ৰোহিত শৰ্মাৰ আন এক অভিলেখ… কোহলী-শচীনৰ ক্লাবত যোগদান

বিস্ফোৰক ফৰ্মত থকা ৰোহিত শৰ্মাই আন এক অভিলেখ গঢ়িছে । তেওঁ শচীন-কোহলীৰ ক্লাবত যোগদান কৰিছে ।

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে । ৬ ডিচেম্বৰ, শনিবাৰে বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰা ৰেড্ডী এচিএ-ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনতো ৰোহিত শৰ্মাই বিস্ফোৰক বেটিং প্ৰদৰ্শন কৰে । হিটমেন খ্যাত ৰোহিতে এই মেচত ৭৩ টা বলত ৭৫ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে, য’ত টা চাৰি আৰু তিনিটা ৬ আছিল ।

ইয়াৰ পিছতে ৰোহিত শৰ্মা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান সংগ্ৰহ কৰা ১৪ সংখ্যক বেটছমেন হিচাবে পৰিগণিত হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ আছে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰৰ নামত । শচীনে ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচত গড়ে ৪৮.৫২ত ৩৪,৩৫৭ ৰান সংগ্ৰহ কৰিছে, য’ত ১০০টা শতক আৰু ১৬৪টা অৰ্ধশতক আছে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০ হাজাৰ ৰান (ভাৰতীয় বেটছমেন)

৩৪,৩৫৭ – শচীন তেণ্ডুলকাৰ

২৭,৯১০ – বিৰাট কোহলী

২৪,২০৮ – ৰাহুল দ্ৰাবিড়

২০,০৪৮ – ৰোহিত শৰ্মা

ভাৰতীয় দলৰ হৈ এটা শকৰো অধিক সময় ধৰি অ’পেনাৰ হিচাপে কাম কৰি আহিছে ৰোহিতে । তেওঁ কৌশল, ধৈৰ্য্য, বিস্ফোৰক শ্বটৰ নিখুঁত ভাৰসাম্য প্ৰদৰ্শন কৰিছে । তেওঁৰ এই উজ্জ্বল ইনিংছৰ বাবে ভাৰতে বগা বল ক্ৰিকেটত বহু উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । বিশাখাপট্টনম এদিনীয়াত তেওঁৰ এই কৃতিত্ব তেওঁৰ শক্তি, দীৰ্ঘ সময় ধৰি ক্ৰীজত থাকিব পৰা ক্ষমতা আৰু তিনিওটা ফৰ্মেটতে তেওঁৰ উৎকৃষ্ট খেলৰ প্ৰমাণ ।

লগতে পঢ়ক : বিশাখাপট্টনমত ভাগিল ভাৰতৰ এই অভিলেখ… ২০খন মেচৰ পাছত ঘটিল এই অঘটন!

ৰোহিত-কোহলীৰে কি গোপন আলোচনা ৰাষ্ট্রীয় নির্বাচকৰ

বিমানবন্দৰতে এগৰাকী ৰাষ্ট্রীয় নির্বাচকৰ সৈতে গোপন আলোচনা তাৰকা ক্রিকেটাৰ বিৰাট কোহলীৰ ৷ ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে চৰ্চাৰ ।

ৰাঁচীৰ বিমানবন্দৰতে এগৰাকী ৰাষ্ট্রীয় নির্বাচকৰ সৈতে গোপন আলোচনা তাৰকা ক্রিকেটাৰ বিৰাট কোহলীৰ ৷ দ্বিতীয়খন এদিনীয়াত ভাগ লোৱাৰ উদ্দেশ্যে ৰায়পুৰলৈ ৰাওনা হোৱাৰ পূর্বে ৰাঁচীৰ বিমানবন্দৰত যথেষ্ট সময় ধৰি প্রজ্ঞান ওঝাৰ সৈতে কথা পতা দেখা গৈছিল কোহলিক ৷

