ইৰাণৰ পৰা হৰমুজ প্ৰণালীৰ সন্দৰ্ভত ডাঙৰ খবৰ ওলাইছে। ইৰাণৰ মতে অহা ৩০ দিনৰ ভিতৰত হৰমুজ প্ৰণালী পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব।
ইৰাণে এক বৃহৎ ঘোষণা কৰিছে।তেওঁলোকে উল্লেখ কৰিছে যে, অহা ৩০ দিনৰ ভিতৰত হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা জাহাজৰ সংখ্যা পূৰ্বৰ স্তৰলৈ ঘূৰি আহিব পাৰে।অৰ্থাৎ এই পথেৰে পাৰ হৈ যোৱা জাহাজৰ সংখ্যা এতিয়া যুদ্ধৰ পূৰ্বৰ স্তৰলৈ ঘূৰি আহিছে।বিশ্বৰ দেশসমূহে এই বক্তব্যক আশ্বস্ত কৰা খবৰ হিচাপে লৈছে।
হৰমুজ প্ৰণালী বিশ্বৰ বাবে এক জীৱনৰেখা।যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ বিশ্বৰ অসংখ্য দেশত ইন্ধনৰ সংকটৰ সৃষ্টি হৈছে।অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিল।এতিয়া ৩০ দিনৰ ভিতৰত হৰমুজ জলদ্বীপক পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ কথা চৰ্চা হৈছে।অৰ্থাৎ যুদ্ধৰ পূৰ্বে যি পৰিস্থিতি আছিল, সেই পৰিস্থিতি পুনৰ ঘূৰি আহিব।
যোৱা কেইমাহমানৰ পৰা মধ্যপ্ৰাচ্যত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছিল। ইৰাণ আৰু অন্যান্য ৰাষ্ট্ৰৰ মাজত উত্তেজনাৰ বাবে এই পথেৰে ট্ৰেনজিট কৰা জাহাজৰ সংখ্যা হ্ৰাস পাইছে।জাহাজৰ মালিক আৰু তেল কোম্পানীসমূহে আশংকাত ভুগিছে যে তেওঁলোকৰ জাহাজৰ ক্ষতি হ’ব পাৰে।ফলত তেলৰ যোগান লেহেমীয়া হৈছে, যাৰ ফলত বিশ্বৰ তেলৰ মূল্য আৰু বজাৰত প্ৰভাৱ পৰিছে।
এই সকলোবোৰৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে যে আমেৰিকা,ইৰাণ আৰু অঞ্চলটোৰ আন কেইবাখনো দেশৰ মাজত হোৱা চুক্তি চূড়ান্ত হোৱাৰ উপক্ৰম হৈছে।ৰাষ্ট্ৰপতি ট্ৰাম্পে লগতে কয় যে এই চুক্তিত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে, আৰু ইয়াৰ সন্দৰ্ভত অতি সোনকালে ঘোষণা কৰা হ’ব।
লগতে পঢ়ক: হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত









