ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ জৰুৰী জাননী, শিক্ষাৰ্থীৰ সুৰক্ষাক লৈ জাৰি কঠোৰ গাইডলাইন

শেহতীয়াকৈ অসম আৰক্ষীৰ তৰফৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান তথা বিদ্যালয়সমূহলৈ এক জৰুৰী পৰামৰ্শৱলী জাৰি কৰা হৈছে

ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ গ্ৰাসৰ পৰা কণ কণ শিশুসকলক সুৰক্ষিত ৰখাৰ লক্ষ্যৰে অসম আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ অসম আৰক্ষীৰ তৰফৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান তথা বিদ্যালয়সমূহলৈ এক জৰুৰী পৰামৰ্শৱলী (Advisory) জাৰি কৰা হৈছে । এই নিৰ্দেশনাত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শিশুৰ আলোকচিত্ৰ আৰু তেওঁলোকৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিবলৈ কঠোৰভাৱে সতৰ্ক কৰি দিয়া হৈছে ।

কিয় জাৰি কৰা হৈছে এই পৰামৰ্শৱলী ?

পৰামৰ্শত উল্লেখ কৰা অনুসৰি, বৰ্তমান সময়ত চাইবাৰ অপৰাধী আৰু অনলাইন চিকাৰীসকলে (Online Predators) ইন্টাৰনেটত উপলব্ধ শিশুসকলৰ ফটো আৰু তথ্যসমূহক বিভিন্ন অনৈতিক আৰু অপৰাধমূলক কাৰ্যকলাপৰ বাবে লক্ষ্য কৰি লৈছে । ছ’চিয়েল মিডিয়াত সহজতে উপলব্ধ হোৱা এই তথ্যসমূহৰ অপব্যৱহাৰ কৰি অপৰাধী চক্ৰই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

কি কি বিপদৰ আশংকা কৰা হৈছে ?

অসম আৰক্ষীয়ে সতৰ্ক কৰি দিয়া অনুসৰি, বিদ্যালয়সমূহে পোষ্ট কৰা ফটো বা তথ্যৰ পৰা নিম্নলিখিত অপৰাধসমূহ সংঘটিত হ’ব পাৰে :

CSAM: শিশু যৌন উৎপীড়নৰ সামগ্ৰী প্ৰস্তুতকৰণ ।

এআই (AI) মৰ্ফিং: কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি শিশুৰ ফটো বিকৃত কৰা ।

ছেক্সটৰ্চন (Sextortion) আৰু ব্লেকমেইলিং ।

চাইবাৰ বুলিং (Cyberbullying) আৰু পৰিচয় চুৰি (Identity Theft )।

অৰ্থনৈতিক প্ৰৱঞ্চনা ।

বিদ্যালয়সমূহলৈ আৰক্ষীৰ আহ্বান :

আৰক্ষীয়ে বিদ্যালয় কৰ্তৃপক্ষক ছ’চিয়েল মিডিয়াত শিশুসকলক সহজে চিনাক্ত কৰিব পৰা যিকোনো তথ্য পোষ্ট কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে । ইয়াৰ ভিতৰত আছে—

-শিশুৰ স্পষ্ট আলোকচিত্ৰ আৰু নাম ।

-শ্ৰেণী আৰু শাখাৰ সবিশেষ ।

বিদ্যালয় বা বাসস্থানৰ স্থান ।

-যিকোনো অনুষ্ঠান বা ভ্ৰমণৰ ‘ৰিয়েল-টাইম আপডেট’ ।

আৰক্ষীৰ বিশেষ নিৰ্দেশনা :

“শিক্ষাৰ্থীসকলৰ গোপনীয়তা আৰু সুৰক্ষাৰ সৈতে যাতে কোনো কাৰণতে আপোচ কৰা নহয়, তাৰ বাবে ছ’চিয়েল মিডিয়াত শিশু সম্পৰ্কীয় যিকোনো সমল (Content) আপলোড কৰাৰ পূৰ্বে বিদ্যালয় কৰ্তৃপক্ষই তাক ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰা উচিত ।”

নাবালিকা আৰু নাবালকসকলক লক্ষ্য কৰি লোৱা চাইবাৰ ভাবুকিৰ বৰ্ধিত উদ্বেগৰ মাজতে অসম আৰক্ষীৰ এই পৰামৰ্শৱলী অত্যন্ত সময়োপযোগী হিচাপে বিবেচিত হৈছে । শিশুসকলক অনলাইন শোষণ আৰু তথ্যৰ অপব্যৱহাৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ শিক্ষানুষ্ঠানসমূহক এক দায়িত্বশীল ডিজিটেল অভ্যাস গঢ়ি তুলিবলৈ এই বাতৰিৰ জৰিয়তে আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক : লিভ ইন ৰিলেশ্যনশ্বীপক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