কোহলীৰ উপৰি ৰোহিত শর্মায়ো নির্বাচকসকলৰ সৈতে বার্তা লাভ কৰে৷ সূত্র অনুসৰি, বিচিচিআইৰ বিষয়াসকলে কোহলী অবিহনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ চিন্তা কৰিবলৈ অনিচ্ছুক ৷

প্রস্তাৱিত বৈঠকৰ পূর্বে কোহলিয়ে ৰাঁচী বিমানবন্দৰত ৰাষ্ট্রীয় নির্বাচকসকলৰ সৈতে এখন চমু বৈঠকত মিলিত হয় ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত কোহলিয়ে ওঝাক অতি গুৰুত্বসহকাৰে কিবা এটা বুজাই থকা দেখা গৈছে ৷

প্রাক্তন স্পীনাৰজনে মনোযোগেৰে কোহলিৰ কথা শুনি আছে৷ বহু সময় ধৰি দুয়ো কথা পাতিছিল৷ অৱশ্যে তেওঁলোকে কি কথা পাতিছিল সেয়া জানিব পৰা হোৱা নাই ৷

ইপিনে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাঁচী বিমানবন্দৰৰ আন এটা ভিডিঅ’৷ ভিডিঅ’টোত ওঝাক প্রশিক্ষক গৌতম গম্ভীৰৰ কাষত বহি থকা দেখা গৈছে৷ দুয়োজনে হাঁহি হাঁহি কথা পাতি আছিল ৷

ইয়াৰ পূর্বে ওঝাই ৰোহিত শর্মাৰ সৈতে হাত মিলাই থকা দেখা গৈছিল ৷ ৰাষ্ট্রীয় নির্বাচকগৰাকীয়ে ৰোহিতৰ সৈতেও কিছু সময় ধৰি বার্তালাপ কৰে৷ উল্লেখ্য যে কিছুমাহ ধৰি নির্বাচকৰ দায়িত্বত আছে প্রাক্তন ক্রিকেটাৰ প্রজ্ঞান ওঝা ৷

লগতে পঢ়ক : ঘৰুৱা ক্ৰিকেটলৈ ঘূৰি আহিবলৈ সাজু বিৰাট কোহলী, ১৫ বছৰৰ পাছত খেলিব এই টুৰ্ণামেন্ট

ICCৰ এদিনীয়া বেটাৰৰ ৰেংকিঙৰ শীৰ্ষত পুনৰ ‘হিটমেন’ ৰোহিত শৰ্মা

এদিনীয়াৰ শীৰ্ষত ‘হিটমেন’ ৰোহিত শৰ্মা

ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই পুনৰবাৰ আই চি চিৰ এদিনীয়া বেটিং ৰেংকিঙত প্ৰথম স্থান দখল কৰিছে । নিউজীলেণ্ডৰ বেটছমেন ডেৰিল মিচেলৰ ৰেটিং পইণ্ট হ্ৰাস হোৱা আৰু শেষৰ দুখন মেচত অংশ ল’ব নোৱৰাৰ বাবে তেওঁক অতিক্ৰম কৰিছে ৰোহিত শৰ্মাই । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বে হিটমেন ৰোহিত শৰ্মাই এদিনীয়াৰ এই স্থান পুনৰুদ্ধাৰ কৰিছে ।

নিউজীলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ উত্থান-

যদিও মিচেলে শীৰ্ষস্থান হেৰুৱাইছে, তথাপিও নিউজীলেণ্ডৰ আন খেলুৱৈসকলৰ ৰেংকিঙত উত্থান ঘটিছে । ৰাচিন ৰবিন্দ্ৰই এটা স্থান আগুৱাই দ্বাদশ স্থান লাভ কৰিছে । ডেভন কনৱেই ১১টা স্থান আগুৱাই ৩১ নম্বৰ স্থানত আছে । ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাহী হোপ অপৰাজিত শতকৰ বাবে ৰেংকিঙত উত্থান ঘটাই এতিয়া ৮ম স্থানত আছে । বলাৰৰ ভিতৰত মিচেল ছেণ্টনাৰ আৰু মেট হেনৰীৰ প্ৰদৰ্শনৰ বাবে নিউজীলেণ্ডে আৰু অধিক লাভৱান হয় ।

