পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহিল ভাল খবৰ; কি হয় RELOS

ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহল এক ভাল খবৰ । এই বিশেষ চুক্তিত ৰাছিয়াৰ সংসদে দিলে অনুমোদন ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৃহস্পতিবাৰ আৰু শুকুৰবাৰে (৪-৫ ডিচেম্বৰ, ২০২৫) দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ’ব । অৱশ্যে পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মঙলবাৰে ৰাছিয়াৰ সংসদে (ডুমা) ভাৰতৰ সৈতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনায় । এই প্ৰতিৰক্ষা চুক্তিৰ জৰিয়তে দুয়োখন দেশে ইখনে সিখনৰ ভূখণ্ডত যৌথ অনুশীলন, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্যৰ বাবে সৈন্য আৰু সঁজুলি নিয়োগ কৰিব পাৰিব ।

ৰাছিয়া আৰু ভাৰতৰ মাজত ৰেচিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিকছ চাপৰ্ট (RELOS) নামৰ এই চুক্তিখন চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল আৰু যোৱা সপ্তাহত ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিছুষ্টিনে ৰাছিয়াৰ সংসদৰ নিম্ন সদন ডুমাত উত্থাপন কৰিছিল আৰু এতিয়া অনুমোদন লাভ কৰিছে ।

ভাৰত আৰু ৰাছিয়াৰ তিনিও সেনাৰ সামৰিক অনুশীলন “ইন্দ্ৰ”-

ভাৰত আৰু ৰাছিয়াৰ সেনাই “ইন্দ্ৰ” নামৰ যৌথ সামৰিক অনুশীলন কৰে । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সেনাবাহিনীৰ তিনিটা শাখা সেনা, বায়ুসেনা আৰু নৌসেনাৰ সৈতে যৌথ সামৰিক অনুশীলন চলোৱা বিশ্বৰ প্ৰথমখন দেশ হৈছে ৰাছিয়া । এই যুদ্ধাভ্যাসক “ইন্দ্ৰ” বুলিও কোৱা হয় ।

ভাৰতৰ সৈতে সম্পন্ন হোৱা এই প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত ডুমাৰ অধ্যক্ষ ব্যাচেছলাভ ভ’লডিনে সদনৰ পূৰ্ণাংগ অধিবেশনত কয় যে, “ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক কৌশলগত আৰু ব্যাপকভাৱে শক্তিশালী আৰু আমি তেওঁলোকক বিশেষ গুৰুত্ব দিওঁ । আমি বিশ্বাস কৰোঁ যে আজিৰ এই চুক্তিত অনুমোদন দিয়াটো দুয়োখন দেশৰ মাজত সহযোগিতা আৰু আমাৰ সম্পৰ্কৰ বিকাশৰ দিশত আন এক পদক্ষেপ ।”

লগতে পঢ়ক : তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ল’লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

ইউক্ৰেইনত যুদ্ধৰ অন্ত পেলাবলৈ চলি থকা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক শক্তিশালী বিবৃতি প্ৰকাশ কৰি কয় যে ইউৰোপীয় দেশসমূহে ইচ্ছাকৃতভাৱে শান্তিৰ দিশত লোৱা পদক্ষেপসমূহ বিধ্বস্ত কৰিছে । পুটিনে অভিযোগ কৰে যে ইউৰোপে আমেৰিকাৰ নেতৃত্বত শান্তি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে আৰু যুদ্ধৰ অন্ত পেলোৱাৰ দিশত কোনো ইতিবাচক উদ্দেশ্য প্ৰদৰ্শন কৰা নাই ।

আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰৰ সৈতে হোৱা বৈঠকৰ পিছতে মস্কোত বিনিয়োগ মঞ্চত ভাষণ দি পুটিনে এই মন্তব্য কৰে । পুটিনে আঙুলিয়াই দিয়ে যে ইউৰোপীয় দেশসমূহে যোৱা কেইসপ্তাহমানৰ পৰা গতি লাভ কৰা আমেৰিকাৰ নেতৃত্বত শান্তি প্ৰস্তাৱসমূহৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে, যিটো ৰাছিয়াই কোনো কাৰণতে মানি ল’ব নোৱাৰে ।