স্কুলীয়া শিক্ষাত উত্তৰ-পূবৰ শীৰ্ষত অসম, দেশৰ ভিতৰতে আটাইতকৈ পিছপৰা স্থানত মেঘালয় : পি জি আই প্ৰতিবেদন

এই ক্ষেত্ৰত উত্তৰ-পূবৰ দুই চুবুৰীয়া ৰাজ্য অসম আৰু মেঘালয়ে দুটা সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে

উত্তৰ-পূব ভাৰতৰ স্কুলীয়া শিক্ষা খণ্ডৰ প্ৰদৰ্শনক লৈ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ পাইছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা ২০২৪-২৫ বৰ্ষৰ ‘পাৰফৰমেন্স গ্ৰেডিং ইণ্ডেক্স ২.০’ (PGI 2.0) প্ৰতিবেদন অনুসৰি, এই ক্ষেত্ৰত উত্তৰ-পূবৰ দুই চুবুৰীয়া ৰাজ্য অসম আৰু মেঘালয়ে দুটা সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে । অসমে শিক্ষা খণ্ডত উল্লেখনীয় সফলতা অৰ্জন কৰাৰ বিপৰীতে মেঘালয়ৰ প্ৰদৰ্শন সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ শোচনীয় বুলি প্ৰমাণিত হৈছে ।

অসমৰ অভূতপূৰ্ব উত্থান-

প্ৰতিবেদন অনুসৰি, অসমে ১,০০০ নম্বৰৰ ভিতৰত সামগ্ৰিকভাৱে ৫৯৩.৬ নম্বৰ লাভ কৰি ‘প্ৰচেষ্টা-৩’ (Prachesta-3) গ্ৰেড অৰ্জন কৰিছে । মন কৰিবলগীয়া যে, দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুত গতিত উন্নতি কৰা ৰাজ্যসমূহৰ ভিতৰত অসমে অন্যতম স্থান লাভ কৰিছে । ২০২৩-২৪ বৰ্ষত ৰাজ্যখনৰ নম্বৰ আছিল ৫১১.৫, অৰ্থাৎ মাত্ৰ এটা বৰ্ষতে অসমে ৮২ পইণ্টতকৈও অধিক জাঁপ মাৰিবলৈ সক্ষম হৈছে । বিশেষকৈ প্ৰশাসন বা শাসন ব্যৱস্থাৰ ক্ষেত্ৰত অসমে ‘উত্তম-৩’ গ্ৰেড লাভ কৰি দেশৰ অগ্ৰণী ৰাজ্য মহাৰাষ্ট্ৰ, চণ্ডীগড় আৰু ওড়িশাৰ দৰে শীৰ্ষ স্থানৰ ৰাজ্যসমূহৰ সমকক্ষ হৈ পৰিছে । শিক্ষণৰ ফলাফলৰ ক্ষেত্ৰত, য’ত সৰ্বাধিক ২৪০ নম্বৰ থাকে আৰু ইয়াক সূচকাংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মাপকাঠী বুলি গণ্য কৰা হয়, তাত অসমে ৭৯.৪ নম্বৰ লাভ কৰিছে ।

দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত মেঘালয়-

আনহাতে, অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ে মাত্ৰ ৪৪৮ নম্বৰহে লাভ কৰিবলৈ সক্ষম হৈছে । এই স্কোৰেৰে মেঘালয় কেৱল উত্তৰ-পূৰ্বাঞ্চলৰে নহয়, বৰঞ্চ সমগ্ৰ দেশৰ ভিতৰতে সৰ্বনিম্ন স্থান লাভ কৰা একমাত্ৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে । সূচকাংকৰ আটাইতকৈ নিম্ন গ্ৰেড ‘আকাংক্ষী-৩’ (Akanshi-3) বেণ্ডত স্থান পোৱা দেশৰ একমাত্ৰ ৰাজ্যখন হৈছে মেঘালয় । বিগত বৰ্ষৰ ৪১৭.৯ নম্বৰৰ তুলনাত ৰাজ্যখনে এইবাৰ মাত্ৰ ৩০ পইণ্টমানহে আগবাঢ়িব পাৰিলে, যিটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ধীৰ গতি ।

