‘পুটিন-জেলেনস্কিয়ে প্ৰথমে মুখামুখিকৈ কথা পাতিব লাগে’; ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পৰ ইউ-টাৰ্ণ

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পৰ ইউ-টাৰ্ণ

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত নিজৰ স্থিতি সলনি কৰাৰ ইংগিত দিছে।

ইয়াৰ পূৰ্বে তেওঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষভাৱে আলোচনাৰ মধ্যস্থতা কৰি যুদ্ধ ক্ষিপ্ৰতাৰে অন্ত পেলোৱাৰ পৰিকল্পনা ঘোষণা কৰিছিল।

কিন্তু এতিয়া তেওঁ কয় যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰথমে ব্যক্তিগতভাৱে মুখামুখিকৈ আলোচনা কৰিব লাগে।

প্ৰশাসনৰ বিষয়াসকলৰ মতে, পৰৱৰ্তী পৰ্যায়ৰ শান্তি আলোচনাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে ট্ৰাম্পে।

তাৰ পৰিৱৰ্তে তেওঁলোকে বিচাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কিয়ে প্ৰথমে আমেৰিকাৰ মধ্যস্থতা অবিহনে ইজনে সিজনক লগ কৰক।

এজন বিষয়াই কয়,’ট্ৰাম্পৰ দৃষ্টিত ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ পৰৱৰ্তী পদক্ষেপ হ’ল ভ্লাদিমিৰ পুটিন আৰু ভ’লোডিমিৰ জেলেনস্কিৰ মাজত দ্বিপাক্ষিক বৈঠক হওক। অৱশ্যে এই বৈঠকখন প্ৰকৃততে হ’ব নে নহয় সেয়া অনিশ্চিত।’

ট্ৰাম্পৰ এই নতুন স্থিতি, য’ত তেওঁ যুদ্ধবিৰতিৰ পূৰ্বে পুটিন আৰু জেলেনস্কিৰ মাজত প্ৰত্যক্ষ আলোচনাৰ ওপৰত জোৰ দিছিল,ইয়াক তেওঁৰ পূৰ্বৰ স্থানৰ পৰা ইউ টাৰ্ণ বুলি গণ্য কৰা হৈছে।য’ত তেওঁ তাৎক্ষণিক যুদ্ধবিৰতি আৰু মধ্যস্থতাত অধিক গুৰুত্ব আৰোপ কৰিছিল।

লগতে পঢ়ক: ‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

মস্কোত পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

বৃহস্পতিবাৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।এই বৈঠক এনে সময়ত সংঘটিত হৈছে যেতিয়া আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

দৰাচলতে ট্ৰাম্প প্ৰশাসনে কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি পৰোক্ষভাৱে ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়াইছে।

তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে পুটিনৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰত-ৰাছিয়াৰ সম্পৰ্কক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ অন্যতম সুস্থিৰ সম্পৰ্ক বুলি অভিহিত কৰা হৈছিল।

একে সময়তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভেও ইয়াক বিশেষ কৌশলগত অংশীদাৰিত্ব বুলি অভিহিত কৰে।

ইয়াৰ পিছত জয়শংকৰে কয় যে লাভৰভৰ সৈতে তেওঁৰ বৈঠক ৰাজনৈতিক সম্পৰ্ক আৰু দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনাৰ এক উত্তম সুযোগ আছিল।

ইয়াৰ লগতে জয়শংকৰে ৰাছিয়াৰ কোম্পানীসমূহক ভাৰতীয় অংশীদাৰৰ সৈতে অধিক সম্পৰ্ক স্থাপন কৰিবলৈও আহ্বান জনায় আৰু নিবিড়ভাৱে কাম কৰিবলৈ আহ্বান জনাই কয় যে দুয়োখন দেশে বাণিজ্যত আৰু অধিক বৈচিত্ৰ্যতা সৃষ্টি কৰিব লাগিব।

জয়শংকৰে ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভৰ সৈতেও আলোচনাত মিলিত হয়।ইয়াৰ সময়ত তেওঁ লজিষ্টিক বাধা আঁতৰোৱা, অশুল্ক বাধা আঁতৰোৱা, উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই-ভ্লাডিভষ্টক কৰিডৰৰ দৰে বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছিল।তেওঁ কয় যে আমাৰ মন্ত্ৰ হ’ব লাগে অধিক কৰা আৰু বেলেগ ধৰণে কৰা। 