টি-২০ৰ শীৰ্ষ স্থানৰ অল ৰাউণ্ডাৰ ছিকন্দৰ ৰাজা-

জিম্বাবুৱেৰ তাৰকা ছিকন্দৰ ৰাজাই প্ৰথমবাৰৰ বাবে টি-২০ৰ শীৰ্ষ স্থানৰ অল ৰাউণ্ডাৰ ৰেংকিং লাভ কৰি ইতিহাস ৰচনা কৰিছে । ট্ৰাই ছিৰিজৰ সময়ত তেওঁৰ অল ৰাউণ্ড প্ৰদৰ্শনক বহুল প্ৰশংসা কৰা হৈছে ।

টেষ্টত বলাৰ আৰু অলৰাউণ্ডাৰৰ উত্থান-

টেষ্ট ৰেংকিঙতো কিছু গতিশীলতা দেখা গৈছে । ইংলেণ্ডৰ অলি পোপে এতিয়া ২৪ নম্বৰ স্থান লাভ কৰিছে । বাংলাদেশৰ টাইজুল ইছলাম ১৫ নম্বৰ স্থানত । অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক এতিয়া টেষ্ট বলাৰৰ ভিতৰত পঞ্চম স্থানলৈ উন্নীত হৈছে । অল ৰাউণ্ডাৰ তালিকাত বেন ষ্ট’কছ দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ভাৰতৰ ৰবীন্দ্ৰ জাডেজা শীৰ্ষত আছে ।

লগতে পঢ়ক : ২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

২০২৬ৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব; আই চি চিৰ অধ্যক্ষৰ ঘোষণা

ৰোহিত শৰ্মাক ডাঙৰ দায়িত্ব

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা দুবাৰৰ টি-২০ বিশ্বকাপ বিজয়ী ৰোহিত শৰ্মাক আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেণ্টত ডাঙৰ দায়িত্ব প্ৰদান কৰা হৈছে । হিটমেন হিচাবে পৰিচিত ৰোহিতক টি-২০ বিশ্বকাপ ২০২৬ৰ টুৰ্ণামেন্ট এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে ।

২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ প্ৰতিযোগিতা । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগা এই প্ৰতিযোগিতাৰ ফাইনেল ৮ মাৰ্চত অনুষ্ঠিত হ’ব । ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত গ্ৰুপ পৰ্যায়ৰ হাই ভল্টেজ মেচ অনুষ্ঠিত হ’ব ।

২০২৪ চনৰ টি-২০ বিশ্বকাপত ৰোহিত শৰ্মাই নেতৃত্ব দিছিল টিম ইণ্ডিয়াক । ৪,২৩১ ৰান সংগ্ৰহ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে ৰোহিতে । এই ফৰ্মেটত তেওঁৰ গড় ৩২.০১ আৰু ষ্ট্ৰাইক ৰেট ১৪০.৮৯ ।

উল্লেখ্য যে, ভাৰতৰ হৈ দুটা বিশ্বকাপ জয়ৰ সৈতে জড়িত আছিল হিটমেন ৰোহিত শৰ্মা । ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ অভিষেক মেচতে তেওঁ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল । য’ত তেওঁ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫০* আৰু পাকিস্তানৰ বিৰুদ্ধে ফাইনেলত ৩০* ৰান সংগ্ৰহ কৰিছিল ।

২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ অধিনায়ক হিচাপে তেওঁ ১১ বছৰৰ পাছত ভাৰতক আই চি চি ট্ৰফীলৈ প্ৰদান কৰে । এই প্ৰতিযোগিতাত ১৫৬.৭০ ষ্ট্ৰাইক ৰেটেৰে ২৫৭ ৰান সংগ্ৰহ কৰি ভাৰতৰ সৰ্বাধিক স্ক’ৰাৰ হিচাপে পৰিগণিত হয় ৰোহিত । তেওঁৰ স্মৰণীয় ইনিংছ আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯২ (৪১) আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫৭ (৩৯) ৰান । বিশ্বকাপ জয়ৰ পিছতে ৰোহিতে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

