প্ৰথমে নিজৰ দেশ চম্ভালক… ভ্লাদিমিৰ পুটিনৰ মধ্যস্থতাৰ প্ৰস্তাৱক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

ভ্লাদিমিৰ পুটিনৰ মধ্যস্থতাৰ প্ৰস্তাৱক তীক্ষ্ণ সমালোচনা ট্ৰাম্পৰ

ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাক সমগ্ৰ বিশ্বৰ বাবে এক বৃহৎ সংকট হিচাপে দেখা গৈছে । আন বহু দেশে এতিয়া এই উত্তেজনাৰ অন্ত পেলাবলৈ কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে । বুধবাৰে তেওঁ কয় যে ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা সমাধানৰ ক্ষেত্ৰত তেওঁ মধ্যস্থতা কৰিবলৈ সাজু । তেওঁ পৰামৰ্শ দিয়ে যে ৰাছিয়াই এনে এটা সমাধান বিচাৰি উলিয়াব পাৰে যাৰ ফলত ইৰাণে শান্তিপূৰ্ণ পাৰমাণৱিক কাৰ্যসূচী চলাব পাৰে আৰু ইজৰাইলৰ নিৰাপত্তাজনিত উদ্বেগো দূৰ হ’ব পাৰে ।

ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক ফ’ৰামৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ সম্পাদকৰ সৈতে হোৱা কথা-বতৰাত ভ্লাদিমিৰ পুটিনে কয় যে এইটো এটা স্পৰ্শকাতৰ বিষয়, কিন্তু মই ভাবো ইয়াৰ সমাধান সম্ভৱপৰ । পুটিনে লগতে কয় যে তেওঁ নিজৰ পৰিকল্পনা আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ সৈতে ভাগ কৰিছে । উল্লেখ্য যে যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছত পুটিনৰ এই বক্তব্য প্ৰকাশ পাইছে, য’ত তেওঁ এই বিষয়ত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছিল ।

সলনি হ’ল ট্ৰাম্পৰ সুৰ-

অৱশ্যে ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা শেষ কৰাৰ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনে দিয়া বক্তব্যৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি সলনি হৈছে । য’ত ট্ৰাম্পে পুটিনক প্ৰথমে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ সমাধান কৰিবলৈ পৰামৰ্শ দিছে । ট্ৰাম্পে কয়- মই পুটিনক কৈছো যে প্ৰথমে তেওঁৰ যুঁজখন সমাধান কৰক, বাকীখিনি পিছত চম্ভালিব পাৰিব । উল্লেখ্য যে পূৰ্বে ট্ৰাম্পে পুটিনৰ এই পদক্ষেপ মুকলি মনেৰে বিবেচনা কৰাৰ যোগ্য বুলি কৈছিল যদিও এতিয়া তেওঁ এই স্থিতি সলনি কৰিছে ।

ইয়াৰ পূৰ্বে ট্ৰাম্পৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত পুটিনে এই কথাও সোঁৱৰাই দিয়ে যে ৰাছিয়াই ইৰাণত প্ৰথমটো পাৰমাণৱিক উদ্যোগ (বুশ্বেহৰ) নিৰ্মাণ কৰিছে আৰু দুয়োখন দেশৰ মাজত গভীৰ আস্থা আছে । ইজৰাইলৰ সৈতেও ৰাছিয়াৰ ভাল সম্পৰ্ক আছে । এনে পৰিস্থিতিত মধ্যপ্ৰাচ্যত ৰাছিয়াৰ এই সন্তুলিত স্থিতিয়ে ইয়াক সম্ভাৱ্য শক্তিৰ দালাল কৰি তুলিব পাৰে, যিয়ে ইজৰাইল-ইৰাণ বিবাদৰ কূটনৈতিক সমাধান বিচাৰি উলিয়াব পৰা অৱস্থাত আছে ।

লগতে পঢ়ক : ‘যদি আমেৰিকাই হস্তক্ষেপ কৰে তেনেহলে…’; ইৰাণে দিলে সকিয়নী

ইজৰাইল-ইৰাণ যুদ্ধত শান্তিদূত হ’ব পুটিন! ট্ৰাম্পৰ সৈতে ৫০ মিনিটৰ ফোন কলত কি কি আলোচনা

শান্তিদূত হ’ব পুটিন!

