বাংলাদেশী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি হত্যাৰ বলি অসমৰ যুৱক

প্ৰথমে চিনাকী তাৰ পিছত বাংলাদেশী যুৱতীৰ সৈতে প্ৰেম কৰাই কাল হ’ল অসমৰৰ আমিৰ আলীৰ।

পুনৰ বহি: ৰাজ্যত অসমৰ যুৱক হত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।চেন্নাইত প্ৰায় দহ বছৰ ধৰি ঠিকাদাৰ কামত জড়িত আছিল গোসাঁইগাঁৱৰ তুলসীবিল আৰক্ষী চকীৰ হাৰভাঙা গাঁৱৰ আমিৰ আলী।কিছুদিন পূৰ্বে চেন্নাইৰ এখন চিকিৎসালয়ত আমিৰ আলীৰ লগত চিনাকী হৈছিল বাংলাদেশৰ ৰাহিমা খাতুনৰ।চিকিৎসাৰ বাবে বাংলাদেশৰ পৰা চেন্নাইলৈ আহিছিল ৰাহিমা খাতুন।

প্ৰথমে চিনাকী তাৰ পিছত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু বাংলাদেশী ৰাহিমা খাতুনৰ ভিচাৰ ম্যাদ উকলি যোৱাত কলিকতাৰ গোপন স্থানত আত্মগোপন কৰে। প্ৰায় পোন্ধৰ দিন পূৰ্বে যুৱতী গৰাকী চেন্নাইলৈ গৈ আমিৰ হুছেইনক সাক্ষাৎ কৰি তেওঁৰ ভাড়া ঘৰতে থাকে। কিন্তু দুয়ো একেলগে থকা অৱস্থাত ৫ জুনত প্ৰেমিকা ৰাহিমা খাতুন আন দুজনৰ সহযোগত আমিৰ হুছেইনক কাটি টুকুৰা টুকুৰ কৰি এটা টলি বেগত ভৰাই পেলাই দিয়ে।

যোৱা ২ জুনত আমিৰ আলীৰ মাতৃৰ লগত অন্তিম কথা হৈছিল। তাৰ পিছৰে পৰাই কোনো খবৰ নাছিল আমিৰ আলীৰ।চেন্নাই আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। আৰু তদন্তৰ অন্তত ৰাহিমা খাতুনৰ লগতে আন দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চেন্নাই আৰক্ষীয়ে তদন্ত কৰি মঙলবাৰে গোসাঁইগাঁৱৰ হাৰ ভঙাত থকা আমিৰ আলীৰ পৰিয়ালক অৱগত কৰে ।   

লগতে পঢ়ক: মিছাইলৰ শব্দত কঁপিছে মধ্যপ্ৰাচ্য; হৰমুজৰ সমিপৰ ইৰাণী ঘাটিত আমেৰিকাৰ মিছাইল নিক্ষেপ

অসমত উপস্থিত ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধি দল; মুখ্যমন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

হাৰ্ভে ডেলফিনৰ নেতৃত্বত ইউৰোপীয় সংঘৰ এটা প্ৰতিনিধি দলে ৰাজ্য চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে আলোচনাৰ বাবে অসম ভ্ৰমণলৈ আহিছে।

অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰা আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত বিনিয়োগৰ সুযোগসমূহ অন্বেষণ কৰাৰ উদ্দেশ্যেৰে হাৰ্ভে ডেলফিনৰ নেতৃত্বত ইউৰোপীয় ইউনিয়নৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল ৮ জুনত দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয়।

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি ডেলফিনে অসমৰ প্ৰতি প্ৰশংসা ব্যক্ত কৰে আৰু এই ভ্ৰমণকালত হ’বলগীয়া ধাৰাবাহিক কাৰ্যসূচীবোৰৰ বাবে তেওঁ আগ্ৰহী বুলি প্ৰকাশ কৰে। ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, ‘গেটৱে’ টু গুডনেছ’ । মই সঁচাকৈয়ে এই ঠাইখন ভাল পাইছোঁ। মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া বৈঠকসমূহৰ বাবে মই আশাৰে বাট চাই আছোঁ।”

