আগন্তুক তিনিদিনলৈ ৰাজ্যজুৰি ধুমুহা, বজ্ৰপাত আৰু প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে জাননী জাৰী কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)এ ৫ জুনত জাৰি কৰা এটা পূৰ্বানুমান অনুসৰি, অহা দুই-তিনিদিনত গুৱাহাটীকে ধৰি অসমৰ কেইবাটাও অংশত ধুমুহা-বৰষুণ, বজ্ৰপাত, ধাৰাসাৰৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰটোৱে জনোৱা মতে, এই সময়ছোৱাত গুৱাহাটীসহ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বজ্ৰপাতৰ লগতে ধুমুহা আৰু বৰষুণ হোৱাৰ সম্ভাৱনা অতি প্ৰবল।
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ASDMA)ই জনোৱা মতে, জিলা প্ৰশাসন আৰু জৰুৰীকালীন সঁহাৰি সংস্থাসমূহে পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি আছে। লগতে যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহায্য আৰু উদ্ধাৰকাৰী ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে।
জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই ASDMAই সকলোকে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন আৰু ধাৰাসাৰ বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিছে। দৈনিক যাতায়াত কৰা লোক আৰু দূৰণিবটীয়াত যাত্ৰা কৰা যাত্ৰীসকলক বতৰৰ অৱস্থাই বাট-পথৰ যাতায়াত ব্যাহত কৰিব পৰাৰ সম্ভাৱনাক লক্ষ্য ৰাখিহে যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে।
ASDMAই জনাইছে যে বতৰৰ শেহতীয়া তথ্য আৰু পৰামৰ্শাৱলী তেওঁলোকৰ চৰকাৰী ৱেবছাইট আৰু ছচিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে নিয়মীয়াকৈ শ্বেয়াৰ কৰা হ’ব।
লগতে পঢ়ক: ছয় মাইলত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৰেষ্টুৰেণ্ট