মেঘালয়ৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰৰে প্ৰদৰ্শন এতিয়া চিন্তনীয় হৈ পৰিছে । ৰাজ্যখনে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১৯০ নম্বৰৰ ভিতৰত মাত্ৰ ৬২.১, শিক্ষক প্ৰশিক্ষণত ১০০ নম্বৰৰ ভিতৰত ৪৬.৭ আৰু প্ৰশাসন বা শাসন ব্যৱস্থাত ১৩০ নম্বৰৰ ভিতৰত মাত্ৰ ৪০.৫ নম্বৰহে পাবলৈ সক্ষম হৈছে । তদুপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ ‘শিক্ষণৰ ফলাফল’ৰ ক্ষেত্ৰত মেঘালয়ৰ নম্বৰ হৈছে ৪৭.২, যিটো উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যৰ ভিতৰত সৰ্বনিম্ন । ৰাজ্যখনে কেৱল ‘সমতা’ৰ ক্ষেত্ৰত ২৬০ নম্বৰৰ ভিতৰত ২০৮.৭ নম্বৰ লাভ কৰি এক আপেক্ষিক সুস্থিৰতা দেখুৱাইছে । অৱশ্যে বিশ্লেষকসকলে উল্লেখ কৰিছে যে ই কোনো বিশেষ শিক্ষাৰ্থীৰ গোটৰ ভাল প্ৰদৰ্শনক নুবুজায়, বৰঞ্চ ই সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত সমভাৱে থকা নিম্ন শিক্ষণ স্তৰকহে প্ৰতিফলিত কৰিছে ।

মিজোৰামৰ সাক্ষৰতা আৰু শিক্ষাৰ সাঁথৰ-

প্ৰতিবেদনত উত্তৰ-পূবৰ আনখন ৰাজ্য মিজোৰামক লৈ এক আচৰিত তথ্য পোহৰলৈ আহিছে । ৯১ শতাংশতকৈ অধিক হাৰেৰে উত্তৰ-পূবৰ একমাত্ৰ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱা সত্ত্বেও মিজোৰামে সামগ্ৰিকভাৱে মাত্ৰ ৫০৭.৯ নম্বৰহে লাভ কৰিছে । ইয়াৰ পৰা স্পষ্ট হয় যে পৰম্পৰাগতভাৱে জুখিব পৰা উচ্চ সাক্ষৰতাই আধুনিক শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষণ, প্ৰশাসন আৰু আন্তঃগাঁথনিৰ গুণগত মান নিশ্চিত কৰিব নোৱাৰে । এই নিম্ন প্ৰদৰ্শনৰ বাবে মিজোৰামে এতিয়া বিহাৰ আৰু জম্মু-কাশ্মীৰৰ সৈতে ‘আকাংক্ষী-২’ বেণ্ডত স্থান পাবলৈ বাধ্য হৈছে। ৰাজ্যখনে শিক্ষণ ফলাফলত ৫৬.৫ আৰু আন্তঃগাঁথনিত ৭২.৯ নম্বৰহে লাভ কৰিছে ।

উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ প্ৰদৰ্শন-

অঞ্চলটোৰ আন ৰাজ্যসমূহৰ ভিতৰত ছিকিমে ৬০৩.৩ নম্বৰ লাভ কৰি দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে । যোৱা বছৰৰ ‘আকাংক্ষী-১’ৰ পৰা এইবাৰ ‘প্ৰচেষ্টা-৩’লৈ উন্নীত হোৱা ছিকিমে উত্তৰ-পূবত সৰ্বাধিক ১১২.৩ আন্তঃগাঁথনিৰ নম্বৰ লাভ কৰিছে, যিয়ে বিদ্যালয়সমূহৰ উন্নত সা-সুবিধাক সূচাইছে । ইফালে অৰুণাচল প্ৰদেশে ৬৫ পইণ্টতকৈও অধিক লাভ কৰি ৫২৭ নম্বৰ সহ এক উৎসাহজনক উন্নতি প্ৰদৰ্শন কৰিছে আৰু এটা সম্পূৰ্ণ গ্ৰেড বেণ্ড ওপৰলৈ উঠিছে । ইয়াৰ উপৰি ত্ৰিপুৰা (৫৫৯), মণিপুৰ (৫৫৭) আৰু নগালেণ্ড (৫৩৬.৬) তিনিওখন ৰাজ্যই নিজৰ প্ৰদৰ্শন উন্নত কৰি এটাকৈ গ্ৰেড ওপৰলৈ উঠিবলৈ সক্ষম হৈছে, যিয়ে অঞ্চলটোত এক ব্যাপক অথচ অসমান প্ৰগতিৰ ইংগিত দিয়ে ।

সামগ্ৰিক ছবি আৰু প্ৰত্যাহ্বান-

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে শিক্ষাৰ ‘প্ৰৱেশাধিকাৰ’ (Access — অৰ্থাৎ নামভৰ্তি, ধৰি ৰখা আৰু বিদ্যালয়ছুট শিশুৰ হিচাপ) আৰু ‘সমতা’ (Equity)ৰ ক্ষেত্ৰত প্ৰায়বোৰ ৰাজ্যই ‘উত্তম’ বা ‘প্ৰচেষ্টা’ শ্ৰেণীত স্থান লাভ কৰি আশাপ্ৰদ প্ৰদৰ্শন কৰিছে ।