এই “টিম ইউৰোপ” প্ৰতিনিধি দলটোত ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰদূত আৰু জ্যেষ্ঠ প্ৰতিনিধিসকলৰ লগতে ইউৰোপৰ ব্যৱসায়িক নেতাসকলোও অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ইউৰোপীয় ইউনিয়ন আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহ ক্ৰমে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ মাজত সহযোগিতা বৃদ্ধি কৰা।

ইউৰোপীয় ইউনিয়নৰ মতে, এই ভ্ৰমণৰ সময়ত হ’বলগীয়া আলোচনাসমূহত ইউৰোপ আৰু উত্তৰ-পূবৰ মাজত সহযোগিতাৰ প্ৰবল সম্ভাৱনা থকা খণ্ডসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, যাৰ ভিতৰত আছে নৱীকৰণযোগ্য আৰু সেউজ শক্তি, বহনক্ষম নগৰীয়া আন্তঃগাঁথনি, স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেলচ, ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক্স উৎপাদন, চাহ আৰু কৃষি-খাদ্য সংসাধন, সোৱাদ আৰু সুগন্ধি আৰু আয়ুস।

প্ৰতিনিধি দলটোৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত হোৱাৰ বিপৰীতে ‘ফেডাৰেচন অৱ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া’ৰ নেতৃত্বত অহা এটা ব্যৱসায়িক প্ৰতিনিধি দলে বাণিজ্য আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি

আগন্তুক ২-৩দিনলৈ ৰাজ্যত হ’ব মূষলধাৰ বৰষুণ; বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী

আগন্তুক তিনিদিনলৈ ৰাজ্যজুৰি ধুমুহা, বজ্ৰপাত আৰু প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে জাননী জাৰী কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)এ ৫ জুনত জাৰি কৰা এটা পূৰ্বানুমান অনুসৰি, অহা দুই-তিনিদিনত গুৱাহাটীকে ধৰি অসমৰ কেইবাটাও অংশত ধুমুহা-বৰষুণ, বজ্ৰপাত, ধাৰাসাৰৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰটোৱে জনোৱা মতে, এই সময়ছোৱাত গুৱাহাটীসহ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বজ্ৰপাতৰ লগতে ধুমুহা আৰু বৰষুণ হোৱাৰ সম্ভাৱনা অতি প্ৰবল।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ASDMA)ই জনোৱা মতে, জিলা প্ৰশাসন আৰু জৰুৰীকালীন সঁহাৰি সংস্থাসমূহে পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে। লগতে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহায্য আৰু উদ্ধাৰকাৰী ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে।

জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই ASDMAই সকলোকে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন আৰু ধাৰাসাৰ বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিছে। দৈনিক যাতায়াত কৰা লোক আৰু দূৰণিবটীয়াত যাত্ৰা কৰা যাত্ৰীসকলক বতৰৰ অৱস্থাই বাট-পথৰ যাতায়াত ব্যাহত কৰিব পৰাৰ সম্ভাৱনাক লক্ষ্য ৰাখিহে যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে।

ASDMAই জনাইছে যে বতৰৰ শেহতীয়া তথ্য আৰু পৰামৰ্শাৱলী তেওঁলোকৰ চৰকাৰী ৱেবছাইট আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে নিয়মীয়াকৈ শ্বেয়াৰ কৰা হ’ব।

লগতে পঢ়ক: ছয় মাইলত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৰেষ্টুৰেণ্ট

সমগ্ৰ অসমতে কাৰ্যকৰী হ’ব ‘চেল ব্ৰডকাষ্ট চিষ্টেম’; দুৰ্যোগৰ মুহূৰ্ততে মোবাইলত বাজিব সতৰ্কঘণ্টা

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ঘোষণা কৰিছে যে দুৰ্যোগৰ সময়ত নাগৰিকসকলক মুহূৰ্তৰ ভিতৰতে জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰিবলৈ সমগ্ৰ ৰাজ্যতে Cell Broadcast System কাৰ্যকৰী কৰা হ’ব

অসম চৰকাৰে ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (ASDMA) আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে দুৰ্যোগৰ সময়ত নাগৰিকসকলক মুহূৰ্তৰ ভিতৰতে জৰুৰীকালীন সতৰ্কবাণী প্ৰদান কৰিবলৈ সমগ্ৰ ৰাজ্যতে ‘চেল ব্ৰডকাষ্ট চিষ্টেম‘ (Cell Broadcast System – CBS) কাৰ্যকৰী কৰা হ’ব ।

কেন্দ্ৰীয় চৰকাৰৰ দূৰসংযোগ বিভাগ, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যৌথ সহযোগত এই অত্যাধুনিক প্ৰযুক্তি বিকশিত কৰা হৈছে । এই ব্যৱস্থাৰ জৰিয়তে কৰ্তৃপক্ষই কোনো এটা নিৰ্দিষ্ট বিপদসংকুল এলেকাৰ ভিতৰত থকা আটাইবোৰ মোবাইল ফোনলৈ একেলগে ভৌগোলিকভাৱে লক্ষ্য নিৰ্ধাৰিত (Geo-targeted) জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰিব পাৰিব । উল্লেখ্য যে, যোৱা মে’ মাহত আৰম্ভ হোৱা এক দেশজোৰা পাইলট প্ৰকল্পৰ অধীনত অসমত ইয়াৰ সফল পৰীক্ষণ সম্পন্ন হৈছে আৰু আন কেইবাখনো ৰাজ্যত ই ইতিমধ্যে কাৰ্যকৰী প্ৰমাণিত হৈছে । বৰ্তমান পৰীক্ষণৰ পৰ্যায় শেষ হোৱাৰ বাবে ASDMA-ই ইয়াক সমগ্ৰ ৰাজ্যতে সম্পূৰ্ণৰূপে প্ৰয়োগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

কেনেকৈ কাম কৰিব চেল ব্ৰডকাষ্ট চিষ্টেমে ?

এই ব্যৱস্থাটো সাধাৰণ SMS সেৱাতকৈ সম্পূৰ্ণ পৃথক আৰু জৰুৰীকালীন অৱস্থাত অত্যন্ত ফলপ্ৰসূ। ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল :

তাত্ক্ষণিক পপ-আপ বাৰ্তা আৰু উচ্চ শব্দ : দুৰ্যোগৰ সতৰ্কবাণীসমূহ মোবাইল স্ক্ৰীণত পপ-আপ বাৰ্তা হিচাপে দেখা দিব । ইয়াৰ লগতে এক সুকীয়া ধৰণৰ উচ্চ শব্দৰ এলাৰ্ট টোন বাজিব আৰু ফোনটো ভাইব্ৰেট হ’ব, যাতে মানুহে লগে লগে মনোযোগ দিয়ে ।

নেটৱৰ্ক জ্যাম হ’লেও কাম কৰিব : উৎসৱ-পাৰ্বন বা দুৰ্যোগৰ সময়ত প্ৰায়ে মোবাইল নেটৱৰ্ক জ্যাম হৈ পৰে । কিন্তু চেল ব্ৰডকাষ্ট চিষ্টেমে নেটৱৰ্ক জ্যাম থকা অৱস্থাতো কোনো বাধা নোহোৱাকৈ কাম কৰিব পাৰে ।

সকলোৰে বাবে সমানে উপযোগী : এই ব্যৱস্থাই সেই নিৰ্দিষ্ট এলেকাটোত থকা প্ৰতিজন মোবাইল ব্যৱহাৰকাৰীৰ ওচৰলৈ বাৰ্তা কঢ়িয়াই নিব- তেওঁ স্থানীয় বাসিন্দাই হওক বা কোনো পৰ্যটক বা দৰ্শনাৰ্থীয়েই হওক ।