দীৰ্ঘদিন ধৰি যুদ্ধৰ জুইত জ্বলি আছে মধ্যপ্ৰাচ্য।ইজৰাইল আৰু ইৰাণৰ যুদ্ধই এই বিষয়টোক আৰু অধিক ইন্ধন যোগাইছে।বিগত ৪৮ ঘণ্টা ধৰি দুয়োখন দেশে ইখনে সিখনৰ ওপৰত মিছাইল নিক্ষেপ কৰি আহিছে।

ইফালে মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ফোনতে আলোচনা কৰিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ ক্ৰেমলিনৰ এজন বিষয়া ইউৰি উছাকোভে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু ট্ৰাম্পে ৫০ মিনিট লৈকে কথা পাতিলে।

দুয়োগৰাকী নেতাৰ মাজত হোৱা এই কথা-বতৰা লাভজনক আছিল।এই সময়ত ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ ফলত মধ্যপ্ৰাচ্যৰ ওপৰত পৰিব লগীয়া বিপজ্জনক প্ৰভাৱৰো আলোচনা কৰা হয়।

উছাকোভে কয় যে এই সময়ছোৱাত পুটিনে ইজৰাইল আৰু ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা আলোচনাৰ সবিশেষও ট্ৰাম্পক দিছিল।

পুটিনে ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ সামৰিক অভিযানক গৰিহণা দিছে আৰু এই যুদ্ধৰ পৰা উদ্ভৱ হোৱা উত্তেজনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে ইয়াৰ বোজা সমগ্ৰ মধ্যপ্ৰাচ্যই বহন কৰিব লাগিব।

পুটিনে যুদ্ধৰ তীব্ৰতা বৃদ্ধি আৰু সম্ভাৱ্য মধ্যস্থতাকাৰী প্ৰচেষ্টাত ৰাছিয়াই জড়িত হ’বলৈ ইচ্ছা প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে এই যুদ্ধ বন্ধ কৰিবলৈ সম্ভাৱ্য মধ্যস্থতাৰ ইচ্ছা প্ৰকাশ কৰে।

বৰ্তমানৰ পৰিস্থিতিকো চিন্তনীয় বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে ইৰাণ পুনৰ আলোচনাৰ মেজলৈ ঘূৰি আহিবই লাগিব।

তেওঁ কয় যে আমেৰিকাৰ আলোচনাপন্থীৰ দলটো এই কথা-বতৰাৰ বাবে সাজু হৈছে আৰু তেওঁ ইৰাণৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিব বিচাৰে।

কওঁ যে ট্ৰাম্পৰ সৈতে হোৱা এই কথা-বতৰাৰ সময়ত পুটিনে তেওঁক ৰাছিয়া আৰু ইউক্ৰেইনৰ প্ৰতিনিধিসকলৰ মাজত হোৱা চুক্তিৰ বিষয়েও তথ্য দিয়ে আৰু ২২ জুনৰ পিছত ইউক্ৰেইনৰ সৈতে আলোচনা কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

লগতে পঢ়ক: ইৰাণক কঠোৰ সকিয়নী ড’নাল্ড ট্ৰাম্পৰ; ক’লে- যদি আক্ৰমণ কৰে তেন্তে…

‘শীঘ্ৰেই ধ্বংস হ’ব ৰাছিয়া…’; ভ্লাদিমিৰ পুটিনক পাগল আখ্যা ড’নাল্ড ট্ৰাম্পৰ

ডনাল্ড ট্ৰাম্প

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিছে। পুটিনৰ প্ৰতি ধৈৰ্য্য হেৰুৱাইছে বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে।

ইউক্ৰেইনৰ ৰাজধানী কিয়ভ আৰু অন্যান্য চহৰত একেৰাহে তৃতীয় দিনা ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণ কৰা বুলি ট্ৰাম্পে ৰাছিয়াক তীব্ৰ সমালোচনা কৰিছে।আনকি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন একেবাৰে উন্মাদ হৈ পৰিছে বুলিও কৈছে।

কি ক’লে ড’নাল্ড ট্ৰাম্পে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেওবাৰে ছ’চিয়েল মিডিয়া পোষ্টত এইদৰে কয়- “ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মোৰ সদায় অতি ভাল সম্পৰ্ক আছিল যদিও তেওঁৰ সৈতে কিবা এটা হৈছে।

তেওঁ সম্পূৰ্ণ ৰূপে পাগল হৈ গৈছে। অপ্ৰয়োজনীয়ভাৱে বহু লোকক পুটিনে হত্যা কৰিছে ।ইউক্ৰেইনৰ চহৰসমূহত অকাৰণতে মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰা হৈছে।’  