কিন্তু সমগ্ৰ অঞ্চলটোৰ বাবে মূল দুৰ্বলতা হৈ ৰৈছে ‘শিক্ষণৰ ফলাফল’ আৰু ‘প্ৰশাসন’। এই ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শীৰ্ষত থকা পঞ্জাৱ (শিক্ষণ ফলাফলত ১৫০.৪) আৰু চণ্ডীগড় (সামগ্ৰিকভাৱে ৭৩৯.১ নম্বৰ)তকৈ বহুখিনি পিছপৰি আছে । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে চৰকাৰৰ তথ্য-ভিত্তিক নিৰীক্ষণ আৰু ‘লুক ইষ্ট’ (Look East) নীতিৰ বাবে ৰাজ্যসমূহৰ মাজৰ প্ৰদৰ্শনৰ ব্যৱধান ২০১৭-১৮ বৰ্ষৰ ৫১ শতাংশৰ পৰা হ্ৰাস পাই ২০২৪-২৫ বৰ্ষত ৩৯.৪ শতাংশ হৈছে । এতিয়া মূল প্ৰশ্ন হৈছে, এই ধনাত্মক পৰিৱৰ্তনৰ সোৱাদ মেঘালয়ে কেতিয়াকৈ পাব আৰু মিজোৰামে নিজৰ সাক্ষৰতাৰ ঐতিহ্যক প্ৰকৃত শৈক্ষিক ফলাফললৈ কেতিয়া ৰূপান্তৰিত কৰিব পাৰিব ।

লগতে পঢ়ক : অসমত UCC: ৩০ দিনৰ ভিতৰত লিভ-ইন পঞ্জীয়ন নকৰিলে শাস্তি, বহুবিবাহত হ’ব ৭ বছৰ পৰ্যন্ত জেল!

লিভ ইন ৰিলেশ্যনশ্বীপক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

যুৱক-যুৱতী সকলৰ সন্মান, অধিকাৰ নিশ্চিত কৰাক লৈ অসমত লিভ ইন ৰিলেশ্যনশ্বীপৰ বাবে আইনগত ব্যৱস্থা কৰা হৈছে।

অসম বিধানসভাত আজি উত্থাপন হ’ল UCC বিধেয়ক। এই বিধেয়কখনত লিভ ইন ৰিলেশ্যনশ্বীপক লৈ ৰাজ্য চৰকাৰে নতুন নিয়ম জাৰি কৰিছে।এতিয়াৰে পৰা লিভ ইন ৰিলেশ্যনশ্বীপত থাকিলে যুৱক-যুৱতী সকলে জনাব লাগিব উপ-পঞ্জীয়কক। উপ-পঞ্জীয়কে অৱগত কৰিব লাগিব স্থানীয় থানাত। ৰাজ্যৰ বাহিৰত লিভ ইনত থাকিলেও একেই নিয়মেই প্ৰযোজ্য হ’ব।উপ-পঞ্জীয়কক নজনোৱাকৈ যুৱক-যুৱতী সকলে একেলগে এমাহ ধৰি লিভ ইনত থাকিলে দোষী সাব্যস্ত হ’ব।ইমানেই নহয় তিনিমাহ ধৰি থাকিব খাটিব লাগিব জে’ল, ভৰিব লাগিব জৰিমনা ।

এই বিধেয়ক অনুসৰি লিভ ইনত থাকিবলৈ হ’লে এজনৰ বয়স ২১বছৰ হ’ব লাগিব। যদি ২১ বছৰৰ তলত হয় তেনেহলে অভিভাৱক সকলে এই কথা জানিব লাগিব।লিভ ইনত সন্তান জন্ম হ’লেও বৈধ ঘোষণা কৰা হ’ব।লিভ ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োজনৰ সন্মতিতহে বিচ্ছেদ হ’ব। সন্মতি অবিহনে যুৱতীক এৰি দিলে ভৰিব লাগিব ভৰণ-পোষণ।ভৰণ-পোষণ বিচাৰি যুৱতী গৰাকীয়ে কাষ চাপিব পাৰিব আদালতৰ।

লগতে পঢ়ক: অসম বিধানসভাত উত্থাপন হ’ল UCC বিধেয়ক

হেৰোৱা গৌৰৱৰ প্ৰত্যাৱৰ্তন : অসমৰ হাবিত পুনৰ সক্ৰিয় হৈ উঠিছে বিলুপ্তপ্ৰায় ‘ৰাং কুকুৰ’ৰ জাক

কিন্তু পৰৱৰ্তী সময়ত হেৰাই যোৱা অত্যন্ত চতুৰ আৰু ভয়ংকৰ চিকাৰী ৰাং কুকুৰ পুনৰ নিজৰ পুৰণি সাম্ৰাজ্যলৈ উভতি আহিছে

অসমৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰখনৰ পৰা সমগ্ৰ বিশ্বৰ পৰিৱেশবিদ আৰু বন্যপ্ৰাণী প্ৰেমীসকলৰ বাবে আহিছে এটা অতিকে সুখবৰ । এসময়ত কাজিৰঙা আৰু কাৰ্বি আংলঙৰ ঘন অৰণ্যৰ অন্যতম প্ৰধান আকৰ্ষণ তথা পৰিৱেশ তন্ত্ৰৰ ৰক্ষক হিচাপে পৰিচিত, কিন্তু পৰৱৰ্তী সময়ত হেৰাই যোৱা অত্যন্ত চতুৰ আৰু ভয়ংকৰ চিকাৰী ৰাং কুকুৰ (Dhole/Asiatic Wild Dog) পুনৰ নিজৰ পুৰণি সাম্ৰাজ্যলৈ উভতি আহিছে ।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ (X) জৰিয়তে এই প্ৰাকৃতিক পুনৰুজ্জীৱনৰ এক গৌৰৱময় তথা অনুপ্ৰেৰণাদায়ক কাহিনী সমগ্ৰ বিশ্বৰ সন্মুখত ডাঙি ধৰিছে ।

২০২২ চনৰ ধুঁৱলী ছবিৰ পৰা ২০২৬ চনৰ সক্ৰিয় জাকলৈ : সংৰক্ষণৰ সফল যাত্ৰা

মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি, এই বিৰল চিকাৰী প্ৰজাতিটোৰ প্ৰত্যাৱৰ্তন হঠাতে হোৱা নাই, বৰঞ্চ ইয়াৰ আঁৰত আছে এক পৰিকল্পিত সংৰক্ষণ যাত্ৰা :

  • ২০২২ চন: অৰণ্যৰ মাজত সংস্থাপিত এটা ‘কেমেৰা ট্ৰেপ’ত এই ৰহস্যময় চিকাৰীটোৰ প্ৰথমখন ধুঁৱলী-কুঁৱলী ছবি ধৰা পৰে ।
  • পৰৱৰ্তী পৰ্যায়: বন বিভাগৰ বিশেষ দলে জংঘলত প্ৰত্যক্ষভাৱে ইহঁতৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ সক্ষম হয় ।
  • ২০২৬ চন (বৰ্তমান): কাজিৰঙা-কাৰ্বি আংলং অঞ্চলত ‘ৰাং কুকুৰ’ৰ এটা সমগ্ৰ সক্ৰিয় জাকৰ উপস্থিতি আধিকাৰিকভাৱে নিশ্চিত কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে বনাঞ্চলৰ পৰিসৰ বৃদ্ধি, বন্যপ্ৰাণী কৰিডৰসমূহ শক্তিশালী কৰা আৰু জংঘলসমূহক অবৈধ বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ কঠোৰ পদক্ষেপৰ বাবেই আজি বন্যপ্ৰাণীসমূহৰ বাবে এক অনুকূল পৰিৱেশ ঘূৰি আহিছে ।

পৰিৱেশ তন্ত্ৰত ‘ৰাং কুকুৰ’ৰ গুৰুত্ব : কিয় ই এক ডাঙৰ সফলতা ?

জীৱবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা বনৰীয়া ৰাং কুকুৰক এটা ‘এপেক্স প্ৰেডেটৰ’ (Apex Predator) অৰ্থাৎ শীৰ্ষ চিকাৰী বুলি গণ্য কৰা হয় ।

বিশেষজ্ঞৰ মত : যিকোনো পৰিস্থিতিতন্ত্ৰত শীৰ্ষ চিকাৰীৰ প্ৰত্যাৱৰ্তনৰ অৰ্থ হৈছে— তাৰ সমগ্ৰ খাদ্য শৃংখল আৰু পৰিৱেশ এতিয়া সম্পূৰ্ণ স্বাস্থ্যকৰ আৰু সুৰক্ষিত ।

ৰাং কুকুৰে সদায় দলবদ্ধভাৱে বা জাক পাতি চিকাৰ কৰে । ইহঁতে অৰণ্যত তৃণভোজী প্ৰাণীৰ জনসংখ্যা নিয়ন্ত্ৰণত ৰাখে, যাৰ ফলত অতিৰিক্ত চৰণৰ পৰা বনাঞ্চল ধ্বংস হোৱাৰ সম্ভাৱনা হ্ৰাস পায় । কাৰ্বি আংলং আৰু কাজিৰঙাৰ সংযোগী কৰিডৰ সুৰক্ষিত কৰা আৰু মানুহৰ হস্তক্ষেপ হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰী নীতি যে তৃণমূল পৰ্যায়ত সফল হৈছে, এই ঘটনাই তাকেই প্ৰমাণ কৰে ।

