অসমত বানৰ কালৰূপ: প্ৰভাৱিত ৪৭ হাজাৰ লোকৰ হাহাকাৰ

নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে

ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি অতি সংকটজনক হৈ পৰিছে । ক্ৰমাৎ বাঢ়ি অহা নদীৰ পানীয়ে নতুন নতুন গাঁও প্লাৱিত কৰাৰ ফলত ৰাজ্যৰ ৬খন জিলাৰ প্ৰায় ৪৭,০০০ লোক বৰ্তমান বানৰ কবলত পৰিছে । ইফালে, চলিত বৰ্ষৰ বানৰ বতৰত প্ৰথমটো কৰুণ মৃত্যুৰ ঘটনাও পোহৰলৈ আহিছে ।

ধেমাজিত প্ৰথমটো মৃত্যু, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ-ৰ শেহতীয়া বুলেটিন অনুসৰি, ধেমাজি জিলাৰ চিচিবৰগাঁৱত বানপানীত উটি গৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে । চলিত বৰ্ষৰ বানত এয়া প্ৰথমটো মৃত্যুৰ ঘটনা ।

বৰ্তমান সময়ত ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ ১০ টা ৰাজহ চক্ৰৰ ২২১ খন গাঁৱৰ মোট ৪৬,৯৩৮ জন লোক বানৰ কবলত পৰিছে । ইয়াৰে ভিতৰত কেৱল ধেমাজি জিলাতেই ৪৫,৮৪১ জন লোক প্ৰভাৱিত হৈছে, যাৰ ফলত জিলাখনৰ পৰিস্থিতি আটাইতকৈ ভয়াৱহ হৈ পৰিছে ।

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু দিচাং

নদীসমূহৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি পোৱাত আতংকৰ সৃষ্টি হৈছে । নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদী আৰু নাংলামুৰাঘাটত দিচাং নদী বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈ আছে । বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত দিনত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে, যাৰ ফলত বান পৰিস্থিতি আৰু অধিক শোচনীয় হোৱাৰ আশংকা কৰা হৈছে ।

ইফালে ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যম এক্স-ত এটা পোষ্ট কৰি তেওঁ কয় :

“বানৰ সঁহাৰি জনোৱাৰ ক্ষেত্ৰত আমি কোনো ত্ৰুটি কৰা নাই । মই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছোঁ, আনহাতে মোৰ কেবিনেট সতীৰ্থসকলে সাহায্য অভিযান, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু সময়মতে সহায় নিশ্চিত কৰাৰ বাবে যুদ্ধক্ষেত্ৰত নামি পৰিছে ।”

চৰকাৰী তৎপৰতাৰ অংশ হিচাপে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা আৰু ৰাজহ তথা দুৰ্যোগ প্ৰশমন মন্ত্ৰী কেশৱ মহন্তই গহপুৰৰ চক্ৰাংক নদীৰ কাষৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে । মন্ত্ৰীদ্বয়ে ভগ্ন মথাউৰি আৰু সাহায্য অভিযানৰ বুজ লৈ স্পৰ্শকাতৰ অঞ্চলসমূহত তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে ।

কৃষিভূমি আৰু পশুধনৰ ব্যাপক ক্ষতি

বানপানীৰ ফলত কেৱল মানুহেই নহয়, বৰঞ্চ কৃষি আৰু পশুধনৰো ব্যাপক ক্ষতি হৈছে :

কৃষিভূমি: ৩,৮০৯ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বানৰ পানীত বুৰ গৈছে ।

পশুধন: ৫০,০০০ ডাঙৰ পশুধনসহ মুঠ ৮৮,০০০ তকৈও অধিক জীৱ-জন্তু বানৰ ফলত প্ৰভাৱিত হৈছে ।

সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত

ASDMA-ই জনোৱা মতে, বানাক্ৰান্ত লোকসকলক আশ্ৰয় প্ৰদানৰ বাবে বৰ্তমান ৪ টা সাহায্য শিবিৰ আৰু ৬ টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় কৰি ৰখা হৈছে । য’ত ৪৫০ জনতকৈও অধিক লোকে আশ্ৰয় গ্ৰহণ কৰিছে । কেইবাখনো জিলাত পথ আৰু ৰাজহুৱা আন্তঃগাঁথনি ধ্বংস হোৱাৰ খবৰ পোৱা গৈছে আৰু প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ তথা পুনৰুদ্ধাৰ কাৰ্য চলাই আছে ।

