দ্বিতীয় এদিনীয়াটো ভাৰতীয় দলৰ পৰাজয়; অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অৰ্ধশতক

এডিলেইডত পৰাজয়ৰ সন্মুখীন ভাৰতীয় দল

এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াটো পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল । মেথিউ শ্বৰ্ট আৰু কুপাৰ কনলিৰ শক্তিশালী ইনিংছৰ সহায়ত এই মেচত কেংগেৰু বাহিনীয়ে ভাৰতীয় দলক দুই উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই তিনিখন মেচৰ শৃংখলাত ২-০ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰাৰ লগতে শৃংখলা দখল কৰিছে । প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ২২টা বল বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই ৮ উইকেটত জয়লাভ কৰে । উল্লেখ্য যে, ১৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এডিলেইডত ভাৰতীয় দল এদিনীয়া মেচত পৰাস্ত হৈছে ।

এদিনীয়াৰ অধিনায়ক হিচাবে অভিষেক ঘটোৱা শুভমন গীলৰ বাবে এই শৃংখলা সুখকৰ নাছিল । দ্বিতীয়খন মেচত পৰাস্ত হোৱাৰ লগে লগে অধিনায়ক হিচাপে তেওঁ প্ৰথমটো শৃংখলা হেৰুৱাইছে । ভাৰতীয় বলাৰসকলে ২৬৪ ৰান ৰক্ষা কৰাত ব্যৰ্থ হয় । ৰোহিত শৰ্মা (৭৩) আৰু শ্ৰেয়াছ আয়াৰ (৬১)ৰ অৰ্ধশতকো এই পৰাজয়ৰ লগ লগে অখলে যায় ।

মেথিউ শ্বৰ্ট আৰু কুপাৰ কনলিৰ শক্তিশালী ইনিংছ-

২৬৫ ৰানৰ লক্ষ্য অনুসৰণ কৰা অষ্ট্ৰেলিয়াৰ আৰম্ভণি দুৰ্বল আছিল । অধিনায়ক মিচেল মাৰ্ছে ১১ ৰান আৰু ট্ৰেভিছ হেডে ২৮ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । অনভিজ্ঞ মিডল অৰ্ডাৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক লক্ষ্যত উপনীত হ’বলৈ দিয়াৰ সম্ভাৱনা কম যেন লাগিছিল যদিও তৃতীয় নম্বৰৰ শ্বৰ্টৰ লগতে মেট ৰেনশ্ব’ (৩০ বলত ৩০) প্ৰথমে তৃতীয় উইকেটৰ বাবে ১৫৫ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক বিপদৰ পৰা মুক্ত কৰে ।

অৱশ্যে ইয়াৰ পাছত খেলৰ গতি পুনৰ ভাৰতৰ হাতলৈ যায় । ৰেনশ্ব’ আউট হোৱাৰ পিছত এলেক্স কেৰীয়েও মাত্ৰ ৯ ৰানতে পেভিলিয়নমুখী হয । ১৩২ ৰানত ৪ উইকেট হেৰুৱাই কেংগাৰু বাহিনীয়ে । ভাৰতে পুনৰ মেচখনত প্ৰত্যাৱৰ্তন কৰিব যেন লাগিছিল যদিও কিন্তু কুপাৰ কনলিয়ে এই আশাত চেঁচা পানী ঢালে । শ্বৰ্টে তৃতীয়টো এদিনীয়া অৰ্ধশতক অৰ্জন কৰে । তেওঁ ৭৮টা বলত ৭৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । তেওঁৰ এই ইনিংছত ২ টা ছয় আৰু চাৰিটা চাৰি আছিল ।

শ্বৰ্ট আউট হোৱাৰ পিছত ভাৰতৰ আশা পুনৰ সজীৱ হৈ উঠিছিল যদিও মিচেল ওৱেনে প্ৰত্যাক্ৰমণ কৰে । মাত্ৰ ২৩টা বলত দুটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৩৬ ৰান সংগ্ৰহ কৰে তেওঁ । কুপাৰ কনলিয়ে ৫৩টা বলত অপৰাজিত ৬১ ৰান সংগ্ৰহ কৰি ৫টা চাৰি আৰু এটা ছয় কৰে । অপৰাজিত হৈ থকা কনলিয়ে এই মেচত অষ্ট্ৰেলিয়াৰ জয় নিশ্চিত কৰে ।

ভাৰতৰ হৈ অৰ্শদীপ সিং, হৰ্ষিত ৰানা, ৱাশ্বিংটন সুন্দৰে ২টাকৈ আৰু মদম্মদ ছিৰাজ, অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে ।