পৰ্যটন আৰু পৰিৱেশ ক্ষেত্ৰত নতুন মাত্ৰা-

বৰ্ধিত নগৰীকৰণ আৰু চোৰাং চিকাৰৰ কৱলত পৰি এই অঞ্চলটোৰ পৰা বিলুপ্তিৰ গৰাহলৈ গতি কৰা ‘ৰাং কুকুৰ’ৰ পুনৰাগমনে অসমৰ বন বিভাগৰ সফলতাৰ ওপৰত এক ডাঙৰ মোহৰ মাৰিছে । অনাগত দিনত এই সফলতাই অসমৰ জৈৱ-বৈচিত্ৰ্য চহকী কৰাৰ লগতে ৰাজ্যখনৰ পৰ্যটন উদ্যোগকো এক নতুন উচ্চতালৈ লৈ যাব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ।

লগতে পঢ়ক : দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মেচিনে টকা হিচাপ কৰিও ভাগৰি পৰিছে বিষয়া; ঘোচখোৰ লাচিত দাসৰ ঘৰত জাপে জাপে টকা

টকা খঁকুৱা ACS লাচিত দাসৰ সম্পৰ্কীয়ৰ ঘৰত টকাৰ উজান। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা। ৰহা, হোজাই, বেলতলাৰ দুটাকৈ স্থানত মাটি ক্ৰয়ৰ নথি-পত্ৰ উদ্ধাৰ।

যোৱা ২২ মে’ত দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ এটা বাসগৃহত পুনৰ তালাচী চলাই ১.১৮ কোটি টকাৰ নগদ ধনৰ লগতে ভূমি সম্পৰ্কীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰে।লাচিত কুমাৰ দাসক উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে গুৱাহাটীৰ বেলতলাৰ ৰাণীবাগানৰ কুইন’ছ গাৰ্ডেনত অৱস্থিত এটা ঘৰত তালাচী চলোৱা হয়।

বিষয়াসকলে জনোৱা মতে, অভিযানত এই পৰ্যন্ত লাচিত কুমাৰ দাসৰ পৰা ২.৮৭ কোটি টকা জব্দ কৰা হৈছে। তাৰে খুলশালিয়েকৰ ফ্লেটৰ পৰা ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা আৰু লাচিত দাসৰ পৰা ৪৮ লাখ ৩৮ হাজাৰ ১৫০ টকা জব্দ কৰা হৈছে। আনহাতে ৯ টাকৈ একাউন্টত দাসৰ আছে ৮১ লাখ টকা। ইয়াৰোপৰি ৭২ লাখতকৈও অধিক মূল্যৰ সোণ জব্দ কৰা হৈছে।এইগৰাকী দুৰ্নীতিৰ সদাগৰে সোঁৱে-বাঁৱে ঘটা টকা গণিবলৈ নিজৰ ঘৰতে টকা গণা মেচিনো ৰাখিছিল বুলি জানিব পৰা গৈছে ।  

উল্লেখযোগ্য যে, ভূমি তথ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্বত থকা লাচিত দাসে ভিন্নধৰ্মী লোকৰ মাজত মাটিৰ কিনা-বিকাৰ ক্ষেত্ৰত NOC দিয়াৰ বাবে দিওঁতে এজন লোকৰ পৰা দাবী কৰিছিল ১ লাখ টকা।দৰ-দামৰ পাছত ৫০ হাজাৰলৈ কমিল ঘোচৰ পৰিমাণ। তাৰে ৪৫ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে লোতৰে কৰায়ত্ত কৰিলে লাচিত কুমাৰ দাসক।

২১ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পিছত দুৰ্নীতি নিবাৰক শাখা  বিষয়াসকলে চলোৱা অভিযানত প্ৰায় ৪৮৩ গ্ৰাম সোণৰ অলংকাৰ উপৰি ভূমি-সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমা, বেংকৰ পাচবুকৰ লগতে অন্যান্য নথিপত্ৰ জব্দ কৰে। লাচিত কুমাৰ দাসৰ চৰকাৰী বাসভৱনৰ B-104 নম্বৰ কোঠাত দুৰ্নীতি নিবাৰক শাখাই চলায় অভিযান। অভিযানত জব্দ পঞ্জীয়নভুক্ত পিষ্টল আৰু কেইবাখনো বেংকৰ পাছবুক জব্দ কৰিছে।