লগতে পঢ়ক: ৰে’ল যাত্ৰীৰ অতিৰিক্ত লাগেজত নাথাকিব কোনো ধৰণৰ জৰিমনা; কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে স্পষ্ট

প্ৰধানমন্ত্ৰী মোদীক ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ… আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে আলোচনা

প্ৰধানমন্ত্ৰী মোদীক ফোন ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ

সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । ফোনত পুটিনে আলাস্কাত ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত এটা পোষ্ট যোগে পুটিনৰ সৈতে হোৱা কথা-বতৰাৰ তথ্য শ্বেয়াৰ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে- মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনক তেওঁৰ ফোন কল আৰু শেহতীয়াকৈ আলাস্কাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তথ্য শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ । ভাৰতে ধাৰাবাহিকভাৱে ইউক্ৰেইন বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনাই আহিছে । এই ক্ষেত্ৰত ভাৰতে সকলো প্ৰচেষ্টাক সমৰ্থন কৰে । আগন্তুক দিনবোৰতো আমাৰ অবিৰত আদান-প্ৰদানৰ বাবে আগ্ৰহী ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ১৫ আগষ্টত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হয় । এই বৈঠকত ইউক্ৰেইন যুদ্ধৰ যুদ্ধবিৰতিৰ বিষয়ে আলোচনা কৰা হয় । কিন্তু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধত যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাছিল । এই বৈঠক এনে সময়ত অনুষ্ঠিত হয় যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে । ভাৰতে এই বিষয়ত তীব্ৰ আপত্তি জনাই আমেৰিকাৰ এই পদক্ষেপক অন্যায় আৰু অৰ্থহীন বুলি অভিহিত কৰিছিল । ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে কয় যে আমি আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিম । এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত হোৱা কথা-বতৰাৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰাছিয়াই আমেৰিকাৰ শুল্কৰ বিৰুদ্ধে ভাৰতৰ সৈতে থিয় দিছে ।

পুটিন-ট্ৰাম্পৰ বৈঠক নিৰ্ণায়ক নোহোৱাৰ বাবে ভাৰতত প্ৰভাৱ-

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইবাবাৰো কৈছে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাটোৱে প্ৰভাৱ পেলাইছে আৰু এই কাৰণেই পুটিনে তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈ সন্মত হৈছে । ট্ৰাম্পৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে এক সাক্ষাৎকাৰত সকীয়াই দিছে যে যদি পুটিন আৰু ট্ৰাম্পৰ মাজত হোৱা আলোচনাৰ কোনো ফল পোৱা নাযায়, তেন্তে ভাৰত অধিক শুল্কৰ বাবে সাজু হোৱা উচিত । এনে পৰিস্থিতিত আলাস্কাৰ বৈঠকৰ পাছত ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি কেন্দ্ৰ (আমেৰিকা)ৰ সৈতে বাণিজ্যিক সংঘাত আৰু অধিক অব্যাহত থাকিব পাৰে । অৱশ্যে শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে এটা প্ৰশ্নৰ উত্তৰত কৈছিল যে যদি মই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিবলগীয়া হয় তেন্তে মই নিশ্চিতভাৱে কৰিম, কিন্তু সম্ভৱ যে মোৰ তেনে কৰাৰ প্ৰয়োজন নহ’বও পাৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…

আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকক আদৰণি ভাৰতৰ… ক’লে- আলোচনাই হ’ব শান্তিৰ একমাত্ৰ পথ

আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকক আদৰণি ভাৰতৰ

আলাস্কাত আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা শীৰ্ষ সন্মিলনক আদৰণি জনাইছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে । তেওঁ কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এই পদক্ষেপ বিশ্ব শান্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । জয়ছোৱালে কয় যে ভাৰতে এই আলোচনাত হোৱা অগ্ৰগতিৰ শলাগ লৈছে আৰু বিশ্বাস কৰে যে আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে আগুৱাই যোৱাৰ পথ বিচাৰি পাব পাৰি ।