বহুভাষিক আৰু সকলো নেটৱৰ্কত উপলব্ধ : এই ব্যৱস্থাই অসমীয়াৰ লগতে একাধিক ভাষা সমৰ্থন কৰে আৰু পুৰণি 2G, 3G-ৰ পৰা আৰম্ভ কৰি আধুনিক 4G আৰু 5G সকলো মোবাইল নেটৱৰ্কতে ই সক্ৰিয় হৈ থাকিব ।

কোনবোৰ দুৰ্যোগৰ ক্ষেত্ৰত সতৰ্কবাণী পোৱা যাব ?

ASDMA-ৰ বিষয়াসকলে জনোৱা মতে, এই চিষ্টেমৰ জৰিয়তে ৰাইজক আসন্ন বিপদৰ বিষয়ে আগতীয়াকৈ সজাগ কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰধানকৈ :

-ধুমুহা আৰু প্ৰবল বৰষুণ

-বজ্ৰপাত আৰু ঘূৰ্ণীবতাহ

-বানপানী আৰু হঠাতে অহা বানপানী

উপকৃত হ’ব দুৰ্গম অঞ্চলৰ লোক আৰু জ্যেষ্ঠ নাগৰিকসকল

বিভাগীয় বিষয়াসকলে প্ৰকাশ কৰা মতে, এই প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ জৰিয়তে সমাজৰ আটাইতকৈ স্পৰ্শকাতৰ শ্ৰেণী, যেনে- বয়স্ক নাগৰিক আৰু দুৰ্গম তথা ৰিম’ট অঞ্চলত বসবাস কৰা লোকসকলক অতি সোনকালে বিপদৰ বাৰ্তা দিব পৰা যাব ।

প্ৰকৃতিৰ তাণ্ডৱৰ সৈতে বছৰি যুঁজি থকা অসমৰ দৰে ৰাজ্য এখনৰ বাবে এই ডিজিটেল আগতীয়া সতৰ্কবাণী ব্যৱস্থা এক ডাঙৰ আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব। ইয়াৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ বহুখিনি হ্ৰাস পাব আৰু প্ৰশাসন তথা জনসাধাৰণে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত সময় পাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ উন্নয়নৰ বাবে বিচাৰিলে মাৰ্গদৰ্শন

অসমত প্ৰতিষ্ঠানিক প্ৰসৱ আৰু দক্ষ স্বাস্থ্যসেৱা বৃদ্ধি: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ এই ইতিবাচক প্ৰগতিৰ দিশটো ডাঙৰকৈ দাঙি ধৰে

ৰাজ্যৰ মাতৃ আৰু শিশু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক উল্লেখনীয় অগ্ৰগতিৰ খবৰ পোহৰলৈ আহিছে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ এই ইতিবাচক প্ৰগতিৰ দিশটো ডাঙৰকৈ দাঙি ধৰে । তেওঁ উল্লেখ কৰে যে বৰ্তমান অসমত প্ৰতি দহটা শিশুৰ জন্মৰ ভিতৰত প্ৰায় নটা জন্মই দক্ষ স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত সম্পন্ন হৈছে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ (পূৰ্বৰ টুইটাৰ) যোগে এই গুৰুত্বপূৰ্ণ সাফল্যৰ পৰিসংখ্যা শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত বৰ্তমান ৮৭.৬ শতাংশ প্ৰসৱ চৰকাৰী তথা ব্যক্তিগত স্বাস্থ্যসেৱা প্ৰতিষ্ঠান (চিকিৎসালয়)সমূহত হয় । আনহাতে, ৯০.৭ শতাংশ প্ৰসৱ দক্ষ স্বাস্থ্যকৰ্মীৰ প্ৰত্যক্ষ তত্ত্বাৱধানত সম্পন্ন হয় । মুখ্যমন্ত্রী ড০ শৰ্মাৰ মতে, এই পৰিসংখ্যাই ৰাজ্যখনৰ চৰকাৰী স্বাস্থ্যসেৱা ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ বৰ্ধিত আস্থা আৰু বিশ্বাসকে প্ৰতিফলিত কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এটা শক্তিশালী স্বাস্থ্যসেৱা ব্যৱস্থাৰ আচল প্ৰমাণ মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰত পোৱা যায় । ৰাজ্যখনত বিগত সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পোৱা স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, গ্ৰাম্য আৰু চহৰীয়া অঞ্চলত চিকিৎসকৰ সহজলভ্যতা, মাতৃ আৰু নৱজাতকৰ উন্নত যত্ন সেৱা, আৰু মাতৃ তথা শিশু মৃত্যুৰ হাৰ (MMR and IMR) হ্ৰাস কৰাৰ বাবে চলোৱা ধাৰাবাহিক প্ৰচেষ্টাৰ বাবেই এই উন্নতি সম্ভৱ হৈ উঠিছে ।