টুৰ্ণামেন্ট এম্বেছাদৰ হোৱাৰ পিছত ৰোহিত শৰ্মাই কয়, “এই প্ৰতিযোগিতাখন ভাৰতলৈ ঘূৰি অহাটো বৰ ভাল কথা । নতুন ৰূপত এই ফৰ্মেটত জড়িত হোৱাটো এক সন্মানৰ বিষয় । সকলো খেলুৱৈলৈ শুভেচ্ছা । আশাকৰোঁ তেওঁলোকে ভাৰতৰ আতিথ্য উপভোগ কৰিব আৰু স্মৰণীয় স্মৃতি ঘৰলৈ লৈ যাব ।”

লগতে পঢ়ক : ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

ঘোষণা হ’ল আই চি চি টি ২০ বিশ্বকাপৰ দিন; ১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ যুঁজ

আই চি চি টি ২০ বিশ্বকাপ

অহা বছৰ অনুষ্ঠিত হ’বলগা আই চি চি টি ২০ বিশ্বকাপৰ সময়সূচী মঙলবাৰে ঘোষণা কৰা হয় । ২০টা দলৰ এই বিশ্বকাপ প্ৰতিযোগিতা ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব । খিতাপ ৰক্ষাৰ উদ্দেশ্যেৰে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিব ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০২৪ চনত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি এই ট্ৰফী লাভ কৰিছিল । এইবাৰ এই প্ৰতিযোগিতাৰ দশম সংস্কৰণ অনুষ্ঠিত হ’ব । ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই টি-২০ বিশ্বকাপ প্ৰতিযোগিতা ।

কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আই চি চি টি ২০ বিশ্বকাপ ২০২৬ৰ সূচী প্ৰকাশ কৰা হয় । এই অনুষ্ঠানত আই চি চিৰ অধ্যক্ষ জয় শ্বাহ, ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, ২০২৪ চনৰ টি ২০ বিশ্বকাপক নেতৃত্ব দিয়া ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা, বৰ্তমানৰ ভাৰতীয় টি-২০ অধিনায়ক সূৰ্যকুমাৰ যাদৱ, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ মিথুন মানহাছ, সচিব দেৱজিৎ শইকীয়া, উপাধ্যক্ষ ৰাজীৱ শুক্লা আদিয়ে অংশগ্ৰহণ কৰে ।

আঠটা স্থানত অনুষ্ঠিত হ’ব মেচ-

আই চি চিৰ সভাপতি জয় শ্বাহে উল্লেখ কৰে যে ২০২৬ চনৰ টি ২০ বিশ্বকাপ ভাৰত আৰু শ্ৰীলংকাৰ আঠটা স্থানত অনুষ্ঠিত হ’ব । ভাৰতত মুঠ পাঁচটা স্থানত খেল অনুষ্ঠিত হ’ব, আনহাতে শ্ৰীলংকাৰ তিনিটা স্থানত এই প্ৰতিযোগিতাৰ বাবে মেচ অনুষ্ঠিত হ’ব । ভাৰতত দিল্লী, মুম্বাই, চেন্নাই, কলকাতা আৰু আহমেদাবাদত খেল অনুষ্ঠিত হ’ব । ইফালে শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা আৰু এছ স্প’ৰ্টছ ক্লাবত মেচ অনুষ্ঠিত হ’ব, আনহাতে কেণ্ডিৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামতো মেচ অনুষ্ঠিত হ’ব ।