ৰনধীৰ জয়ছোৱালে আৰু কয় যে বৰ্তমান সমগ্ৰ বিশ্বই ইউক্ৰেইন যুদ্ধৰ ফালে চাই আছে আৰু সকলোৱে বিচাৰে এই সংঘাত অতি সোনকালে শেষ হওক । জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ নীতি সদায়েই আছিল যে যুদ্ধ কোনো সমস্যাৰ সমাধান নহয় । তেওঁ পুনৰ কয় যে আলোচনা আৰু পাৰস্পৰিক বুজাবুজি হৈছে শান্তিৰ আটাইতকৈ ডাঙৰ মাধ্যম ।

আলোচনাৰ ওপৰত বিশ্বৰ চকু-

আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল । ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী নেতাই পোনপটীয়াকৈ সাক্ষাৎ কৰিছিল । অৱশ্যে এই বৈঠকক ‘উপযোগী’ বুলি অভিহিত কৰাৰ সময়তে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে এই মুহূৰ্তত কোনো বৃহৎ চুক্তিত উপনীত হোৱা নাই । তেওঁ কয় যে আমি কিছু অগ্ৰগতি লাভ কৰিছো, কিন্তু আমি এতিয়াও গন্তব্য স্থানত উপনীত হোৱা নাই ।

ট্ৰাম্পে এই আলোচনাক ‘অতি ইতিবাচক’ বুলি অভিহিত কৰাৰ লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু নাটোৰ নেতাৰ সৈতে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিব বুলিও কয় । পুটিনে ট্ৰাম্পৰ ‘বন্ধুত্বপূৰ্ণ’ ভাষা আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বুজাবুজিৰ প্ৰশংসা কৰে । কিন্তু আলোচনাৰ পৰা কোনো সুনিৰ্দিষ্ট ঘোষণা বা লিখিত চুক্তিৰ সৃষ্টি নহ’ল ।

লগতে পঢ়ক : ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

পুটিনক সাক্ষাতৰ পিছত জেলেনস্কিক ফোন কৰিলে ট্ৰাম্পে… ‘যুদ্ধবিৰতি’ সন্দৰ্ভত এই কথা ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

‘যুদ্ধবিৰতি’ সন্দৰ্ভত এই কথা ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে তেওঁ যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াৰ সৈতে সহযোগিতা কৰিবলৈ সাজু । ট্ৰাম্পৰ সৈতে বাৰ্তালাপৰ পিছত জেলেনস্কিয়ে সোমবাৰে ৱাশ্বিংটনলৈ যোৱাৰ কথা ঘোষণা কৰে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে জেলেনস্কিক কয় যে ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ পৰিৱৰ্তে এক ব্যাপক শান্তি চুক্তি পছন্দ কৰে । ইয়াৰ পিছত জেলেনস্কিয়ে ট্ৰাম্পৰ প্ৰস্তাৱক সমৰ্থন কৰি কয় যে আমেৰিকা, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ত্ৰিপাক্ষিক বৈঠক হ’ব লাগে ।

জেলেনস্কিয়ে কয় যে ইউক্ৰেইন শান্তি অনাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । গুৰুত্বপূৰ্ণ বিষয়সমূহ নেতা পৰ্যায়ত আলোচনা কৰা উচিত আৰু ইয়াৰ বাবে ত্ৰিপাক্ষিক ফৰ্মেট উপযুক্ত । তেওঁ কয় যে আলোচনাৰ প্ৰতিটো পৰ্যায়তে ইউৰোপীয় নেতাসকল উপস্থিত থাকিব লাগে, যাতে কঠিন নিৰাপত্তাৰ নিশ্চয়তা নিশ্চিত কৰিব পৰা যায় ।

দৰাচলতে আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা নাছিল । ইয়াৰ পিছতে আলাস্কাৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ সময়ত ট্ৰাম্পে জেলেনস্কি আৰু ইউৰোপৰ অন্যান্য নেতাসকলক ফোন কৰে । ইউক্ৰেইনৰ নেতাগৰাকীৰ সৈতে এই টেলিফোনিক কথা-বতৰা এঘণ্টাৰো অধিক সময় ধৰি চলিছিল । প্ৰতিবেদন অনুসৰি  ট্ৰাম্পে জেলেনস্কিক যুদ্ধবিৰতিৰ পৰিৱৰ্তে দ্ৰুত শান্তি চুক্তিৰ আলোচনা কৰিবলৈ কোৱা বুলি অনুমান কৰা হৈছে ।