অসমজুৰি অধিক চিকিৎসালয় আৰু আধুনিক স্বাস্থ্যসেৱা কেন্দ্ৰ স্থাপনৰ জৰিয়তে গুণগত চিকিৎসা সেৱাৰ সুবিধা সাধাৰণ ৰাইজৰ ওচৰ চপাই নিয়াত চৰকাৰে বিশেষ সফলতা লাভ কৰিছে বুলিও তেওঁ কয় । এই পৰিসংখ্যাই ৰাজ্যজুৰি মাতৃ আৰু নৱজাতকৰ বাবে সুৰক্ষিত প্ৰসৱ আৰু উন্নত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক পুনৰ প্ৰমাণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

লগতে পঢ়ক : অসমক দেশৰ ‘স্পৰ্টচ হাব’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য: কেন্দ্ৰৰ সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ঐতিহাসিক সিদ্ধান্ত; বিধানসভাত গৃহীত হ’ল UCC

বহু বাক-বিতণ্ডাৰ অন্তত বিধানসভাত গৃহীত হ’ল UCC। গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থনত গৃহীত হ’ল বিধেয়কখন। ধ্বনি ভোটত গৃহীত সমৰূপ নাগৰিক সংহিতা। UCC বলৱৎ হোৱা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ’ল অসম। 

এক ঐতিহাসীক সিদ্ধান্ত সাক্ষী হৈ ৰ’ল অসমবাসী। কাৰণ আজি সদনত গৃহীত হ’ল UCC।শাসক-বিৰোধীৰ বাক-বিতণ্ডা অন্ত পেলাই ধ্বনি ভোটত গৃহীত UCC বিধেয়ক। উত্তৰাখণ্ড, গুজৰাটৰ পিছত UCC গৃহীত হোৱা দেশৰ তৃতীয় ৰাজ্যত পৰিণত হ’ল অসম।সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে বিধানসভাত গৃহীত হ’ল ঐতিহাসিক আইন।

কংগ্ৰেছে UCC বিধেয়কৰ ৭টা সংশোধনীৰ প্ৰস্তাৱ আনিছিল, ৰাইজৰ দলে ১৭টা আৰু TMCএ আনিছিল দুটা সংশোধনী। বিৰোধীয়ে UCC বিধেয়কখন ছিলেক্ট কমিটীলৈ বিধেয়কখন প্ৰেৰণৰ দাবী কৰিছিল কিন্তু বিৰোধীৰ দাবী অগ্ৰাহ্য কৰে বিধানসভাৰ অধ্যক্ষই।

এই UCC গৃহীত হোৱাৰ লগে লগে লাভ জেহাদ, লিভ-ইন ৰিলেশ্যনশ্বিপক আৰু বহু বিবাহক লৈ আহি গ’ল কঠোৰ নিয়ম। UCC গৃহীত হ’লে উপকৃত হ’ব সমাজৰ মহিলা।  মহিলাৰ সন্মান আৰু সুৰক্ষাক দিয়া হ’ব অগ্ৰাধিকাৰ।