ইউৰোপৰ উদ্দেশ্য শান্তি নহয়- পুটিন

পুটিনে অভিযোগ কৰে যে ইউৰোপীয় দেশসমূহে শান্তিৰ এজেণ্ডা বিচৰা নাই, বৰঞ্চ “যুদ্ধৰ পক্ষত থিয় দিছে” । তেওঁ কয় যে ইউৰোপে ৰাছিয়াৰ স্বাৰ্থ বিৰোধী প্ৰস্তাৱ অহৰহ আগবঢ়াই আহিছে আৰু ইয়াৰ প্ৰকৃত লক্ষ্য আলোচনা আগবঢ়াই নিয়া নহয় বৰঞ্চ ইয়াক বাধা দিয়াহে । পুটিনৰ মতে ইউৰোপৰ এই কাৰ্য্য ৰাছিয়াক দোষী হিচাপে চিত্ৰিত কৰাৰ কৌশলৰ অংশ, আনহাতে আচলতে ইয়েই এই প্ৰক্ৰিয়াটোক বাধা দি আছে ।

শান্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে- পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইউৰোপীয় দেশসমূহে শান্তি প্ৰস্তাৱসমূহত সংশোধনী সংযোজন কৰিছে যিবোৰ ৰাছিয়াৰ বাবে “সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়” । তেওঁ কয় যে এই পৰিৱৰ্তনে শান্তি প্ৰক্ৰিয়াটো কাৰ্যতঃ স্তব্ধ কৰি পেলাইছে । ইউৰোপে ইচ্ছাকৃতভাৱে এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে আৰু তাৰ পিছত ৰাছিয়াক দোষাৰোপ কৰি বিশ্বক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বুলি পুটিনে দাবী কৰে ।

ট্ৰাম্প প্ৰশাসনৰ সৈতে ৰাছিয়াৰ আলোচনা-

ট্ৰাম্প হোৱাইট হাউছলৈ ঘূৰি অহাৰ পিছৰে পৰা আমেৰিকা আৰু ৰাছিয়াৰ মাজত শান্তি আলোচনা ত্বৰান্বিত হৈছে । যোৱা কেইমাহমানৰ পৰা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ৱাশ্বিংটনে নতুন পদক্ষেপ হাতত লৈছে । পুটিনে কয় যে ইউৰোপে এই প্ৰচেষ্টাসমূহত বাধাৰ সৃষ্টি কৰিছে । ৰাছিয়াই বাৰে বাৰে কৈ আহিছে যে প্ৰস্তাৱসমূহ ন্যায্য হ’লেহে আলোচনা চলিব আৰু কোনো পক্ষৰ ওপৰত একপক্ষীয় হেঁচা প্ৰয়োগ কৰিব নালাগে ।

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বাৰ্ষিক শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বাৰ্ষিক শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত অহা ৪ আৰু ৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

শুকুৰবাৰে ক্ৰেমলিনৰ উদ্ধৃতিৰে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই এই তথ্য প্ৰদান কৰে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই ভ্ৰমণ নিশ্চিত কৰি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

এই ভ্ৰমণৰ সময়ত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব পুটিন।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি তেওঁৰ সন্মানত ৰাজ্যিক ভোজৰ আয়োজন কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণত ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ৰ সহযোগিতাৰ দিশ নিৰ্ণয় কৰা হ’ব।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ অধীনত দুয়োখন দেশৰ মাজত এই বৈঠক অনুষ্ঠিত হ’ব।বিষয়াসকলৰ মতে,আলোচনাত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰো চৰ্চা হ’ব আৰু লগতে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া কৌশলগত সম্পৰ্কক ইয়াক আৰু অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।

লগতে পঢ়ক: ‘মই কাগজত লিখি দিবলৈ সাজু…’; ইউৰোপৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পুটিনৰ ডাঙৰ মন্তব্য

‘মই কাগজত লিখি দিবলৈ সাজু…’; ইউৰোপৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পুটিনৰ ডাঙৰ মন্তব্য

ইউৰোপৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পুটিনৰ ডাঙৰ মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যিকোনো মূল্যৰ বিনিময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