ত্ৰিপাক্ষিক বৈঠকক সমৰ্থন জেলেনস্কিৰ-

জেলেনস্কিয়ে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ দীঘলীয়া আৰু ফলপ্ৰসূ আলোচনা হৈছিল । তেওঁ ইউক্ৰেইন, ৰাছিয়া আৰু আমেৰিকাৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ বাবে ট্ৰাম্পৰ প্ৰস্তাৱক সমৰ্থন কৰে । জেলেনস্কিয়ে টুইট কৰি কয় যে ইউক্ৰেইনে শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো শক্তিৰে কাম কৰিবলৈ সাজু হোৱাটো নিশ্চিত কৰিছে ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আলাস্কাত এই দিনটো এটা সফল দিন আছিল । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকখন অতি ভাল আছিল, একেদৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু নাটোৰ মহাসচিবকে ধৰি বহু ইউৰোপীয় নেতাৰ সৈতে গভীৰ নিশা হোৱা আলোচনাও ইতিবাচক আছিল । সকলোৱে সিদ্ধান্ত লয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল কেৱল যুদ্ধবিৰতি নহয়, শান্তি চুক্তিৰ দিশে পোনপটীয়াকৈ আগবাঢ়ি যোৱা । তেওঁ কয় যে সোমবাৰে বিয়লি ৰাষ্ট্ৰপতি জেলেনস্কি অ’ভেল অফিচ (হোৱাইট হাউছ)লৈ আহিব । যদি সকলো ঠিকে থাকে তেন্তে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকৰ দিন ধাৰ্য কৰা হ’ব । ইয়াৰ দ্বাৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষা পৰিব পাৰে ।

আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পতাৰ পিছত তেওঁ ইউৰোপীয় নেতাসকলৰ সৈতেও কথা পাতিছে । সকলোৰে স্থিতি স্পষ্ট । এতিয়া ৰাছিয়াৰ আক্ৰমণাত্মক কাৰ্য্যৰ আন এক চুটি বিৰতি নহয়, স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো প্ৰয়োজনীয় । জেলেনস্কিয়ে কয় যে যুদ্ধত হোৱা হত্যাকাণ্ড তৎক্ষণাত বন্ধ কৰিব লাগে । লগতে বন্দৰসমূহত চলি থকা আক্ৰমণ বন্ধ হ’ব লাগে । তেওঁ সকলো যুদ্ধবন্দী আৰু অসামৰিক বন্দীক মুকলি কৰি দিয়াৰ লগতে ৰাছিয়াই অপহৰণ কৰা শিশুসকলক ঘূৰাই অনাৰ দাবী জনায় । তেওঁ কয় যে হাজাৰ হাজাৰ ইউক্ৰেইনৰ নাগৰিক এতিয়াও বন্দী হৈ আছে আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাটো অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ

সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ

সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাণিজ্যিক ভাবুকি আৰু বিশ্বজুৰি যুদ্ধৰ ওকমুকনিৰ মাজতে আলাস্কাত ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠক অনুষ্ঠিত হয় । দুয়োগৰাকী নেতাই আন্তৰিকতাৰে হাত মিলাই ঘণ্টাৰ পিছত ঘণ্টা আলোচনাত বহিছিল । আশা কৰা হৈছিল হাই প্ৰফাইল এই বৈঠকে আনিব বহু সমস্যাৰ সমাধান সূত্ৰ । দুয়োখন মহাশক্তিধৰ দেশে আলোচনাত মিলিত হোৱাৰ পিছত দীৰ্ঘদিনে চলি থকা ৰাছিয়া-ইউক্ৰইন যুদ্ধৰ অন্ত পৰিব বুলিও আশা কৰা হৈছিল । কিন্তু সকলোৰে আশাত চেঁচা পানী ঢালি কোনো সমাধান সূ্ত্ৰ নোলাল এই বৈঠকত ।