ইয়াৰ ফলত ধ্বংস হ’ব ৰাছিয়া: ট্ৰাম্প

মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পুটিনক ডাঙৰ সতৰ্কবাণী জাৰি কৰিছে। ট্ৰাম্পে স্পষ্টকৈ কৈছে যে “যদি পুটিনে সমগ্ৰ ইউক্ৰেইন দখল ল’ব বিচাৰে তেন্তে ইয়াৰ ফলত ধ্বংস হ’ব ৰাছিয়া।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিকো সমালোচনা কৰিছে ট্ৰাম্পে।ট্ৰাম্পে কৈছে- “আপুনি যি ধৰণে কথা কৈছে, আপুনি আমাৰ দেশৰ কোনো উপকাৰ কৰা নাই।তেওঁৰ মুখৰ পৰা ওলোৱা প্ৰতিটো কথাই সমস্যাৰ সৃষ্টি কৰে, মোৰ ভাল নালাগে, আৰু বন্ধ হৈ যোৱাটোৱেই ভাল।”

পুটিনৰ কামত মই সুখী নহয়: ট্ৰাম্প

ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ পুটিনৰ কামত সুখী নহয়।ট্ৰাম্পে কয় যে, “মই তেওঁক বহুদিনৰ পৰা চিনি পাওঁ, তেওঁৰ লগত সদায় আছো, কিন্তু তেওঁ চহৰত ৰকেট নিক্ষেপ কৰি মানুহক হত্যা কৰিছে। মই সেইটো একেবাৰেই ভাল নাপাওঁ।”

লগতে পঢ়ক: ‘বাংলাদেশৰ যুৱতীক বিয়া কৰাৰ আগতে সাৱধান হওক’; চীনৰ নাগৰিকৰ বাবে নিৰ্দেশনা জাৰি

ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন; প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল নিমন্ত্ৰণ

শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।যোৱা বছৰ ৰাছিয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল।

২০২২ চনত ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এইটোৱেই হ’ব প্ৰথম ভাৰত ভ্ৰমণ।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে কয় যে পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে প্ৰস্তুতি চলি আছে যদিও তেওঁ কোনো নিৰ্দিষ্ট তাৰিখ উল্লেখ কৰা নাই।

লাভৰভে কয়, ‘ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণৰ বাবে ভাৰত চৰকাৰৰ মুৰব্বীৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে।’ তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ৰাছিয়াক বাছি লৈছিল আৰু এতিয়া আমাৰ পাল।’

দুয়োজন নেতাৰ মাজত ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা হ’ব, লগতে ডনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ভূ-ৰাজনৈতিক অস্থিৰতাৰ বিষয়েও আলোচনা কৰিব।

ইউক্ৰেইন সংঘাতৰ ক্ষেত্ৰত ভাৰতে নিৰপেক্ষ স্থিতি অক্ষুণ্ণ ৰাখিছে যদিও প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক বাৰে বাৰে কৈছে যে এয়া যুদ্ধৰ যুগ নহয়।

ৰাছিয়াক গৰিহণা দিয়া ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ পৰা ভাৰতে নিজকে আঁতৰাই ৰাখিছে আৰু পুটিনক ৰাজহুৱাভাৱে সমালোচনা কৰাৰ পৰাও বিৰত আছে।

ৰাছিয়াৰ সৈতে ভাৰতে শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে যদিও ইউক্ৰেইনৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছে।প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৪ চনত ৰাছিয়াৰ লগতে ইউক্ৰেইন ভ্ৰমণ কৰি ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰিছিল।অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনৰ বাবেও ৰাছিয়াৰ কাজান ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

“যুদ্ধ বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কাম কৰি আছে , মই তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ…”; সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ প্ৰশংসা পুটিনৰ

সমগ্ৰ বিশ্বই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ বন্ধ কৰাত নিয়োজিত হৈ আছে। ইফালে, বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে যুদ্ধসমাপ্তিৰ চেষ্টা কৰা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰে।

এই ক্ষেত্ৰত তেওঁ ভাৰতকে ধৰি ব্ৰিকছ দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰথমবাৰৰ বাবে ইউক্ৰেইনত ৩০ দিনীয়া যুদ্ধবিৰতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সঁহাৰি জনাইছিল।

উদ্বোধনী ভাষণত পুটিনে তিনি বছৰ ধৰি চলি থকা যুদ্ধৰ সমাপ্তিত সহায় কৰাৰ বাবে বিশ্বৰ নেতাসকলে কৰা প্ৰচেষ্টাৰ বিষয়ে বৰ্ণনা কৰে।

কৃতজ্ঞতা জ্ঞাপন কৰি পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ নেতা ছি জিনপিঙৰ কথা উল্লেখ কৰে।