ইউৰোপেও ৰাছিয়াক সম্পূৰ্ণ হেঁচা প্ৰয়োগ কৰিছে যে ইউক্ৰেইন যুদ্ধৰ পৰা আঁতৰি আহিব লাগে। ইফালে ইউৰোপ আৰু ৰাছিয়াৰ সম্পৰ্ক ক্ৰমাগতভাৱে ডুব গৈ আছে।ইফালে  ইউৰোপৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডাঙৰ সিদ্ধান্ত ল’ব পাৰে বুলিও কোৱা হৈছিল।

কিন্তু এতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ইউৰোপক আক্ৰমণ কৰাৰ কোনো উদ্দেশ্য তেওঁৰ কেতিয়াও নাছিল।তেওঁ কয় যে তেওঁ কাগজত লিখি দিব পাৰে যে তেওঁ কেতিয়াও ইউৰোপক আক্ৰমণ নকৰে।

কিৰ্গিস্তানত উপস্থিত হোৱা পুটিনক সোধা এটা প্ৰশ্নত ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, হয়তো ইউৰোপীয় নেতাসকলে কেৱল নিজৰ মানুহৰ বাবে এক ভ্ৰম সৃষ্টি কৰিব বিচাৰে।

বা হয়তো তেওঁ কেৱল অস্ত্ৰ নিৰ্মাণ কোম্পানীবোৰক চাতুৰী কৰি আছে।কিন্তু আমাৰ বাবে এইটো একেবাৰে অলাগতিয়াল কথা।

তেওঁ কৈছে যে, ইউৰোপীয় দেশসমূহে যদি ইচ্ছা কৰে তেন্তে লিখিতভাৱে নিশ্চয়তা দিবলৈ সাজু যে তেওঁ নাটো বা ইউৰোপক আক্ৰমণ নকৰে।

লগতে পঢ়ক: হোৱাইট হাউচত হাহাকাৰ… গুলীচালনাৰ ঘটনাত আহত তিনিজন

জি ২০ সন্মিলনলৈ নাহিল বিশ্বৰ তিনি দিগ্গজ নেতা; আঁতৰি থাকিল পুটিন, ট্ৰাম্প আৰু জিনপিঙ

জি ২০ সন্মিলনলৈ নাহিল বিশ্বৰ তিনি দিগ্গজ নেতা

২০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছে জি ২০ শীৰ্ষ সন্মিলন । এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জোহান্সবাৰ্গত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ শীৰ্ষ সন্মিলনৰ তিনিওটা অধিবেশনত অংশগ্ৰহণ কৰিব আৰু সৰ্বাংগীন উন্নয়ন, জলবায়ু সংকট, কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে মূল বিষয়সমূহৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিব ।

ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই সন্মিলন ভাৰতৰ বাবে বিশেষ কাৰণ ২০২৩ চনত অধ্যক্ষতাৰ সময়ত ভাৰতে আফ্ৰিকান ইউনিয়নক জি ২০ৰ সদস্য হোৱাত সহায় কৰিছিল । ইফালে বিশ্বৰ তিনিজন দিগ্গজ নেতা- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই সন্মিলনত অনুপস্থিত । বিশ্বৰ এই তিনিগৰাকী শক্তিশালী নেতাই এই সন্মিলনত কিয় অংশগ্ৰহণ কৰা নাই তাকে লৈয়ো এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে ।

কিয় আঁতৰিল ট্ৰাম্প?

আমেৰিকা জি-২০ৰ প্ৰতিষ্ঠাপক সদস্য আৰু পৰৱৰ্তী অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ ফলত দেশখনৰ অনুপস্থিতি আৰু অধিক চিন্তনীয় হৈ পৰিছে । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জি ২০ সন্মিলনত অংশগ্ৰহণ নকৰে বুলি উল্লেখ কৰিছিল । তেওঁ অভিযোগ কৰে যে দক্ষিণ আফ্ৰিকাৰ বগা কৃষকসকলক অত্যাচাৰ কৰা হৈছে । ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দাবী কৰে যে নতুন ভূমি সংস্কাৰ আইন অনুসৰি দক্ষিণ আফ্ৰিকাৰ বগা কৃষকৰ বিৰুদ্ধে বৰ্ণগত অত্যাচাৰৰ সৃষ্টি হৈছে । অৱশ্যে শীৰ্ষ সন্মিলনৰ এদিন পূৰ্বে ট্ৰাম্পে নিজৰ স্থিতি সলনি কৰিছিল । শীৰ্ষ সন্মিলনৰ চূড়ান্ত অধিবেশনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাই নিজৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত মাৰ্ক ডি ডিলাৰ্ডক প্ৰেৰণ কৰে ।