লগতে পঢ়ক: “UCC-এ মানুহৰ ব্যক্তিগত জীৱনৰ ‘চোৰাংচোৱাগিৰি’ৰ অনুমতি দিবঃঅখিল গগৈ

‘UCCৰ পৰা মুছলমান সমাজক বাদ দিয়ক’; বিধায়ক মজিবুৰ ৰহমান

বিধানসভাত UCC বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে ডাঙৰ মন্তব্য কৰিছে।

আজি ষষ্ঠদশ বিধানসভা অধিৱেশনৰ অন্তিম দিন। আজি UCC বিধেয়ক সন্দৰ্ভত উত্তপ্ত হৈ পৰে সদন। UCC বিধেয়কক লৈ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে এক ডাঙৰ মন্তব্য কৰিছে। সদনৰ মজিয়াৰ পৰা বিধায়ক গৰাকীয়ে কৈছে যে, “UCC আইন প্ৰৱৰ্তন কৰি আমাৰ ধৰ্মীয় অনুভূতি বা মুছলমান সমাজৰ চেণ্টিমেণ্টত কোনো ধৰণৰ আঘাত নকৰিব।”

“মই ভাবো এই UCC খন সকলোৰে সমতাৰ বাবে আনিব বিচাৰিছে ইয়াত এটা জাতি-জনগোষ্ঠীক বাদ দিয়া হৈছে। কিন্তু মই এটা অনুৰোধ কৰিব বিচাৰো যে যেনেকৈ ST ক ইয়াৰ পৰা বাদ দিয়া হৈছে। আপোনালোকে দয়া কৰি তেনেকৈ আমাৰ ইছলাম ধৰ্মৰ জাতিটোক ইয়াৰ পৰা বাদ দি ৰাখক। আপোনালোকে যি আইন-কানুন বনায় বনাই থাকক। কিন্তু আমাৰ যি ধৰ্মীয় অনুভুতি, আমাৰ যি সম্পত্তিৰ অধিকাৰক আঘাত কৰিব নালাগে বুলিও বিধায়ক গৰাকীয়ে সদৰি কৰে।

লগতে পঢ়ক: “তৃণমূল কংগ্ৰেছৰ ২০ সাংসদ বিজেপিত যোগদান কৰিবলৈ সাজু”; সাংসদ সৌমিত্ৰ খানৰ বিস্ফোৰক মন্তব্য

“অহা ৫ বছৰত বিদেশীমুক্ত অসম গঢ়াই চৰকাৰৰ লক্ষ্য”;মুখ্যমন্ত্ৰী

অসম বিধানসভাৰ মজিয়াৰ পৰা বিদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ। অবা ৫ বছৰত বিদেশীমুক্ত অসম হ’ব বুলি উল্লেখ কৰে।

সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদেশীমুক্ত অসম গঢ়া সন্দৰ্ভত মন্তব্য কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিকাশ আৰু সুৰক্ষাৰ বাবে অসমৰ ৰাইজে NDA ক জয়ী কৰিলে। খিলঞ্জীয়াৰ সুৰক্ষা বাবে NDA সদায় বদ্ধপৰিকৰ। অহা ৫ বছৰত বিজেশী মুক্ত অসম গঢ়া চৰকাৰৰ মূল লক্ষ্য। অসমৰ অনুপ্ৰৱেশৰ পৰা মুক্ত কৰিবলৈ বদ্ধপৰিকৰ চৰকাৰ। অসমত থকা বিদেশীক ওভতাই পঠিয়াবলৈ চৰকাৰে উচিত ব্যৱস্থা ল’ব।