প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব ইটালীয়ে-

যোৱাবাৰৰ দৰেই ২০টা দলে টি ২০ বিশ্বকাপত অংশগ্ৰহণ কৰিছে । এই সকলোবোৰ দলকে চাৰিটা গ্ৰুপত ভাগ কৰা হৈছে, প্ৰতিটো গ্ৰুপত পাঁচটা দল ৰখা হৈছে । গ্ৰুপ পৰ্যায়ৰ পিছত ছুপাৰ এইট পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব । প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে এই পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব । ছুপাৰ এইট পৰ্যায়ত আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হ’ব, প্ৰতিটো গ্ৰুপত চাৰিটা দল থাকিব ।

প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল ছেমি ফাইনেলত প্ৰৱেশ কৰিব, তাৰ পিছত দুটা দলে ফাইনেল খেলিব । এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহৰ ভিতৰত আছে ভাৰত, নামিবিয়া, নেদাৰলেণ্ড, পাকিস্তান, আমেৰিকা, বাংলাদেশ, ইটালী, ইংলেণ্ড, নেপাল, ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, ওমান, শ্ৰীলংকা, জিম্বাবুৱে, আফগানিস্তান, কানাডা, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, আৰু ইউ এ ই ।

একেটা গ্ৰুপত ভাৰত-পাকিস্তান-

ভাৰত আৰু পাকিস্তান এই প্ৰতিযোগিতাৰ একেটা গ্ৰুপতে আছে । ভাৰতৰ উপৰিও গ্ৰুপ এত পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড, নামিবিয়া আছে । গ্ৰুপ বিত আছে অষ্ট্ৰেলিয়া, সহ-আয়োজক শ্ৰীলংকা, আয়াৰলেণ্ড, জিম্বাবুৱে, আৰু ওমান । গ্ৰুপ চিত আছে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ, নেপাল, আৰু ইটালী । গ্ৰুপ ডিত নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, আফগানিস্তান, কানাডা, ইউ এ ই আছে ।

কলম্বোত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ-

ভাৰতে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাৰ বিৰুদ্ধে টুৰ্ণামেণ্টত নিজৰ অভিযান আৰম্ভ কৰিব । এই মেচখন মুম্বাইত অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে ১২ ফেব্ৰুৱাৰীত নতুন দিল্লীত মুখামুখি হ’ব ভাৰত আৰু নামিবিয়া । আনহাতে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰতিযোগিতাখনৰ হাইভল্টেজ মেচখন ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ।

আই চি চি, বি চি চি আই, আৰু পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মাজত হোৱা চুক্তি অনুসৰি ২০২৭ চনলৈকে ভাৰত-পাকিস্তানৰ সকলো খেল নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব । এই বাবেই কলম্বোৱে দুয়োটা দলৰ মাজত খেলখন আয়োজন কৰিব । অহা ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদত ভাৰতৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল অনুষ্ঠিত হ’ব ।

ৰোহিত শৰ্মা টুৰ্ণামেণ্টৰ এম্বেছাদৰ-

আই চি চিৰ অধ্যক্ষ জয় শ্বাহে ঘোষণা কৰে যে ভাৰত আৰু শ্ৰীলংকাই আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ বাবে ৰোহিত শৰ্মাক এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । শ্বাহে কয় যে ২০২৪ চনৰ টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক আৰু এতিয়ালৈকে ৯টা সংস্কৰণতে খেলা খেলুৱৈতকৈ এই ইভেণ্টৰ উত্তম প্ৰতিনিধি থাকিব নোৱাৰে ।

লগতে পঢ়ক : গুৱাহাটী টেষ্টত পৰাজয়ৰ গৰাহত ভাৰতীয় দল! সন্মুখত বিশাল লক্ষ্য…

ভাৰতীয় দলৰ অংশ হ’বলৈ কৰিব লাগিব এই কাম! ৰোহিত-বিৰাটক বিচিচিআইৰ নিৰ্দেশ

ভাৰতীয় দলত অন্তৰ্ভূক্ত হ’বলৈ কৰিব লাগিব এই কাম !

ভাৰতৰ তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ভৱিষ্যতক লৈ এতিয়াও অনিশ্চয়তাৰ সৃষ্টি হৈয়ে আছে । টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ লোৱা দুয়োগৰাকী ভাৰতীয় ক্ৰিকেট কিংবদন্তি এতিয়া কেৱল এদিনীয়া ক্ৰিকেটত সক্ৰিয় হৈ আছে । দলৰ পৰা বাদ পৰা আৰু অৱসৰৰ বিষয়ে জল্পনা-কল্পনাৰ মাজতে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত এদিনীয়া শৃংখলাত দুয়োজন তাৰকা ভাৰতীয় দললৈ পুনৰ উভতি আহিছিল যদিও তেওঁলোকৰ স্থান এতিয়াও অনিশ্চিত হৈ আছে । ইফালে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়া দুয়োকে এক চৰ্ত বান্ধি দিছে । চৰ্ত অনুসৰি ঘৰুৱা ক্ৰিকেট খেলিলেহে টিম ইণ্ডিয়াৰ অংশ হ’ব পাৰিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলী ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰাৰ পিছত বৰ্তমান খেলপথাৰৰ পৰা আঁতৰত আছে বিৰাট আৰু ৰোহিত । শেহতীয়াকৈ টি-২০ ছিৰিজ খেলিছিল টিম ইণ্ডিয়াই আৰু এতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজ খেলিব । অৱশ্যে ভাৰতীয় দলটোৱে পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব আৰু তাৰ ঠিক পূৰ্বে বিচিচিআইয়ে দুয়োগৰাকী তাৰকা খেলুৱৈক ঘৰুৱা ক্ৰিকেট খেলাৰ নিৰ্দেশ জাৰি কৰিছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দুয়োগৰাকী প্ৰাক্তন অধিনায়কক ঘৰুৱা এদিনীয়া প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ কৈছে । অৱশ্যে এই প্ৰতিযোগিতা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব । গতিকে ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ ক্ষেত্ৰত এই চৰ্ত প্ৰযোজ্য নহ’ব ।

ভাৰতীয় দলৰ পৰৱৰ্তী এদিনীয়া শৃংখলা নিউজীলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব, যিটো ২০২৬ চনৰ ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু সেই প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হ’বলৈ দুয়োজনে এই চৰ্ত পূৰণ কৰিব লাগিব । অৱশ্যে দুয়োগৰাকী তাৰকাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নে নকৰে সেয়া হ’ব লক্ষ্যণীয় ।

অৱশ্যে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰোহিতে ঘৰুৱা ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰকাশ কৰি মুম্বাই ক্ৰিকেট সন্থাক তেওঁৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰিছে । কেৱল বিজয় হাজাৰে ট্ৰফীয়েই নহয়, ইয়াৰ পূৰ্বে অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীতো ৰোহিত শৰ্মাক খেলা দেখা যাব পাৰে । ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা ১৮ ডিচেম্বৰলৈকে চলিব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নিৰ্বাচনৰ বাবেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ বাধ্যতামূলক হ’ব নে নহয় সেয়া বৰ্তমান স্পষ্ট নহয় । বিৰাট কোহলীৰ কথা ক’বলৈ গ’লে, প্ৰতিবেদন অনুসৰি বিজয় হাজাৰে ট্ৰফীত তেওঁৰ অংশগ্ৰহণ সম্পৰ্কীয় পৰিস্থিতি বৰ্তমান স্পষ্ট নহয় ।

লগতে পঢ়ক : ইডেনত ভাৰত-দক্ষিণ আফ্ৰিকাৰ অগ্নিপৰীক্ষা; WTCৰ দৌৰত আগত কোন ?