গ্ৰেপ্তাৰৰ আশংকাত নাহিল পুটিন!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনো দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা জি ২০ সন্মিলনৰ পৰা আঁতৰত আছে । কিয়নো আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে ইউক্ৰেইন যুদ্ধৰ বাবে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে । দক্ষিণ আফ্ৰিকা ৰোম ষ্টেট্যুটৰ সদস্য, অৰ্থাৎ আইচিচিৰ ৱাৰেণ্ট মানি চলিবলৈ আইনগতভাৱে বাধ্যতামূলক । অৰ্থাৎ পুটিনে জি-২০ত অংশগ্ৰহণ কৰা হ’লে দক্ষিণ আফ্ৰিকাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আইনগতভাৱে বাধ্য হ’লহেঁতেন । এই কাৰণেই তেওঁ ২০২৩ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰা নাছিল ।

স্বাস্থ্যজনিত কাৰণত অনুপস্থিত ছি জিনপিঙ-

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙেও এইবাৰ জি-২০ শীৰ্ষ সন্মিলনৰ পৰা আঁতৰি আছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে প্ৰধানমন্ত্ৰী লি কেকিয়াঙক নিজৰ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছে । চীন আৰু দক্ষিণ আফ্ৰিকাৰ মাজত শক্তিশালী বাণিজ্যিক সম্পৰ্ক আছে । ২০২৩ চনৰ ব্ৰিকছ সন্মিলনৰ বাবে ছি জিনপিঙে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিছিল, যাৰ ফলত এইবাৰ তেওঁৰ অনুপস্থিতি আৰু অধিক চিন্তনীয় হৈ পৰিছিল ।

লগতে পঢ়ক : এয়া উন্নয়নৰ মানদণ্ডক পুনৰীক্ষণ কৰাৰ সময়… জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মুকলি মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতক নিজৰ ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰিছে।

ছোচিৰ ভালদৈ ডিচকাচন ক্লাবত ভাষণ দি পুটিনে কয় যে মোদী এজন জ্ঞানী নেতা যিয়ে সদায় নিজৰ দেশক প্ৰথম স্থান দিয়ে।

ছোচিত চলি থকা ভালদৈ ডিচকাচন ক্লাবৰ এক অধিবেশনত প্ৰধানমন্ত্ৰী মোদীক অতিশয় প্ৰশংসা কৰা হৈছে।এই ক্লাবটো হৈছে বিশ্বৰ ডাঙৰ ডাঙৰ বিষয়বোৰৰ ওপৰত আলোচনাৰ মঞ্চ, য’ত নেতাসকলে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে।ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক অতি বিশেষ বুলিও পুটিনে কয়।

ছোচীত অনুষ্ঠিত ভালদাই ডিচকাচন ক্লাবৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি পুটিনে ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ বিশেষ সম্পৰ্ক থকা বুলি উল্লেখ কৰে।

পুটিনে কয় যে,‘ভাৰতৰ জনসাধাৰণে ইয়াক আৰু আমাৰ সম্পৰ্কক পাহৰি নাযায়।প্ৰায় ১৫ বছৰ আগতে আমি এটা বিশেষ কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছিলো আৰু সেইটোৱেই হৈছে সৰ্বোত্তম বৰ্ণনা।প্ৰধানমন্ত্ৰী মোদী এজন অতি বুদ্ধিমান নেতা যিয়ে প্ৰথমে নিজৰ দেশৰ কথা চিন্তা কৰে।”

পুটিনৰ এই বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া চলিত বৰ্ষৰ শেষৰ ফালে পুটিনে ভাৰত ভ্ৰমণ কৰিব বুলি খবৰ আহিছে।

