পুনৰ আৰম্ভ হ’ল আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধ

পুনৰ আৰম্ভ হ’ল আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধ; ড্ৰেগনৰ ওপৰত এশ শতাংশ শুল্ক আৰোপ ট্ৰাম্পৰ

পুনৰ আৰম্ভ হ’ল আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধ পুনৰ আৰম্ভ হৈছে আমেৰিকা আৰু চীনৰ বাণিজ্য যুদ্ধ । আমেৰিকাৰ উদ্যোগসমূহৰ বাবে অত্যাৱশ্যকীয় দুৰ্লভ খনিজ পদাৰ্থৰ ৰপ্তানিত চীনে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । ইয়াৰ পিছতে এয়া চীনৰ আগ্ৰাসী স্থিতি বুলি অভিহিত কৰি ট্ৰাম্পে

পুনৰ আৰম্ভ হ’ল আমেৰিকা-চীনৰ বাণিজ্য যুদ্ধ

পুনৰ আৰম্ভ হৈছে আমেৰিকা আৰু চীনৰ বাণিজ্য যুদ্ধ । আমেৰিকাৰ উদ্যোগসমূহৰ বাবে অত্যাৱশ্যকীয় দুৰ্লভ খনিজ পদাৰ্থৰ ৰপ্তানিত চীনে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । ইয়াৰ পিছতে এয়া চীনৰ আগ্ৰাসী স্থিতি বুলি অভিহিত কৰি ট্ৰাম্পে এতিয়া চীনৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ লগে লগে দুয়োখন মহাশক্তিধৰ দেশৰ মাজত পুনৰ সূচনা হৈছে বাণিজ্য যুদ্ধৰ । ট্ৰাম্পে কয় যে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা আমেৰিকাই চীনৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত অতিৰিক্ত এশ শতাংশ শুল্ক আৰোপ কৰিব । এই শুল্ক ইতিমধ্যে আৰোপ কৰা শুল্কৰ ওপৰত থাকিব । ইয়াৰ উপৰিও আমেৰিকাই একেদিনাই সকলো গুৰুত্বপূৰ্ণ চফ্টৱেৰত ৰপ্তানি নিয়ন্ত্ৰণো আৰোপ কৰিব ।

ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এক পোষ্টযোগে এই নতুন শুল্ক আৰোপৰ কথা ঘোষণা কৰে । তেওঁ লিখিছে যে ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা (বা তাৰ আগৰ পৰা চীনৰ যিকোনো নতুন পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰি) আমেৰিকাই চীনৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত এশ শতাংশ শুল্ক আৰোপ কৰিব, যি বৰ্তমান পৰিশোধ হোৱা যিকোনো শুল্কৰ ওপৰত হ’ব ।

ট্ৰাম্পৰ মতে, চীনৰ এই কাৰ্যত আমেৰিকাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, সকলো জটিল চফ্টৱেৰৰ ওপৰত অতিৰিক্ত শুল্ক ঘোষণা কৰিছে । ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে এই পদক্ষেপ কেৱল আমেৰিকাৰ স্বাৰ্থৰ বাবেহে আৰু আন দেশ সম্পৰ্কীয় সিদ্ধান্ত পৃথকে পৃথকে লোৱা হ’ব ।

বিশেষজ্ঞসকলৰ মতে চীনৰ পৰা আমেৰিকালৈ আমদানি কৰা প্ৰায় প্ৰতিটো সামগ্ৰীৰ ওপৰত ইতিমধ্যে গধুৰ শুল্ক আৰোপ কৰা হৈছে । বৰ্তমান গড় কাৰ্যকৰী শুল্কৰ হাৰ প্ৰায় ৪০%, য’ত ষ্টীল আৰু এলুমিনিয়ামৰ ওপৰত ৫০% আৰু গ্ৰাহক সামগ্ৰীৰ ওপৰত ৭.৫% পৰ্যন্ত শুল্ক অন্তৰ্ভূক্ত আছে ।

ইয়াৰ পূৰ্বে ট্ৰাম্পে দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎৰ কথা নুই কৰে আৰু এতিয়া এনে বৈঠকৰ কোনো কাৰণ দেখা নাই বুলি উল্লেখ কৰিছিল । তেওঁ লগতে সকীয়াই দিয়ে যে যদি চীনে ৰেয়াৰ আৰ্থৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰাখে তেন্তে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

চীনৰ বাণিজ্য মন্ত্ৰালয়ে কয় যে এই নতুন নিষেধাজ্ঞাসমূহ ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক সুৰক্ষিত কৰাৰ লগতে চীনৰ পৰা উৎপাদিত বা প্ৰক্ৰিয়াকৰণ কৰা ৰেয়াৰ আৰ্থ বা ইয়াৰ আনুষংগিক প্ৰযুক্তিৰ সামৰিক বাহিনীৰ দৰে স্পৰ্শকাতৰ অঞ্চলত ব্যৱহাৰ ৰোধ কৰা হৈছে । ইয়াত কোৱা হৈছে যে কিছুমান অচিনাক্ত বিদেশী সংস্থা আৰু ব্যক্তিয়ে চীনৰ পৰা ৰেয়াৰ আৰ্থৰ উপাদান আৰু প্ৰযুক্তিসমূহ সামৰিক বা অন্যান্য স্পৰ্শকাতৰ ব্যৱহাৰৰ বাবে বিদেশী দেশলৈ স্থানান্তৰিত কৰি ইয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যথেষ্ট ক্ষতি কৰিছে ।

লগতে পঢ়ক : ‘মই হে প্ৰকৃত দাবীদাৰ’; শান্তিৰ ন’বেল বঁটা নোপোৱাক লৈ ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়া