অথলে গ’ল ৰোহিত-শ্ৰেয়াছৰ অৰ্ধশতক-

ইয়াৰ পূৰ্বে টছ হেৰুৱাই প্ৰথমে বেটিং কৰে ভাৰতীয় দলে । ৰোহিত শৰ্মাই ৯৭ বলত ৭৩ ৰান, শ্ৰেয়াছ আয়াৰে ৭৭ বলত ৬১ ৰান আৰু অক্ষৰ পেটেলৰ ৪১ বলত ৪৪ ৰানৰ সহায়ত ভাৰতে ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে । লেগ স্পীনাৰ এডাম জাম্পাই অষ্ট্ৰেলিয়াৰ হৈ ৬০ ৰানত ৪টা উইকেট দখল কৰে । বেটছমেনৰ অধিকাংশই তেওঁক আক্ৰমণ কৰিবলৈ চেষ্টা কৰি আউট হৈছিল । বেগী বলাৰ জেভিয়াৰ বাৰ্টলেটে ৩৯ ৰানত তিনিটা উইকেট দখল কৰে । বিৰাট কোহলীৰ বহুমূলীয়া উইকেটটোও তেওঁ লয় ।

লগতে পঢ়ক : ছন্দপতন ! দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী

ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ; ব্যৰ্থতাৰ অন্ত পেলাবনে ৰোহিত-কোহলীয়ে ?

ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল ২৩ অক্টোবৰ, বৃহস্পতিবাৰে এডিলেইডৰ অ’ভেলত অনুষ্ঠিত হ’ব । পাৰ্থত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত ডি এল এছ পদ্ধতিৰে ৭ উইকেটত পৰাস্ত হয় ভাৰত । গতিকে দ্বিতীয়খন মেচ ভাৰতীয় দলৰ বাবে অত্যন্ত প্ৰত্যাহ্বানজনক হ’ব । পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন ।

উল্লেখ্য যে, এই এদিনীয়া শৃংখলাৰ জৰিয়তে দীৰ্ঘদিনৰ অন্তত এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত প্ৰত্যাৱৰ্তন ঘটাইছে ভাৰতীয় দলৰ দুই মহা তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই । দীৰ্ঘদিনৰ অন্তত এদিনীয়ালৈ প্ৰত্যাৱৰ্তন ঘটোৱা এই দুই তাৰকা বেটছমেনৰ পৰা অনুৰাগীয়ে বিস্ফোৰক প্ৰদৰ্শনৰ আশা কৰিছিল । কিন্তু অনুৰাগীৰ আশাত চেঁচা পানী ঢালি প্ৰথমখন এদিনীয়াত হতাশাজনক প্ৰদৰ্শন কৰে ৰোহিত আৰু বিৰাটে । সেয়েহে এতিয়া দ্বিতীয়খন এদিনীয়াত দুয়োগৰাকী তাৰকাই ব্যৰ্থতাৰ অন্ত পেলাই বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াব বুলি আশা কৰিছে অনুৰাগীয়ে ।

কোহলীৰ ওপৰত থাকিব চকু-

এডিলেইড এদিনীয়াত সকলোৰে দৃষ্টি থাকিব টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ ওপৰত । এই খেলপথাৰত কোহলীৰ অভিলেখ যথেষ্ঠ ভাল । এডিলেইড অ’ভেলত তিনিওটা ফৰ্মেটতে মুঠ ১২খন মেচ খেলি গড়ে ৬৫ত ৯৭৫ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে । এই সময়ছোৱাত কোহলীয়ে ৫টা শতক অৰ্জন কৰিছে । এই খেলপথাৰত কোহলীয়ে চাৰিখন এদিনীয়া খেলিছে, দুটা শতককে ধৰি গড়ে ৬১.০০ত ২৪৪ ৰান সংগ্ৰহ কৰিছে তেওঁ । এতিয়া কোহলীয়ে পুনৰ এবাৰ নিজৰ প্ৰিয় খেলপথাৰখনত বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াব বুলি অনুৰাগীয়ে আশা কৰিছে ।

বিৰাট কোহলীৰ দৰে ভাৰতীয় দলটোৱেও এডিলেইড অ’ভেলত অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে । এই খেলপথাৰত ভাৰতে ১৫খন এদিনীয়া খেলিছে, ইয়াৰে ৯ খন জয় আৰু ৫ খনত পৰাজয়ৰ বিপৰীতে এখন মেচ টাইত সমাপ্ত হৈছে । এই খেলপথাৰত ভাৰতীয় দলৰ অন্তিমখন এদিনীয়া পৰাজয় আছিল ২০০৮ চনৰ ১৭ ফেব্ৰুৱাৰীত ।

তাৰ পিছত ভাৰতীয় দলটোৱে এডিলেইড অ’ভেলত এখনো এদিনীয়া মেচত পৰাস্ত হোৱা নাই । অৰ্থাৎ ১৭ বছৰ ধৰি এই খেলপথাৰত ৱান ডে ইণ্টাৰনেশ্যনেলত অপৰাজিত হৈ আছে ভাৰত । এই সময়ছোৱাত ভাৰতীয় দলটোৱে পাঁচখন এদিনীয়া খেলিছে আৰু চাৰিখনত জয় আৰু এখনত সমতা স্থাপন কৰিছে ।