লগতে পঢ়ক: ‘যদি কাটাৰক আক্ৰমণ কৰা হয়…’; নেতানিয়াহুক ট্ৰাম্পৰ মুকলি সতৰ্কবাণী

মেলোনি, পুটিন আৰু নেতানিয়াহু… বিদেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা

বিদেশৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জন্মদিনৰ শুভেচ্ছা

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন । ভাৰত আৰু বিদেশৰ নেতা আৰু বিশিষ্ট ব্যক্তিসকলে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । বিশেষকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিআ মেলোনি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ শুভেচ্ছাই ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী স্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এই শুভেচ্ছা সমূহে কেৱল ব্যক্তিগত স্নেহ প্ৰকাশ কৰাই নহয় ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিও প্ৰকাশ কৰে ।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে । এক্সত নৰেন্দ্ৰ মোদীৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰি লিখিছে, “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭৫ সংখ্যক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছো । আপোনাৰ শক্তি, দৃঢ়তা আৰু লাখ লাখ লোকক নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰেৰণাৰ উৎস । বন্ধুত্ব আৰু সন্মানৰ সৈতে আপোনাৰ স্বাস্থ্য আৰু শক্তিৰ কামনা কৰিলোঁ যাতে আপুনি ভাৰতক উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব পাৰে আৰু আমাৰ ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব পাৰে ।’

মেলোনিয়ে তেওঁৰ পোষ্টৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে, য’ত দুয়োজনে হাত মিলোৱা দেখা গৈছে । এই বাৰ্তাই মেলোনি-মোদীৰ বন্ধুত্বৰ কথা প্ৰকাশ কৰিছে ।

পুটিনৰ শুভেচ্ছা-

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ নেতৃত্বৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰে ।

পুটিনে কয়, “প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপোনাৰ ৭৫ সংখ্যক জন্মদিনত মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা গ্ৰহণ কৰক । আমাৰ দেশৰ মাজত বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিকভাৱে উপকাৰী ৰাছিয়া-ভাৰতৰ সহযোগিতা গঢ়ি তোলাত আপুনি এক বৃহৎ ব্যক্তিগত অৱদান আগবঢ়াইছে ।”

তেওঁ আৰু কয় যে মোদীৰ নেতৃত্বত ভাৰতে সামাজিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰত আকৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে । এই অভিনন্দনে ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ গভীৰতাক প্ৰতিফলিত কৰে, যি শক্তি, প্ৰতিৰক্ষা আৰু বাণিজ্যৰ দৰে ক্ষেত্ৰত শক্তিশালী হৈ আছে ।

“মোৰ আটাইতকৈ ভাল বন্ধু মোদী”

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ভিডিঅ’ বাৰ্তাযোগে প্ৰধানমন্ত্ৰী মোদীক “মোৰ ভাল বন্ধু নৰেন্দ্ৰ” বুলি উল্লেখ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ।

নেতানিয়াহুৱে কয়, “মোৰ ভাল বন্ধু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মই আপোনাক জন্মদিনৰ বহুত শুভেচ্ছা জনাব বিচাৰো । আপুনি আপোনাৰ জীৱনত ভাৰতৰ বাবে ইমানখিনি সাফল্য লাভ কৰিছে আৰু আমি একেলগে ভাৰত-ইজৰাইলৰ বন্ধুত্বক বহু উচ্চতালৈ লৈ গৈছো । মই আপোনাক অতি সোনকালে লগ পাবলৈ আগ্ৰহী, কিয়নো আমি আমাৰ অংশীদাৰিত্ব আৰু বন্ধুত্বক আৰু অধিক উচ্চতালৈ লৈ যাব পাৰি ম। জন্মদিনৰ শুভেচ্ছা থাকিল বন্ধু ।”

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক ফোনযোগে জন্মদিনৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ট্ৰাম্পে…

পুটিনৰ সৈতে হাঁহি হাঁহি আগবাঢ়িল প্ৰধানমন্ত্ৰী মোদী… থৰ হৈ চাই থাকিল শ্বাহবাজ শ্বৰীফে