লগতে পঢ়ক: ৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

ৰাজ্যত ভয়ংকৰ নৈশ বাছ দুৰ্ঘটনা; ঘৰ গৈ নাপালে দ্বীপজ্যোতি

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা মাজুলীৰ ঘৰলৈ বুলি যাত্ৰা নামৰ নৈশ বাছখনত উঠিছিল দ্বীপজ্যোতি বৰা। কিন্তু লখিমপুৰৰ নাওবৈচাত দুৰ্ঘটনাত পতিত হয় নৈশ বাছখন।

লখিমপুৰৰ নাওবৈচাত পুৱতি নিশা সংঘটিত হৈছে এক শোকাৱহ নৈশ বাছ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা মাজুলীৰ কমলাবাৰী অভিমুখী আছিল যাত্ৰা নামৰ নৈশ বাছখন। দুৰ্ঘটনাটোৰ ফলত এজন যাত্ৰীৰ নিহত হোৱাৰ লগতে ৪৫ জনৰো অধিক যাত্ৰী গুৰুতৰভাৱে আহত।

শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা মাজুলীৰ কমলাবাৰীলৈ গৈ আছিল যাত্ৰা নামৰ নৈশ বাছখন।নিহত যুৱক গৰাকী দ্বীপজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে। গুৱাহাটীৰ পৰা মাজুলীৰ ঘৰলৈ গৈ আছিল দ্বীপজ্যোতি। কিন্তু পুৱা ঘৰ গৈ নাপালে তেওঁ। নিয়ন্ত্ৰণহীন হৈ এজোপা গছত খুন্দা মাৰি বাগৰি পৰে AR01w1144 নম্বৰৰ নৈশ বাছখন।দলহাট তিনিআলিৰ শিঙৰা দলঙৰ সন্মুখত সংঘটিত হয় এই দূৰ্ঘটনাতো।

লগতে পঢ়ক: পুনৰ মাধমাৰ; ১০ দিনৰ ভিতৰত তৃতীয়বাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

ধৃত বিষয়াজনক ভূমি অভিলেখ বিভাগৰ অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাস বুলি চিনাক্ত কৰা হৈছে

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ে আজি মহানগৰীৰ ৰূপনগৰত এক সফল অভিযান চলাই এজন জ্যেষ্ঠ অসম অসামৰিক সেৱা (ACS) ৰ বিষয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত বিষয়াজনক ভূমি অভিলেখ বিভাগৰ অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাস বুলি চিনাক্ত কৰা হৈছে । মাটি বিক্ৰীৰ অনুমতি সংক্ৰান্তীয় অনাপত্তি প্ৰমাণপত্ৰ (NOC) প্ৰদান কৰাৰ নামত ঘোচ লোৱাৰ অভিযোগত তেওঁক আটক কৰা হয় ।

সঞ্চালকালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তি অনুসৰি, অতিৰিক্ত সঞ্চালক লাচিত কুমাৰ দাসে এজন অভিযোগকাৰীৰ পৰা ভূমি বিক্ৰীৰ এন অ’ চি উলিয়াই দিয়াৰ বাবদ ১ লাখ টকা উৎকোচ দাবী কৰিছিল । কিন্তু অভিযোগকাৰীজনে এই ঘোচৰ ধন দিবলৈ মান্তি নহৈ আইনী পদক্ষেপ গ্ৰহণৰ বাবে দুৰ্নীতি নিবাৰক আৰু তৰ্কদাৰী সঞ্চালকালয়ৰ কাষ চাপে ।

এই অভিযোগৰ ওপৰত ভিত্তি কৰি আজি ২১ মে’ত গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমি অভিলেখ সঞ্চালকালয়ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে এক অতৰ্কিত অভিযান চলায় । বিষয়াসকলে জনোৱা মতে, এচিএছ বিষয়া লাচিত কুমাৰ দাসে নিজৰ কাৰ্যালয়ৰ কক্ষৰ ভিতৰতে অভিযোগকাৰীজনৰ পৰা দাবী কৰা ঘোচৰ প্ৰথম কিস্তি হিচাপে ৪৫,০০০ টকা গ্ৰহণ কৰাৰ ঠিক পিছতেই দলটোৱে তেওঁক হাতে-লোটে ধৰা পেলায় ।

সঞ্চালকালয়ে সদৰী কৰা অনুসৰি, জব্দ কৰা ঘোচৰ টকাখিনি বিষয়াগৰাকীৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত নিয়ম অনুসৰি ছীল কৰা হৈছে ।

এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী থানাত প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)-ৰ ধাৰা ৭(এ)ৰ অধীনত ACB P.S. Case No. 19/2026 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, অভিযানৰ সময়ত অভিযুক্ত এচিএছ বিষয়াজনৰ বিৰুদ্ধে পৰ্যাপ্ত আৰু স্পষ্ট প্ৰমাণ পোৱাৰ পিছতে তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হয় । বৰ্তমান ঘটনা সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আৰু সোধা-পোছা অব্যাহত আছে ।