ইফালে এদিনীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত ভাৰতীয় দলৰ মূল একাদশত এটা পৰিৱৰ্তন হ’ব পাৰে । নীতিশ ৰেড্ডী অথবা ৱাশ্বিংটন সুন্দৰৰ ঠাই কুলদীপ যাদৱে ল’ব পাৰে । আনহাতে অষ্ট্ৰেলিয়াই মূল একাদশত কমেও দুটা পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে । এই মেচত উইকেটকীপাৰ এলেক্স কেৰী আৰু লেগ স্পীনাৰ এডাম জাম্পাক খেলা দেখা যাব পাৰে । তেওঁলোকে ক্ৰমে জোছ ফিলিপ আৰু মেথিউ কুহনেমেনৰ ঠাইত ল’ব পাৰে ।

লগতে পঢ়ক : এছিয়া কাপ ট্ৰফীক লৈ বি চি চি আইয়ে ল’লে ডাঙৰ সিদ্ধান্ত!

প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু; শুভমনেও কৰিলে হতাশ

প্ৰত্যাৱৰ্তন মেচত নচলিল ৰোহিত-কোহলীৰ যাদু

প্ৰত্যাৱৰ্তন মেচত অনুৰাগীক হতাশ কৰিলে তাৰকা খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে । দিৰ্ঘদিনীয়া বিৰতিৰ অন্তত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত খেলপথাৰত নামিছিল এই দুই মহা তাৰকা বেটছমেন । দুয়োগৰাকী প্ৰবীণ তথা তাৰকা বেটছমেনৰ পৰা বিস্ফোৰক ইনিংছ আশা কৰি আছিল অনুৰাগীয়ে । কিন্তু অনুৰাগীৰ আশাত চেঁচা পানী ঢালি চূড়ান্ত হতাশাজনক প্ৰদৰ্শন আগবঢ়ালে ৰোহিত-কোহলীয়ে ।

পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল খেলিছে ভাৰতীয় দলে । এই মেচতে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটাইছে । ৰোহিত আৰু কোহলীয়ে শেষবাৰৰ বাবে ভাৰতৰ হৈ আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিছিল, যিখন আছিল চূড়ান্ত মেচ । এই মেচত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰিছিল ।

উল্লেখ্য যে, প্ৰত্যাৱৰ্তন মেচত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই সকলোকে হতাশ কৰে । ৰোহিত শৰ্মাই ১৪টা বলত ৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কোহলীয়ে ৮টা বলৰ মুখামুখি হয় যদিও কোনো ৰান সংগ্ৰহত ব্যৰ্থ হয় । সোঁহতীয়া বেগী বলাৰ জোছ হেজেলউডে হিটমেনক শ্বৰ্ট অফ লেংথ ডেলিভাৰী দিয়ে আৰু দ্বিতীয় শ্লিপত মেথিউ ৰেনশ্বৱে তেওঁক কেচ আউট কৰে । ৰোহিতে বলটো জোৰেৰে কোবাইছিল যদিও তেওঁৰ টাইমিং সঠিক নাছিল । বলটো তেওঁৰ বেটৰ কাষত লাগি লৈ ফিল্ডাৰৰ ওচৰলৈ যায় ।

ৰোহিত শৰ্মা পেভিলিয়নমুখী হোৱাৰ পিছত বিৰাট কোহলীৰ পৰা এক শক্তিশালী প্ৰদৰ্শন আশা কৰিছিল দল আৰু অনুৰাগীয়ে । কিন্তু সকলোকে হতাশ কৰি প্ৰত্যাৱৰ্তন মেচত একাউন্ট নোখোলাকৈয়ে পেভিলিয়নৰ বাট বুলে বিৰাট কোহলীয়ে । তেওঁক আগ্ৰাসী বেগী বলাৰ মিচেল ষ্টাৰ্কে আউট কৰে ।

ইয়াৰ লগে লগে বিৰাট কোহলীয়ে এক লজ্জাজনক অভিলেখো গঢ়ে । অষ্ট্ৰেলিয়াত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচত শূণ্যত আউট হয় কোহলী । বিস্ফোৰক তাৰকা বেটছমেনগৰাকীয়ে এতিয়ালৈকে অষ্ট্ৰেলিয়াত ৩০খন এদিনীয়া ইনিংছ খেলিছে । এদিনীয়া মেচত দুবাৰকৈ শূণ্যত বিৰাট কোহলীক আউট কৰা দ্বিতীয়জন বলাৰ হিচাবে পৰিগণিত হৈছে মিচেল ষ্টাৰ্ক । ষ্টাৰ্কৰ পূৰ্বে কেৱল ইংলেণ্ডৰ জেমছ এণ্ডাৰছনেহে এই কৃতিত্ব অৰ্জন কৰিছিল ।