পুটিনৰ সৈতে হাঁহি হাঁহি আগবাঢ়িল প্ৰধানমন্ত্ৰী মোদী

চীনত চলি থকা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত সোমবাৰে দেখা গ’ল এক আকৰ্ষণীয় দৃশ্য । যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু অন্যান্য সদস্য দেশৰ মুৰব্বীসকলে একেলগে মঞ্চত গ্ৰুপ ফটোৰ বাবে থিয় হৈছিল, তেতিয়া সমগ্ৰ বিশ্বৰ চকু এই ছবিখনৰ ওপৰত নিবদ্ধ হৈ পৰিছিল । ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এক আকৰ্ষণীয় কেমিষ্ট্ৰি দেখা গ’ল ।

ভিডিঅ’টোত স্পষ্টকৈ প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ মাজত থকা পুৰণি আন্তৰিকতা আকৌ এবাৰ দেখা গ’ল । দুয়োজন নেতাই হাঁহি হাঁহি ইজনে সিজনক সম্ভাষণ জনাই একেলগে আগবাঢ়ি যায় । এই সময়ছোৱাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক ওচৰতে থিয় হৈ থকা দেখা গৈছিল যদিও তেওঁক কোনেও বিশেষ গুৰুত্ব দিয়া নাছিল । আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বাহবাজ শ্বৰীফলৈ ঘূৰিও নাচালে ।

এইবাৰ চাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিলনত আঞ্চলিক নিৰাপত্তা, অৰ্থনৈতিক সহযোগিতা, সন্ত্ৰাসবাদ আৰু বাণিজ্যৰ ওপৰত বৃহৎ আলোচনা চলি আছে । ভাৰতে এই মঞ্চৰ জৰিয়তে মধ্য এছিয়া আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ কৌশল ৰচনা কৰি আছে । ভিডিঅ’টোত দেখা যায় যে প্ৰধানমন্ত্ৰী মোদী আৰু পুটিনে হাঁহি হাঁহি মঞ্চত আগবাঢ়ি গৈছে, আনহাতে এই সময়ত শ্বাহবাজ শ্বৰীফৰ উপস্থিতি একেবাৰে গুৰুত্বহীন হৈ থাকে । বহু বিশেষজ্ঞই ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বৰ্তমানৰ দূৰত্বৰ সৈতেও ইয়াক সম্পৰ্কিত কৰিছে ।

লগতে পঢ়ক : ‘কিছুমান দেশৰ দ্বাৰা সন্ত্ৰাসবাদৰ মুকলি সমৰ্থন কেনেকৈ গ্ৰহণযোগ্য?’; SCO মঞ্চত পহলগামৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ

এই বন্ধুত্ব অতুলনীয়..;দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন

দ্বিপাক্ষিক বৈঠকৰ বাবে একেখন বাহনতে মোদী আৰু পুটিন

চীনৰ টিয়ানজিন চহৰত চলি আছে চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলন।এই এছ চি অ’ৰ বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সন্ত্ৰাসবাদ শান্তিৰ বাবে সৰ্বাধিক ভাবুকি।চাইবাৰ সন্ত্ৰাসবাদৰ সৈতেও কঠোৰভাৱে মোকাবিলা কৰিব লাগিব।

এই সন্মিলনৰ পিছতে পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত দ্বিপাক্ষিক বৈঠক আৰম্ভ হ’ব। এই বৈঠকৰ বাবে এছ চি অ’ শীৰ্ষ সন্মিলনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন একেখন বাহনতে ৰাওনা হয়।

ইতিমধ্যে টিয়ানজিনৰ হোটেল ৰিট্জ কাৰ্লটনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

দুয়োৰে মাজত কিছুসময়ৰ পিছতে আৰম্ভ হ’ব বৈঠকখন।এই বৈঠকৰ বাবে ইতিমধ্যে সাজু হৈছে সভাকক্ষ।একেখন বাহনে পুটিন আৰু মোদীৰ এই যাত্ৰা এতিয়া চৰ্চিত বিষয় হৈ পৰিছে।

লগতে পঢ়ক: ‘কিছুমান দেশৰ দ্বাৰা সন্ত্ৰাসবাদৰ মুকলি সমৰ্থন কেনেকৈ গ্ৰহণযোগ্য?’; SCO মঞ্চত পহলগামৰ কথা উল্লেখ প্ৰধানমন্ত্ৰী মোদীৰ