ অভিযানৰ সময়ত এফ-১৬চি ফাইটিং ফেলকন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । লছ এঞ্জেলছৰ পৰা ১৮০ মাইল দূৰৰ মোজাভে মৰুভূমিত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ২০২২ চনত একেটা অঞ্চলতে নৌসেনাৰ এফ/এ-১৮ই ছুপাৰ হৰ্নেট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু পাইলটজনৰ মৃত্যু হৈছিল । বায়ুসেনাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ

ভাৰত-আমেৰিকাৰ মাজত ৯৩ মিলিয়ন ডলাৰৰ মেগা চুক্তি সম্পন্ন; লাভ কৰিব বিপদজনক মিছাইল

ভাৰত-আমেৰিকাৰ মাজত মেগা চুক্তি স্বাক্ষৰ

ভাৰতৰ বাবে ৯৩ মিলিয়ন ডলাৰৰ সামৰিক পেকেজত অনুমোদন জনাইছে আমেৰিকাই,ইয়াৰ পিছত ভাৰতে এতিয়া জেভেলিন এণ্টি টেংক মিছাইল আৰু এক্সকেলিবাৰ প্ৰিচিচন গাইডেড আৰ্টিলাৰী ৰাউণ্ডৰ নতুন চালান ক্ৰয় কৰিবলৈ সক্ষম হ’ব।

এই অনুমোদনৰ অধীনত ভাৰতে লাভ কৰিব ১০০টা FGM-148 জেভেলিন মিছাইল,২৫টা লাইট কমাণ্ড লঞ্চ ইউনিট আৰু ২১৬টা এক্সকেলিবাৰ আৰ্টিলাৰী ৰাউণ্ডৰ ব্যৱস্থা কৰা হ’ব।

প্ৰতিৰক্ষা নিৰাপত্তা সহযোগিতা সংস্থাই এই প্ৰস্তাৱৰ বিষয়ে আনুষ্ঠানিকভাৱে আমেৰিকাৰ কংগ্ৰেছক অৱগত কৰিছে।

সংস্থাটোৱে কয় যে এই চুক্তিৰ অধীনত ভাৰতে জীৱনচক্ৰৰ সহায়, সুৰক্ষা পৰিদৰ্শন,অপাৰেটৰ প্ৰশিক্ষণ, লঞ্চ ইউনিটৰ নৱীকৰণ আৰু সম্পূৰ্ণ কাৰ্য্যকৰী ক্ষমতাৰ বাবে প্ৰয়োজনীয় অন্যান্য কাৰিকৰী সহায়ও বিচৰা হৈছে।

ডি এছ চি এয়ে কয় যে, এই প্ৰতিৰক্ষা পেকেজে আমেৰিকা আৰু ভাৰতৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।

ইয়াৰ ফলত ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যতে উদীয়মান ভাবুকি প্ৰতিহত কৰাৰ ক্ষমতা বৃদ্ধি পাব।বিবৃতিটোত উল্লেখ কৰা হৈছে যে ভাৰতে এই অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলিসমূহ সামৰিক গাঁথনিত কোনো সমস্যা নোহোৱাকৈ সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ব।

প্ৰায় ৪৭ মিলিয়ন ডলাৰৰ এক্সকেলিবাৰ গাইডযুক্ত আৰ্টিলাৰী ৰাউণ্ড বিক্ৰীৰ বাবেও আমেৰিকাই অনুমোদন জনাইছে,যাৰ বাবে মুঠ মূল্য প্ৰায় ৯৩ মিলিয়ন ডলাৰ হৈছেগৈ।সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে এই চুক্তিয়ে আঞ্চলিক সামৰিক ভাৰসাম্যত কোনো প্ৰভাৱ পেলাব নোৱাৰে।

আমেৰিকা চৰকাৰেও কয় যে এই চুক্তিত এতিয়ালৈকে কোনো ধৰণৰ অফছেট চুক্তিৰ কোনো তথ্য নাই আৰু ভৱিষ্যতে ভাৰত আৰু অস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহৰ মাজত এনে এক চুক্তিৰ সিদ্ধান্ত ল’ব পৰা যাব।

লগতে পঢ়ক: পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