শুভমনেও কৰিলে হতাশ-

এই মেচত সকলোকে আশাহত কৰে অধিনায়ক শুভমন গীলেও । তেওঁ নাথান এলিছৰ বলত মাত্ৰ ৮ ৰানতে উইকেটকীপাৰ জোছ ফিলিপৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে । এই মেচত ৰোহিতে ৮ ৰান, গীল ১০ আৰু কোহলীয়ে কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে উইকেট বিসৰ্জন দিয়ে । কোনো এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত তিনিওজনৰে এয়াই সৰ্বনিম্ন মুঠ স্ক’ৰ । ইয়াৰ পূৰ্বে এই তিনিওগৰাকীৰে সৰ্বনিম্ন স্ক’ৰ আছিল ২৫ ৰান । ২০২৩ চনত পাকিস্তানৰ বিৰুদ্ধে পল্লেকেলে এদিনীয়াত ৰোহিত ১১, গীল ১০ আৰু কোহলীয়ে ৪ ৰান কৰি আউট হৈছিল ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ; ৰোহিত-কোহলীয়ে কঁপাব পাৰ্থ

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ; ৰোহিত-কোহলীয়ে কঁপাব পাৰ্থ

আজি ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম এদিনীয়া মেচ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ আজি পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । এই শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক শুভমন গীল অষ্ট্ৰেলিয়ান দলৰ নেতৃত্ব দিব মিচেল মাৰ্ছে । পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব এই এদিনীয়া মেচ ।

অধিনায়ক হিচাপে প্ৰথমবাৰৰ বাবে এদিনীয়া ক্ৰিকেটত ভাৰতীয় দলটোক নেতৃত্ব দিব শুভমন গীলে । তেওঁৰ বাবে এই মেচখন অতি বিশেষ । প্ৰবীণ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়েও এই মেচৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰত্যাৱৰ্তন ঘটাইছে । ২২৪ দিনৰ অন্তত ভাৰতৰ হৈ খেলিব লগা ৰোহিত আৰু কোহলীৰ যুটীয়ে অনুৰাগীৰ মাজত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি কৰিছে । দুয়োগৰাকী খেলুৱৈক চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতীয় দলৰ হৈ আই চি চি চেম্পিয়নছ ট্ৰফীত খেলা দেখা গৈছিল, য’ত ৰোহিত ব্ৰিগেডে খিতাপ দখল কৰিছিল ।

নিজৰ কেৰিয়াৰত বিৰাট কোহলী আৰু ৰোহিত শৰ্মা ইমান দীঘলীয়া সময়ৰ বাবে ভাৰতীয় দলৰ পৰা আঁতৰি থকাটো খুব কমেইহে দেখা গৈছে আৰু সেয়াও আঘাত নোহোৱাকৈ । উল্লেখ্য যে ৰোহিত আৰু কোহলী দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, গতিকে দুয়োজনেই এতিয়া কেৱল এদিনীয়া ক্ৰিকেটৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এদিনীয়াৰ অধিনায়ক পদৰ পৰাও ৰোহিতক অপসাৰণ কৰা হৈছে, য’ত “হিটমেন”য়ে বিশেষ বেটছমেন হিচাপে খেলিব ।

কোহলী-ৰোহিতৰ অন্তিম ছিৰিজ !

বিগত কেইবছৰমানৰ পৰা ভাৰতীয় ক্ৰিকেটত বহু যুৱ তাৰকাৰ উন্মেষ ঘটিছে যদিও বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ফেন ফ’ল’ৱাৰ কোনো এগৰাকীৰেই নাই । দুয়োজনে এদিনীয়া ক্ৰিকেটত ইমানেই অভিলেখ গঢ়িছে যে এই ফৰ্মেটত তেওঁলোকক শ্ৰেষ্ঠ খেলুৱৈৰ ভিতৰত গণ্য কৰা হয় । অষ্ট্ৰেলিয়াৰ দৰ্শকৰ বাবে ৰোহিত আৰু কোহলীয়ে একেলগে খেলা চোৱাটো এক ৰোমাঞ্চকৰ অভিজ্ঞতা হ’ব । ইফালে এইখনেই অষ্ট্ৰেলিয়াত তেওঁলোকৰ শেষ ছিৰিজ হ’ব পাৰে বুলিও চৰ্চা চলিছে ।

প্ৰথমখন এদিনীয়াত বিৰাট কোহলী, ৰোহিত শৰ্মা, অধিনায়ক শুভমন গীল, শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলৰ ওপৰত নিৰ্ভৰশীল হ’ব ভাৰতীয় বেটিং । ইফালে, বেগী বলাৰ মহম্মদ চিৰাজে এবছৰতকৈ অধিক সময়ৰ পিছত প্ৰথম এদিনীয়া খেলিব । প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদীপ সিং আৰু হৰ্ষিত ৰানাৰ সৈতে চিৰাজে ফাষ্ট বলিং ইউনিট গঠন কৰিছে । কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে স্পীন বিভাগত উল্লেখযোগ্য দায়িত্ব কান্ধত ল’ব, আনহাতে হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত নীতিশ কুমাৰ ৰেড্ডীৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিব ।