চকুত চকুপানী,ঈশ্বৰক ধন্যবাদ ; ভাৰতীয় মহিলাই বিশ্বকাপ জয়ৰ পিছত আৱেগিক ৰোহিত শৰ্মা

ভাৰতীয় মহিলাই বিশ্বকাপ জয়ৰ পিছত আৱেগিক ৰোহিত শৰ্মা

হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হয়।

নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত খেলা এই মেচখনত ৫২ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ অৰ্জন কৰে।  

তাৰ মাজতে টিম ইণ্ডিয়া বিশ্ব চেম্পিয়ন হোৱাৰ বিশেষ মুহূৰ্তটো প্ৰত্যক্ষ কৰি উচুপি উঠিল ৰোহিত শৰ্মাই। জয় লাভ কৰাৰ লগে লগে তেওঁ অত্যন্ত আৱেগিক হৈ পৰিছিল ক্ৰিকেটাৰ গৰাকী।

মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত পত্নীৰ সৈতে ষ্টেণ্ডত উপস্থিত আছিল ৰোহিত। দলটোৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ৰোহিতে দলটোৱে জয়ৰ দুৱাৰমুখৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত সকলো সময়তে হাত চাপৰি বজাই থকা দেখা গৈছিল।

কিন্তু সেই ঐতিহাসিক মুহূৰ্তটো অহাৰ লগে লগে ৰোহিত শৰ্মাই আৱেগক যেন ধৰি ৰাখিব পৰা নাছিল। অশ্ৰুশিক্ত নয়নেৰে ৰোহিত শৰ্মাৰ মুখত সুখ আৰু শান্তিৰ অনুভূতি দেখা পোৱা গৈছিল,যি ইতিহাস তেওঁ হেৰুৱাইছিল, সেই ইতিহাস লাভ কৰিছিল মহিলা দলটোৱে।

দুবছৰ পূৰ্বে ১৯ নৱেম্বৰত এদিনীয়া বিশ্বকাপৰ খিতাপৰ মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত।অধিনায়ক ৰোহিত শৰ্মা অতি আৱেগিক হৈ পৰিল আৰু বহু সময় খেলপথাৰত বহি আছিল।

কিন্তু দেওবাৰে মুম্বাইৰ ডি ৱাই পাটিল খেলপথাৰত এই আকাংক্ষাও বহু পৰিমাণে পূৰণ হ’ল যেতিয়া মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছিল।

লগতে পঢ়ক: ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

হিটমেনৰ অভিলেখ; বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন ৰোহিত শৰ্মা

প্ৰথম স্থানত হিটমেন ৰোহিত শৰ্মা

অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাত আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত ৰোহিত শৰ্মাই আই চি চিৰ এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থান দখল কৰিছে । তেওঁ ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক শুভমন গীলক অতিক্ৰম কৰি এই স্থান লাভ কৰে । ৰোহিত বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হোৱা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে । শেহতীয়া এদিনীয়া ৰেংকিঙত গীল আৰু ইব্ৰাহিম জাদ্ৰানক অতিক্ৰম কৰি ৭৮১ ৰেটিং পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই । ইফালে শুভমন গীল প্ৰথমৰ পৰা তৃতীয় স্থানলৈ অৱনমিত হৈছে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিতে আন সকলো বেটছমেনক পিছ পেলাই সৰ্বাধিক ৰান সংগ্ৰহ কৰে । প্ৰথমখন মেচত তেওঁ ভাল প্ৰদৰ্শনত ব্যৰ্থ হ’লেও দ্বিতীয়খন এদিনীয়াত অৰ্ধশতক অৰ্জন কৰি অন্তিম মেচত শতকৰে নিজৰ দলক জয়ৰ দিশে আগুৱাই লৈ যায় । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ৰোহিতে ১০১ গড়ে ২০২ ৰান সংগ্ৰহ কৰে । তেওঁৰ এই প্ৰদৰ্শনে তেওঁক বিশ্বৰ এদিনীয়া ৰেংকিঙত প্ৰথম স্থানলৈ আগুৱাই লৈ যায় । তেওঁৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে প্ৰথমস্থান অধিকাৰ কৰিছে ।