উল্লেখ্য যে, আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰায় ৩ ঘণ্টা ধৰি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় । এই সময়ছোৱাত ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয় । অৱশ্যে যুদ্ধবিৰতি সন্দৰ্ভত কোনো একমত হোৱা নাই । যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্প আৰু পুটিনৰ পৰৱৰ্তী বৈঠক মস্কোত অনুষ্ঠিত হ’ব । অৱশ্যে সময় এতিয়াও নিৰ্ণয় হোৱা নাই । এই বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ অবিহনে ইউক্ৰেইনৰ বিষয়ে কোনো সিদ্ধান্ত ল’ব নোৱাৰি । অৱশ্যে ট্ৰাম্পে কয় যে জেলেনস্কি আগলৈ আলোচনাত জড়িত হ’ব পাৰে ।

বৈঠকৰ পিছত সংবাদমেলৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমাৰ বৈঠক অতি ইতিবাচক আছিল বুলি মই ভাবো । আলোচনাত বহু কথাত আমি একমত হৈছিলো যদিও কোনো চুক্তিত উপনীত হোৱা নাই । যিকোনো চুক্তি চূড়ান্ত হ’লেহে হ’ব ।

ট্ৰাম্প আৰু পুটিনৰ বৈঠকৰ বাবে আলাস্কাৰ এলমেনডৰ্ফ এয়াৰ বেছত বিশেষ ব্যৱস্থা কৰা হৈছিল । বিমানবন্দৰৰ ৰাণৱেত ৰেড কাৰ্পেটত আদৰণি জনোৱা হৈছিল পুটিনক ।

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পুটিনৰ ৩ ঘণ্টীয়া বৈঠকত কোনবোৰ বিষয়ত আলোচনা হৈছিল সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ পোৱা নাই । কাৰণ দুয়োজন নেতাই আলোচনাৰ অন্তত মাত্ৰ ১২ মিনিটৰ বাবে সংবাদমেল পাতিছিল, সেই সময়ত সংবাদ মাধ্যমৰ পৰা কোনো প্ৰশ্ন গ্ৰহণ কৰা নাছিল । ট্ৰাম্পে মাত্ৰ কয় যে বৈঠক ইতিবাচক আছিল । অৱশ্যে এতিয়ালৈকে কোনো চুক্তি চূড়ান্ত হোৱা নাই । ইয়াৰ বাহিৰেও ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে যুদ্ধৰ অন্ত পেলাবলৈ প্ৰকৃত কাৰণটো নিৰ্মূল কৰাটো অধিক গুৰুত্বপূৰ্ণ । ইয়াৰ লগতে তেওঁ কয় যে যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, যদি ট্ৰাম্প ৰাষ্ট্ৰপতি হ’লহেঁতেন তেন্তে হয়তো এই যুদ্ধ আৰম্ভ নহ’লহেঁতেন ।

পৰৱৰ্তী বৈঠক মস্কোত-

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু পুটিনৰ এই বৈঠকৰ পূৰ্বে বিশ্বাস কৰা হৈছিল যে প্ৰথমখন বৈঠকতে দুয়োগৰাকী নেতাই যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা হয়তো সম্ভৱ নহয় । এই বাবেই ট্ৰাম্পে পূৰ্বেও কৈছিল যে অতি শীঘ্ৰে পুটিন আৰু জেলেনস্কিৰ সৈতে দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব । প্ৰথমখন বৈঠকৰ অন্তত পুটিনে ট্ৰাম্পক পৰৱৰ্তী বৈঠকৰ বাবে মস্কোলৈ আহিবলৈ পৰামৰ্শ দিছে । অৱশ্যে ট্ৰাম্পে এই কথাত সন্মতি দিয়া নাই আৰু নাকচো কৰা নাই । এনে পৰিস্থিতিত পৰৱৰ্তী বৈঠকখন মস্কোতেই অনুষ্ঠিত হ’ব পাৰে বুলি বিশ্বাস কৰা হৈছে ।

লগতে পঢ়ক : জেলেনস্কিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ… শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ১৫ আগষ্টত আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেওঁ সাক্ষাৎ কৰিব । তথ্য অনুসৰি দুয়োগৰাকী নেতাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিব । ট্ৰাম্পে কয় যে মোৰ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত বহু প্ৰত্যাশিত বৈঠক অহা শুকুৰবাৰে অৰ্থাৎ ২০২৫ চনৰ ১৫ আগষ্টত গ্ৰেট ষ্টেট অৱ আলাস্কাত অনুষ্ঠিত হ’ব । অধিক সবিশেষ পৰৱৰ্তী সময়ত দিয়া হ’ব ।