ইফালে অষ্ট্ৰেলিয়া আঘাত বা তাৰকা খেলুৱৈৰ অনুপস্থিতিৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে । আঘাতৰ বাবে অধিনায়ক পেট কামিন্স খেলপথাৰৰ পৰা আঁতৰি থকাৰ বাবে মিচেল মাৰ্ছে দলটোৰ নেতৃত্ব দিবলৈ আছে । কেমেৰুন গ্ৰীণো আঘাতপ্ৰাপ্ত আৰু তেওঁৰ ঠাইত মাৰ্নাছ লাবুশ্বানে দলত স্থান লাভ কৰিছে ।

লগতে পঢ়ক : ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাঃ ৰোহিত-কোহলীৰ ওপৰত নিবদ্ধ থাকিব সকলোৰে দৃষ্টি

ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলাঃ ৰোহিত-কোহলীৰ ওপৰত নিবদ্ধ থাকিব সকলোৰে দৃষ্টি

ভাৰত-অষ্ট্ৰেলিয়াৰ এদিনীয়া শৃংখলা

দেওবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলা । এই শৃংখলাৰ বাবে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ভাৰতীয় এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন ঘটা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত সকলোৰে দৃষ্টি থাকিব । শুভমন গীলৰ অধিনায়কত্বত এই দুগৰাকী প্ৰবীণ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে খেলিব । ৰোহিত আৰু কোহলীয়ে চেম্পিয়নছ ট্ৰফীত অন্তিমবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিল আৰু এতিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত পুনৰ খেলপথাৰলৈ উভতি আহিছে ।

ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ হ’ব পাৰে ৰোহিত-কোহলীৰঃ

বিগত সাত মাহত ৰোহিত আৰু কোহলীৰ বাবে বহুখিনি সলনি হৈছে । দুয়োজনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাৰ লক্ষ্য ৰাখিছে যদিও এই ছিৰিজেই নিৰ্ণয় কৰিব যে তেওঁলোক এই মেগা প্ৰতিযোগিতাখনৰ বাবে কিমান ফিট । দুয়োজনে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে যথেষ্ট প্ৰশিক্ষণ লৈছে । আনকি ৰোহিতে ওজনো কমাইছে যদিও ফৰ্মলৈ ঘূৰি অহাটো দুয়োৰে বাবে প্ৰত্যাহ্বান হ’ব, কিয়নো আই পি এলৰ পিছত তেওঁলোকে এতিয়ালৈকে কোনো মেচ খেলা নাই । দুয়োৰে বাবে ভাল খবৰটো হ’ল যে তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পুনৰ এদিনীয়া দললৈ উভতি আহিছে য’ত তেওঁলোকৰ ভাল অভিলেখ আছে । এই শৃংখলাই দুয়োৰে কেৰিয়াৰৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰিব পাৰে ।

ৰোহিত আৰু কোহলীয়ে এতিয়া ভাৰতৰ হৈ কেৱল এদিনীয়া খেলতহে খেলে । অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক আৰু জোছ হেজলউড পুনৰ দুয়োজনৰ মুখামুখি হ’ব । অধিনায়কত্বৰ বোজাৰ পৰা মুক্ত হ’ব ৰোহিত, যাৰ ফলত তেওঁ মুক্তভাৱে খেলিব পাৰিব । ৰোহিত আৰু কোহলী দুয়ো ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলাৰ লক্ষ্য ৰাখিব । যদিহে কোহলীয়ে নিজৰ সাধাৰণ শৈলীত দীঘলীয়া ইনিংছ খেলে আৰু ৰোহিতে ভাল আৰম্ভণিৰ ব্যৱস্থা কৰে তেন্তে দুয়োজন খেলুৱৈৰ কেৰিয়াৰ আৰু কেইবছৰমানৰ বাবে বৃদ্ধি পাব পাৰে ।

প্ৰত্যাহ্বানৰ সন্মুখীন শুভমন গীল-

ইফালে টেষ্ট ক্ৰিকেটত ভাৰতৰ অধিনায়ক হিচাপে নিজৰ যোগ্যতা প্ৰমাণ কৰি দেখুৱাইছে শুভমন গীলে আৰু এতিয়া এদিনীয়া মেচত সেই গতি অক্ষুণ্ণ ৰখাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । গীলৰ বাবে ভাল কথাটো হ’ল যে ৰোহিত আৰু কোহলী দলৰ অংশ হোৱাৰ সময়ত তেওঁক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । এই দুজন প্ৰবীণ খেলুৱৈৰ পৰা পৰামৰ্শ লোৱাৰ সুযোগ পাব গীলে । দলৰ গঠন সন্দৰ্ভত ক’ব পাৰি যে দল পৰিচালনাই ৰোহিত আৰু গীলৰ অপেনিং যুটিক সালসলনি কৰাৰ সম্ভাৱনা নাই । এনে পৰিস্থিতিত যশস্বী জয়ছোৱালে হয়তো নিজৰ সুযোগৰ বাবে অপেক্ষা কৰিব লাগিব ।