বিশ্বৰ প্ৰথম স্থানৰ এদিনীয়া বেটছমেন হৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই । লগ েলগে প্ৰথম স্থান দখল কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ । ৰোহিতে ৩৮ বছৰ ১৮২ দিন বয়সত এদিনীয়া খেলত প্ৰথম স্থান অৰ্জন কৰে । ১৮ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৰোহিতে এতিয়া প্ৰথমবাৰৰ বাবে ৰেংকিঙত প্ৰথম স্থান স্থান লাভ কৰিছে ।

এদিনীয়া ক্ৰিকেটত প্ৰথম স্থান অৰ্জন কৰা পঞ্চমজন ভাৰতীয় বেটছমেন ৰোহিত শৰ্মা । শচীন তেণ্ডুলকাৰে প্ৰথমে এই পদত অৰ্জন কৰিছিল । ইয়াৰ পিছত ধোনীয়ে প্ৰথম স্থান অধিকাৰ কৰিছিল । বিৰাট কোহলীয়ে দীৰ্ঘদিন ধৰি এই স্থান দখল কৰি আছিল । খুব কম সময়ৰ ভিতৰতে এদিনীয়া ৰেংকিঙত প্ৰথম স্থান অৰ্জন কৰে শুভমন গীলে । এতিয়া ৰোহিত শৰ্মাই গীলক অতিক্ৰম কৰি এই স্থান দখল কৰিছে ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টি ২০ শৃংখলাৰ প্ৰথমখন মেচ; মূল একাদশ গঠনত প্ৰত্যাহ্বান

‘শেষবাৰৰ বাবে, ছিডনীৰ পৰা বিদায়’;ৰোহিত শৰ্মাৰ আৱেগিক পোষ্ট

ৰোহিত শৰ্মাৰ আৱেগিক পোষ্ট

অষ্ট্ৰেলিয়াৰ সৈতে টিম ইণ্ডিয়াৰ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ অন্ত পৰিল। এই শৃংখলাত প্ৰাক্তন অধিনায়ক তথা ভাৰতৰ কিংবদন্তি খেলুৱৈ ৰোহিত শৰ্মা প্লেয়াৰ অফ দ্যা ছিৰিজ আছিল আৰু তেওঁ পঞ্চাশ আৰু অপৰাজিত শতক অৰ্জন কৰে।

তথাপিও ভাৰতে তিনিখন মেচৰ ভিতৰত এখন খেলতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰোহিত আৰু বিৰাটে যি ধৰণে খেলিছিল, যিয়ে ২০২৭ চনৰ বিশ্বকাপ মিছনৰ আশা জীয়াই ৰাখিছিল।

কিন্তু এতিয়া এই ধাৰাবাহিকখনৰ অন্তত ঘৰলৈ উভতি আহিছে খেলুৱৈ গৰাকীয়ে। কিন্তু ঘৰলৈ উভতি অহাৰ পূৰ্বে তেওঁৰ সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট  কৰিছে। পোষ্টটোত তেওঁ লিখিছে যে,শেষবাৰলৈ ছিডনিক বিদায়।

উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন এদিনীয়া খেলখন ছিডনীতেই অনুষ্ঠিত হৈছিল, য’ত ৰোহিতে অপৰাজিত শতক অৰ্জন কৰি ভাৰতক ৯ উইকেটৰ জয়ৰ দিশত আগুৱাই লৈ যায়।

এই ছিৰিজত ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০ শতক সম্পূৰ্ণ কৰিলে। ৰোহিতে টেষ্টত ১২টা শতক অৰ্জন কৰিছে, আনহাতে ৰোহিতে এদিনীয়াত ৩৩টা শতক অৰ্জন কৰিছে, আৰু ৰোহিতে টি-২০ত ৫টা শতক অৰ্জন কৰিছে।

লগতে পঢ়ক: গৌৰৱান্বিত অসমবাসী; ICC মহিলা বিশ্বকাপত অসমকন্যা উমা ছেত্ৰী