লগতে পঢ়ক : ধেমাজিৰ ভয়াৱহ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইৰ

ৰাজ্যত বানৰ তাণ্ডৱ, ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোকক ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰলয়ংকাৰী বানপানীৰ ফলত ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু কোকৰাঝাৰ জিলাত মুঠ ২২,১২৪ গৰাকী লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত ধেমাজি জিলাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে, য’ত ১৫,৪৮৩ গৰাকী লোক বানপানীত আৱদ্ধ হৈ আছে।

এই বানৰ ফলত বহু ঘৰ-দুৱাৰ আৰু কৃষিভূমিৰ ব্যাপক ক্ষতি হৈছে। প্ৰাধিকৰণৰ প্ৰতিবেদন মতে, ৯৬খন গাঁও জলমগ্ন হৈ পৰাৰ লগতে প্ৰায় ১৬৯০ হেক্টৰ শস্যৰ ক্ষেত্ৰ নষ্ট কৰিছে।

ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহো উফন্দি উঠিছে। ইফালে, আন্তঃগাঁথনিৰ ক্ষতিয়ে সমস্যা আৰু অধিক জটিল কৰি তুলিছে। ধেমাজি জিলাৰ চিমেন নদীৰ ওপৰত থকা এখন ৰে’লৱে দলং ধাৰাসাৰ বৰষুণ আৰু খহনীয়াৰ ফলত আংশিকভাৱে ভাগি পৰিছে, যাৰ ফলত অঞ্চলটোৰ ৰে’ল সংযোগ ব্যাহত হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াৰ ভাষ্য অনুসৰি, ধেমাজি জিলা আৰু ইয়াৰ আশে-পাশে ১১০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত অহা বানে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে।সতৰ্কতামূলক ব্যৱস্থা হিচাপে, আৰ্চিপথাৰ আৰু চিমেন চাপৰি ষ্টেচনৰ মাজত ৰে’ল চলাচল সাময়িকভাৱে বন্ধ ৰখা হৈছে।তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্গত মুৰকংচেলেক আৰু চিলাপথাৰৰ মাজৰ পথত ৰে’লৰ চলাচল পৰৱৰ্তী জাননী নিদিয়ালৈকে বন্ধ থাকিব।

অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।

লগতে পঢ়ক: ধেমাজিত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ; উদ্বিগ্ন মুখ্যমন্ত্ৰী

‘২০২৫ চনৰ পৰা অসমত ৬২ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভুৱা চিকিৎসক সন্দৰ্ভত এক ডাঙৰ তথ্য প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে যে বিগত বছৰৰ পৰা ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে ২৬ জুনত ৰোগীক সুৰক্ষা প্ৰদান আৰু স্বাস্থ্যখণ্ডক অধিক শক্তিশালী কৰাৰ প্ৰয়াসত ২০২৫ চনৰ পৰা ৰাজ্যজুৰি ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰিছে।

তথ্য সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আৰক্ষীয়ে এতিয়ালৈকে এই অভিযানৰ সৈতে জড়িত ৫৯টা গোচৰ পঞ্জীয়ন কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স যোগে কৰা এক পোষ্টত কয়, “আমি আমাৰ সমাজৰ পৰা সকলো ধৰণৰ কু-সংস্কাৰ আঁতৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ড্ৰাগছ সৰবৰাহকাৰী আৰু বাল্য বিবাহৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পিছত, এতিয়া আমি আমাৰ স্বাস্থ্যখণ্ডৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ আৰু ৰোগীসকলক সুৰক্ষা দিবলৈ ভুৱা চিকিৎসকসকলৰ বিৰুদ্ধে এক অভিযান চলাই আছো।”

মুখ্যমন্ত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা এক ইনফোগ্ৰাফিকত উল্লেখ কৰা মতে, ৰাজ্যত ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলাই থকা এই অভিযানৰ অধীনত এতিয়ালৈকে ৫৯টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ৬২ গৰাকী ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাজ্য চৰকাৰে বৈধ ডিগ্ৰী বা পঞ্জীয়ন নথকাকৈ চিকিৎসা সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ তীব্ৰতৰ কৰি তুলিছে। বিগত এবছৰ ধৰি কৰ্তৃপক্ষই বিভিন্ন জিলাত অভিযান চলাই আইনী ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