যদি এই বৈঠক হয় তেন্তে ২০২১ চনৰ পিছত আমেৰিকা আৰু ৰাছিয়াৰ মাজত হ’ব প্ৰথমখন শীৰ্ষ সন্মিলন । তেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে জেনেভাত পুটিনক সাক্ষাৎ কৰিছিল । ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তিৰ চৰ্ত এতিয়াও দুয়োখন দেশৰ বাবে বহু বেলেগ, গতিকে যুদ্ধ বন্ধ হোৱাৰ নিশ্চয়তা নাই ।

ট্ৰাম্পৰ এই ঘোষণাৰ মাজতে ফ্ৰণ্টত যুঁজি থকা ইউক্ৰেইনৰ সৈন্যসকলৰ কূটনৈতিক সমাধানৰ বিশেষ আশা নাই । প্ৰায় দুসপ্তাহ পূৰ্বে ট্ৰাম্পে ভ্লাদিমিৰ পুটিনক আক্ৰমণ বন্ধ কৰিবলৈ আলটিমেটাম দিছিল আৰু যদি ৰাছিয়াই পিছুৱাই নাযায় তেন্তে ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞা আৰু শুল্ক আৰোপ কৰা হ’ব বুলি ভাবুকি দিছিল । ৰাছিয়ান সেনাই ইউক্ৰেইনত লাহে লাহে আগবাঢ়িছে আৰু অহৰহ চহৰবোৰত আক্ৰমণ চলাই আছে । ডনেস্কৰ পক্ৰ’ভস্ক অঞ্চলত এই যুদ্ধ আটাইতকৈ তীব্ৰতৰ হৈ পৰিছে, য’ত ৰাছিয়াই ড্নিপ্ৰ’পেট্ৰ’ভস্কৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে । ইফালে ইউক্ৰেইনত জনশক্তিৰ অভাৱ যদিও  সৈন্যসকল দৃঢ়তাৰে থিয় দিছে ।

ক্ৰেমলিনৰ মতে, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে ফোনযোগে কথা পাতি পুটিনে ট্ৰাম্পৰ দূত ষ্টিভ উইটকফৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰে । ইউক্ৰেইনৰ সংকটৰ ‘দীৰ্ঘম্যাদী সমাধান’ৰ বাবে জিয়ে সমৰ্থন প্ৰকাশ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফোনযোগে পুটিনৰ সৈতে কথা পাতিছিল । এই সপ্তাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে, যাক ট্ৰাম্পে যুদ্ধৰ বাবে আৰ্থিক সাহায্য বুলি গণ্য কৰে । দক্ষিণ আফ্ৰিকা, কাজাখস্তান, উজবেকিস্তান আৰু বেলাৰুছৰ নেতাসকলৰ সৈতেও ফোনযোগে কথা পাতিছিল পুটিনে । বিশ্লেষকসকলৰ মতে পুটিনে ট্ৰাম্পৰ সৈতে সম্ভাৱ্য চুক্তিৰ বিষয়ে নিজৰ ঘনিষ্ঠ মিত্ৰসকলক অৱগত কৰিছে ।

লগতে পঢ়ক : ইণ্টেলৰ CEO ক শীঘ্ৰেই পদত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ; চীনৰ সৈতে সংযোগ স্থাপনৰ পিছতে ক্ষোভৰ সৃষ্টি

 ট্ৰাম্পৰ শুল্ক নীতিৰ মাজতে ডাঙৰ খবৰ; শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন

শীঘ্ৰেই ভাৰতলৈ আহিব ভ্লাদিমিৰ পুটিন

আমেৰিকাৰ শুল্ক যুদ্ধৰ মাজতে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে।শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিবলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

আমেৰিকাৰ সৈতে উত্তেজনাৰ মাজতে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বৃহস্পতিবাৰে মস্কোত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ খবৰ এনে এটা সময়ত আহিছে যেতিয়া ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাত ক্ষুব্ধ হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০% শুল্ক বৃদ্ধি কৰিছে।