মুখ্যমন্ত্ৰী গাৰকীয়ে UCC ৰ কথা উল্লেখ কৰি কয় যে, সংখ্যালঘু মহিলাক সুৰক্ষীত কৰিবৰ বাবে UCC আনিছো। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলো আমাক যদি ৰখাব পাৰে ৰখাই লওঁক। নিৰ্বাচনত জয়ী হ’লেই আমি প্ৰথম অধিৱেশনতে UCC আনিম। সেয়ে জয়ৰ পাছতেই বিধানসবাত UCC উত্থাপন কৰিলো। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC বলব কৰা তৃতীয় ৰাজ্য হ’ব অসম।

সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম। এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম। ১০ লাখ উদ্যোগী যুৱ প্ৰজন্মক আমি সৃষ্টি কৰিম। যি যুৱ প্ৰজন্মই আন ১০ জনক কৰ্মসংস্থাপন দিব।

পূৰ্বৰ কংগ্ৰেছক তুলাধুনা দি  মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ  কাৰ্যকালত কোনো ৰাজহ নাছিল বুলি দাবী কৰি চৰকাৰী কৰ্মচাৰীৰ এটা সময়ত ছমাহৰ দৰমহা দিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত কয় যে, অহা ৫ বছৰত অসমৰ দৰিদ্ৰতা সীমা ৰেখা ২-৩ শতাংশ লৈ হ্ৰাস পাব। বিগত ১০ বছৰত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা সম্পূৰ্ণ কমিছে।

১২৬ আসনৰ ১০২খন আসন লাভ কৰাটো আমাৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ। প্ৰথমবাৰৰ বাবে এক কোটি ভোট NDAই লাভ কৰিছে। নতুনকৈ ১৫ লাখ লোকে আমাৰ ওপৰত আস্থা পোষণ কৰিছে বুলিও সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

লগতে পঢ়ক: ‘কোৰবানিৰ পৰা বিৰত থকা সকলক ধন্যবাদ ’; সদনৰ পৰাই মুখ্যমন্ত্ৰীৰ আহ্বান

গুৱাহাটীত ভূটানৰ প্ৰধানমন্ত্ৰী: ৰঙা দলিচা পাৰি ভব্য আদৰণি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ

মহানগৰীত উপস্থিত হোৱাৰ লগে লগেই ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰঙা দলিচা পাৰি এক ভব্য আদৰণি জনোৱা হয়

আঞ্চলিক কূটনীতি আৰু চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সুপৰম্পৰাক এক নতুন মাত্ৰা প্ৰদান কৰি ভূটানৰ প্ৰধানমন্ত্ৰী দাশো শ্বেৰিং তোবগায় সোমবাৰে গুৱাহাটীত উপস্থিত হয় । মহানগৰীত উপস্থিত হোৱাৰ লগে লগেই ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰঙা দলিচা পাৰি এক ভব্য আদৰণি জনোৱা হয় । গুৱাহাটী বিমানবন্দৰত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সশ্ৰদ্ধৰে বিশিষ্ট অতিথিজনক আদৰণি জনায় । আনুষ্ঠানিক প্ৰট’কল আৰু পাৰস্পৰিক আন্তৰিকতাৰে পৰিপূৰ্ণ এই হাই-প্ৰফাইল আদৰণিয়ে ভাৰত আৰু চুবুৰীয়া হিমালয়ৰ দেশখনৰ মাজত থকা গভীৰ সম্পৰ্ক আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰবাৰ প্ৰতিষ্ঠা কৰিছে ।