বিষয়া সকলৰ মতে, এই অভিযানৰ মূল লক্ষ্য হৈছে প্ৰৱঞ্চনামূলক চিকিৎসা ব্যৱস্থাক বাধা দিয়া, জনস্বাস্থ্য সুৰক্ষিত কৰা আৰু স্বাস্থ্যখণ্ডত বৃত্তিমূলক মানদণ্ড অক্ষুণ্ণ ৰখা।

লগতে পঢ়ক: ‘এটা দশকত অসমৰ মূলধনী ব্যয় ২৬ হাজাৰ কোটি টকা লৈ বৃদ্ধি হৈছে’; মুখ্যমন্ত্ৰী

ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘অসম প্ৰিমিয়াৰ লীগ’, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ট্ৰফী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে এক মঞ্চ প্ৰদান আৰু ৰাজ্যৰ ক্ৰীড়া পৰিৱেশক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যিক পৰ্যায়ৰ নতুন ক্ৰিকেট প্ৰতিযোগিতা অসম প্ৰিমিয়াৰ লীগৰ উদ্ধোধন কৰে।

অসম ক্ৰিকেট সংস্থাই (ACA) দেওবাৰে বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামৰ ৯১ য়াৰ্ডছ ক্লাব প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে অসম প্ৰিমিয়াৰ লীগ (APL) মুকলি কৰি ৰাজ্যখনৰ ক্ৰীড়া জগতত এক ঐতিহাসিক মাইলৰখুঁটি স্থাপন কৰে।

এই ঐতিহাসিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সন্মানীয় যুটীয়া সম্পাদক  দেৱজিত শইকীয়া, অসম ক্ৰিকেট সংস্থাৰ সভাপতি তৰংগ গগৈ, সম্পাদক সনাতন দাস, অন্যান্য বিষয়ববীয়া, ফ্ৰেঞ্চাইজিৰ স্বত্বাধিকাৰী আৰু ক্ৰীড়াপ্ৰেমীসকলৰ উপস্থিতিত লীগৰ অফিচিয়েল ল’গ’, ট্ৰফী আৰু অংশগ্ৰহণকাৰী দলসমূহৰ পৰিচয় উন্মোচন কৰে। এই অসম প্ৰিমিয়াৰ লীগ ৰাজ্যখনৰ ক্ৰিকেটাৰসকলৰ বাবে এক সুসংগঠিত, থলুৱা প্ৰতিযোগিতাৰ আৰম্ভণি বুলি অভিহিত কৰিছে।

অসম প্ৰিমিয়াৰ লীগৰ অধ্যক্ষ ৰাজদীপ ওজাই আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। তেওঁ লীগটোৰ আঁৰৰ দৃষ্টিভংগী আৰু ই উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে কেনেকৈ এক বৃত্তিগত আৰু বহনক্ষম মঞ্চ গঢ়ি তুলিব, সেই বিষয়ে আলোকপাত কৰে। এপিএল (APL) মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ ঘৰুৱা খেলুৱৈসকলক নিজা মাটিত এক নিয়মীয়া প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰা আৰু অসমৰ ক্ৰিকেটৰ প্ৰতিভাক বিকাশ কৰা।

এই অসম প্ৰিমিয়াৰ লীগক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অসমৰ ৰাইজৰ হৃদয়ত ক্ৰিকেটৰ এক বিশেষ স্থান আছে আৰু অসম প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভই আমাৰ ৰাজ্যত ক্ৰীড়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী ক্ষণক প্ৰতিনিধিত্ব কৰিছে। মই নিশ্চিত যে এই লীগ অনাগত বছৰবোৰত আটাইতকৈ প্ৰভাৱশালী ৰাজ্যিক লীগসমূহৰ ভিতৰত অন্যতম হৈ পৰিব।”

বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয় যে, “বিচিচিআয়ে সদায় শক্তিশালী ঘৰুৱা ক্ৰিকেটৰ বিকাশক উদগনি দি আহিছে। অসম প্ৰিমিয়াৰ লীগৰ দৰে এক বৃত্তিগতভাৱে পৰিচালিত ৰাজ্যিক লীগে ক্ৰিকেট গাঁথনিটোলৈ উল্লেখনীয় গভীৰতা কঢ়িয়াই আনিব।”