দলৰ সংমিশ্ৰণ-

ৰোহিত আৰু গীলে ইনিংছ মুকলি কৰিব, কোহলীয়ে তিনি নম্বৰত বেটিং কৰিব, তাৰ পিছতে শ্ৰেয়াছ আয়াৰ আৰু কে এল ৰাহুলে বেটিং কৰিব । উইকেট কিপিঙৰ দায়িত্ব ল’ব ৰাহুলে । আঘাতৰ বাবে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া খেলপথাৰৰ পৰা আঁতৰি আছে, গতিকে নীতিশ কুমাৰ ৰেড্ডীক এদিনীয়াত অভিষেক ঘটোৱাৰ সুযোগ দিয়া হ’ব পাৰে । স্পীন বিভাগত অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে নেতৃত্ব দিব, মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিঙে ফাষ্ট বলিং চম্ভালিব ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া; পাৰ্থত উপস্থিত কোহলী, ৰোহিত আৰু গীল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া; পাৰ্থত উপস্থিত কোহলী, ৰোহিত আৰু গীল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে বৃহল্পতিবাৰে পুৱা পাৰ্থত উপস্থিত হয় ভাৰতীয় এদিনীয়া দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু নতুন অধিনায়ক শুভমন গীল । কোহলী, ৰোহিত আৰু গীলৰ সৈতে যোগদান কৰে কে এল ৰাহুল, যশস্বী জয়ছোৱাল, অৰ্শদীপ সিং, হৰ্ষিত ৰানা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে । সহায়ক কৰ্মচাৰীৰ একাংশ সদস্যও দলটোৰ লগত যায় । আনহাতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু বাকী প্ৰশিক্ষক কৰ্মচাৰীয়ে দিল্লীৰ পৰা সন্ধিয়াৰ বিমানেৰে যাত্ৰা কৰিব আৰু দলটোত যোগদান কৰিব ।

১৯ অক্টোবৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই শৃংখলা আৰম্ভ হ’ব । প্ৰথমখন মেচ পাৰ্থত অনুষ্ঠিত হ’ব, তাৰ পিছত দ্বিতীয়খন এদিনীয়া এডিলেইডত (২৩ অক্টোবৰ) আৰু তৃতীয় আৰু অন্তিমখন মেচ ছিডনীত (২৫ অক্টোবৰ) অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুয়োটা দলৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা ।

এই এদিনীয়া শৃংখলাটো বিশেষ কাৰণ চেম্পিয়নছ ট্ৰফী ২০২৫ জয়ৰ পিছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ এয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শৃংখলা । বিশেষকৈ শুভমন গীলক টিম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পিছত দুয়োজন জ্যেষ্ঠ খেলুৱৈৰ ভৱিষ্যত সন্দৰ্ভত কিছুদিনৰ পৰা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কোহলী আৰু ৰোহিতে দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও খবৰ অনুসৰি দুয়োজনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে খেলিব বিচাৰে ।

ইফালে টিম ইণ্ডিয়াৰ নতুন অধিনায়ক শুভমন গীলেও নিজৰ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰিছে যে দলটোক কোহলী আৰু ৰোহিতৰ দৰে খেলুৱৈৰ অভিজ্ঞতাৰ প্ৰয়োজন । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰাৰ পিছত গীলে কয় যে, “এই দুয়োজন খেলুৱৈৰ অভিজ্ঞতা আৰু ভাৰতৰ হৈ তেওঁলোকে জয়ী হোৱা মেচৰ সংখ্যা বিৰল । এনে অভিজ্ঞতা, দক্ষতা আৰু গুণগত মানৰ খেলুৱৈ বিশ্বত বহুত কম ।” গীলৰ বক্তব্যই নিশ্চিত কৰিছে যে জ্যেষ্ঠ খেলুৱৈৰ সৈতে যুৱ অধিনায়কগৰাকীয়ে পৰৱৰ্তী বিশ্বকাপলৈকে ভাৰতীয় ক্ৰিকেটক শক্তিশালী দিশত লৈ যাব বিচাৰিছে ।

লগতে পঢ়ক : টি২০ বিশ্বকাপ ২০২৬ : নিশ্চিত ১৯ টা দল, কোনে কোনে অৰ্জন কৰিলে যোগ্যতা

অষ্ট্ৰেলিয়াত কেৰিয়াৰৰ অন্তিম শৃংখলা খেলিব নেকি ৰোহিত-কোহলীয়ে ?

