মেচিনে টকা হিচাপ কৰিও ভাগৰি পৰিছে বিষয়া; ঘোচখোৰ লাচিত দাসৰ ঘৰত জাপে জাপে টকা

মেচিনে টকা হিচাপ কৰিও ভাগৰি পৰিছে বিষয়া; ঘোচখোৰ লাচিত দাসৰ ঘৰত জাপে জাপে টকা

টকা খঁকুৱা ACS লাচিত দাসৰ সম্পৰ্কীয়ৰ ঘৰত টকাৰ উজান। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা। ৰহা, হোজাই, বেলতলাৰ দুটাকৈ স্থানত মাটি ক্ৰয়ৰ নথি-পত্ৰ উদ্ধাৰ। যোৱা ২২ মে’ত দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ এটা বাসগৃহত পুনৰ

টকা খঁকুৱা ACS লাচিত দাসৰ সম্পৰ্কীয়ৰ ঘৰত টকাৰ উজান। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা। ৰহা, হোজাই, বেলতলাৰ দুটাকৈ স্থানত মাটি ক্ৰয়ৰ নথি-পত্ৰ উদ্ধাৰ।

যোৱা ২২ মে’ত দুৰ্নীতি নিবাৰক শাখাই ঘোচখোৰ এচিএছ বিষয়া লাচিত কুমাৰ দাসৰ এটা বাসগৃহত পুনৰ তালাচী চলাই ১.১৮ কোটি টকাৰ নগদ ধনৰ লগতে ভূমি সম্পৰ্কীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰে।লাচিত কুমাৰ দাসক উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে গুৱাহাটীৰ বেলতলাৰ ৰাণীবাগানৰ কুইন’ছ গাৰ্ডেনত অৱস্থিত এটা ঘৰত তালাচী চলোৱা হয়।

বিষয়াসকলে জনোৱা মতে, অভিযানত এই পৰ্যন্ত লাচিত কুমাৰ দাসৰ পৰা ২.৮৭ কোটি টকা জব্দ কৰা হৈছে। তাৰে খুলশালিয়েকৰ ফ্লেটৰ পৰা ১ কোটি ১৭ লাখ ৩০ হাজাৰ টকা আৰু লাচিত দাসৰ পৰা ৪৮ লাখ ৩৮ হাজাৰ ১৫০ টকা জব্দ কৰা হৈছে। আনহাতে ৯ টাকৈ একাউন্টত দাসৰ আছে ৮১ লাখ টকা। ইয়াৰোপৰি ৭২ লাখতকৈও অধিক মূল্যৰ সোণ জব্দ কৰা হৈছে।এইগৰাকী দুৰ্নীতিৰ সদাগৰে সোঁৱে-বাঁৱে ঘটা টকা গণিবলৈ নিজৰ ঘৰতে টকা গণা মেচিনো ৰাখিছিল বুলি জানিব পৰা গৈছে ।  

উল্লেখযোগ্য যে, ভূমি তথ্য সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালকৰ দায়িত্বত থকা লাচিত দাসে ভিন্নধৰ্মী লোকৰ মাজত মাটিৰ কিনা-বিকাৰ ক্ষেত্ৰত NOC দিয়াৰ বাবে দিওঁতে এজন লোকৰ পৰা দাবী কৰিছিল ১ লাখ টকা।দৰ-দামৰ পাছত ৫০ হাজাৰলৈ কমিল ঘোচৰ পৰিমাণ। তাৰে ৪৫ হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাই হাতে লোতৰে কৰায়ত্ত কৰিলে লাচিত কুমাৰ দাসক।

২১ মে’ত গ্ৰেপ্তাৰ হোৱাৰ পিছত দুৰ্নীতি নিবাৰক শাখা  বিষয়াসকলে চলোৱা অভিযানত প্ৰায় ৪৮৩ গ্ৰাম সোণৰ অলংকাৰ উপৰি ভূমি-সম্পত্তিৰ নথিপত্ৰ, জীৱন বীমা, বেংকৰ পাচবুকৰ লগতে অন্যান্য নথিপত্ৰ জব্দ কৰে। লাচিত কুমাৰ দাসৰ চৰকাৰী বাসভৱনৰ B-104 নম্বৰ কোঠাত দুৰ্নীতি নিবাৰক শাখাই চলায় অভিযান। অভিযানত জব্দ পঞ্জীয়নভুক্ত পিষ্টল আৰু কেইবাখনো বেংকৰ পাছবুক জব্দ কৰিছে।

লগতে পঢ়ক: ৪৫ হাজাৰ টকাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস

শেহতীয়া প্ৰৱন্ধসমূহ