উদ্বোধনী সংস্কৰণত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আঠটা দল হ’ল-

 
যোৰহাট ষ্টেলিয়নছ (Jorhat Stallions)

তেজপুৰ টাইটানছ (Tezpur Titans)

ডিব্ৰুগড় ৱাৰিয়ৰ্ছ (Dibrugarh Warriors)

বৰাক লেজেণ্ডছ (Barak Legends)

নগাঁও ৰেঞ্জাৰ্ছ (Nagaon Rangers)

বৰপেটা ব্ৰেভছ (Barpeta Braves)

গুৱাহাটী ৰয়েলছ (Guwahati Royals)

চৰাইদেউ ছানৰাইজীৰ্ছ (Charaideo Sunrisers)

খেলুৱৈৰ নিলাম (Auction), খেলৰ সূচী আৰু অন্যান্য সবিশেষ তথ্য অনাগত সপ্তাহবোৰত ঘোষণা কৰা হ’ব।

লগতে পঢ়ক: শ্ৰীলংকাক পৰাস্ত কৰি ট্ৰাই ছিৰিজত জয়লাভ টিম ইণ্ডিয়াৰ…

প্ৰতিবন্ধকতা আঁতৰিলঃ ইউৰোপৰ ২৭ খন দেশৰ বাবে খোল খালে অসমৰ দুৱাৰ!

এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ পৰ্যটকসকলে কোনো শংকা নোহোৱাকৈ অসম ভ্ৰমণ কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যময় আকৰ্ষণসমূহ উপভোগ কৰিব পাৰিব

অসমৰ পৰ্যটন খণ্ডৰ বাবে এক উল্লেখনীয় আৰু ঐতিহাসিক সুখবৰ । এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ (EU) সকলো ২৭ খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকে কোনো ধৰণৰ পূৰ্বৰ বাধা-নিষেধ নোহোৱাকৈয়ে মুক্তভাৱে অসম ভ্ৰমণ কৰিব পাৰিব ।

এক ফেচবুক লাইভৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ ভ্ৰমণ নিৰ্দেশিকা উন্নীত কৰিছে । যাৰ ফলত এতিয়াৰে পৰা ইউৰোপীয় ইউনিয়নৰ পৰ্যটকসকলে কোনো শংকা নোহোৱাকৈ অসম ভ্ৰমণ কৰাৰ লগতে ইয়াৰ বৈচিত্ৰ্যময় আকৰ্ষণসমূহ উপভোগ কৰিব পাৰিব ।

উন্নত নিৰাপত্তা পৰিস্থিতিৰ স্বীকৃতি

অসমৰ ক্ৰমান্বয়ে উন্নত হোৱা নিৰাপত্তা তথা আইন-শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ইউৰোপীয় ইউনিয়নে এই ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখ্য যে, বহু বছৰ ধৰি সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ ‘আফস্পা’ৰ উপস্থিতিৰ বাবে ৰাজ্যখনৰ কেইবাটাও অংশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল । ইয়াৰ বাবেই কেইবাখনো বিদেশী চৰকাৰে নিজৰ নাগৰিকসকলক অসম ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ জাৰি কৰি আহিছিল ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই সংশোধিত নিৰ্দেশিকা হৈছে ৰাজ্যখনৰ শান্তি আৰু সুস্থিৰ পৰিৱেশৰ এক গোলকীয় স্বীকৃতি । ইয়াৰ ফলত অনাগত দিনত বৃহৎ সংখ্যক আন্তঃৰাষ্ট্ৰীয় দৰ্শকে ভ্ৰমণৰ বাবে অসমক বাচনি কৰিব বুলি আশা কৰা হৈছে ।

পৰ্যটন উদ্যোগত নতুন আশাৰ সঞ্চাৰ

অসম ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্য, সজীৱ পৰম্পৰা, এশিঙীয়া গঁড়ৰ বাসস্থান, চাহ বাগিচা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিশ্বজুৰি বিখ্যাত । ইয়াৰ ভিতৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান অন্যতম ।