অষ্ট্ৰেলিয়াত অন্ত পৰিব নেকি ৰোহিত-কোহলীৰ কেৰিয়াৰ ?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উৰাধ্যক্ষ ৰাজীৱ শুক্লাই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে । ১৯ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ৰোহিত আৰু কোহলী দুয়োজনেই ভাৰতীয় দলত স্থান লাভ কৰিছে । অষ্ট্ৰেলিয়া ভ্ৰমণ দুয়োজন বেটছমেনৰ বাবে অন্তিম শৃংখলা হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যদিও শুক্লাই এই খবৰসমূহ খাৰিজ কৰিছে ।

শেহতীয়াকৈ ৰোহিতক এদিনীয়া অধিনায়কৰ দায়িত্বৰ পৰা আতঁৰোৱা হৈছিল আৰু তাৰ ঠাইত শুভমন গীলক এই দিয়া হৈছিল । অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে দিল্লীত উপস্থিত হৈছে ৰোহিত আৰু কোহলী আৰু ইয়াতেই দলত যোগ কৰিব দুয়োজন তাৰকা ক্ৰিকেটাৰে । বিচিচিআইৰ উপাধ্যক্ষ শুক্লাই এক সংবাদ সংস্থাক কয় যে, “ৰোহিত আৰু কোহলী এদিনীয়া দলত থকাটো আমাৰ বাবে লাভজনক কাৰণ দুয়োজনেই মহান বেটছমেন । ৰোহিত আৰু কোহলী দলত থকাৰ বাবে মই ভাবো আমি অষ্ট্ৰেলিয়াক পৰাস্ত কৰাত সফল হ’ম ।”

শুক্লাই কয় যে, “এই ভ্ৰমণ তেওঁলোকৰ শেষ ভ্ৰমণ নহয় । আমি কেতিয়াও এই বিষয়ত সোমাব নালাগে । কেতিয়া অৱসৰ ল’ব সেয়া খেলুৱৈসকলৰ ওপৰত নিৰ্ভৰশীল । এইখন তেওঁলোকৰ শেষ শৃংখলা হ’ব বুলি কোৱাটো সম্পূৰ্ণ ভুল ।”

উল্লেখ্য যে, ৰোহিত আৰু কোহলীয়ে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল এদিনীয়া ফৰ্মেটতহে খেলিব । অৱশ্যে পৰৱৰ্তী এদিনীয়া বিশ্বকাপলৈ এতিয়াও দুবছৰ বাকী থকাৰ বাবে এই দুয়োজন ভাৰতৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ লগত খাপ খাই পৰে নে নাই সেয়া হ’ব লক্ষ্যণীয় । সেই সময়লৈকে ৰোহিতৰ বয়স হ’ব ৪০ আৰু কোহলীৰ বয়স হ’ব ৩৮ । ফেব্ৰুৱাৰী মাহত ৰোহিত আৰু কোহলীয়ে ভাৰতক চেম্পিয়নছ ট্ৰফীত প্ৰতিনিধিত্ব কৰিছিল । ফাইনেলত ৰোহিতে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰাৰ বিপৰীতে কোহলী য়ে সমগ্ৰ প্ৰতিযোগিতাখনৰ শীৰ্ষ পাঁচজন বেটছমেনৰ ভিতৰত স্থান লাভ কৰি ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

লগতে পঢ়ক : ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ; জানক ডব্লিউ টি চি ৰেংকিঙৰ শেহতীয়া অৱস্থান

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট; ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে দিব লাগিব পৰীক্ষা

অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে টীম ইণ্ডিয়াৰ ফিটনেছ টেষ্ট

 ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈৰ প্ৰি-ছিজন ফিটনেছ টেষ্ট ৩০ আৰু ৩১ আগষ্টত বেংগালুৰুৰ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ত অনুষ্ঠিত হৈছিল। এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাও এই ফিটনেছ টেষ্টৰ বাবে উপস্থিত হয়।

ৰোহিত শৰ্মাৰ উপৰিও টেষ্ট দলৰ অধিনায়ক শুভমান গিল, প্ৰসিদ্ধ কৃষ্ণ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, যশস্বী জয়ছৱাল, জিতেশ শৰ্মা, ৱাশ্বিংটন সুন্দৰ আৰু শাৰদুল ঠাকুৰেও এই টেষ্ট দিবলৈ আহিছিল।অৱশ্যে সকলোৱে কোনো অসুবিধা নোহোৱাকৈ ইয়াত উত্তীৰ্ণ হয়।

খেলুৱৈসকলক য়ো-য়ো (Yo-Yo) টেষ্ট কৰে। ইয়াৰ লগতে হাড়ৰ শক্তি পৰীক্ষা কৰিবলৈ DXA স্কেনও কৰা হৈছিল।এই ফিটনেছ টেষ্টত প্ৰসিদ্ধ কৃষ্ণই সৰ্বাধিক পইণ্ট লাভ কৰে।