পুটিনে কৈছিল, ‘প্ৰথমতে, ইউক্ৰেইনৰ সমাধানৰ প্ৰতি ইমান মনোযোগ দিয়াৰ বাবে মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ধন্যবাদ জনাইছো।

আমি সকলোৱে এই মুহূৰ্তত বহুত কৰিব লগীয়া আছে, কিন্তু চীনৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে বহুতো দেশৰ নেতাই এই বিষয়টোত যথেষ্ট সময় দিছে, আৰু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ।

কিয়নো ই শত্ৰুতা বন্ধ কৰা আৰু মানুহৰ ক্ষতি প্ৰতিহত কৰাৰ মহান উদ্দেশ্যৰ বাবে।ভাৰতে কেইবাটাও গোলকীয় মঞ্চত শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতি স্পষ্ট কৰিছে।

বৃহস্পতিবাৰে ৰাছিয়াৰ নেতাজনে সংবাদমেলত কয় যে তেওঁ কাৰিকৰীভাৱে ইউক্ৰেইনত প্ৰস্তাৱিত যুদ্ধবিৰতিৰ পক্ষত আছে।

বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে মস্কোত এক সংবাদমেলত পুটিনে কয়, ‘আমি যুদ্ধ সমাপ্ত কৰাৰ প্ৰস্তাৱত সন্মত, কিন্তু এই চৰ্তত যে ই দীৰ্ঘম্যাদী শান্তিৰ দিশে লৈ যায় আৰু সংকটৰ মূল কাৰণবোৰ সমাধান কৰে।

‘আমেৰিকা যুক্তৰাষ্ট্ৰই ৩০ দিনৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছে, যাৰ ফলত যুদ্ধৰ ক্ষেত্ৰত অস্থায়ীভাৱে শত্ৰুতা সমাপ্ত হ’ব। এই পৰিকল্পনাটো ইউক্ৰেইনৰ দ্বাৰাও সমৰ্থিত ।

বৃদ্ধি পাইছে যুদ্ধৰ সমাপ্তিৰ আশা; আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ সাজু “পুটিন”

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাপ্তিৰ আশা এতিয়া আৰু বৃদ্ধি পাইছে। এটা দিন পূৰ্বে ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ বিষয়াসকলৰ মাজত প্ৰথমখন বৈঠক চৌদি আৰৱত অনুষ্ঠিত হৈছিল।

ইয়াৰ পিছত, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এটা গুৰুত্বপূৰ্ণ বিবৃতি ওলাইছে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিবলৈ আৰু এই বিষয়টো আলোচনা কৰিবলৈ তৎপৰতা প্ৰকাশ কৰিছে।

পুটিনে বুধবাৰে কৈছিল যে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰিব বিচাৰে, কাৰণ এই বৈঠকখন “অৰ্থপূৰ্ণ” কৰাৰ বাবে প্ৰস্তুতি চলাব লাগে।

পুটিনৰ এই মন্তব্য এনে এটা সময়ত আহিছে যেতিয়া ৰাছিয়াৰ বিষয়া আৰু চৌদি আৰৱৰ মাজত আলোচনাৰ পিছত ট্ৰাম্পৰ দূত কিয়েভত নিয়োজিত হৈ আছে।

আমেৰিকান বিষয়াসকলেও এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে এই বিষয়টো আলোচনা কৰিব বিচাৰে।অৱশ্যে, জেলেনস্কি ট্ৰাম্পৰ মন্তব্যত সুখী নহয়। জেলেনস্কিয়ে কৈছে যে ট্ৰাম্পে ৰাছিয়াৰ ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰি আছে

টেলিভিছনত দিয়া ভাষণত পুটিনে কয় যে, “মই এখন বৈঠক অনুষ্ঠিত কৰিব বিচাৰো, কিন্তু ইয়াক এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে ইয়াৰ ফলাফল পোৱা যায়।”

তেওঁ কৈছিল যে তেওঁ ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰি “সুখী” হ’ব।পুটিনে মঙলবাৰে চৌদি আৰৱৰ ৰিয়াদত ৰাছিয়া আৰু আমেৰিকাৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোৱা আলোচনাৰ প্ৰশংসা কৰে আৰু কয় যে দুয়োপক্ষই অৱনতি হোৱা কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হৈছে।

পুটিনে এইটোও কৈছিল যে ট্ৰাম্পে স্বীকাৰ কৰিছে যে ইউক্ৰেইনৰ চুক্তিত তেওঁ আশা কৰাতকৈ বেছি সময় লাগিব পাৰে।