ৰাজ্যখনৰ পৰ্যটন খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলে বিশ্বাস কৰে যে এই বাধা-নিষেধসমূহ শিথিল কৰাৰ ফলত বৃহৎ সংখ্যক ইউৰোপীয় পৰ্যটক অসমলৈ আকৰ্ষিত হ’ব । ই ৰাজ্যখনৰ আতিথ্য তথা পৰ্যটন উদ্যোগৰ বিকাশত এক নতুন মাত্ৰা প্ৰদান কৰিব ।

অৰ্থনৈতিক বিকাশৰ নতুন সুযোগ

এই নতুন পদক্ষেপে উত্তৰ-পূব ভাৰতৰ এক অন্যতম আগশাৰীৰ পৰ্যটন কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব । একে সময়তে ই আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে এক নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : কলাগুৰুৰ আদৰ্শৰে প্ৰগতিশীল অসম গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

‘VB-GRAMG’আঁচনি ৰূপায়ণৰ বাবে সাজু অসম

অহা ১ জুলাইৰ পৰা দেশজুৰি আৰম্ভ হ’ব কেন্দ্ৰৰ অভিলাষী ‘VB-GRAMG’ আঁচনি। এই আঁচনিৰ বাবে জনতা ভৱনত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়।

অসম চৰকাৰে গঠন কৰা কেবিনেট উপ-সমিতিয়ে ৰাজ্যজুৰি গ্ৰামোন্নয়ন খৰতকীয়া কৰাৰ উদ্দেশ্যে কেন্দ্ৰৰ অভিলাষী ‘VB-GRAMG’ আঁচনিৰ ৰূপায়ণৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ জনতা ভৱনত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়।

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষা ও উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত বৈঠকত কেইবাগৰাকীও জ্যেষ্ঠ কেবিনেট সতীৰ্থ আৰু চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

বৈঠকত আঁচনিখনৰ সময়মতে আৰু কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় বিভাগীয় একত্ৰীকৰণ, অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ড, প্ৰাতিষ্ঠানিক ব্যৱস্থা আৰু কৌশলসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

‘VB-GRAMG’ আঁচনিয়ে গ্ৰাম্য অসমৰ আন্তঃগাঁথনি শক্তিশালী কৰা, যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা, জীৱিকাৰ সুযোগ সম্প্ৰসাৰণ কৰা আৰু আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এই আঁচনি ৰূপায়ণৰ বাবে ৰাজ্যখনে প্ৰাৰম্ভিকভাৱে ১,৯২৯.৭০ কোটি টকাৰ অন্তৱৰ্তীকালীন আবণ্টন লাভ কৰিব আৰু ইয়াৰ বিপৰীতে অসম চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ বৰঙণি আগবঢ়াব।

মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে গ্ৰামোন্নয়নৰ পদক্ষেপসমূহলৈ এক বৃহৎ গতিশীলতা আনিব আৰু ৰাজ্যখনৰ গাঁওসমূহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব।

বৈঠকত অহা ১ জুলাইৰ পৰা দেশজুৰি আৰম্ভ হ’বলগীয়া এই অভিলাষী কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ভূমিকাকো শলাগ লোৱা হয়।

লগতে পঢ়ক: অম্বুবাচী মেলাক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা; ভক্তৰ বাবে থাকিব বিশেষ সুবিধা

১ জুলাইৰ পৰা অসমত বাছ ভাড়া ৭০ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

অহা ১ জুলাইৰ পৰা অসমত যাত্ৰীবাহী বাহনৰ ভাড়া অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে

ৰাজ্যৰ সৰ্বসাধাৰণ যাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ । অহা ১ জুলাইৰ পৰা অসমত যাত্ৰীবাহী বাহনৰ ভাড়া অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধি আৰু যান-বাহন পৰিচালনাৰ খৰচ বৃদ্ধিৰ দোহাই দি ‘অল আছাম মটৰ ট্ৰেন্সপ’ৰ্ট এছ’চিয়েচন’-ই যাত্ৰীবাহী পৰিবহনৰ ভাড়া ৭০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ।