এছিয়া কাপ দলত অন্তৰ্ভুক্ত আৰ্শদীপ সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱে ইতিমধ্যে দুলীপ ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল খেলিছে, সেয়েহে তেওঁলোকৰ বাবে কোনো পৃথক ফিটনেছ টেষ্ট নাথাকিব।

এই টেষ্টত উত্তীৰ্ণ হৈছে ৰোহিত শৰ্মাই। এতিয়া বিৰাট কোহলীয়েও অনাগত দিনত বাংগালুৰুলৈ আহি ফিটনেছ টেষ্ট দিব ।

বৰ্তমান কোহলী লণ্ডনত আছে আৰু ৰোহিত শৰ্মাৰ দৰে আই পি এল ২০২৫ৰ পিছত প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা আঁতৰি আছে।শেহতীয়াকৈ তেওঁ পুনৰ লণ্ডনত অনুশীলন আৰম্ভ কৰিছে।

লগতে পঢ়ক: হকী এছিয়া কাপত ভাৰতীয় দলৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়…

ৰোহিত শৰ্মাৰ অধিনায়কত্বত ‘গ্ৰহণ’! ODI টো দায়িত্ব ল’ব নেকি শুভমান গিলে?

ODI টো দায়িত্ব ল’ব নেকি শুভমান গিলে?

টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু টেষ্ট ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ পিছত ৰোহিত শৰ্মা এদিনীয়া ফৰ্মেটত টিম ইণ্ডিয়াৰ অধিনায়ক হৈ আছে।

টেষ্টৰ পৰা অৱসৰ লোৱাৰ পিছত শুভমান গিলক এই ফৰ্মেটৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।এতিয়া এটা চাঞ্চল্যকৰ প্ৰতিবেদন ওলাইছে যিয়ে অনুৰাগীক আচৰিত কৰিছে।

দৰাচলতে ভাৰতীয় টেষ্ট দলৰ নৱনিযুক্ত অধিনায়ক শুভমান গিল আগন্তুক এছিয়া কাপত উপ-অধিনায়ক হ’ব পাৰে।

কেৱল এয়াই নহয়, এদিনীয়া ফৰ্মেটতো তেওঁক অতি সোনকালে টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত ৰোহিত শৰ্মা নহয়, শুভমান গিলক হে ঘৰুৱা দলটোৰ অধিনায়কত্ব দিয়াৰ সম্ভাৱনা আছে ।

ভাৰতৰ টেষ্ট অধিনায়ক হিচাপে ইংলেণ্ড ভ্ৰমণৰ সফলতাৰ পিছত গিলক আগন্তুক এছিয়া কাপ ২০২৫ৰ বাবে ভাৰতৰ টি-২০ দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিব পাৰে।

৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এছিয়া কাপ, য’ত ভাৰতীয় দলটোৱে ১০ ছেপ্টেম্বৰৰ পৰা অভিযান আৰম্ভ কৰিব।

টি-২০ ফৰ্মেটত খেলা সূৰ্যকুমাৰ যাদৱ এছিয়া কাপৰ বাবে সুস্থ হৈ যাব আৰু দায়িত্ব ল’ব।একে সময়তে গিলক ডেপুটি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

এক প্ৰতিবেদন অনুসৰি আগন্তুক সময়ত ভাৰতৰ এদিনীয়া অধিনায়ক হ’ব গিল।কেৱল এয়াই নহয়, দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ২০২৭ চনৰ এদিনীয়া বিশ্বকাপতো তেওঁক দলটোৰ নেতৃত্ব দিব বুলিও কোৱা হৈছে।

উল্লেখ্য যে গিল এতিয়া এদিনীয়া খেলত ভাৰতৰ ভাইচ অধিনায়ক হৈ আছে। বৰ্তমানৰ এদিনীয়া অধিনায়ক ৰোহিত শৰ্মা, যিয়ে মাত্ৰ এটা ফৰ্মেট আৰু আই পি এল খেলে।

কিন্তু গিল সন্দৰ্ভত এই পৰিৱৰ্তন তৎক্ষণাত হ’ব নে নহয় সেয়া হ’ব লক্ষ্যণীয়। আই পি এলৰ পাছত ২০১৮ চনৰ অক্টোবৰ-নৱেম্বৰত ভাৰতৰ সীমিত অভাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰথমবাৰৰ বাবে ৰোহিত শৰ্মাক একচনত দেখা যাব, য’ত তেওঁ এদিনীয়া শৃংখলাত দলৰ অধিনায়কত্ব কৰিব।

লগতে পঢ়ক: ভাৰতীয় দলৰ পৰৱৰ্তী মেচ কেতিয়া ?  জানক ২০২৬ৰ টি-২০ বিশ্বকাপলৈ সম্পূৰ্ণ সময়সূচী