লগতে পঢ়ক : শপত লৈ বিধানসভাৰ মজিয়াত ‘মমতা দিদি জিন্দাবাদ’ ধ্বনি শ্বেৰমান আলীৰ

‘চৰ-চাপৰি মানুহেহে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিছে’; বসন্ত কুমাৰ গোস্বামীৰ বিস্ফোৰক মন্তব্য

মুছলমান মানেই বিদেশী নহয়। শিৱসাগৰতকৈ চৰৰ ল’ৰা-ছোৱালী অসমীয়া ভাষাত চোকা। চৰ-চাপৰিৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া ভাষা-সংস্কৃতি। চৰ-চাপৰিৰ লোক সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ ডাঙৰ মন্তব্য কৰিছে।

বৰপেটাৰ কয়াকুছিৰ এক অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে বিস্ফোৰক মন্তব্য কৰিছে।সভাপতি গৰাকীয়ে কয় যে,  মুছলমান মাত্ৰেই বিদেশী নহয়।চৰ-চাপৰিৰ লোকক লুইতপৰীয়া অসমীয়া হিচাপে আকোৱালি ল’ব লাগিব।চৰ-চাপৰি মানুহেহে অসমীয়া ভাষা-সংস্কৃতি জীয়াই ৰাখিছে। চৰাঞ্চলত অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ-ছাত্ৰী এজনো নাই।তেওঁলোকে অসমীয়াত ১০০ ৰ ভিতৰত ১০০ নম্বৰো পায়।তাৰ পৰিৱৰ্তে যোৰহাট-শিৱসাগৰতহে অসমীয়া বিষয়ত ফেল কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক।

তেওঁ আৰু কয় যে,আগন্তুক লোকপিয়লত চৰবাসীয়ে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাটো নিশ্চিত। চৰবাসীয়ে অসমীয়া পৰিচয় নিদিয়া হ’লে অসমীয়া ১৯৩১ বা ১৯৫১ চনতেই সংখ্যালঘু হ’লহেতেন।চৰবাসীৰ এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে ডাঙৰ ইতিবাচক দিশ।বড়ো-মিছিঙে নিজকে অসমীয়া বুলি নকয়, কিন্তু চৰ-চাপৰিৰ লোকেহে নিজক সদায় অসমীয়া বুলি পৰিচয় দিয়ে।সাংস্কৃতিক বন্ধনেৰে নিজক অসমীয়া বুলি পৰিচয় দিছে চৰ-চাপৰিবাসীয়ে।সেয়ে চৰবাসী লুইতপৰীয়া অসমীয়াৰ সৈতে সমন্বয়ৰ চেষ্টা চলাইছে অসম সাহিত্য সভাই।

লগতে পঢ়ক: কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত: অসমত শীঘ্ৰেই বলৱৎ হ’ব UCC ! ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য 

পদত্যাগ পত্ৰ দাখিল ড০ হিমন্ত বিশ্ব শৰ্মাৰ;  নতুন চৰকাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (NDA) নিৰ্ণায়ক বিজয়ৰ পাছত এই পদক্ষেপে নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছে।

বুধবাৰে ৰাজভৱনত উপস্থিত হৈ ড০ হিমন্ত শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ যাদৱক পদত্যাগ পত্ৰ দাখিল কৰে।ইয়াৰ ফলত নতুন চৰকাৰ গঠনৰ বাট মুকলি হৈছে। মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰাখিবলৈ কৈছে।

পদত্যাগ পত্ৰ দাখিলৰ পিছতে সংবাদ মাধ্যমক সম্বোধন ড০ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিনে জে পি নাড্ডা আৰু নায়াব সিং ছাইনী দুয়োকে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।কিন্তু নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত পুৰণি চৰকাৰখনৰ মন্ত্ৰীসকলেই পালন কৰিব দায়িত্ব।

তেওঁ লগতে কয়, “মুখ্যমন্ত্ৰী কোন হ’ব? পৰৱৰ্তী নেতা কোন হ’ব? (বিজেপি) বিধায়িনী দলেহে এই সিদ্ধান্ত ল’ব। অৱশ্যে বিধায়িনী দলৰ নেতা এতিয়াও নিৰ্বাচিত হোৱা নাই সেয়েহে আমি প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰা উচিত।১১ তাৰিখৰ পিছত হ’ব নতুন চৰকাৰৰ শপত গ্ৰহণ হ’ব ।জেপি নাড্ডাৰ সৈতে আলোচনা কৰি ঘোষণা কৰা হ’ব শপতগ্ৰহণৰ দিন। বিধায়িনী দলৰ বৈঠকৰ পিছতে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।  

লগতে পঢ়ক:  মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই আজি দাখিল কৰিব পদত্যাগ পত্ৰ