শেহতীয়াকৈ সন্থাই ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি আৰু সামগ্ৰিকভাৱে জীৱন ধাৰণৰ ব্যয় বৃদ্ধিৰ ফলত সৃষ্টি হোৱা আৰ্থিক বোজাৰ পৰা পৰিবহন ব্যৱসায়ীসকলক সকাহ দিবলৈ অসমৰ পৰিবহন আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল । এই স্মাৰকপত্ৰ প্ৰদানৰ পিছতেই এছ’চিয়েচনে ভাড়া বৃদ্ধিৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

২০১১ চনৰ পিছত হোৱা নাই ভাড়াৰ ডাঙৰ সংশোধন

পৰিবহন সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে ৰাজ্যত শেষবাৰৰ বাবে ২০১১ চনৰ নৱেম্বৰ মাহত ব্যৱসায়িক বাহনৰ ভাড়া সংশোধন কৰা হৈছিল । সেই সময়ত অসম পৰিবহন বিভাগে ২৫ শতাংশ ভাড়া বৃদ্ধিৰ অনুমোদন দিছিল আৰু ডিজেলৰ মূল্য আছিল প্ৰতি লিটাৰত প্ৰায় ৬৬ টকা । তাৰ পিছৰে পৰা সুদীৰ্ঘ বছৰ ধৰি ইন্ধনৰ মূল্য আকাশলংঘী হোৱাৰ লগতে ক্ৰমবৰ্ধমান মুদ্ৰাস্ফীতি আৰু পৰিচালন ব্যয় বৃদ্ধি পাইছে যদিও ভাড়াৰ কোনো ডাঙৰ সংশোধন হোৱা নাই । ইয়াৰ মাজতো অপাৰেটৰসকলে লোকচান ভৰি সেৱা অব্যাহত ৰাখিবলগীয়া হৈছে বুলি দাবী কৰিছে ।

ব্যৱসায় চলাই নিয়াত তীব্ৰ সংকট

AAMTA-ই উল্লেখ কৰা মতে, কেৱল ইন্ধনৰে নহয়, বৰঞ্চ বাহনৰ স্পেয়াৰ পাৰ্টছ, ৰক্ষণাবেক্ষণ আৰু পৰিবহন সম্পৰ্কীয় অন্যান্য যাৱতীয় খৰচ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । ইয়াৰ ফলত বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিত বহু পৰিবহন অপাৰেটৰে ব্যৱসায়টো চলাই ৰাখিবলৈ চৰম জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে ।

নতুন ভাড়াৰ গাঁথনি-

সন্থাই প্ৰস্তাৱ কৰা সংশোধিত ভাড়াৰ গাঁথনি কাৰ্যকৰী হ’লে, অহা ১ জুলাইৰ পৰা বাছৰ সৰ্বনিম্ন ভাড়া বৰ্তমানৰ পৰা বৃদ্ধি পাই ২০ টকা হ’ব ।

চৰকাৰলৈ আহ্বান

পৰিবহন সন্থাই সমগ্ৰ পৰিস্থিতিটো অত্যন্ত গুৰুত্বসহকাৰে ল’বলৈ অসম চৰকাৰক জৰুৰী আহ্বান জনাইছে । তেওঁলোকে স্পষ্ট কৰি দিয়ে যে সমগ্ৰ অসমতে যাত্ৰীবাহী পৰিবহন সেৱা অচল হৈ পৰাৰ পৰা ৰক্ষা কৰিবলৈ আৰু ব্যৱসায়ীসকলক জীয়াই ৰাখিবলৈ এই ভাড়া বৃদ্ধি অপৰিহাৰ্য হৈ পৰিছে । আনহাতে, ৰাজ্যৰ বিভিন্ন পথ আৰু বিভিন্ন শ্ৰেণীৰ বাহনসমূহৰ বিতং সংশোধিত ভাড়াৰ তালিকা অতি শীঘ্ৰেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব বুলি সন্থাই জানিবলৈ দিছে ।

লগতে পঢ়ক : গুৱাহাটীত হ’ব ছেটেলাইট চিটী : কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

অসম-নাগালেণ্ড সীমা বিবাদৰ ঐতিহাসিক সমাধান; স্বাক্ষৰিত হ’ল বুজাবুজি চুক্তি

অসম আৰু নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যা সমাধানৰ দিশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে

অসম আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা সমস্যা সমাধানৰ দিশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে । দুয়োখন ৰাজ্যৰ মাজত থকা বিবাদমান এলেকাৰ হাইড্ৰ’কাৰ্বন (প্ৰাকৃতিক গেছ আৰু তেল) সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ আৰু দেশৰ উন্নয়নৰ স্বাৰ্থত বৃহস্পতিবাৰে (১১ জুন) এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিখন স্বাক্ষৰিত হয় । ইয়াৰ লগে লগে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আহৰণৰ ক্ষেত্ৰত থকা সকলো আইনী আৰু প্ৰশাসনিক হেঙাৰ আঁতৰি গ’ল বুলি জানিব পৰা গৈছে ।

এক্স যোগে মুখ্যমন্ত্ৰীৰ ঘোষণা :

১১ জুনত ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত এক পোষ্ট যোগে এই কথা সদৰী কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-

“এই দীৰ্ঘদিনীয়া সীমান্ত বিবাদ অঞ্চলটোত উপলব্ধ প্ৰাকৃতিক সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক ডাঙৰ বাধা হৈ আছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত হোৱা এই চুক্তিয়ে সম্পদ উন্নয়নৰ পথ মুকলি কৰিলে ।”

৫টা ভাগত বিভক্ত আছিল বিবাদমান এলেকা :

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা মতে, অসম-নাগালেণ্ড সীমান্তৰ জটিল বিবাদমান এলেকাসমূহক মূলতঃ পাঁচটা ভাগত ক্ৰমে—  A, B, C, D & E হিচাপে চিহ্নিত কৰা হৈছিল । ইয়াৰে কিছু অংশ অসমৰ আৰু আন কিছু অংশ নাগালেণ্ডৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আছিল । এই অতি-আচ্ছাদিত প্ৰশাসনিক ব্যৱস্থাৰ বাবেই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ নিষ্কাশন কৰাত ইমান দিনে প্ৰত্যাহ্বানৰ সৃষ্টি হৈ আহিছিল ।

লাভালাভ ভগাই ল’ব দুয়োখন ৰাজ্যই:

নতুন চুক্তি অনুসৰি, এতিয়াৰে পৰা দুয়োখন ৰাজ্যই অঞ্চলটোৰ হাইড্ৰ’কাৰ্বন সম্ভাৱনীয়তাৰ পৰা লাভ কৰা ৰাজহ আৰু ৰয়েলটিৰ অংশীদাৰিত্ব বুজাবুজিৰে ভগাই ল’ব । ইয়াৰ ফলত ব্যাহত হৈ থকা নিষ্কাশন কাৰ্য পুনৰ সুচল হৈ পৰিব, যিয়ে দেশৰ অৰ্থনীতিলৈ বৃহৎ বৰঙণি যোগাব ।

গোলকীয় শক্তি প্ৰত্যাহ্বানৰ মাজত সময়োপযোগী পদক্ষেপ:

বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেল আৰু গেছৰ ক্ৰমবৰ্ধমান মূল্য তথা দেশৰ আমদানি নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, এনে পৰিস্থিতিত ঘৰুৱা সম্পদৰ সন্ধান কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছিল । এই চুক্তিয়ে দেশৰ শক্তি খণ্ডক স্বাৱলম্বী কৰাত সহায় কৰিব ।

লগতে পঢ়ক : ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ই ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰিব’; মুখ্যমন্ত্ৰী

পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত

ৰাজ্যত পুনৰ ভূমিকম্পন জোকাৰণি । বৃহস্পতিবাৰে কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত । জানিব পৰা মতে হোজাইৰ পৰা ২৮ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ । ৯.১০ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.২ ৰেকৰ্ড কৰা হৈছে ।

জানিব পৰা মতে নগাঁও, মৰিগাওঁ, শ্ৰীভূমি, ৰপহীহাট, ৰামকৃষ্ণনগৰ, জুৰীয়া, লংকা, হাইলাকান্দি, উমৰাংচু, খেৰণি, টংলা, কলিয়াবৰ আদিত এই ভূমিকম্পৰ কম্পন অনুভূত হয় । অৱশ্যে বাতৰি লিখাৰ পৰলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই । অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক : স্কুল বেগৰ বোজাক লৈ ডাঙৰ সিদ্ধান্ত; ৫ কেজিৰ অধিক হ’ব নোৱাৰিব বেগৰ ওজন