প্ৰয়াত ‘হী-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ; বঁটা গ্ৰহণ কৰিলে হেমা মালিনীয়ে, আৱেগিক হৈ পৰিল জীয়ৰী আহানা

প্ৰয়াত ‘হী-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ; বঁটা গ্ৰহণ কৰিলে হেমা মালিনীয়ে, আৱেগিক হৈ পৰিল জীয়ৰী আহানা

কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’ হিন্দী চলচ্চিত্ৰ জগতৰ কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’। সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক মৰ্যাদাপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী

কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’

হিন্দী চলচ্চিত্ৰ জগতৰ কিংবদন্তী অভিনেতা, ‘হী-মেন’ খ্যাত ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণ’। সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক মৰ্যাদাপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰে প্ৰয়াত অভিনেতাগৰাকীৰ পত্নী তথা বিজেপি সাংসদ হেমা মালিনীয়ে ।

কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে ধৰ্মেন্দ্ৰক এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰা হয় । বঁটা গ্ৰহণ অনুষ্ঠানত ধৰ্মেন্দ্ৰৰ নাম ঘোষণা কৰাৰ লগে লগে তাত উপস্থিত থকা তেওঁৰ জীয়ৰী আহানা দেউল আৱেগিক হৈ পৰে । তেওঁ স্বামী বৈভৱ বোহৰাৰ সৈতে অনুষ্ঠানত উপস্থিত আছিল ।

বঁটা গ্ৰহণ কৰাৰ পূৰ্বে অভিনেত্ৰী হেমা মালিনীয়ে সংবাদ মাধ্যমৰ আগত এই মূহূৰ্তটোক সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে । তেওঁ কয়:

“ইয়াৰ বাবে আমি অত্যন্ত সুখী, সমগ্ৰ দেশবাসীয়েই সুখী । এই সন্মান যদি কিছু পূৰ্বে পালেহেঁতেন, তেন্তে ধৰ্মেন্দ্ৰ জী নিজেই বহুত আনন্দিত হ’লহেঁতেন আৰু তেওঁক দেখি তেওঁৰ অনুৰাগীসকল অধিক সুখী হ’লহেঁতেন ।”

ইয়াৰ পূৰ্বে দিয়া আন এক বিবৃতিত হেমা মালিনীয়ে এই স্বীকৃতি লাভৰ ঘটনাক বহু পলমকৈ হোৱা বুলি উল্লেখ কৰিছিল যদিও ধৰ্মেন্দ্ৰৰ অনন্য অৱদানক স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।

ছয় দশক জোৰা এক সোণালী যাত্ৰাৰ অন্ত-

উল্লেখ্যে যে, সুদীৰ্ঘ ৬ দশক ধৰি দৰ্শকৰ মন জয় কৰা ছবি জগতৰ এইগৰাকী মহানায়কে ২০২৫ চনৰ ২৪ নৱেম্বৰত ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল । মৃত্যুৰ পূৰ্বে তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । যোৱা বছৰৰ ১০ নৱেম্বৰত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত পৰিয়ালে ঘৰুৱা চিকিৎসাৰ সিদ্ধান্ত লোৱাত তেওঁক হাস্পতালৰ পৰা এৰি দিয়া হয় । অৱশেষত ২৪ নৱেম্বৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

আকৰ্ষণীয় ব্যক্তিত্ব, মৃদু হাঁহি আৰু বহুমুখী অভিনয় প্ৰতিভাৰ বাবে পৰিচিত ধৰ্মেন্দ্ৰই ‘শ্বোলে’, ‘চুপকে চুপকে’, ‘আয়া সাৱন ঝুম কে’, ‘আই মিলন কি বেলা’ আৰু ‘অনুপমা’ৰ দৰে বহু কালজয়ী উপহাৰ দি গৈছে ।

দেশৰ বিশিষ্ট ব্যক্তিসকললৈ পদ্ম বঁটা-

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ২০২৬ চনৰ পদ্ম বঁটা প্ৰাপকৰ আনুষ্ঠানিক তালিকা প্ৰকাশ কৰিছিল । আজি ২৫ মে’ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয় । কলা, সাহিত্য, সমাজসেৱা, চিকিৎসা, শিক্ষা আৰু জনসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উৎকৃষ্টতা, নিষ্ঠা আৰু সমাজলৈ দীৰ্ঘকালীন অৱদান আগবঢ়োৱা দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰা হয় ।

লগতে পঢ়ক : কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক