জি ২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদী
শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, য’ত ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিছে তেওঁ । গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰ প্ৰচাৰৰ বাবে এই সন্মিলন এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হৈছে । শনিবাৰে তেওঁ সন্মিলনত সম্বোধন কৰে ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “জি ২০ সন্মিলনৰ প্ৰথম অধিবেশনত ভাষণ প্ৰদান কৰোঁ । এই অধিবেশনত সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ।”
তেওঁ কয় যে আফ্ৰিকাই প্ৰথমবাৰৰ বাবে জি-২০ শীৰ্ষ সন্মিলন আয়োজন কৰিছে, গতিকে এয়াই আমাৰ উন্নয়নৰ মানদণ্ড পুনৰ পৰীক্ষা কৰাৰ আৰু সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নৰ আৰ্হি গ্ৰহণ কৰাৰ সঠিক সময় ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰাচীন মূল্যবোধ, বিশেষকৈ সামগ্ৰিক মানৱতাবাদৰ নীতিয়ে বিশ্বক আগুৱাই যোৱাৰ এক উন্নত পথ দেখুৱাইছে । আনহাতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত জি ২০ সন্মিলনৰ আঁৰত ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । জোহান্সবাৰ্গত চলি থকা বহুপক্ষীয় বৈঠকৰ মাজতে এই বৈঠক অনুষ্ঠিত হয় । য’ত দুয়োগৰাকী নেতাই একাধিক পাৰস্পৰিক বিষয়ৰ ওপৰত আলোচনা কৰে ।
উল্লেখ্য যে, জি ২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বহু নেতাক সাক্ষাৎ কৰি মত বিনিময় কৰে ।
লগতে পঢ়ক : ভাৰত-আমেৰিকাৰ মাজত ৯৩ মিলিয়ন ডলাৰৰ মেগা চুক্তি সম্পন্ন; লাভ কৰিব বিপদজনক মিছাইল









