ৰোহিত শৰ্মাৰ আৱেগিক পোষ্ট
অষ্ট্ৰেলিয়াৰ সৈতে টিম ইণ্ডিয়াৰ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ অন্ত পৰিল। এই শৃংখলাত প্ৰাক্তন অধিনায়ক তথা ভাৰতৰ কিংবদন্তি খেলুৱৈ ৰোহিত শৰ্মা প্লেয়াৰ অফ দ্যা ছিৰিজ আছিল আৰু তেওঁ পঞ্চাশ আৰু অপৰাজিত শতক অৰ্জন কৰে।
তথাপিও ভাৰতে তিনিখন মেচৰ ভিতৰত এখন খেলতহে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰোহিত আৰু বিৰাটে যি ধৰণে খেলিছিল, যিয়ে ২০২৭ চনৰ বিশ্বকাপ মিছনৰ আশা জীয়াই ৰাখিছিল।

কিন্তু এতিয়া এই ধাৰাবাহিকখনৰ অন্তত ঘৰলৈ উভতি আহিছে খেলুৱৈ গৰাকীয়ে। কিন্তু ঘৰলৈ উভতি অহাৰ পূৰ্বে তেওঁৰ সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট কৰিছে। পোষ্টটোত তেওঁ লিখিছে যে,শেষবাৰলৈ ছিডনিক বিদায়।
উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন এদিনীয়া খেলখন ছিডনীতেই অনুষ্ঠিত হৈছিল, য’ত ৰোহিতে অপৰাজিত শতক অৰ্জন কৰি ভাৰতক ৯ উইকেটৰ জয়ৰ দিশত আগুৱাই লৈ যায়।
এই ছিৰিজত ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০ শতক সম্পূৰ্ণ কৰিলে। ৰোহিতে টেষ্টত ১২টা শতক অৰ্জন কৰিছে, আনহাতে ৰোহিতে এদিনীয়াত ৩৩টা শতক অৰ্জন কৰিছে, আৰু ৰোহিতে টি-২০ত ৫টা শতক অৰ্জন কৰিছে।
লগতে পঢ়ক: গৌৰৱান্বিত অসমবাসী; ICC মহিলা বিশ্বকাপত অসমকন্যা উমা ছেত্ৰী