ৰাজ্যিক অতিথি শালাত আনুষ্ঠানিক অভ্যৰ্থনা-

বিমানবন্দৰৰ প্ৰাৰম্ভিক আদৰণি অনুষ্ঠানৰ অন্তত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকী পোনপটীয়াভাৱে মহানগৰীৰ কইনাধৰাস্থিত এক নম্বৰ ৰাজ্যিক অতিথি শালালৈ ৰাওনা হয় । তাত ৰাজ্য চৰকাৰৰ হৈ কেবিনেট মন্ত্ৰী অতুল বৰাই তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনায় । এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি নিজকে গৌৰৱান্বিত অনুভৱ কৰাৰ কথা ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত শ্বেয়াৰ কৰি মন্ত্ৰী বৰাই কয়, “গুৱাহাটীৰ কইনাধৰাস্থিত এক নম্বৰ ৰাজ্যিক অতিথি শালাত ভূটানৰ মাননীয় প্ৰধানমন্ত্ৰী, মহামহিম দাশো শ্বেৰিং তোবগায়ক উষ্ম আৰু আন্তৰিক আদৰণি জনাবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ ।”

দ্বিপাক্ষিক উন্নয়ন আৰু যুগমীয়া সম্পৰ্কৰ প্ৰতিশ্ৰুতি-

এই উচ্চস্তৰীয় ভ্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই আশা প্ৰকাশ কৰে যে এই চৰকাৰী ভ্ৰমণে অসম আৰু ভূটানৰ মাজত দ্বিপাক্ষিক উন্নয়ন, অংশীদাৰিত্ব আৰু ঐতিহ্য বিনিময়ৰ এক নতুন সুযোগ মুকলি কৰিব । তেওঁ জোৰ দি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য প্ৰশাসনে স্থানীয় অংশীদাৰিত্ব, অংশীদাৰী মূল্যবোধ আৰু পাৰস্পৰিক উন্নয়নৰ সংকল্পৰে হিমালয়ৰ ৰাজ্যখনৰ সৈতে নিজৰ পৰম্পৰাগত মিত্ৰতা আৰু সৌহাৰ্দ্যপূৰ্ণ চুবুৰীয়া সম্পৰ্ক সুদৃঢ় কৰিবলৈ সদায় উৎসৰ্গিত ।

দুয়োটা অঞ্চলক একেলগে বান্ধি ৰখা ঐতিহাসিক সংযোগৰ কথা সোঁৱৰাই মন্ত্ৰীগৰাকীয়ে লগতে কয় :

“অসম আৰু ভূটানৰ মাজত পাৰস্পৰিক বিশ্বাস, সম্প্ৰীতি আৰু গভীৰ আৰ্থ-সাংস্কৃতিক সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত এক যুগমীয়া সম্পৰ্ক আছে । আমাৰ এই সুদৃঢ় বন্ধুত্ব প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ঘনিষ্ঠ জনসাধাৰণৰ মাজৰ সংযোগ, অংশীদাৰী পৰম্পৰা আৰু বিভিন্ন ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগিতাৰ জৰিয়তে অধিক শক্তিশালী হৈ উঠিছে । মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভূটানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে এই বিশেষ সম্পৰ্কক অধিক গভীৰ কৰাৰ লগতে আমাৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থত সদিচ্ছা, সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ নতুন দিগন্তৰ সূচনা কৰিব ।”

কটকটীয়া নিৰাপত্তা ব্যৱস্থা-

ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণসূচী যাতে সম্পূৰ্ণ সুশৃংখল আৰু সুৰক্ষিত পৰিৱেশত সম্পন্ন হয়, তাৰ বাবে ৰাজ্যিক প্ৰশাসন আৰু নিৰাপত্তা বাহিনীয়ে ব্যাপক প্ৰস্তুতি চলাইছে । মন্ত্ৰী পৰ্যায়ৰ এই আদৰণি অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (DGP) হৰমীত সিং আৰু সাধাৰণ প্ৰশাসন বিভাগৰ সচিব নৰসিং পাৱাৰকে ধৰি ৰাজ্যিক প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ উচ্চপদস্থ বিষয়া উপস্থিত থাকি সমগ্ৰ ব্যৱস্থাৰ তদাৰক কৰে ।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, ভূটানৰ প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণে অনাগত দিনত বাণিজ্য, পৰ্যটন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত দুয়োখন দেশৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব ।

লগতে পঢ়ক : ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী, শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কঠোৰ গাইডলাইন