শেহতিয়াকৈ আমেৰিকাৰ দূত ষ্টিভ উইংকফেও ৰাছিয়া ভ্ৰমণ কৰিছিল, য’ত তেওঁ পুটিনক লগ পাইছিল যদিও দুয়োখন দেশৰ মাজত কোনো গুৰুত্বপূৰ্ণ চুক্তি হ’ব পৰা নাছিল।

কিন্তু এই বৈঠকৰ পাছতো ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক বৃদ্ধি কৰে। ইফালে, মস্কোত উপস্থিত হোৱা এন এছ এ ড’ভালৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ নিশ্চিত কৰা কথাই স্পষ্ট কৰেযে ভাৰতে আমেৰিকাৰ শুল্ক ভাবুকিৰ প্ৰতি ভয় খোৱা নাই।

তেওঁ পূৰ্বেও কৈছিল যে ৰাছিয়া তেওঁৰ বিশ্বাসযোগ্য অংশীদাৰ আৰু তেওঁ ইয়াৰ সৈতে ইমান সহজে বাণিজ্য আৰু কৌশলগত সম্পৰ্ক ভংগ নকৰে।

লগতে পঢ়ক: আমেৰিকাৰ ডাঙৰ সিদ্ধান্ত!পুনৰ ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

‘তেওঁলোকে কথা ভালকৈ পাতে কিন্তু নিশাৰ আন্ধাৰত বোনা নিক্ষেপ কৰে’; ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত সকলো ভালে চলি থকা নাই।পুটিনক তীব্ৰ সমালোচনা কৰি পুনৰবাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ট্ৰাম্পে।

ফিফা বিশ্বকাপৰ ফাইনেলৰ পৰা উভতি অহাৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ট্ৰাম্পে কয় যে ৰাষ্ট্ৰপতি পুটিনক লৈ মই অতি হতাশ হৈছো।

তেওঁ বৰ ভালকৈ কথা কয়। কথা কোৱাৰ বিশেষজ্ঞ যদিও ৰাতিৰ আন্ধাৰত মানুহৰ ওপৰত বোমা নিক্ষেপ কৰে।

শেহতীয়াকৈ চলি থকা এই যুদ্ধৰ মাজতে পুটিনৰ সৈতে হোৱা বাৰ্তালাপৰ প্ৰেক্ষাপটত ট্ৰাম্পে এই মন্তব্য কৰে।

দৰাচলতে কাৰ্যকালৰ আৰম্ভণিৰে পৰাই ট্ৰাম্পে এই যুদ্ধৰ অন্ত পেলাব বিচাৰিছিল।কিন্তু ৰাছিয়াই যোৱা কেইদিনমানৰ পৰা ইউক্ৰেইনত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ গতি বৃদ্ধি কৰি ট্ৰাম্পক ক্ষুব্ধ কৰি তুলিছে।

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে চলি থকা যুদ্ধ ৰোধ কৰাটোৱেই তেওঁৰ অগ্ৰাধিকাৰ।

কিন্তু মাৰ্চ মাহৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।ট্ৰাম্পে এই আক্ৰমণসমূহক পুটিনৰ দ্বৈত মানদণ্ডৰ সৈতে জড়িত কৰি তুলিছে, য’ত তেওঁ দিনত শান্তিৰ কথা কয় কিন্তু ৰাতি আক্ৰমণ কৰে।

শেহতীয়াকৈ ট্ৰাম্পে পুটিনৰ সৈতে কেইবাবাৰো ফোনত কথা পাতিছে, য’ত তেওঁ এই যুদ্ধৰ অন্ত পেলাবলৈ শান্তি আলোচনা অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছিল।

ইয়াৰ পূৰ্বে ট্ৰাম্পে পুটিনৰ সৈতে ভাল সম্পৰ্ক থকা বুলি দাবী কৰিছিল যদিও আক্ৰমণ আৰু শান্তি আলোচনাত পুটিনৰ অসহযোগী মনোভাৱক লৈ বাৰে বাৰে হতাশা প্ৰকাশ কৰিছিল।

ট্ৰাম্পে ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞা আৰোপ কৰিবলৈ আমেৰিকা আৰু ইউৰোপীয় মিত্ৰ দেশসমূহক হেঁচা দিছিল।

লগতে পঢ়ক: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; উৰণৰ পিছতেই দাউ দাউ কৈ জ্বলি উঠিল বিমান