চকুত চকুপানী,ঈশ্বৰক ধন্যবাদ ; টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ পিছত আৱেগিক ৰোহিত শৰ্মা

চকুত চকুপানী,ঈশ্বৰক ধন্যবাদ ; ভাৰতীয় মহিলাই বিশ্বকাপ জয়ৰ পিছত আৱেগিক ৰোহিত শৰ্মা

ভাৰতীয় মহিলাই বিশ্বকাপ জয়ৰ পিছত আৱেগিক ৰোহিত শৰ্মা হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হয়। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত খেলা এই মেচখনত ৫২ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ অৰ্জন কৰে। তাৰ

ভাৰতীয় মহিলাই বিশ্বকাপ জয়ৰ পিছত আৱেগিক ৰোহিত শৰ্মা

হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হয়।

নৱী মুম্বাইৰ ডি ৱাই পাটিল স্পৰ্টছ একাডেমীত খেলা এই মেচখনত ৫২ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্বকাপৰ খিতাপ অৰ্জন কৰে।  

তাৰ মাজতে টিম ইণ্ডিয়া বিশ্ব চেম্পিয়ন হোৱাৰ বিশেষ মুহূৰ্তটো প্ৰত্যক্ষ কৰি উচুপি উঠিল ৰোহিত শৰ্মাই। জয় লাভ কৰাৰ লগে লগে তেওঁ অত্যন্ত আৱেগিক হৈ পৰিছিল ক্ৰিকেটাৰ গৰাকী।

মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত পত্নীৰ সৈতে ষ্টেণ্ডত উপস্থিত আছিল ৰোহিত। দলটোৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ৰোহিতে দলটোৱে জয়ৰ দুৱাৰমুখৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত সকলো সময়তে হাত চাপৰি বজাই থকা দেখা গৈছিল।

কিন্তু সেই ঐতিহাসিক মুহূৰ্তটো অহাৰ লগে লগে ৰোহিত শৰ্মাই আৱেগক যেন ধৰি ৰাখিব পৰা নাছিল। অশ্ৰুশিক্ত নয়নেৰে ৰোহিত শৰ্মাৰ মুখত সুখ আৰু শান্তিৰ অনুভূতি দেখা পোৱা গৈছিল,যি ইতিহাস তেওঁ হেৰুৱাইছিল, সেই ইতিহাস লাভ কৰিছিল মহিলা দলটোৱে।

দুবছৰ পূৰ্বে ১৯ নৱেম্বৰত এদিনীয়া বিশ্বকাপৰ খিতাপৰ মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল ভাৰত।অধিনায়ক ৰোহিত শৰ্মা অতি আৱেগিক হৈ পৰিল আৰু বহু সময় খেলপথাৰত বহি আছিল।

কিন্তু দেওবাৰে মুম্বাইৰ ডি ৱাই পাটিল খেলপথাৰত এই আকাংক্ষাও বহু পৰিমাণে পূৰণ হ’ল যেতিয়া মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হৈছিল।

লগতে পঢ়ক: ভাৰতীয় কন্যাই ৰচিলে ইতিহাস; প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ দখল

শেহতীয়া প্ৰৱন্ধসমূহ